২০২৬ বৰ্ষৰ অসমীয়া চিনেমাৰ "যাত্ৰা" চিত্ৰৰসিকৰ বাবে নিশ্চয় সুখকৰ হ'ব! কাৰণ "চিনে-যাত্ৰা" আৰম্ভ হ'ব "চিনেমা"ক চহকী কৰা এগৰাকী চিনে-চিন্তকৰ চিনেমাৰে। জাহ্নু বৰুৱাৰ চিনেমাৰে। পৰিচালক গৰাকীৰ (অপৰূপা, পাপৰি, হালধীয়া চৰায়ে বাওধান খায়, বনানি, ফিৰিঙতি, সাগৰলৈ বহু দূৰ, কুশল, পখী, কণিকাৰ ৰামধেনু, তৰা, বান্ধোন, অজেয়, ভগা খিৰিকী -ৰ পাছত) আন এখন অসমীয়া চিনেমা "হেৰোৱা ছন্দ"। চিনেমা খনত অভিনয় কৰিছে অমৃতা গগৈ, জয় কাশ্যপ, অমৃতা গগৈ, অজু বৰুৱা, সুকন্যা ৰাজগুৰু, ড° অৰূপ বৰঠাকুৰ, উজ্জ্বল বাজখোৱা, ময়ুখ শৰ্মা, দীপচন লাল বৰুৱা, ড° নাৰায়ণ শর্মা আদিয়ে। সংগীত: ইবচন লাল বৰুৱা, নীলোৎপল বৰাৰ। চিত্ৰগ্ৰহণ সুমন দুৱৰাৰ। চৰ্চা মতে, চিনে-চিন্তাৰ লগতে জাহ্নু বৰুৱাই "বজাৰ-চিন্তা"তো গুৰুত্ব দিছে।
২জানুৱাৰীত "হেৰোৱা ছন্দ"ৰ লগতে চিত্ৰগৃহলৈ আহিব আন এখন অসমীয়া চিনেমা "যৌৱনে আমনি কৰে ২"। অশোক কুমাৰ বিষয়াৰ পৰিচালনা। পূৰ্বে এই চিনেমা খন মুক্তি দিয়াৰ কথা আছিল যোৱা ১০ (২০২৫) অক্টোবৰত। কিন্তু নিৰ্দিষ্ট দিনত চিনেমা খন চিত্ৰগৃহলৈ আনিব নোৱাৰিলে জুবিন গাৰ্গৰ আকস্মিক বিয়োগৰ বাবে।
"যৌৱনে আমনি কৰে" চিত্ৰগৃহলৈ আহিছিল ১৯৯৮ চনত। সেই সময়ত অসমীয়াৰ "স্থানীয় বজাৰ" প্ৰায় অচল হৈছিল। স্থিৰ 'বজাৰ"ক গতি দিছিল তেতেয়াৰ এগৰাকী নৱাগত পৰিচালক অশোক কুমাৰ বিষয়াই "যৌৱনে আমনি কৰে"ৰে। চিনেমা খনত অভিনয় কৰিছিল প্রাঞ্জল শইকীয়া, বাদল দাস, নিকুমণি বৰুৱা, নিৰেণ শৰ্মা, অংকুৰ বিষয়া, ইনু বৰুৱা, বৰ্ণালী পূজাৰী, হিৰণ্য দাস, বৰষা ৰাণী বিষয়া, শিৱ প্ৰসাদ ঠাকুৰ, নিলয় শংকৰ গুপ্তা, শৈল বৰুৱা, অসীম বৈশ্য আদিয়ে। এই চিনেমা খনৰে চিকুৱেল-- "যৌৱনে আমনি কৰে ২"।
চিনেমা লেখক-পৰিচালক হিমজ্যোতি তালুকদাৰৰ "মৰমৰ দেউতা" চিত্ৰগৃহলৈ আহিব ১৬ মে'ত। ৰূপালী গল্পটোৰ বাবে চিত্ৰনাট্য লিখিছিল ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ শিশু উপন্যাস "মৰমৰ দেউতা"ৰ আধাৰত। চিত্ৰনাট্য অভিষেক দত্ত, সান্তনু ৰৌমুৰিয়া, হিমজ্যোতি তালুকদাৰৰ। উপন্যাসৰ পৰা চিনেমালৈ ৰূপান্তৰৰ সময়ত স্বাভাৱিকতে "চৰিত্ৰ-কাহিনী"ৰ স্বাভাৱিক পৰিবৰ্তন হৈছে। উপন্যাস খনৰ মূল চৰিত্ৰ বিপুলক পাৰ্থলৈ ৰূপান্তৰ কৰি ৰূপালী গল্পটো আগবঢ়াই নিছে এনেদৰে--
অৰুণাচলৰ এখন দুৰ্গম চহৰত কৰ্মৰত সন্তনু বৰুৱাই জীৱন সংগ্ৰাম চলাই থাকে, পৰিয়ালটোৰ সুখৰ বাবে। পৰিয়ালটো আঁতৰত থকে, অসমৰ এখন সৰু চহৰত। পৰিয়াল বুলিবলৈ-- বৰুৱাৰ পত্নী, কন্যা আৰু পুত্ৰ পাৰ্থ। পাৰ্থ অবাটে যায়। মদ্যপান কৰে, ধ্বংসাত্মক আচৰণত কৰে। পিতৃৰ অনুপস্থিতিত পাৰ্থই মাক আৰু ভনীয়েকক অত্যাচাৰ কৰে। পাৰ্থৰ বাবেই ঘৰখনৰ সৈতে বৰুৱাৰ আৱেগিক সম্পৰ্কৰ দূৰত্ব বাঢ়ে। পৰিয়ালটো সমস্যাৰ মাজত সোমাই পৰে।... এদিন পাৰ্থক কোনেৱে প্ৰহাৰ কৰে। চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। --কোনে পাৰ্থক নিৰ্মমভাৱে আক্ৰমণ কৰিছিল! আৰক্ষীৰ তদন্ত আৰম্ভ কৰে। আৰক্ষীৰ সন্মুখত পাৰ্থৰ মাক-দেউতাক। কাহিনী-ৰেখাৰ গতিত উন্মোচন হয়-- লুকাই থকা সত্য, আভ্যন্তৰীণ সংঘাত, আৰু এজন পিতৃয়ে নিজৰ পৰিয়ালক নিজৰ তেজৰ পৰা ৰক্ষা কৰাৰ হতাশজনক প্ৰচেষ্টা।
--চিনেমা খনৰ প্ৰযোজক মমতা মহিলাৰী। কাৰ্যবাহী প্ৰযোজক ডাঃ মুক্তিমান হাজৰিকা আৰু জ্যোতি প্ৰকাশ নাথ। চিত্ৰগ্ৰহণ চন্দ্ৰ কুমাৰ দাসৰ। মুখ্য সহকাৰী পৰিচালক: ৰ’নাল্ড হুছেইন।
অভিনয় কৰিছে মিণ্টু বৰুৱা, বোধিসত্ত্ব শৰ্মা, অপৰ্ণ দত্ত চৌধুৰী, অৰুণ নাথ, প্ৰিয় কুলদীপ, গৌৰৱ বৰা, অপৰাজিতা মহন্ত, কাব্যশ্ৰী হাজৰিকা, বীজিত বৰা, মনজিৎ নাথ, সৌন্দজ্য ডেকা বৰুৱা, ঋতুপৰ্ণ কলিতা আদিয়ে। সংগীত: অৰ্ণব বশিষ্ঠ, সম্পাদনা কৰা: উদ্দীপ্ত কুমাৰ ভট্টাচাৰ্যৰ।
২০২৬ চনৰ মে' মাহৰ ভিতৰত চিত্ৰগৃহলৈ অহিব পাৰে
"গুডবাই গুৰুজী"। অৰুণজিত বৰাৰ পৰিচালনা। NFDC-ৰ প্ৰযোজনা। ইতিমধ্যে দেশ-বিদেশৰ চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শন হোৱা চিনেমা খনত অভিনয় কৰিছে আইমী বৰুৱা,পাৰ্থ প্ৰতিম হাজৰিকা, নৱ মহন্ত, অন্যুন কাশ্যপ আদিয়ে। চিনেমা খনৰ কাহিনী-ৰেখাই গতি কৰিছে "গুৰুজী নামেৰে জনাজাত প্ৰয়াস শইকীয়া নামৰ এজন যুৱ আৰু নিষ্ঠাবান শিক্ষকৰ শিক্ষা পদ্ধতিৰে। কিংকিনিয়া প্ৰাথমিক বিদ্যালয়ত শিশুসকলক পাঠ্যৰ সৈতে বা শিক্ষাৰ সৈতে জড়িত কৰাৰ বাবে অগতানুগতিক পদ্ধতিৰ প্ৰৱৰ্তন কৰে, আৰু শিক্ষাক সমাজৰ হৃদয়লৈ ঘূৰাই আনে। কাহিনী-ৰেখাত সংযোগ কৰে অসমৰ ৫০০ বছৰীয়া ভাওনা থিয়েটাৰ পৰম্পৰা।..."
২০২৬ বৰ্ষটোত মুক্তি দিব পৰাকৈ সাজু হৈ থকা আন এখন অসমীয়া চিনেমা-- "সূৰ্য্যমুখী"। এখন ৰোমাণ্টিক থ্ৰিলাৰ। চিত্ৰনাট্য ৰচনা কৰিছে ড° বিৰিঞ্চি কুমাৰ মেধিৰ গল্প "অনুপম অনুকল্প"ৰ আধাৰত। দিব্য চিনে প্ৰডাকচনৰ বেনাৰত চিনেমা নিৰ্মাণ কৰিব কটন কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ড° তিলোত্তমা বৰুৱাই। অন্তৰা জি জি চৌধুৰীয়ে পৰিচালনাৰ দায়িত্ব লোৱা এই চিনেমা খনৰ মূল চৰিত্ৰ দুটাত আছে কপিল বৰা-উৰ্মিলা মহন্তই। অন্যান্য চৰিত্ৰত: সাগৰ নীল, কুল কুলদীপ, তিলোত্তমা বৰুৱা,বিদ্যা ভাৰতী, প্ৰীতি খাউণ্ড, ৰিয়ান হাজৰিকা, ভাস্কৰ ৰঞ্জন, ৰফিকুল ইছলাম , অনয়ন বৰা ,হৰপল শইকীয়া, অয়নজিৎ দেৱ শৰ্মা, আৰুণিক চৌধুৰী, কৃষ্ণ নাৰায়ণ দত্তবৰুৱা,মৃদুল শৰ্মা, পৰিস্মিতা দত্ত, অনিৰুদ্ধ বৰুৱা, ধীৰ কাশ্যপ আদি। অতিথি অভিনেতা: অৰুণ নাথ, বাহাৰুল ইছলাম। কাহিনীৰ গতিত তিনিটা গীত ব্যৱহাৰ কৰিব। গীতৰ কথা: তিলোত্তমা বৰুৱা আৰু মৈত্ৰেয়ী পাটৰৰ। সুৰ: জনঞ্জয় শইকীয়া, তিলোত্তমা বৰুৱা আৰু সান্নিধ্য ভূঞাৰ। কণ্ঠ: জুবিন গাৰ্গ, জনঞ্জয় শইকীয়া, সান্নিধ্য ভূঞা , মিতালী দে, তিলোত্তমা বৰুৱাৰ। চিত্ৰগ্ৰহণ হিতেন ঠাকুৰীয়াৰ। সম্পাদনা ৰমেন বৰাৰ। সাজসজ্জা পূৰ্বানী গোস্বামীৰ।
মঞ্জুল বৰুৱাৰ "ৰোমাণ্টিক এফেয়াৰ্ছ" চিত্ৰগৃহলৈ আহিব ২০২৬ বৰ্ষটোৰ মাজ ভাগত। চিনেমা খনৰ প্রযোজনা এএম টেলিভিশ্য়নৰ বেনাৰত সঞ্জীৱ নাৰায়ণ আৰু ডাঃ অক্ষতা নাৰায়ণ।
ভাল লগা খবৰটো হ'ল-- অহা ৯ জানুৱাৰীৰ পৰা ১৫ জানুৱাৰীলৈ মুম্বাইত অনুষ্ঠিত ২২ সংখ্যক থাৰ্ড আই এছিয়ান ফিল্ম ফেষ্টিভেলত ভাৰতীয় চিনেমা প্রতিযোগিতাৰ শাখাত প্রদর্শিত হ'ব-- মঞ্জুলৰ এই নতুন চিনেমা খন। এই খিনিতে নিশ্চয় উল্লেখ কৰিব পাৰোঁ-- "অন্তৰীণ" (২০১৭), "কানীন" (২০১৯), "অনুৰ" (২০২৩) চিনেমা তিনি খনেৰে চিত্ৰৰসিকৰ ওচৰ চপা প্ৰতিভাধৰ পৰিচালক-চিনেমা লেখক গৰাকীয়ে চিনেমা নিৰ্মাণত "সাহিত্য"ক গুৰুত্ব দি আহিছে। প্ৰথম দুখনৰ চিত্ৰনাট্য ৰচনা কৰিছিল ড° ৰীতা চৌধুৰীৰ উপন্যাৰ আধাৰত। তৃতীয় খনৰ চিত্ৰনাট্য লিখিছিল অনুৰাধা শৰ্মা পূজাৰীৰ এটি চুটি গল্পৰ আধাৰত। কিন্তু চতুৰ্থ খনৰ চিত্ৰনাট্য কোনো উপন্যাস বা গল্পৰ আধাৰত লিখা নাই। কাহিনী চিত্ৰনাট্যকাৰ-পৰিচালক গৰাকীৰ নিজৰ। মঞ্জুলৰ ভাষাত-- "এইবাৰ মই নিজৰ কাহিনীৰে চিত্ৰনাট্য লিখিছোঁ। সঁচা এটা সৰু ঘটনা। যিটো মই দেখা পাইছিলো। আৰু সেই ঘটনাটোকে কেন্দ্ৰ কৰি এটা কাহিনী নিৰ্মাণ কৰিছিলো। মূলতঃ কৈশোৰ বয়সৰ এটা কাহিনী। কাহিনী-- সাম্প্ৰতিক সময়ত কৈশোৰ অৱস্থাত যুৱতীসকলে যিবোৰ সমস্যাত ভুগি থাকে বা যিবোৰৰ সন্মুখীন হয় তেনেকুৱা কিছূ চিনেমাৰ কাহিনী ভাগত দেখা পাব।"
চিনেমা খনৰ বাবে চৰিত্ৰ নিৰ্মাণ কৰিছে কাজভি শংকৰিছন, বলোৰাম দাস,অৰুণ নাথ, স্বাগতা ভৰালী, দীপজ্যোতি কাকতি, ৰীণা বৰা, ৰোনাল্ড হুছেইন অলকজ্যোতি শইকীয়া, গায়ত্ৰী শৰ্মা আদিক লৈ। চিনেমা খপৰ চিত্ৰগ্ৰহণ সুমন দুৱৰাৰ, শব্দ দেৱজিৎ গায়নৰ। সংগীত সপোন শইকীয়াৰ।
নতুন বৰ্ষটোত মুক্ত পোৱাৰ কথা-- আচিন্ত শংকৰৰ "হোমৱ'ৰ্ক"। চিনেমা খনৰ বিষয়-বস্তু “শিশুৰ মনস্তাত্ত্বিক পৰিস্থিতিৰ সৈতে পিতৃ-মাতৃৰ দায়বদ্ধতা”। চিনেমা খনত ব্যৱহাৰ কৰা “আমি যেন যন্ত্ৰ…” আৰু “কিতাপৰ বোজা…” গীত দুটাৰ চিত্ৰায়ণ দেখাৰ পাছত আমাৰ অনুভৱ– কাহিনী-ৰেখাৰ গতিত হয়তো দৰ্শকে “প্ৰশ্ন এটা” অনুভৱ কৰিব– আমি অভিভাৱক সকলে, শিক্ষক সকলে শিক্ষাৰ নামত হোমৱ’ৰ্কৰ নামত কিশোৰ সন্তানক, ছাত্ৰ-ছাত্ৰীক (আমি যেন…) যন্ত্ৰলৈ ৰূপান্তৰ কৰা নাইতো!
"হোমৱ'ৰ্ক" শিশু চিনেমা; কিন্তু কেৱল শিশু-কিশোৰে নহয়, ডাঙৰ সকলেও চোৱাৰ প্ৰয়োজন আছে!
চিনেমা খনৰ চৰিত্ৰ নিৰ্মাণ কৰিছে সূৰ্যাংগ জিউ মাৰ্ঘেৰিটা, গায়ত্ৰী মহন্তু, দেৱজিৎ মজুমদাৰ, হিৰণ্য ডেকা, দেৱজিত হাজৰিকা, পদ্মৰাগ গোস্বামী, চিন্ময় চক্ৰৱৰ্তী, ৰিম্পী দাস, শিশু শিল্পী বৃত্তান্ত নয়ন কাশ্যপ, অলংকৃতা পদ্মৰাগ গোস্বামী আদিক লৈ। সংগীত জুবিন গাৰ্গ আৰু অৰূপজ্যোতি বৰুৱাৰ। চিত্ৰগ্ৰহণ ৰূপমজ্যোতিশইকীয়াৰ। চিনেমা খনৰ পৰিচালকৰ কাহিনীৰে চিত্ৰনাট্য হিমাংশু নাথৰ।
বৰ্ষটোত মুক্তিৰ বাবে সাজু হৈ থকা দুখন বিগ-বাজেটৰ অসমীয়া চিনেমা-- "খাকী" আৰু "ককা দেউতা নাতি আৰু হাতী ২"।
"খাকী" অতনু ভূঞাৰ পৰিচালনা। চিত্ৰগৃহলৈ আহিব বৰ্ষটোৰ দ্বিতীয়টো মাহত-- ২৭ ফেব্ৰুৱাৰীত। ৰাজনৈতিক থ্ৰীলাৰ খনৰ সহযোগী পৰিচালক জয়ন্ত কুমাৰ ডেকাই কথা প্ৰসংগত ক'লে-- চিনেমা খনৰ making result ভাল! দৰ্শকে ভাল পাব। আধুনিক কাৰিকৰী দিশত গুৰুত্ব দিছে। কাহিনী-ৰেখাই দৰ্শকক সন্তুষ্ট কৰিব। এগৰাকী আৰক্ষী বিষয়াক কেন্দ্ৰ কৰি কাহিনী-ৰেখা আগবাঢ়িব। বিভিন্ন চৰিত্ৰ আহিব, ৰাজনীতি আহিব। চৰিত্ৰৰ সংখ্যা কম নহয়, প্ৰায় ৫০০। কাহিনীৰ গতিত, কাহিনী নিৰ্মাণত প্ৰতিটো চৰিত্ৰৰে গুৰুত্ব আছে।
--কেইটামান চৰিত্ৰ নিৰ্মাণ কৰিছে অৰুণ নাথ, ডাঃ জাহনাৰা বেগমে, পদ্মৰাগ গোস্বামী, পৱন গায়ন, শ্ৰেয়া বৰঠাকুৰ, ঈশান হাজৰিকা, গীতাৰ্থ শৰ্মা, দ্বীপজ্যোতি ডেকা, হেমন্ত দেৱনাথ, পৰমেশ্বৰ বৰ্মণ, মণ্টু বৰা, মালামাল বয়জ খ্যাত নৱ নাথ, জয়ন্ত ডেকা, অনুপম হাজৰিকা, অৱয়ব ভূঞা, অতুল লহকৰ, কিশোৰ ভট্টাচাৰ্য, ভবেশ বৰুৱা, অসীম শৰ্মা, পুলক কুমাৰ ডেকা, অশ্বিনী বৰা শিৱাণু বৰাক লৈ। চিনেমা খনৰ কাহিনী-চিত্ৰনাট্য চিনেমা খনৰ পৰিচালক অতনু ভূঞাৰ। দৃশ্যগ্ৰহণ প্ৰদীপ দৈমাৰীৰ । ছাউণ্ড ডিজাইনা হিচাপে অমৃত প্ৰীতমৰ । সংগীত ডেনিয়েল বি জৰ্জৰ। 'ৱাৰ’, ‘থ্ৰী-ইডিয়টছ’, ‘ৰাম সেতু’ আদিৰ দৰে বলিউডৰ বহু ছুপাৰহিট চিনেমাৰ সংগীত পৰিচালক ডেনিয়েলে ৰূপালী গল্পটোৰ বাবে তিনিটা গীত সংগীতেৰে নিৰ্মাণ কৰিছে। গীত তিনিটাত কণ্ঠদান কৰিছে– ৰূপম ভূঞা, জয় বৰুৱা আৰু অনুজা ভূঞাই। চিনেমা খনৰ বাজেট প্ৰায় ২ কোটি টকা।
আন খন চিনেমা "ককা দেউতা নাতি আৰু হাতী ২"ৰ পৰিচালক বিশ্বজিত বৰা। "বহ্নিমান", "ৰক্তবীজ"ৰে চেষ্টা কৰিছিল যদিও স্থানীয় বজাৰত সুবিধা কৰিব নোৱাৰিলে। এইবাৰ "ককা দেউতা নাতি আৰু হাতী ২"ৰে আশা কৰিছে! চিনেমা খনৰ নিৰ্মাতা প্রাইড ইষ্ট এন্টাৰটেইনমেন্টছে। অভিনয় কৰিছে যতীন বৰা,
প্ৰাঞ্জল শইকীয়া, তপন দাস, আদিল হুছেইন, উৎপল দাস, প্ৰস্তুতি পৰাশৰ, প্ৰীতি কংগণা, পংকজ মহন্ত,দেৱজীত মজুমদাৰ, শ্ৰেয়া বৰঠাকুৰ আৰু সিদ্ধান্ত কলিতা আদিয়ে। চিত্ৰগ্ৰহণ প্ৰদীপ দৈমাৰীৰ।
কাহিনী-চিত্ৰনাট্য ভাস্কৰ হাজৰিকাৰ। চৰ্চাত স্পষ্ট কৰা হৈছে, শিৰোনামত স্পষ্ট-- বজাৰ সফল, চিৰসেউজ অসমীয়া চিনেমা নিপ বৰুৱাৰ "ককাদেউতা নাতি আৰু হাতী"ৰ চিকুৱেল। ৮০ৰ দশকৰ এই জনপ্ৰিয় চিনেমা খনৰ কাহিনী-চিত্ৰনাট্য লিখিছিল মহেন্দ্ৰ বৰঠাকুৰ আৰু নিপ বৰুৱাই। (আৰু আছে)
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন