সরাসরি প্রধান সামগ্রীতে চলে যান

৬ জুনত ৰুদ্ৰ আহি আছে...

ৰুদ্ৰ-- "যিজনে সমস্যাবোৰ শিপাৰ পৰা নিৰ্মূল কৰে"। ঋগবেদৰ মতে, ৰুদ্ৰ-- "শক্তিশালীসকলৰ ভিতৰত আটাইতকৈ শক্তিশালী"। আন এক অৰ্থ-- গৰ্জনকাৰী। ধাৰণা কৰিব পাৰি অসমীয়া চিনেমা "ৰুদ্ৰ"ৰ নায়কক (মূল চৰিত্ৰটো) এনে ইমেজতে নিৰ্মাণ কৰিছে পৰিচিলক ৰূপক গগৈয়ে, ৰবি শৰ্মাকলৈ। ইবছন লাল বৰুৱাই লিখা (সংগীত: লিছা দৃষ্টি, কণ্ঠ: নীল আকাশ) থিম চং-টোত এনে এখন ছবি অনুভৱ কৰিছোঁ-- 

"কাৰ দুবাহুত ধুমুহা বলে

কেনি বুকুত অগনি জ্বলে

নাচে কোনে তাণ্ডব


কাৰ দুচকু অঙঠা হ'লে 

সৰু এটি  ফিৰিঙতিৰে 

দহে কোনে খাণ্ডৱ 


    য়দা য়দাহি ধৰ্মস্য  

    গ্লানিৰ্ভৱতি ভাৰত 

    দুস্কৃতি নাশিবলৈ                         

    ওপজে ৰুদ্ৰ                            

                        

    অভ্যুত্থানং অধৰ্মস্য 

    তদাত্মানম সৃজাম্যহম 

    অন্যায়ক ৰোধিবলৈ                 

    গৰজে ৰুদ্ৰ                              


ৰুদ্ৰ 

তই সমাজ কৰিবি শুদ্ধ

তই পাপক কৰিবি ভষ্ম

        তই সাহৰ চানেকি ৰুদ্ৰ

ৰুদ্ৰ 

তই দমন কৰিবি দুষ্টক

তই দহন কৰিবি ভ্ৰষ্টক   

        তই দানৱ বিনাশী ৰুদ্ৰ



কঠিন শিলৰো গা 

কাটে সুকুমাৰে 

প্ৰেমৰ জীৱনী জাগে তাত 


অনাথ পৃথিৱী যাৰ 

বাটে কি অবাটে 

বাটেই ঠিকণা মাথোঁ তাৰ 


    বলিয়া হৃদয়                               

    মগজু বাউল                                

    এতিয়া পাশান বধিবলৈ


    য়দা য়দাহি ধৰ্মস্য 

    গ্লানিৰ্ভৱতি ভাৰত 

    ধৰাত তেতিয়াই ওপজে    

    ধুমুহা ৰুদ্ৰ।"


--কোৱা হৈছে অসমৰ আইন-শৃংখলা পৰিস্থিতিক কাহিনী-ৰেখাৰ গতিত দৰ্শকে অনুভৱ কৰিব। নায়ক ৰবি শৰ্মাই সংবাদ মাধ্যমক কাহিনী-ৰেখা আভাষ দিছে এনেদৰে-- "'ৰুদ্ৰ'ত আমি শিৱৰ ধ্বংসকাৰী ৰূপটো সৃষ্টিৰ বাবে কিমান প্ৰয়োজনীয় সেইটো প্ৰতিফলন কৰিবলৈ চেষ্টা কৰিছোঁ । মই খুব আশাবাদী চিনেমা খনক লৈ । ...অসমীয়া চিনেমা এখন নচলিলে আমি দৰ্শকে নাচায় বুলি আক্ষেপ কৰিব নালাগে। আমি নিজকে বিশ্লেষণ কৰি চাব লাগে-- দৰ্শকক আমি সন্তুষ্ট কৰিব পাৰিছোঁ, নে নাই। চিনেমা এখন চিত্ৰগৃহত নচলিল, অৰ্থ-- চিনেমা খনে দৰ্শকক সন্তুষ্ট কৰিব পৰা নাই! আমি আশা কৰিছোঁ, 'ৰুদ্ৰ'ই দৰ্শকক হতাশ নকৰে!" 

অহা ৬ জুনত চিত্ৰগৃহলৈ আহিব পৰাকৈ সাজু কৰা এই ৰূপালী গল্পটোত ৰবিৰ বিপৰীতে অভিনয় কৰিছে নন্দিনী কাশ্যপে। পৰিচালকে কথা প্ৰসংগত কোৱা মতে, ৰূপালী গল্পটোৰ বিশেষ অভিনয় সৌন্দৰ্য হ'ব-- আজিৰ তাৰিখতো অভিনয় ক্ষমতাৰে ভাৰতীয় চিনেমাৰ "চমক" হৈ থকা আদিল হুচেইনকলৈ নিৰ্মাণ কৰা চৰিত্ৰটো। আন কেইটা চৰিত্ৰ নিৰ্মাণ কৰিছে জয় কাশ্যপ,অলক নাথ, ৰাজীৱ ক্ৰ', ৰাজীৱ দুৱৰী, নীলোৎপল বৰা, চেতনা দাস, প্ৰতিভা চৌধুৰী, হিমাংশু গগৈ, হিমাংশু প্ৰসাদ দাস, অর্শীতা আগৰৱাল, ৰাজীৱ গোস্বামী, অন্তৰা জিজি চৌধুৰী, নৱ মহন্ত, ভাৰ্গৱ কটকী আদিকলৈ। শ্যাম প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ হোৱা

এই চিনেমা খনৰ প্ৰযোজক ৰাজেশ কুমাৰ ম'ৰ, অ পি গাৰোডিয়া, অৰবিন্দ গাৰোডিয়া, গৌতম বেৰিয়া, অনুপ বেৰিয়া, মনোজ কুমাৰ কেডিয়া , ৰাজ চৌধৰী আৰু সুজাতা চৌধুৰী । কাৰ্যবাহী প্ৰযোজক হৃষীকেশ ভট্টাচাৰ্য, পৱন ম'ৰ । চিনেমা খনৰ বাজেট: প্ৰায় ৪ কোটি টকা। থিম চং-টোক বাদ দি চিনেমা খনৰ কাহিনীৰ গতিত মাত্ৰ এটা গীত ব্যবহাৰ কৰিছে। গীতটোৰ কথা-সুৰ দিগন্ত ভাৰতীৰ। কণ্ঠদান কৰিছে জুবিন গাৰ্গৰ সৈতে ভাস্বতি ভাৰতীয়ে। 

--অলপতে গুৱাহাটীৰ শ্ৰদ্ধাঞ্জলি কানতত মুক্তি দিয়া হয় চিনেমাখনৰ পোষ্টাৰৰ লগতে এটি গান । লগতে মুক্তি দিয়া হয় চিনেমা খনৰ থিম চং- টো। 

অসমীয়া চিনেমা

 

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...