সরাসরি প্রধান সামগ্রীতে চলে যান

সংগীতৰ মানুহ/২

আই তোক কিহেৰে পূজিমে আই তোৰ চৰণ দুখানি আই অ' কিহেৰে পূজিমে তোেক...'

-- কাৰ গীত?

-- ডঃ ভূপেন হাজৰিকাৰ।

'সেই সীমাৰ সিপাৰে তৃপ্তি আমাৰ মাজতে তৃষাৰে নৈ...'

-- কাৰ গীত?

- ডঃ ভূপেন হাজৰিকাৰ।

শুদ্ধ, কিন্তু 'উত্তৰ' সম্পূর্ণ শুদ্ধ নহয়। 'আই তোেক....'ৰ সুৰ-কণ্ঠ-ডঃ ভূপেন হাজৰিকাৰ। কথা কিন্তু সংগীতসূৰ্যৰ নহয়, মুকুল বৰুৱাৰ।

গুৱাহাটীৰ যোৰ পুখুৰীত ১৯২৬ চনত জন্মলাভ কৰা মুকুল বৰুৱাই ১৯৪৬ চনৰ পৰা আকাশবাণী কলিকতা কেন্দ্ৰৰ পৰা গীত পৰিৱেশনৰ সুযোগ পাইছিল।

মুকুল বৰুৱাৰ জন্ম "সংগীতৰ পৰিয়াল"ত। কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈৰ আজোনাতি, নলিনীবালা দেৱীৰ নাতি। শৈশৱ-কৈশোৰ পাৰ কৰিছিল নবীন চন্দ্ৰ বৰদলৈৰ ঘৰতে। নবীন চন্দ্ৰ বৰদলৈ আছিল এজন ভাল গীতিকাৰ, সুৰকাৰ ('তীৰ্থযাত্ৰী'/ ১৯৬০, নবীন চন্দ্ৰ বৰদঠলৈৰ কবিতা আৰু গীতৰ সংকলন)। আইতাকো আছিল সংগীত অনুৰাগী-- সেই সময়ৰ প্ৰচলিত অসমীয়া, বঙলা গীত, বিশেষকৈ অসমীয়া লোকসংগীত দখল আছিল। গাইছিল। স্বাভাৱিকতে ঘৰখনলৈ সংগীতৰ মানুহ আহিছিল, ঘৰখনত সাংগীতিক পৰিবেশ আছিল। সংগীতৰ কোনো আনুষ্ঠানিক শিক্ষা নথকা মুকুল বৰুৱাৰ সেই ঘৰখনেই আছিল সংগীতৰ পাঠশালা।

বৰুৱাই ১৯৪৮ চনত (আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ জন্মলগ্নতে) আকাশবাণীৰ চাকৰিত যোগদিয়ে আৰু ১৯৮৭ চনৰ ৩১ অক্টোবৰত চাকৰিৰ পৰা অবসৰ লয়।

'গীতিকাৰ মুকুল বৰুৱা'ক আমি বিচাৰি পাওঁ-- 'ভাৰতৰ নুমলী জী হেনো এইখন অসমী...', 

'কিনো অপৰূপা তুমি আই অসমী...' আদি গীতৰ মাজত। 'ভাৰতীৰ নুমলী...'গীতটো গাই উৰিষ্যাৰ বিখ্যাত কণ্ঠশিল্পী অক্ষয় মাহন্তিয়ে প্রচুৰ জনপ্রিয়তা লাভ কৰিছে।

গীতিকাৰ, সুৰকাৰ মুকুল বৰুবাই পাঁচখন অসমীয়া চিনেমাৰ বাবেও সংগীত ৰচনা কৰিছিল। চিনেমাকেইখন হ'ল-- 'সৰাপাত', 'তেজীমলা', 'চাকনৈয়া', 'সোণ পখিলী' আৰু 'কোলাহল'। অর্কেস্ট্রা বজোৱাত ওস্তাদ সংগীত শিল্পীগৰাকীয়ে চৰ্চাৰ বিষয় হৈ পৰিছিল 'চৈ দিয়া গৰুৰ গাড়ীত কাৰ বিয়া যায়...' আদি গীতেৰে।

এতিয়া আহিছো দ্বিতীয়টো 'প্রশ্ন'লৈ। 'সেই সীমাৰ...' গীতটোৰ কণ্ঠহে ডঃ ভূপেন হাজৰিকাৰ। কথা-নির্মল প্রভা বৰদলৈৰ, সুৰ- মুকুল বৰুৱাৰ। সুৰকাৰ হিচাপে মুকুল বৰুৱাক আমি বিচাৰি পাঁও- 'হাতো নেমেলিবি ফুলো নিছিঙিবি...', 'মোক এটি সুৰ কৰি তোলা...', 'লুইতে নাযাবা অ' লুইত কোঁৱৰ...', 'কথাৰে নহয় বন্ধু কামত পৰিচয়...', 'নিয়ৰৰে ফুল...' আদি গীতৰ মাজত। অসমীয়া সংগীতৰ ভৰাল চহকী কৰা এইগৰাকী শিল্পীৰ কায়িক মৃত্যু হয় ১৯৯৭চনত।

মুকুল বৰুৱাৰ গীত আৰু সুৰৰ প্ৰসংগত স্বাভাবিকতে বিভিন্নজনে চর্চা কৰি আহিছে। ডঃ ভূপেন হাজৰিকাই কৈছিল' মুকুল বৰুৱাই সংগীত জানে, সুৰ জানে। এই যে জানে, সেইবাবেই মুকুল বৰুৱাই লিখা গীত, শব্দবোৰ গাবলৈ ভাল লাগে। কাৰণ, ক'ব লাগিব জানো? শব্দবোৰ যে সুন্দৰ সুৰেৰে বন্ধ থাকে, সেইবাবে।...'

চিত্ৰবন (০১/০১/২০২০)

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...