সরাসরি প্রধান সামগ্রীতে চলে যান

মঙহ্‌ | নাটক


"মঙহ্"-- চালোঁ। ৰচনা-পৰিচালনা সীমান্ত শর্মাৰ। সুৰজিৎ একাডেমীৰ উদ্যোগত  শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ ড° বানীকান্ত কাকতি প্ৰেক্ষাগৃহত মঞ্চস্থ নাটক খনৰ বিষয়-বস্তু-- নাৰী। নাৰী নিৰ্যাতন! নাৰী শক্তি! বিষয়-বস্তু নিৰ্মাণৰ বাবে নাট্যকাৰে জন্মৰ পাছতেই, জন্মদাত্ৰীয়ে বা আন কোনোৱে পেলাই থৈ যোৱা "জীৱন্ত মঙহ্‌" (দেৱশিশু) প্ৰসংগ আনিছে। আনিছে ঘৰুৱা নিৰ্যাতনৰ বলি হোৱা কিশোৰ প্ৰসংগ। "জন্মৰ পাছতেই পথৰ দাঁতিত পেলাই যাবলৈ কিয় জন্মদিয়ে আমাক!" --এনে ধৰণৰ সংলাপেৰে গতি লয় নাটক খনৰ কাহিনী-ৰেখাই। কাহিনী-ৰেখাৰ মূল বিন্দু-- আই। নাম:শেৱালী। চৰিত্ৰটোত অভিনয় কৰিছে কৰিস্মিতা তালুকদাৰে। সন্দেহ নৰখাকৈ ক'ব পাৰি-- কৰিস্মিতাৰ অভিনয় নাটক খনৰ প্ৰধান সৌন্দৰ্য। অতীত-চাৰণেৰে দেখুৱাই শেৱালী ধৰ্ষণৰ বলি হয়, শেৱালীৰ প্ৰেমিকক হত্যা কৰায় নাটক খনৰ কাহিনীৰ খলনায়ক বংশীধৰে (অভিনয় কৰিছে ধ্ৰুৱজ্যোতি কলিতাই)। কাহিনীৰ গতিত স্পষ্ট হয় বংশীধৰে কাম কৰে ৰাজনীতিৰ ক্ষেত্ৰ খনত আগবাঢ়িব খোজা হিমাদ্রী হাজৰিকাৰ (আভিনয় কৰিছে জেছমিনা হুছেইনই।) পক্ষত থাকি। আনফালে কৰৱী (কৃষ্টি ৰাজবংশী), পদুমী (পলক কৈৰি), মিতু (লিয়ানা দেৱ), ৰিতু (কৌস্তভ চৌধুৰী), 
ৰন্টু (অংশুমান দাস) আদি অনাথ শিশু কিশোৰক জীৱনৰ বাট দেখুৱাই শেৱলীৰ পৰা সমাজত আইৰ পৰিচয় পোৱা শেৱালী হিমাদ্রী হাজৰিকাৰ বাটৰ কাইট হৈ পৰে। মানুহৰ হিটৰ বাবে, সমাজৰ বাবে কাম কৰি জনপ্ৰিয় হোৱা শেৱালীক বংশীধৰৰ হতুৱাই আঁতৰাবলৈ ফাং পাতে। 
--নাট্যকাৰ, পৰিচালকে (নাটকৰ কাহিনী-ৰেখাৰ শেষত) শেৱালীক দেৱীৰ ৰূপলৈ ৰূপান্তৰ কৰে। দুর্গা, কালি, চণ্ডীৰ ৰূপত নাৰী শেৱালীয়ে শেষ কৰে সমাজৰ অপশক্তিক, অন্ধকাৰ আঁতৰাই জগত পোহৰাই তোলে । সমাজৰ নেতিবাচক শক্তিক আঁতৰাই ইতিবাচক আদর্শ প্রতিষ্ঠা কৰে নাৰীৰ সেই ৰূপে। শেষ (হত্যা কৰে) কৰে সমাজৰ দানৱ বংশীধৰক। এই নাট্য-দৃশ্যত দৰ্শক অনুভৱ কৰে কৰিস্মিতাৰ অভিনয় শক্তি (acting power)। নাট্য-দৃশ্যটো নাট্য-সৌন্দৰ্যলৈ ৰূপান্তৰ কৰিছে অভিনয়ৰ লগতে সংগীত (পৰিচালনা: গৌতম শইকীয়া), পোহৰ (কৃতাৰ্থ শৰ্মা আৰু যাদৱ মহন্ত), মঞ্চসজ্জাই (গনেশ বড়ো)।
--এই নাটক খনৰ নাটখনৰ সহকাৰী পৰিচালক বিনীতা দেৱী আৰু হেমেন সেনাপতি,  গীতৰ কণ্ঠ চন্দামিতা ডেকা, সংগীতৰ সহযোগী দীপা মহন্ত,  নৃত্য পৰিচালনা প্ৰণৱ জ্যোতি ৰাভা, ৰূপ সজ্জা জ্যোতিস্মিতা কলিতা, সাজসজ্জা তৃষ্ণা কলিতা আৰু হিমাংশু দাসৰ।   
সংযোজন, প্ৰযোজনা গোষ্ঠীৰ বিষয়ে:
সুৰজিৎ একাডেমী ১৯৯৭ চনৰ ১ জুনত গুৱাহাটী বিশ্ববিদ্যালয়ত প্ৰতিষ্ঠা কৰা হৈছিল। তেতিয়াৰ পৰা অহৰহ নাট্য-কৰ্ম, নাট্য-চৰ্চা কৰিআহিছে। তেতিয়াৰ পৰা দুবছৰীয়া নাটৰ পাঠ্যক্ৰম আজি পৰ্য্যন্ত চলি আছে। প্ৰশিক্ষণ প্ৰদান কৰি আহিছে অসমৰ অভিজ্ঞ নাট্য কলা কুশলীয়ে। বছৰত তিনি-চাৰি খন নাট পৰিৱেশিত হৈ আহিছে। তাৰ লগতে অসমত নাটৰ প্ৰতিযোগিতা সমূহতো অংশ লোৱা হৈছিল। ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ অধীনৰ বিভিন্ন বিভাগৰ আঁচনি সমূহ বাটৰ নাটেৰেও পৰিৱেশন কৰে।
শিক্ষাৰ্থী বহুজন ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়, দিল্লীৰ পৰাও স্নাতক হৈছে। বহু জন ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাংস্কৃতিক ক্ষেত্ৰ, অসমৰ মঞ্চ আৰু চলচ্চিত্ৰত প্ৰতিষ্ঠিত- হিমাংশু প্ৰসাদ দাস, চন্দনা শৰ্মা, ৰাজীব কলিতা, বিনীতা দেৱী, মণ্টু কুমাৰ দাস, অদিষ্ণা ৰাজবংশী, দিগন্ত শৰ্মা, কাবেৰী মহন্ত, হিমাংশু শৰ্মা, স্বপন দাস, প্ৰাণজিৎ ডেকা, গৌতম দাস, মৃণাল শৰ্মা।
বহুজন শিক্ষাৰ্থী ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ টেগৰ স্কলাৰশ্বিপ, ওস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ, চিনিয়ৰ ফেল' শ্বিপ, জুনিয়ৰ ফেল' শ্বিপ, যুৱ স্কলাৰশ্বিপ, শিশু স্কলাৰশ্বিপ পাইছে। 
নাট্য-চৰ্চাৰ লগতে ২০০৩ চনৰ পৰা পুতলা নাট কৰি আহিছে। সংগীত নাটক অকাডেমী, আই জি এণ চি, আই চি চি আৰ, এন ই জেড চি চি, নাবাৰ্ড, চি চি আৰ টি, এচ বি আই, আই আই টি, বিজ্ঞান প্ৰসাৰ, এচ এইছ টে ক সমূহত পুতলা নাট কৰি আহিছে, প্ৰতি বছৰে ১৫-১৬ খন। 
--উৎপল মেনা

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...