সরাসরি প্রধান সামগ্রীতে চলে যান

ৰৈ ৰৈ বিনালে | চিনেচৰ্চা

"ৰৈ ৰৈ বিলালে" চালোঁ।

চুই গ'ল-- গীতে, গীতৰ চিত্ৰায়নে। 

চুই গ'ল-- জুবিনৰ অভিনয়ে। পূৰ্বৰ পৰিপাটি অভিনয় (দীনবন্ধু, মনযায়) -তকৈ শ্ৰেষ্ঠ ৰাউল। 

চিনে-চিন্তা আছিল জুবিন গাৰ্গৰ। গতিকে ক'ব পাৰোঁ-- পুৰঠ হৈ আহিছিল চিনেকৰ্মী জুবিন গাৰ্গ। কাহিনী-ৰেখাৰ গতিত সংগীত প্ৰয়োগ, গীতৰ আৰু  গীতাংশৰ সংযোজন, বিষয়-বস্তু প্ৰয়োগ (চিনে-সৌন্দৰ্যত চেকা নলগাকৈ সাহিত্যৰ ভাষাক গুৰুত্ব দি) চিনেমা খনৰ প্ৰথম ইতিবাচক দিশ।

জুবিনৰ এই চিনে-চিন্তা সংগীত কেন্দ্ৰিক। 

--নাম আছিল ৰাহুল। অনা-অসমীয়া সংগীতৰ শিক্ষক ভিক্টৰ ছাৰে (অভিনয় কৰিছিল ভিক্টৰ বেনাৰ্জীয়ে) মাতিছিল ৰাউল বুলি। ছাৰৰ "ৰাউল" উচ্চাৰণ সলনি কৰিব নোৱাৰিলে ৰাহুলে। সময়ত ৰাউল নামেৰেই জনাজাত হ'ল। ৰাউল ৰূপালী গল্পটোৰ মূল বিন্দু। কাহিনীৰ গতি সৰল-ৰৈখিক। গতিত পৰিপাটি অতীত-চাৰণ প্ৰয়োগ।

--চিনেমা খনৰ কাহিনীৰ গতিত দেখা গৈছে "সন্ত্ৰাসবাদৰ দাগ"। বোম বিস্ফোৰণত চকু হেৰুৱালে ৰাউলে। কিশোৰ ৰাউলে দুচকু হেৰুৱালে। নেদেখা হ'ল। মনৰ মাজত সি হাহাকাৰ অনুভৱ কৰিলে। "মই নেদেখো ছাৰ!" ভিক্টৰ ছাৰে তাৰ হাতত তুলি দিলে-- গীতাৰ। musical instrument (বাদ্যযন্ত্র)। 

সংগীতে পোহৰৰ বাট দিলে ৰাউলক।

সংগীতৰ "বহল পৃথিৱী" বিছাৰি সি মহানগৰী পালে। আহিয়ে সি অনুভৱ কৰিলে-- সি বিছৰা "সংগীতৰ পৃথিৱী" খন যেন মহানগৰীত নাই! সি ওভটাৰ বাট ল'লে। উভতি সি তাৰ গাওঁ পালে হেতেন, যদিহে দেবুদাক (চৰিত্ৰটো নিৰ্মাণ কৰিছে সৌৰভ হাজৰিকাক লৈ। অভিনেতা গৰাকীৰ "শ্ৰেষ্ঠ অভিনয়" যে ৰূপালী গল্পটোৰ বিশেষ সৌন্দৰ্য সন্দেহ নাই। সন্দেহ নাই-- অভিনেতা গৰাকীৰ ৰূপালী-কৰিয়াৰ শ্ৰেষ্ঠ অভিনয়।) লগ নাপালে হেতেন! বুকুত অসম আন্দোলনৰ যন্ত্ৰণা লৈ মহানগৰীত ৰেষ্টুৰেণ্ট এখন চলাই জীৱন পাৰ কৰি আছে দেবুদাই।

দেবুদাই ৰাউলক চিনাকী কৰি দিলে-- সংগীতৰ ছুপাৰষ্টাৰ নীড়ৰ সৈতে (চৰিত্ৰটো নিৰ্মাণ কৰিছে জয় কাশ্যপক লৈ)। নীড়ৰ সংগীত-চিন্তা ৰাৱলৰ সংগীত-চিন্তাৰ সম্পূৰ্ণ বিপৰীত (চিনেমা খন চোৱাৰ সময়ত আমাৰ মনলৈ আহিছিল-- নীড়-ৰাউল "জুবিন গাৰ্গ"ৰ দুটা "সংগীত-চিন্তা" বুলি ভাবিব পাৰোঁ নেকি!)। স্বাভাৱিকতে সংঘাত হয়। আৰু সংঘাতে কাহিনীক গতি দিয়াত সহায় কৰে। (কাহিনী প্ৰসংগ ইমানতে এৰিলোঁ। কাহিনীৰ গতিয়ে মনলৈ আনি দিয়া প্ৰশ্ন-- পৰিচালকে সম্পাদনাত আৰু পৰিশ্ৰম কৰিব লাগিছিল নেকি? জুবিনৰ অবৰ্তমানত পৰিচালকে "জুবিনৰ চিনে-চিন্তা"ক পৰ্দালৈ নিয়াত আপোচ কৰিলে নেকি বা কৰিবলৈ বাধ্য হ'ল নেকি? কোনোবা খিনিত আধৰুৱা হ'ল নেকি?) কাহিনীৰ গতি মসৃন বা ছান্দিক বুলিব নোৱাৰি। সংগীত, সংলাপ প্ৰয়োগৰ ইতিবাচক দিশৰ বিপৰীত চিনেমা খনৰ কাহিনীৰ গতি। (আৰু আছে)

সংযোজন:

চিনেমা খনৰ বাজেট: ৪ কোটি টকা। 

চিনেমা খন প্ৰথম পৰ্যায়ত দেশৰ ১৪৩টা চিত্ৰগৃহত (দৈনিক ৬৬৪ দৰ্শনী) মুক্তি দিয়া হৈছে। প্ৰথম পৰ্যায়ত অসমৰ ৫৩টা চিত্ৰগৃহত (দৈনিক ৪৩১টা দৰ্শনী), 

প্ৰথম পৰ্যায়ত অসমৰ বাহিৰৰ ৯০টা চিত্ৰগৃহত (দৈনিক ২৩৪ টা দৰ্শনী)। 

প্ৰথমটো দৰ্শনী আৰম্ভ হৈছিল পুৱা ৪.২৫ বজাত, গুৱাহাটীৰ বেলতলাত। 

চিনেমা খনৰ প্ৰথম দিনটোৰ সংগ্ৰহ ২.৫২ কোটি টকা। 

--এয়া অসমীয়া চিনেমাৰ "বজাৰ অভিলেখ।



মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...