সরাসরি প্রধান সামগ্রীতে চলে যান

"ইন্দ্ৰ-মালতী"ৰ পৰা "ভাইমন দা"লৈ/১

"ইন্দ্ৰ-মালতী" (১৯৩৯)-- প্ৰথম খন বাণিজ্যিক সফল অসমীয়া চিনেমা। চিনেমা খনৰ লেখক-পৰিচালক জ্যোতিপ্ৰসাদ আগৰৱালাই লিখিছিল-- " 'ইন্দ্ৰমালতী'ত প্রায় ১৫,০০০ টকা খৰচ পৰিছে বুলিব পাৰি। এইখনত ইয়াৰ অভিনেতাসকলে একো বানচ লোৱা নাই। বানচ ল'লে আৰু কমেও প্রায় ২০০০/৩০০০ টকা খৰচ বাঢ়ি যায়। গল্প দিওঁতা, scenario লিখোঁতা, সঙ্গীত ৰচোঁতা আৰু ডিৰেক্টৰৰ বানচ হিচাপে যদি ১৫০০/২০০০ টকা ধৰা যায় তেন্তে খৰচ গৈ প্রায় কুৰি হেজাৰ হয়গৈ। তাৰ উপৰিও ফিল্মখন সাধাৰণ ফিল্মতকৈ চুটি কৰিও প্রায় ৪/৫ হেজাৰ খৰচ কমোৱা হৈছে। কিন্তু আগলৈ যিবোৰ অসমীয়া ফিল্ম ওলাব তাত প্রডিউচাৰজনে এই আটাইকেউটা খৰচেই কম বেছি হিচাপে কৰিব লাগিব। মুঠতে যেনে তেনেই কুৰি হেজাৰ টকাৰ কমে অসমীয়া কথাছবি হোৱা টান আৰু সেইখিনি হ'লেই, ব্যৱসায় হিচাপে কথাছবি উলিওৱা কৃতকাৰ্য্য নহ'ব।..." গতিকে ক'ব পাৰি এৰা-ধৰাৰ মাজেৰেহে চিনেমা খন "স্থানীয় বজাৰত সফল হৈছিল। "ইন্দ্ৰ-মালতী"ৰ বাটেৰে আগবঢ়া অসমীয়া চিনেমাৰ সফলতাৰ বাট বহল কৰিছিল বিষ্ণুপ্ৰসাদ ৰাভা আৰু ফণী শৰ্মাৰ পৰিচালনাৰে নিৰ্মিত "ছিৰাজ" (১৯৪৮)-এ। প্ৰথম খন ছুপাৰ-হিট অসমীয়া চিনেমা বুলি ক'ব পাৰি। দুখৰ কথা-- অপৰিপাটি বিতৰণ ব্যৱস্থাৰ বাবে বাণিজ্যিক সফলতাৰ ভাগ প্ৰযোজক পক্ষই নাপালে। --এই তথ্য পাইছিলোঁ অভিনেতা-লেখক দিলীপ কুমাৰ হাজৰিকাৰ পৰা। আমাৰ অনুৰোধত "চিৰাজ" কেন্দ্ৰিক লেখা এটা লিখিছিল "নিয়মীয়া বাৰ্তা"ৰ বাবে-- "যুদ্ধৰ পাছত, স্বাধীনতাৰ পাছত অসমৰ চিনেমা জগতত এটা ডাঙৰ আলোড়ন আহি পৰিল 'ছিৰাজ'ক লৈ। ছবিৰ মাজেদি যে এটা জাতি জাগি উঠিব পাৰে, সেয়া যেন ছিৰাজৰ মাজেৰে প্রতিভাত হৈ উঠিছিল। ছবিৰ ব্যৱসায়িক সাফল্য, ছবিৰ সফল পৰিচালক এজন কেনেকৈ হ'ব পাৰে, এজন ভাল অভিনেতা কেনেকৈ ছবিৰ মাজেৰে জিলিকি উঠিব পাৰে এই সকলো যেন দেখুৱালে ছিৰাজে। ছবিৰ ব্যৱসায়িক দিশটোৰ কথা প্ৰথমবাৰ উদঙাই দেখুৱালে 'ছিৰাজ' চলচ্চিত্ৰই। 'ছিৰাজ'ৰ জনপ্রিয়তাই, 'ছিৰাজ'ৰ সফলতাই অসমৰ ছবি জগতলৈ একপ্ৰকাৰ যৌৱন বোৱাই আনিছিল। মই শিৱসাগৰত দেখিছিলোঁ চিনেমা হলৰ আগত কলগছ ৰুইছে আৰু গৰু গাড়ীৰে অবিৰাম মানুহ আহি আছে। ১০ বজাত শ্ব' দিবলগীয়া হৈছিল 'ছিৰাজ'ৰ।..." "ডক্তৰ বেজবৰুৱা" --আন এখন "ছুপাৰহিট" অসমীয়া চিনেমা। ব্ৰজেন বৰুৱাৰ পৰিচালনাৰে নিৰ্মিত এই চিনেমা খনক অসমীয়া চিনেমাৰ এটা টাৰ্ণিং পইণ্ট বুলি কোৱা হয়। বাণিজ্যিক দিশত সফল এই চিনেমা খনে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (regional languages of India-শিতানত) লাভ কৰিছিল ১৯৬৯ চনত। পৰৱৰ্তী সময়ত বাণিজ্যিক দিশত সফল হোৱা চিনেমাৰ তালিকা খন এনেধৰণৰ-- "মুকুতা", "মানৱ আৰু দানৱ", "যোগ বিয়োগ", "ওপজা সোণৰ মাটি", "ভাইটি", "সোণতৰা", "চামেলি মেমচা'ব", "তৰামাই", "সোণমা", "মৰমী", "মৰম", "মেঘমুক্তি", "ৰাংঢালী", "দূৰণীৰ ৰং", "আজলী নবৌ", "ঘৰ-সংসাৰ", "ককাদেউতা নাতি আৰু হাতী", "জীৱন সুৰভী", "সেন্দুৰ", "সোণমইনা", "সূৰুয", "বহাগৰ দূপৰীয়া", "মন মন্দিৰ", "পূজা, "পিতা-পুত্ৰ", "ভাই ভাই", "ৰঙা নদী", "পাহাৰী কন্যা", "সূৰ্য তেজৰ অন্য নাম", "প্ৰেম জনমে জনমে", "ৰিক্সাৱালা", "হৃদয়ৰ আঁৰে আঁৰে". "যৌৱনে আমনি কৰে", "মহাৰথী", "বুকুৰ মাজত জ্বলে", "হিয়া দিয়া নিয়া", "জোন জ্বলে কপালত", "কইনা মোৰ ধুনীয়া", "নায়ক", "কন্যাদান", "মাঘত মামণিৰ বিয়া", "উজনিৰ দুজনি গাভৰু", "দাগ", "চুৰেন চোৰৰ পুতেক", , "ৰামধেনু", "মিছন চাইনা"...।
"মিছন চাইনা"ৰ আগলৈকে অসমীয়া চিনেমাৰ স্থানীয় বজাৰ খন ঠেক আছিল। "big budget, big market" ধাৰণাটো আৰম্ভ হৈছে জুবিন গাৰ্গৰ নেতৃত্বত "মিছন চাইনা"ৰে। চৰ্চা মতে, চিনেমা খনৰ বাজেট: প্ৰায় ২ কোটি টকা। প্ৰথম পৰ্যায়ত সৰ্বমুঠ আয় ৬.০৭ কোটি টকা (২০১৭)। সেই সময়ত ভাবিব নোৱাৰা "বজাৰ চিন্তা"। জুবিন গাৰ্গৰ পৰিচালনাৰে নিৰ্মাণ কৰা কাঞ্চনজংঘা (২০১৯) ও "স্থানীয় বজাৰ"ত সফল। ১.৫ কোটি টকা বাজেটৰ চিনেমা খনৰ সৰ্বমুঠ আয়: প্ৰায় ৫.১২ কোটি টকা। এই "সফলতাৰ বাটেৰে" আগবাঢ়ে "ৰত্নাকৰ" (২০১৯)। যতীন বৰাৰ পৰিচালনা। ১.৩ কোটি টকা বাজেটৰ চিনেমা খনৰ সৰ্বমুঠ আয় ৯.২৩ কোটি টকা। 

--নিপন গোস্বামীৰ পৰিচালনাৰে নিৰ্মাণ কৰা "ডক্তৰ বেজবৰুৱা-২" (২০২৩/ বাজেট ২.৫ কোটি টকা/ সৰ্বমুঠ আয় প্ৰায় ৭ কোটি টকা।) "বক্স অ'ফিচ" সফল চিনেমাৰ তালিকাভুক্ত কৰিব পাৰি।

জুন ২০২৩-ত চিত্ৰগৃহলৈ আহে "শ্ৰী ৰঘুপতি"। সুব্ৰত কাকতিৰ পৰিচালনা। ২ কোটি টকা বাজেটৰ এই চিনেমা খনৰ সৰ্বমুঠ আয় প্ৰায় ১৪ কোটি টকা।

২০২৪-ত চিত্ৰগৃহলৈ অহা দুখন বাণিজ্যিক দিশত সফল অসমীয়া চিনেমা-- "বিদূৰভাই", "স্বৰ্গৰথ"। বিভিন্ন চৰ্চাত কম বাজেটৰ চিনেমা বুলি কোৱা হৈছে। সুব্ৰত কাকতিৰ পৰিচালনাৰে নিৰ্মাণ কৰা "বিদূৰভাই"ৰ  সৰ্বমুঠ আয় প্ৰায় ৬ কোটি টকা। আৰু ৰাজেশ ভূঞাৰ পৰিচালনাৰে নিৰ্মাণ কৰা "স্বৰ্গৰথ"ৰ (বাজেট:৩৮ লাখ টকা) সৰ্বমুঠ আয় ১,৬৮,৮৫,২৬৩ টকা। 


 (ক্ৰমশঃ) 
--উৎপল মেনা 
 ৫জুন, ২০২৫ 

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...