#বিস্ময় (-ত প্ৰকাশ পোৱা এই চৰ্চা ১৯৯৯--২০০০ সময়ৰ। আজিৰ "সময়"ত চিনেমাৰ "বজাৰ-বাজেট" স্বাভাৱিকতে সলনি হৈছে।)
: চিনেমাখনৰ বাজেট?
: চল্লিশ লাখ টকা।
: ঘুৰাই পাব জানো?
: নিশ্চয় পাম। লাভো হ'ব।
: অমুকে ইমানকৈ খৰচ কৰিছে। লাভো হৈছে। মোৰ নহ'ব কিয়? নিশ্চয় হ'ব।
: অমুকে ইমান লাখ টকা খৰচ কৰি ইমান লাভ কৰিছে যেতিয়া মোৰ নহ'ব কিয়?- এয়াই অসমীয়া চিনেমাৰ প্রযোজকৰ অংক।
ইমানেই সহজনে চিনেমা ব্যৱসায়ৰ অংকটো? নহয়, সহজ নহয়।
অংকটো অতি জটিল, অতি কঠিন। উপযুক্ত "ফর্মুলা" জানিব লাগিব, প্রয়োগ কৰিব জানিব লাগিব। বলীউডৰ প্ৰথম "নাম্বাৰ ৱান" প্রযোজক বাসু ভাগনানিয়ে কৈছিল-- "চিনেমা ব্যৱসায় জুৱা নহয়, গণিত। উপযুক্ত "ফর্মুলা" প্রয়োগ কৰিলে সফল হ'বই। যিখন চিনেমা বক্স অফিচৰ কথা মনত ৰাখিহে নিৰ্মাণ কৰা হয় আৰু বক্স অফিচত সফল নহয়, জানিব লাগিব চিনেমাখনত ফমূলা প্রয়োগ কৰোঁতে ক'ৰবাত নহয় ক'ৰবাত কিবা খেলিমেলি হৈছে। খেলিমেলি যদি পৰিচালকজনেও কৰিছে, পৰিচালকজনক দোষাৰোপ কৰা উচিত নহয়। পৰিচালকজনকতো প্রযোজকেই ছাইন কৰায়। গতিকে চিনেমা এখনৰ বিফলতাৰ সমস্ত দোষ প্রযোজকজনৰ নিজৰ।"
--হয়, চিনেমা এখন ট্রিট কৰে পৰিচালকজনে। শিল্পী নিৰ্বাচনৰ ক্ষেত্ৰতো থাকে পৰিচালকজনৰেই হাত। কিন্তু স্ক্রিপ্ট, ফিল্ম বজাৰ অধ্যয়ন কৰি চিনেমা এখন ফ্ল'ৰলৈ নিয়া-নিনিয়াৰ সিদ্ধান্ত, বাজেটৰ সিদ্ধান্ত লয় প্রযোজকজনে। কোনো অভিজ্ঞ প্রযোজকেই বজাৰ অধ্যয়ন নকৰাকৈ চিনেমা ফ্ল'ৰলৈ নিনিয়ে আৰু অভাৰ বাজেট হ'বলৈ নিদিয়ে। বাজেট নির্ধাৰণ কৰাৰ সময়ত স্ক্রিপ্ট, বজাৰ অধ্যয়ন কৰাৰ লগতে পৰিচালক আৰু ছাইন কৰোৱা ষ্টাৰৰ "মার্কেট ভেলু'ৰ কথাও মনত ৰাখে।
(২)
স্ক্রিপ্ট: কোৱা হয় সেই সময়ত কেনেধৰণৰ চিনেমা বজাৰত চলিছে। স্ক্রিপ্টখনে যিমান বাজেট দাবী কৰে, সিমান খৰচ কৰিলে বক্স অফিচত সফল হ'বনে নাই? যদিহে চিনেমাখন সময়ত মুক্তি দিব পৰা নাযায়, পিছত দর্শকে গ্রহণ কৰিবনে?
পৰিচালক: পৰিচালকজন কোন শ্ৰেণীৰ? পৰিচালকজনৰ দৰ্শকক প্রেক্ষাগৃহলৈ টানি অনাৰ ক্ষমতা আছে নে "ষ্টাৰ"ৰ সহায়তহে দর্শকক টানি আনে? শতকৰা কিমান ভাগ দর্শক, কোন শ্ৰেণীৰ দৰ্শকক সন্তুষ্ট কৰিব পৰাৰ ক্ষমতা আছে? পৰিচালকজনৰ এইখনেই প্রথম চিনেমা নেকি?
ষ্টাৰ: শতকৰা কিমান ভাগ দর্শকে নিৰ্দিষ্ট "ষ্টাৰ"জনক বা কেইজনক পছন্দ কৰে? চৰিত্ৰটোত "ষ্টাৰ"জনক বা "ষ্টাৰ" কেইজনক দর্শকে পছন্দ কৰিবনে? ষ্টাৰজনৰ লগত "ইমান" টকা খৰচ কৰিলে বজাৰত সুফল পোৱা
যাবনে?
--এনেবোৰ দিশ যোগ-বিয়োগ কৰি চায় এজন অভিজ্ঞ প্রযোজকে। অন্যথা ফ্লপ হোৱাৰ আশংকা শতকৰা এশ ভাগ। চিনে পণ্ডিতসকলৰ মত: পৰিচালক বা নায়ক-নায়িকাৰ "মার্কেট ভেলু" নাথাকিলে বক্স অফিচত চিনেমা এখনে কেতিয়াও সফলতা লাভ কৰিব নোৱাৰে। সেইবাবেই দেখা যায় পার্থ ঘোষ, বিক্রম ভাটৰ দৰে পৰিচালকৰ লগত কোনো প্রযোজকেই বিগ বাজেটৰ চিনেমা নিৰ্মাণ কৰিবলৈ সাহস নকৰে। বিক্রম ভাটৰ ফিল্মৰ বজাৰত দাম আছিল আমিৰ খানৰ বাবে। প্রযোজকে পৰিচালক ভাটৰ ভৰসাত নহয়, নায়ক আমিৰৰ ভৰসাতহে সাত-দহ কোটি টকা খৰচ কৰিছিল।
আমিৰ ভাট শিবিৰৰ পৰা আঁতৰি যোৱাৰ পাছত, দুই কোটি টকা বাজেটৰ চিনেমাৰহে পৰিচিলক হ'ব পাৰিছে, সাহস কৰিছে বিক্রম ভাটে (সাহস কৰিছে বুলি কোৱাৰ কাৰণ পৰিচালক ভাট নিজে প্রযোজক হ'লেও আমিৰৰ দৰে "ষ্টাৰ" নোহোৱা চিনেমা এখনত দুই কোট টকা খৰচ কৰাৰহে সাহস কৰিব পাৰে)। সকলোৱে জনা কথা বিক্রম পৰিচালিত "গোলাম" হিট হৈছিল আমিৰৰ বাবেই আৰু আমিৰ নথকাৰ বাবেই বক্স অফিচত সফল নহ'ল কম বাজেটৰ চিনেমা "দস্তুৰ", "কচুৰ"। এতিয়া বিক্রমে হাতত লোৱা ঘৰুবা প্ৰডাকচনৰ চিনেমাৰ বাজেট দুই তিনি কোটি টকা। বিক্ৰমৰ অংকটো হৈছে দুই তিনি কোটি টকাৰে নিৰ্মাণ কৰা চিনেমা এখন ৭০-৮০ লাখ টকাত (এটা ক্ষেত্রত) বিক্রী কৰিলেও লোকচান নহ'ব আৰু বিতৰকসকলেও ভাল ব্যৱসায় কৰিব পাৰিব। গতিকে ষ্টাৰৰ নামত টকা খৰচ কৰি ৮-১০ কোটি টকাৰ চিনেমা এখন নিৰ্মাণ কৰাতকৈ "ষ্টাৰ"বিহীন দুই-তিনি কোটি টকাৰ বাজেটৰ চিনেমা দুই-তিনিখন নিৰ্মাণ কৰাটোৱেই লাভজনক। "ফিল্ম ইনফৰমেচন"ৰ প্ৰতিবেদকৰ মতে, বিক্ৰমৰ দৰে "ষ্টাৰৰ নাম" ফিল্ম বজাৰত তিষ্ঠি থকা পৰিচালকৰ ক্ষেত্ৰত এই অংকটো শুদ্ধ নহয়। "কচুৰ"ৰ দৰে এখন চিনেমায়ে যদি বক্স অফিচত মাৰ খায় বিক্ৰমৰ চিনেমালৈ ঘূৰি যোৱা বিতৰকেই নোলাব। আজি পার্থ ঘোষৰ যিটো অৱস্থা হৈছে, বিক্ৰমৰো সেইটোৱেই হ'ব।
চিনেমা এখনৰ বক্স অফিচৰ ফলাফল নিৰ্ভৰ কৰে প্ৰযোজকৰ বজাৰ জ্ঞানৰ ওপৰত। যদিহে প্রযোজকজনে নাজানে কাৰ ক্রেজ চলি আছে, কেনেধৰণৰ চিনেমা দর্শকে পছন্দ কৰিবলৈ লৈছে, তেন্তে বাজেট নির্ধাৰণ কৰাত খুঁত থাকি যোৱাটো স্বাভাবিক। নিখুঁত বাজেটেৰেহে ব্যৱসায়িক সফলতা লাভ কৰা সম্ভৱ। ধৰা হ'ল বৰ্তমান ফিল্ম বজাৰত পাৰিবাৰিক চিনেমায়ে ভাল ব্যৱসায় কৰি আছে আৰু আগলৈও কৰি থকাৰ সম্ভাবনা। এই সময়ছোৱাত যদি "বিগ বাজেট"ৰ একচন চিনেমা এখন নির্মাণ কৰে, ফ্লপ হোৱাৰ সম্ভাৱনাই বেছি। চিনে পণ্ডিত সকলৰ মতে, এই ভুলটোৱেই কৰে বলীউডৰ সৰহসংখ্যক প্রযোজকে। বক্স অফিচত পাৰিবাৰিক ৰোমাণ্টিক চিনেমাই দপদপাই থকাৰ সময়ত নিৰ্মাণ কৰিছে বিগ বাজেটৰ একচন চিনেমা। ফিল্ম বজাৰৰ জ্ঞান নথকাৰ বাবে ভাল চিনেমা নিৰ্মাণ কৰিও সফল হ'ব পৰা নাই বহুকেইগৰাকী নির্মাতা।
বক্স অফিচত কেনেধৰণৰ চিনেমা বনালে সফল হ'ব খাটাংকৈ কোনোৱেই ক'ব নোৱাৰে। কিন্তু খাটাংকৈ ক'ব পৰা যায় "এই" ভুলটো কৰিলে বক্স অফিচত সফল হ'ব পৰা নাযায়।
যোৱা দুটা-তিনিটা বছৰত মুক্তি পোৱা বলীউডৰ চিনেমাৰ তালিকাখনত চকু ফুৰালেই দেখা যায় বিগ বাজেটৰ সৰহ সংখ্যক চিনেমা বক্স অফিচত সফল হ'ব পৰা নাই। বিশ কোটি টকা বাজেটৰ "চাইনা গেট"ৰ পৰা পঁচিশ কোটি টকা বাজেটৰ "ৰাজু চাচা"লৈ
এক ডজন চিনেমা আছে, যিকেইখন সফল নহ'ল একমাত্র প্রযোজকৰ ভুল "কেলকুলেচন"ৰ বাবে। ট্রেড গাইডৰ মতে, বলীউডৰ বজাৰত খৰাং বতৰ চলি থকাৰ সময়ত ইমান বেছি বাজেটৰ চিনেমা নাৰ্মাণ কৰাটোৱে আছিল প্রযোজকৰ ভুল সিদ্ধান্ত। (এই সময়ছোৱাতেই মুক্তিপ্রাপ্ত 'দিল তো পাগল হোই', 'কুছ কুছ হোতা হোয়', 'মোহব্বতে', 'কহো না প্যাৰ হোয়'কে ধৰি কেইখনমান চিনেমাকহে ছুপাৰহিট বুলি ক'ব পাৰি। এই চিনেমাকেই খনৰ বাজেট আছিল ১০-১৬ কোটি টকাৰ ভিতৰত। গতিকে বিতৰকৰ ওচৰত দুই কোটি টকাত সহজেই বিক্ৰী কৰি দিব পাৰিছিল। "কহো না..." বিক্ৰী কৰিছিল মাত্র ১.২৫ কোটিত। হ'ব পাৰে ২৫ কোটি টকাৰ "লগান" সফল, সেইবুলি আজিৰ তাৰিখতো ২০-৩০ কোটি টকাৰ বাজেটৰ চিনেমা নির্মাণ কৰাটো শুদ্ধ বুলি মানি ল'ব নোৱাৰি। হয়তো অতীতৰ পৰা শিক্ষা লৈছে প্রযোজকসকলে। ২৫ কোটি বাজেটবে "ৰাজু চাচা" নিৰ্মাণ কৰা অজয় দেবগনে হাতত লোৱা নতুন চিনেমাৰ বাজেট ১০ কোটি টকা মাত্র। ইন্দ্ৰ কুমাৰ, ধর্মেশ দৰ্শনৰ দৰে পৰিচালকৰ চিনেমাৰ বাজেটো ৮-১০ কোটি টকাহে মাত্র। ইয়াৰ বেছি কৰিবলৈ গ'লে হেনো চিনেমাৰ প্ৰযোজকৰ অংক নিমিলে। ৮ কোটি টকাৰ 'আশিক' ফ্লপ হোৱাৰ পিছত ইন্দ্ৰৰ পৰৱৰ্তী চিনেমাৰ বাজেট প্রযোজকে আৰু তললৈ নমাব পাৰে। এয়া একো অস্বাভাবিক নহয়। যিহেতু ১৮ কোটি টকা বাজেটৰ ফ্লপ চিনেমা 'মেলা'ৰ পৰিচালক ধর্মেশ দর্শনে প্রযোজকক মান্তি কৰাব পৰা নাই পৰৱৰ্তী চিনেমাৰ বাজেট ১২ কোটি কৰিবলৈ।
প্রযোজক ৰতন জৈনৰ "কেলকুলেচ"ন সদায় ভুল হয়। জৈনৰ ব্লু-প্রিণ্ট নথকাৰ বাবে, বাব্লু-প্রিন্ট মতে কাম কৰিব নোৱাৰাৰ বাবেই প্রতিখন চিনেমাৰে অভাৰ বাজেট হয়গৈ। জৈনৰ দোষটো হৈছে নিৰ্দিষ্ট সময়ত কাম শেষ কৰিব নোৱাৰাটো।
প্রযোজক বাসু ভাগনানীৰ মতে, দীর্ঘদিন ফ্ল'ৰত থকা চিনেমাৰ প্ৰতি দৰ্শকৰ আগ্রহ কমে। চিনেমাখন ফ্ল'ৰলৈ নিয়া আৰু প্রেক্ষাগৃহলৈ নিয়াৰ মাজত ব্যৱধান বেছি হ'ব নালাগে। জৈনৰ "মেলা" যদিওবা শেষলৈ এভাৰেজ হ'ল, সফল নোহোৱাৰ প্রধান কাৰণ এইটোৱেই। কিন্তু জৈনে ক'ব খোজে অভাৰ বাজেট আৰু সময়ত প্রেক্ষাগৃহলৈ নিব নোৱাৰাটোৱেই চিনেমা এখনৰ বিফলতাৰ কাৰণ হ'ব নোৱাৰে। অভাৰ বাজেট হ'লেও মোৰ প্ৰতিখন চিনেমাৰ কামেই শেষ হৈছে ১৬ কোটি টকাৰ ভিতৰত। চিনেমা এখন ভালদৰে নিৰ্মাণ কৰিবলৈ হ'লে ইয়াতকৈ কম বাজেট সম্ভৱ নহ'ব। মই ভাবিছিলো "মেলা" দহ কোটি টকাৰ ভিতৰতে সম্পূৰ্ণ কৰিব পৰা যাব, কিন্তু নহ'ল। সেইবাবেই অভাৰ বাজেট হোৱা বুলি কোৱা হৈছে। জৈনৰ অংকটো এনেধৰণৰ বাজেট যিমানেই নহওক পৰিচালকে বিচৰা ধৰণে চিনেমাখন কৰিবলৈ দিব লাগে। যিমান বাজেটত পৰিচালকজনৰ পক্ষে ভাল কাম কৰা সম্ভৱ, সিমান বাজেটৰ চিনেমা যদি নিৰ্মাণ সম্ভৱ নহয়, সেই চিনেমাখন হাতত নোলোৱাটোৱেই ভাল। বাজেট কমাই পৰিচালকজনক চিনেমাখন কৰিবলৈ বাধ্য কৰিব লাগে। জৈনৰ মতে, বজাৰ অধ্যয়ন কৰি ঠিক কৰি লোৱাৰ পিছতহে স্ক্রিপ্টৰ কাম কৰিবলৈ দিব লাগে। কাৰণ যিয়েই নহওক এনে কৰা সম্ভৱ নহয়গৈ। আমি আগেয়ে স্ক্রিপ্টহে শুনো। নক'লেও এটা কথা স্পষ্ট জৈনৰ দৰে প্ৰযোজকে পৰিচালকৰ ভৰসাতে চিনেমা নির্মাণ কৰে আৰু এইবাবেই আজিলৈকে সফল নিৰ্মাতাৰ তালিকাভূক্ত হ'ব পৰা নাই।
যশ চোপ্রা, মুক্তা আৰ্টছ, ৰাজশ্ৰীৰ চিনেমা মানেই আজিৰ তাৰিখত বক্স অফিচত সফল চিনেমা। ইয়াৰ কাৰণ চোপ্ৰা, মুক্তা আৰ্টছৰ ঘাই, ৰাজশ্ৰীৰ সুৰজ বৰজাত্যা কেৱল নির্মাতাই নহয়, সফল পৰিচালকো। প্ৰতিখন চিনেমাৰ কামেই হাতত লয় চিন্তা-চৰ্চাৰ মাজেৰে। স্ক্রিপ্টৰ কাম কৰি থকাৰ সময়তে মনত ৰাখে ষ্টাৰকে ধৰি প্ৰতিজন অভিনয় শিল্পীৰ কথা। সুৰজ বৰজাত্যাই ভাবে প্ৰতিটো চৰিত্ৰই চিনেমাৰ অংগ। এটা চৰিত্ৰ দুৰ্বল হৈ গ'লেই দুৰ্বল হৈ পৰিব চিনেমাখন। চোপ্ৰাৰো সেই একেই মত--"চিনেমাৰ কেলকুলেচনটো কৰো স্ক্রিপ্টৰ কাম চলি থকাৰ সময়তেই। হাতত সময় থাকে প্ৰচুৰ, ভুল হোৱাৰ প্রশ্নই নুঠে।" সুভাষ ঘাইৰ "কেলকুলেচন" ফিল্ম বজাৰত কেনেধৰণৰ চিনেমাই ব্যৱসায় কৰি আছে সেয়া চিন্তাৰ বিষয় নহয়। চিনেমা এখন চলাবলৈ দর্শকক প্রেক্ষাগৃহলৈ টানি অনাৰ স্বাৰ্থত "ষ্টাৰ" থাকিবই লাগিব। দৰ্শকক ধৰি ৰখাৰ দায়িত্ব পৰিচালকৰ। প্রযোজকে মাথোঁ জনা উচিত পৰিৱেশটোত চিনেমাখন মুক্তি দিব পৰা যাবনে? কিমানটো প্রিণ্ট কৰিলে সুফল পোৱা যাব আৰু বিতৰকসকল অসুবিধাত পৰিছে নেকি? যদি পৰিছে কেনেদৰে সহায় কৰা যাব? প্রযোজকসকলে সততে বিতৰকৰ লোকচানত মুৰ নঘমায়। ঘাইৰ মতে, তেনে কৰা উচিত নহয়। বিতৰকসকল অসন্তুষ্ট হ'লে তাৰ প্ৰভাৱ পৰে পৰৱৰ্তী চিনেমাত। লোকচান হোৱাত (পৰিচালক) ঘায়ে বিতৰকক টকা ঘূৰাই দিয়াৰো নজিৰ আছে। এই প্ৰসংগতেই কোমল নাহাটাই লিখিছিল-- "আপুনি এজন ভাল অভিনেতা, পৰিচালক, ইয়াৰ অৰ্থ এইটো নহয় যে আপুনি এজন ভাল প্রযোজকো। কিন্তু সুভাষ ঘাই, যশ চোপ্ৰা, সুৰজ বৰজাত্যা ভাল পৰিচালকেই নহয়, ভাল প্রযোজকো। বজাৰ অধ্যয়ন কৰি কেবল চিনেমায়ে নিৰ্মাণ নকৰে, বিতৰকৰ লগত লেনদেনো কৰে। দৰ্শকৰ মনৰ খবৰেই নাৰাখে, বিতৰকৰ লাভ-লোকচানৰ খবৰো ৰাখে।"
প্রযোজক বনি কাপুৰৰ অংকটো এনেধৰণৰ-- সময়সাপেক্ষ স্ক্রিপ্ট+সেই স্ক্রিপ্টখনত কাম কৰা পৰিচালক = সফল চিনেমা। বনিৰ মতে, বাজেটক লৈ মূৰ ঘমোৱাৰ প্ৰয়োজন নাই। বনিৰ এই ভুল ধাৰণাটোৰ বাবেই বক্স অফিচত সফল হ'ব নোৱাৰে বুলি মন্তব্য কৰিছে ট্রেড গাইড আলোচনীয়ে। চিনে পণ্ডিতৰ মত-- "পুকাৰ" নিঃসন্দেহে সু-ট্রিটমেণ্টৰ চিনেমা। প্রযোজক কাপুৰৰ ভুল "কেলকুলেচন"ৰ বাবেই সফল নহ'ল বক্স অফিচত। ফ্ল'ৰত আৰু অন্যান্য পৰ্যায়ত চিনেমাখনৰ দিন বাঢ়ি গৈছিল আৰু স্বাভাৱিকতেই অভাৰ বাজেট হৈছিল। এতিয়া বনিয়ে "পুকাৰ"ৰ আধা বাজেটৰ চিনেমা আৰম্ভ কৰিছে "কোই মেৰে দিল চে পুছে" নামৰ চিনেমাখনৰ কাম। ফিল্মচিটিক দিয়া সাক্ষাৎকাৰত বনিয়ে ক'লে-- "চিনেমাখনৰ কাম সোনকালেই শেষ কৰি প্ৰেক্ষাগৃহলৈ অনা হ'ব।" হয়তো বনিয়ে যোগ বিয়োগ কৰি উলিয়াব পাৰিলে "পুকাৰ", "ৰূপ কী ৰাণী চোৰো কা ৰাজা", "প্রেম" আদিৰ ব্যৱসায়িক বিফলতাৰ কাৰণ।
এতিয়া কথা হৈছে, অসমীয়া চিনেমাৰ প্ৰযোজকসকলৰ যিকেইখন চিনেমা সফল হ'ব পৰা নাই, সফল নোহোৱাৰ কাৰণটো "কেলকুলেচন" কৰি উলিয়াব পাৰিবনে? নাই, নোৱাৰে। যিজন প্রযোজকে কয়-- "চিনেমাৰ আৰু কিবা অংক থাকেনে?" সেইজন প্রযোজকৰ পৰা অন্ততঃ আমি আশা কৰিব নোৱাৰো। আৰু এটা কথা-- অসমীয়া চিনেমাৰ বেছিভাগ প্রযোজকক প্রযোজক বুলি ক'ব নোৱাৰি, ফাইনেন্সাৰ বুলিহে ক'ব পৰা যায়।
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন