কাহিনী আগবাঢ়ে-- নিজৰ দায়িত্ব পালনৰ বাটত আগবঢ়াৰ সময়ত লংছিং-এ এগৰাকী স্থানীয় যুৱতী ৰিংলিৰ প্ৰেমত পৰে।
কাহিনীলৈ আহে-- বীৰেনছিং। গাঁও খনৰ একমাত্ৰ বিদ্যালয় খনৰ শিক্ষক। কাহিনীৰ গতিত বীৰেনছিং-এ লংছিং-ক বিদ্যালয় খনলৈ মাতি আনে পঢ়ুৱাবলৈ। প্ৰসংগক্ৰমে বীৰেনছিং-এ নিৰ্দিষ্ট উগ্ৰপন্থী গোটটোক সমাজত চলাই থকা নিষ্ঠুৰ কাৰ্যকলাপৰ বাবে মুকলিকৈ সমালোচনা কৰে। আৰু এদিন সমালোচনা কৰাৰ অপৰাধত উগ্ৰপন্থী দলটোৰ সদস্যই বীৰেনছিঙক অপহৰণ কৰে, হত্যা কৰিবলৈ নিৰ্দেশ দিয়ে লংছিং-ক। সি নিৰ্দেশ অমান্য কৰে, সন্ত্ৰাসবাদ এৰি গাঁওলৈ উভতি আহে, বহু সেউজ সপোন মনত লৈ। কিন্তু সপোন সাকাৰ কৰাৰ বাটত খোজ দিয়াৰ আগতে দুজন বন্দুকধাৰীয়ে তাক হত্যা কৰে। ইমানতে কাহিনী শেষ।
কাহিনীত স্পষ্ট হয়-- শিক্ষা আৰু হিংসাৰ সংঘাত।
চিনেমা খনৰ লেখক-পৰিচালক: খঞ্জন কিশোৰ নাথ। চিনেমা খনৰ ভাল লগা দিশ প্ৰতিটো ছিকুৱেন্সৰ বিশ্বাসযোগ্যতা। পৰিবেশ নিৰ্মাণ, সংগীত প্ৰয়োগ, চৰিত্ৰ নিৰ্মাণৰ লগতে "ভূগোল", "ইতিহাস"ৰ স্পষ্টতাত পৰিচালকৰ দক্ষতা, চিনে-শক্তি অনুভৱ কৰিছোঁ।(লিখি আছোঁ)
কোন মন্তব্য নেই:
একটি মন্তব্য পোস্ট করুন