সরাসরি প্রধান সামগ্রীতে চলে যান

নাটক | বাহাৰুল ইছলামৰ "আকাশ" | হিল্লোল পাঠকৰ "মধুমক্ষিকা |

কেইবা খনো নাটক চালোঁ, যোৱা কেইটামান দিনত, মনত ৰৈ গ'ল-- "আকাশ" আৰু "মধুমক্ষিকা"।  

"আকাশ" ছিগালৰ প্ৰযোজনা। বাহাৰুল ইছলামৰ পৰিচালনা। মূল চৰিত্ৰটোত অভিনয়ো কৰিছে-- নাট্যকৰ্মী গৰাকীয়ে। নাটক খন প্ৰথম বাৰ মঞ্চস্থ হৈছিল ২০০৫ চনত। যোৱা ২১ ফেব্ৰুৱাৰী তাৰিখে চালোঁ ৯২ সংখ্যক দৰ্শনীটো। --নাটক খনৰ শিপা ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ একে নামৰ গল্প। বিশেষ পৰিৱৰ্তন অনুভৱ নকৰিব গল্পটো পঢ়া সকলে। নাট্যকাৰ-পৰিচালকে পৰিপাটিকৈ মঞ্চলৈ আনিছে "গল্প"টো। বিশেষ সলনি কৰা নাই, কিছু সংযোজন কৰিছে, "গল্পটো"ৱে মঞ্চত দেখুৱাইছে। 

নাটক খনৰ কাহিনী-ৰেখাৰ মূল বিন্দু-- জ্যোতির্ময় চৌধুৰী (এই চৰিত্ৰটোতে অভিনয় কৰিছে বাহাৰুল ইছলামে)। পৰিপাটিকৈ জ্যোতির্ময়ৰ "গল্প"টো কৈছে তৃতীয় পুৰুষত। 

পৰিৱেশ নিৰ্মাণ কৰিছে-- সংগীতেৰে। আৰম্ভনিতে বিয়াগীতৰ "সুৰে" দৰ্শকক চুইছে। কাহিনীয়ে গতি লৈছে জ্যোতির্ময় চৌধুৰীৰ জীয়ৰীৰ বিয়াক কেন্দ্ৰ কৰি। বিয়াৰ ভাল লগা হুলুস্থুলৰ মাজতে বেনামী চিঠি এখন আহিছে-- জীয়ৰীৰ যিগৰাকীৰ সৈতে বিয়া ঠিক হৈছে, সেই গৰাকীৰ জীৱনলৈ বহু কেইগৰাকী নাৰী আহিছে বুলি! 

উজাগৰী নিশা এটাত জ্যোতির্ময় চৌধুৰীয়ে উভতি গৈছে নিজৰ অতীতলৈ। জ্যোতির্ময়ৰ জীৱনলৈ অহা প্ৰতিটো নাৰী চৰিত্ৰ মনলৈ আনিছে। শেষত মনতে সিদ্ধান্ত লৈছে অহা বেনামী চিঠি খনক লৈ চিন্তা কৰিব লগীয়া একো নাই-- পত্নীৰ সৈতে চৌধুৰীয়ে পৰিপাটিকৈ সংসাৰ চলাই থকা নাই জানো!

পৰিচালকে অতি সুন্দৰকৈ অতীত-চাৰণ ব্যৱহাৰ কৰিছে। জ্যোতির্ময় চৌধুৰীৰ জীৱনলৈ অহা "নাৰী চৰিত্ৰ" কেইটা আনিছে। সাজ-পাৰ আৰু সংগীতেৰ নিৰ্ধৰণ কৰিছে "সময়"। অতি সুন্দৰকৈ, পৰিপাটিকৈ।

নিঃসন্দেহে "সংলাপ" নাটক খনৰ সৌন্দৰ্য। বিশেষ সৌন্দৰ্য কিন্তু বাহাৰুল ইছলামৰ অভিনয়। আজিৰ তাৰিখত আমাৰ স্তৰৰ নাট্যৰসিকৰ বাবে "বাহাৰুল ইছলামৰ অভিনয়" বিশ্লেষণৰ বাট ৰুদ্ধ; অনুভৱহে চৰ্চালৈ আনিব পাৰোঁ, ব্যক্ত কৰিব পাৰোঁ। 

আদহীয়া জ্যোতির্ময় চৌধুৰীক অতীত-চাৰণত "যৌৱনৰ সময়" চোৱালৈ লৈ গৈছে, জ্যোতির্ময়ে দুষ্টামি কৰিছে, প্ৰেম কৰিছে-- ইত্যাদি। প্ৰতিটো "সময়"তে দৰ্শকে আনন্দ মনেৰে নাট্য-ৰস অনুভৱ কৰিছে বাহাৰুল ইছলামে কৰা অনিন্দ্য অভিনয়ৰ বাবে। থোৰতে এনেদৰে ক'ব পাৰি-- নাটক খনৰ মূল সৌন্দৰ্য, বাহাৰুল ইছলামৰ-- Diversity in Performance আৰু কথনশৈলী।

চৰ্চালৈ অনা আন খন নাটক "মধুমক্ষিকা"ই আমাক চুই থকাৰ প্ৰথম কাৰণ-- অভিনয়। এই নাটক খনৰ মূল চৰিত্ৰ-- মধু। "নাটক"ৰ নায়িকা। আবেগিক অভিনেত্ৰী! অভিনয়ৰ শীৰ্ষলৈ আৰোহণ কৰাৰ মন! নিজৰ অভিনয় বৃত্তৰ বাহিৰত প্ৰকৃত অৰ্থৰ সন্ধানত থকা দেখা যায়! দেখা যায়-- মঞ্চ আৰু বাস্তৱ জীৱনৰ মাজত দোমোজাত পৰা! 

নাটক খনৰ কাহিনীৰ গতিত অনুভৱ হয়-- মধু অভিনয়ৰ বহল পৃথিৱীৰ অন্বেষণত খোজ আগবঢ়াই বন্দীত্বৰ বৃত্তত সোমাই পৰে। বন্দীত্বৰ পৰা মুক্ত হ'বলৈ যুঁজ দিয়ে, নিজৰ পৰিচয়ৰ সন্ধান কৰে।

থোৰতে আমি এনেদৰেও ক'ব পাৰোঁ-- মধুৰ সংগ্ৰাম আৰু আত্ম-অন্বেষণৰ এক মৰ্মস্পৰ্শী কাহিনী স্পষ্ট নাটক খনৰ কাহিনী-ৰেখাত। চৰিত্ৰটোত অভিনয় কৰিছে ৰুণুমি দেৱীয়ে। পৰিপাটি অভিনয়, চুই যোৱা অভিনয়। অভিনয়ৰ পৰিসৰ-- বহল। নাট্যকাৰ, পৰিচালকে অভিনেত্ৰী গৰাকীক শাৰীৰিক অভিনয় ভাষা আৰু সংলাপ প্ৰক্ষেপণত ভিন্নতা (Variation in Dialogue Delivery) -ৰ বাট দিছে; আৰু এই সুযোগ অভিনেত্ৰী গৰাকীয়ে দৰ্শকক চুব পৰাকৈ ব্যৱহাৰ কৰিছে। তেনেদৰে চুই গৈছে আন এটা চৰিত্ৰত অভিনয় কৰা মাণিক ৰয়ৰ অভিনয়ে। অভিনেতা গৰাকীৰ সংলাপ উচ্চাৰণৰ ধৰণ, গতি (tempo), সুৰ (tone) আৰু জোৰ (emphasis) নাটক খনৰ সৌন্দৰ্যলৈ ৰূপান্তৰ হৈছে। 

মাণিক ৰয় নাটক খনৰ পৰিচালকো। নাট্যকাৰ: হিল্লোল কুমাৰ পাঠক। নাট্যকাৰে বিষয়বস্তু নিৰ্মাণত, কাহিনীক গতি দিয়াৰ সময়ত "Magic Realism"-ৰ ওচৰত অৱস্থান কৰিছে। নাট্যকাৰে পৰিপাটিকৈ মধুৰ স্থিতিস্থাপকতা (resilience/ "বিফলতাৰ পিছত পুনৰ থিয় হোৱা আৰু নিজৰ দৰ্শনত অটল থকা"),  আত্ম-আৱিষ্কাৰ (Self-discovery/ "নিজৰ সত্তাৰ গভীৰলৈ যোৱা আৰু সৃষ্টিৰ মাজেৰে সত্যৰ সন্ধান কৰা") -ৰ যাত্ৰাক পৰিপাটিকৈ মঞ্চলৈ আনিছে, পৰিচালকৰ সু-পৰিচালনাৰে। (এই খিনিতে ষ্টেজ ডিজাইনৰ বাবে পৰিচালকক প্ৰশংসা কৰিম।)

ভাল লাগিছে-- ভ্ৰাম্যমাণ থিয়েটাৰত "হেৰাই যোৱা" নাট্যকাৰ গৰাকীৰ শক্তিশালী "কলম" অনুভৱৰ সুযোগ পোৱা বাবে।  (ফটো "মধুমক্ষিকা" নাটকৰ)

প্ৰকাশ: দৈনিক জনমভূমি (০৬/০৩/২০২৬)

উৎপল মেনা

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...