সরাসরি প্রধান সামগ্রীতে চলে যান

খাকী | ২৭ ফেব্ৰুৱাৰীত...

"খাকী"। বহু চচিত "খাকী"। বলিউডৰ খন নহয়, জলিউডৰ। সংগীতৰ কাম নিৰীক্ষণ কৰিছে চিনেমা খনৰ লেখক-পৰিচালক অতনু ভূঞা। সংগীতৰ কামত ব্যস্ত সংগীত পৰিচালক ডেনিয়েল। কোন ডেনিয়েল?

--ডেনিয়েল বি জৰ্জৰ। বলিউডত চৰ্চিত, পৰিপাটি কামৰ বাবে। বলিউডৰ বাহিৰৰ কামো কৰিছে। "ইণ্টলিজেনণ্ট মিউজিক মেকাৰ"। চৰ্চিত চিনেমা-- 'ৱাৰ’, ‘থ্ৰী-ইডিয়টছ’, ‘ৰাম সেতু’ আদি। ডেনিয়েলৰ এই খনেই প্ৰথম অসমীয়া চিনেমা। "মই ভাবো চিনেমা এখনত সংলাপৰ সমানেই, বা কোনো ক্ষেত্ৰত তাতকৈ বেছি গুৰুত্ব সংগীতৰ। গীতৰ। আৱহ সংগীতৰ। আমি চিনেমা খনৰ শব্দৰ ডিজাইন অমৃত প্ৰীতমৰ সৈতে বহি চিত্ৰগ্ৰহণৰ আৰম্ভণী পৰ্বতে কৰিছোঁ। তেনেদৰে সংগীতৰ ডিজাইনো কৰি লৈছিলোঁ। সংগীতৰ কথা মনলৈ অহাৰ মূহুৰ্ততে ডেনিয়েলৰ কথা আমাৰ মনলৈ আহিছিল। আৰু আন কাৰোবাৰ কথা নাভাবিলোঁ। চিনেমা খনত তিনিটা গীত বা গীতাংশ ব্যৱহাৰ কৰিম। কণ্ঠ দিছে ৰূপম ভূঞা, জয় বৰুৱা আৰু অনুজা ভূঞাই।..."

ৰাজনৈতিক থ্ৰীলাৰ খনৰ সহযোগী পৰিচালক জয়ন্ত কুমাৰ ডেকাই কথা প্ৰসংগত ক'লে-- চিনেমা খনৰ making result ভাল! দৰ্শকে ভাল পাব। আধুনিক কাৰিকৰী দিশত গুৰুত্ব দিছে। কাহিনী-ৰেখাই দৰ্শকক  সন্তুষ্ট কৰিব। এগৰাকী আৰক্ষী বিষয়াক কেন্দ্ৰ কৰি কাহিনী-ৰেখা আগবাঢ়িব। বিভিন্ন চৰিত্ৰ আহিব, ৰাজনীতি আহিব। চৰিত্ৰৰ সংখ্যা কম নহয়, প্ৰায় ৫০০। কাহিনীৰ গতিত, কাহিনী নিৰ্মাণত প্ৰতিটো চৰিত্ৰৰে গুৰুত্ব আছে।

--কেইটামান চৰিত্ৰ নিৰ্মাণ কৰিছে অৰুণ নাথ, ডাঃ জাহনাৰা বেগমে, পদ্মৰাগ গোস্বামী, পৱন গায়ন, শ্ৰেয়া বৰঠাকুৰ, ঈশান হাজৰিকা, গীতাৰ্থ শৰ্মা, দ্বীপজ্যোতি ডেকা, হেমন্ত দেৱনাথ, পৰমেশ্বৰ বৰ্মণ, মণ্টু বৰা, মালামাল বয়জ খ্যাত নৱ নাথ, জয়ন্ত ডেকা, অনুপম হাজৰিকা, অৱয়ব ভূঞা, অতুল লহকৰ, কিশোৰ ভট্টাচাৰ্য, ভবেশ বৰুৱা, অসীম শৰ্মা, পুলক কুমাৰ ডেকা, অশ্বিনী বৰা শিৱাণু বৰাক লৈ। চিনেমা খনৰ কাহিনী-চিত্ৰনাট্য চিনেমা খনৰ পৰিচালক অতনু ভূঞাৰ। দৃশ্যগ্ৰহণ প্ৰদীপ দৈমাৰীৰ । ছাউণ্ড ডিজাইনা হিচাপে অমৃত প্ৰীতমৰ । সংগীত ডেনিয়েল বি জৰ্জৰ। 'ৱাৰ’, ‘থ্ৰী-ইডিয়টছ’, ‘ৰাম সেতু’ আদিৰ দৰে বলিউডৰ বহু ছুপাৰহিট চিনেমাৰ সংগীত পৰিচালক ডেনিয়েলে ৰূপালী গল্পটোৰ বাবে তিনিটা গীত সংগীতেৰে নিৰ্মাণ কৰিছে। গীত তিনিটাত কণ্ঠদান কৰিছে– ৰূপম ভূঞা, জয় বৰুৱা আৰু অনুজা ভূঞাই। চিনেমা খনৰ বাজেট প্ৰায় ২ কোটি টকা।

"খাকী" চিত্ৰগৃহলৈ আহিব বৰ্ষটোৰ দ্বিতীয়টো মাহত-- ২৭ ফেব্ৰুৱাৰীত। 

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...