প্ৰত্যাৱৰ্তন কেতিয়া কৰিব?
--হয়তো মোৰ প্ৰশ্ন অনুভৱ কৰিব পৰা নাছিল ৰঞ্জিত দাসে! বুজিলে! চেহেৰালৈ হাঁহি আনি ক'লে-- "এইবাৰ বহিম! কিবা এটা কৰিব লাগিব! নতুন কিবা এটা!" বুজিলোঁ-- চিত্ৰনাট্যৰ, নতুন চিত্ৰনাট্যৰ কামত ব্যস্ত হ'ব চিনে-কৰ্মী গৰাকী। "প্ৰত্যাৱৰ্তন"ৰ পৰিচালক গৰাকী।
"প্ৰত্যাৱৰ্তন (মুক্তি: ২ নৱেম্বৰ ১৯৯৩)-- ৰঞ্জিত দাসৰ প্ৰথম স্বাধীন পৰিচালনা (Feature film)। পৰিচালক-সম্পাদক গৰাকীয়ে সহযোগী বা সহকাৰী হিচাপে চিনে-যাত্ৰা কৰিছিল। বিশষ চিনেমা: জাহ্নু বৰুৱাৰ "পাপৰি", "হালধীয়া চৰায়ে বাওধান খায়", "বনানী", "ফিৰিঙতি", "টিংখঙ"(হিন্দী টেলিফিল্ম)। মুখ্য সহকাৰী পৰিচালকৰ দায়িত্ব পালন কৰিছিল। ফিৰিঙতি আৰু টিংখঙৰ সহযোগী সম্পাদকো আছিল। প্ৰথম চিনেমা: দ্বিবন বৰুৱাৰ "মন আৰু মৰম" (সহকাৰী পৰিচালক)।
"সংস্কাৰ" (১৯৯৭) ৰঞ্জিত দাসৰ দ্বিতীয় স্বাধীন পৰিচালনা (Feature film)। মামণি ৰয়চম গোস্বামীৰ গল্পৰ আধাৰত চিত্ৰনাট্য ৰচনা কৰিছিল। (আৰু আছে)
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন