বিজু ফুকন। জন্ম: ১৮ ফেব্ৰুৱাৰী ১৯৪৭, ডিব্ৰুগড়।
সংগীত আছিল বিজু ফুকনৰ প্ৰিয় বিষয়। সুদক্ষ কংগো বাদক আছিল। "দ্য কুইভাৰ্ছ" (১৯৬৪) নামৰ বাদ্যযন্ত্ৰীৰ দল এটাৰ সদস্য আছিল। অভিনয় কৰাৰ মনো নথকা নহয়! --এদিন হেমন্ত দত্ত (নাট্যকাৰ, গীতিকাৰ, অভিনেতা, পৰিচালক) -ৰ সৈতে গৈ বিজু ফুকনে চিনেমা লেখক-পৰিচালক ব্ৰজেন বৰুৱাক লগ কৰিলে। "সংগীতৰ কাম"ৰ বাবে। ব্ৰজেন বৰুৱা ডিব্ৰুগড়ত ব্যস্ত আছিল, "ডক্তৰ বেজবৰুৱা"ৰ কামত। কথা আগবঢ়াৰ আগতে ব্ৰজেন বৰুৱাই বিজু ফুকনক কৈছিল-- তুমি অভিনয় কৰা! "নায়ক" চেহেৰাৰ ল'ৰ এজনক পৰ্দাৰ আঁৰত ৰাখিলে মোৰ ভাল নালাগিব! (আনহাতে অভিনয় কৰিম বুলি ব্ৰজেন বৰুৱাৰ ওচৰলৈ যোৱা হেমন্ত দত্তই কলা নিৰ্দেশকৰ কাম পাইছিল।) বিজু ফুকনে ব্ৰজেন বৰুৱাৰ কথাৰ পৰা ইমান খিনিয়ে বুজিছিল "ডক্তৰ বেজবৰুৱা"ৰ নায়কৰ চৰিত্ৰত অভিনয় কৰাৰ সুযোগ পালে! --সুযোগহে পালে, শেষ মূহুৰ্তত "নায়ক"ৰ চৰিত্ৰটো নাপালে, সৰু চৰিত্ৰ এটাত অভিনয় কৰাৰ প্ৰস্তাৱ দিছিল ব্ৰজেন বৰুৱাই। ("প্রথম চিনেমাখনৰ কথা নক'বা। পিছল খাইছিলোঁ। তেতিয়া সংঘাতিক লাজ পাইছিলোঁ। কথাটো এনে ধৰণৰ-- ব্ৰজেন বৰুৱাই 'ডক্তৰ বেজবৰুৱা'ৰ বাবে মোক সুযোগ দিয়াৰ কথা বহুতেই জানিছিল। সময়ত 'নায়ক'ৰ চৰিত্ৰটোৰ বাবে নিপন গোস্বামীক লা'লে। পিছত ব্রজেনদাই সৰু চৰিত্ৰ এটাত অভিনয় কৰিবলৈ মাতিছিল। নগ'লোঁ অভিমান কৰি।..." বিজু ফুকনে কৈছিল, আমাৰ প্ৰশ্নৰ উত্তৰত।) প্ৰস্তাৱ গ্ৰহন নকৰিলে। অভিমানত। অভিমান ভাঙিছিল, ব্ৰজেন বৰুৱাই-- "তোমাক ইয়াৰ পাছৰ ফিল্ম খনত লম"বুলি। "ডক্তৰ বেজবৰুৱা"ৰ গীত এটাত চকামকাকৈ বিজু ফুকনক দেখা গৈছিল। "জিলিকি জিলিকা তৰা আকাশৰে…" গীতটোত।
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন