সরাসরি প্রধান সামগ্রীতে চলে যান

ৰৈ ৰৈ বিনালে | চিনেচৰ্চা

"ৰৈ ৰৈ বিলালে" চালোঁ।

চুই গ'ল-- গীতে, গীতৰ চিত্ৰায়নে। 

চুই গ'ল-- জুবিনৰ অভিনয়ে। পূৰ্বৰ পৰিপাটি অভিনয় (দীনবন্ধু, মনযায়) -তকৈ শ্ৰেষ্ঠ ৰাউল। 

চিনে-চিন্তা আছিল জুবিন গাৰ্গৰ। গতিকে ক'ব পাৰোঁ-- পুৰঠ হৈ আহিছিল চিনেকৰ্মী জুবিন গাৰ্গ। কাহিনী-ৰেখাৰ গতিত সংগীত প্ৰয়োগ, গীতৰ আৰু  গীতাংশৰ সংযোজন, বিষয়-বস্তু প্ৰয়োগ (চিনে-সৌন্দৰ্যত চেকা নলগাকৈ সাহিত্যৰ ভাষাক গুৰুত্ব দি) চিনেমা খনৰ প্ৰথম ইতিবাচক দিশ।

জুবিনৰ এই চিনে-চিন্তা সংগীত কেন্দ্ৰিক। 

--নাম আছিল ৰাহুল। অনা-অসমীয়া সংগীতৰ শিক্ষক ভিক্টৰ ছাৰে (অভিনয় কৰিছিল ভিক্টৰ বেনাৰ্জীয়ে) মাতিছিল ৰাউল বুলি। ছাৰৰ "ৰাউল" উচ্চাৰণ সলনি কৰিব নোৱাৰিলে ৰাহুলে। সময়ত ৰাউল নামেৰেই জনাজাত হ'ল। ৰাউল ৰূপালী গল্পটোৰ মূল বিন্দু। কাহিনীৰ গতি সৰল-ৰৈখিক। গতিত পৰিপাটি অতীত-চাৰণ প্ৰয়োগ।

--চিনেমা খনৰ কাহিনীৰ গতিত দেখা গৈছে "সন্ত্ৰাসবাদৰ দাগ"। বোম বিস্ফোৰণত চকু হেৰুৱালে ৰাউলে। কিশোৰ ৰাউলে দুচকু হেৰুৱালে। নেদেখা হ'ল। মনৰ মাজত সি হাহাকাৰ অনুভৱ কৰিলে। "মই নেদেখো ছাৰ!" ভিক্টৰ ছাৰে তাৰ হাতত তুলি দিলে-- গীতাৰ। musical instrument (বাদ্যযন্ত্র)। 

সংগীতে পোহৰৰ বাট দিলে ৰাউলক।

সংগীতৰ "বহল পৃথিৱী" বিছাৰি সি মহানগৰী পালে। আহিয়ে সি অনুভৱ কৰিলে-- সি বিছৰা "সংগীতৰ পৃথিৱী" খন যেন মহানগৰীত নাই! সি ওভটাৰ বাট ল'লে। উভতি সি তাৰ গাওঁ পালে হেতেন, যদিহে দেবুদাক (চৰিত্ৰটো নিৰ্মাণ কৰিছে সৌৰভ হাজৰিকাক লৈ। অভিনেতা গৰাকীৰ "শ্ৰেষ্ঠ অভিনয়" যে ৰূপালী গল্পটোৰ বিশেষ সৌন্দৰ্য সন্দেহ নাই। সন্দেহ নাই-- অভিনেতা গৰাকীৰ ৰূপালী-কৰিয়াৰ শ্ৰেষ্ঠ অভিনয়।) লগ নাপালে হেতেন! বুকুত অসম আন্দোলনৰ যন্ত্ৰণা লৈ মহানগৰীত ৰেষ্টুৰেণ্ট এখন চলাই জীৱন পাৰ কৰি আছে দেবুদাই।

দেবুদাই ৰাউলক চিনাকী কৰি দিলে-- সংগীতৰ ছুপাৰষ্টাৰ নীড়ৰ সৈতে (চৰিত্ৰটো নিৰ্মাণ কৰিছে জয় কাশ্যপক লৈ)। নীড়ৰ সংগীত-চিন্তা ৰাৱলৰ সংগীত-চিন্তাৰ সম্পূৰ্ণ বিপৰীত (চিনেমা খন চোৱাৰ সময়ত আমাৰ মনলৈ আহিছিল-- নীড়-ৰাউল "জুবিন গাৰ্গ"ৰ দুটা "সংগীত-চিন্তা" বুলি ভাবিব পাৰোঁ নেকি!)। স্বাভাৱিকতে সংঘাত হয়। আৰু সংঘাতে কাহিনীক গতি দিয়াত সহায় কৰে। (কাহিনী প্ৰসংগ ইমানতে এৰিলোঁ। কাহিনীৰ গতিয়ে মনলৈ আনি দিয়া প্ৰশ্ন-- পৰিচালকে সম্পাদনাত আৰু পৰিশ্ৰম কৰিব লাগিছিল নেকি? জুবিনৰ অবৰ্তমানত পৰিচালকে "জুবিনৰ চিনে-চিন্তা"ক পৰ্দালৈ নিয়াত আপোচ কৰিলে নেকি বা কৰিবলৈ বাধ্য হ'ল নেকি? কোনোবা খিনিত আধৰুৱা হ'ল নেকি?) কাহিনীৰ গতি মসৃন বা ছান্দিক বুলিব নোৱাৰি। সংগীত, সংলাপ প্ৰয়োগৰ ইতিবাচক দিশৰ বিপৰীত চিনেমা খনৰ কাহিনীৰ গতি। (আৰু আছে)

সংযোজন:

চিনেমা খনৰ বাজেট: ৪ কোটি টকা। 

চিনেমা খন প্ৰথম পৰ্যায়ত দেশৰ ১৪৩টা চিত্ৰগৃহত (দৈনিক ৬৬৪ দৰ্শনী) মুক্তি দিয়া হৈছে। প্ৰথম পৰ্যায়ত অসমৰ ৫৩টা চিত্ৰগৃহত (দৈনিক ৪৩১টা দৰ্শনী), 

প্ৰথম পৰ্যায়ত অসমৰ বাহিৰৰ ৯০টা চিত্ৰগৃহত (দৈনিক ২৩৪ টা দৰ্শনী)। 

প্ৰথমটো দৰ্শনী আৰম্ভ হৈছিল পুৱা ৪.২৫ বজাত, গুৱাহাটীৰ বেলতলাত। 

চিনেমা খনৰ প্ৰথম দিনটোৰ সংগ্ৰহ ২.৫২ কোটি টকা। 

--এয়া অসমীয়া চিনেমাৰ "বজাৰ অভিলেখ।



মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...