"complete ecosystem: star + marketing + content + timing + audience psychology" এইটো দ্বিতীয়টো ফৰ্মূলা, বক্স অ'ফিচ বৈতৰণী পাৰ হোৱাৰ।
প্ৰথমটো ফৰ্মূলা-- "Content + Smart Promotion + Timing = Box Office Success"।
[ভাৰতৰ বিজ্ঞ ট্ৰেড পণ্ডিত সকলে এনেদৰে কৈ আহিছে-- "Opening weekend জিকিবলৈ প্ৰচাৰেই অস্ত্ৰ।" প্ৰিণ্টৰ যুগত দ্বিতীয়, তৃতীয় সপ্তাহৰ পাছতো চিনেমাই ইতিবাচক বাণিজ্যিক গতি লোৱাৰ উদাহৰণ আছে। ডিজিটেল যুগতো নথকা নহয়। এই প্ৰসংগতে এই চৰ্চা]
"শ্বোলে"ৰ প্ৰথম দুটা সপ্তাহত "Collection" ভাল নাছিল। ১৯৭৫ চনৰ ১৫ আগষ্টত চিনেমা খন চিত্ৰগৃহলৈ আহিছিল। প্ৰিণ্টৰ সংখ্যা প্ৰথম সপ্তাহত ১০০-১৫০ টা আছিল (পাছলৈ আৰু ৯০০টা যোগ হৈছিল)। মুক্তিৰ প্ৰথম সপ্তাহত চিনেমাখনে বক্স অফিচত বৰ বিশেষ ভাল প্ৰদৰ্শন কৰিব পৰা নাছিল। বহুতে ইয়াক 'ফ্লপ' বুলিও ঘোষণা কৰিছিল। দেশৰ কেইবাটও চিত্ৰগৃহত কালেকশ্বন ৩০% শতাংশৰো কম থকাৰ তথ্য পোৱা যায়। "ৰিপৰ্ট অনুসৰি, মুক্তিৰ প্ৰথম দিনটোত চিনেমাখনে সমগ্ৰ ভাৰতত প্ৰায় ৮ লাখ টকা উপাৰ্জন কৰিছিল। মুক্তিৰ প্ৰথম দুটা সপ্তাহত চিনেমা খনৰ ব্যৱসায়িক গতি অতি লেহেমীয়া আছিল আৰু বহুতে ইয়াক ফ্লপ বুলিও অভিহিত কৰিছিল।
তৃতীয় সপ্তাহৰ পৰাহে জনপ্ৰিয়তা বৃদ্ধি পায় আৰু পৰৱৰ্তী সময়ত চিনেমা খনে ইতিহাস সৃষ্টি কৰে। অৱশ্যে মুম্বাইত কিছু ভাল আছিল। মুক্তিৰ দিনা প্ৰায় ১.৭৩ লাখ টকা সংগ্ৰহ কৰি পূৰ্বৰ অভিলেখ ভংগ কৰিছিল। মুম্বাইত প্ৰথম সপ্তাহত মুঠ আসনৰ ক্ষমতা ১২.১৮ লাখ টকাৰ বিপৰীতে ১১.৫৭ লাখ টকা সংগ্ৰহ কৰিছিল, যিটো আছিল প্ৰায় ৯৫% ।
ডাঙৰ বাজেটৰ চিনেমা হিচাপে এই ব্যৱসায়াক সেই সময়ত হতাশাজনক বুলি ট্ৰেড আলোচনীয়ে গণ্য কৰিছিল। ৩ কোটি টকাৰ বাজেটত নিৰ্মিত চিনেমাখনে সেই সময়ত প্ৰায় ১৫-৩৫ কোটি টকাৰ মুঠ উপাৰ্জন কৰিছিল, যিটো আছিল এক বিশ্ব অভিলেখ।"
প্ৰথম সপ্তাহত হাউচফুল নোহোৱা মুম্বাইৰ 'মিনাৰ্ভা' থিয়েটাৰত এই চিনেমাখন একেৰাহে ৫ বছৰ চলিছিল।
"বিশেষজ্ঞসকলৰ মতে, শ্বোলেৰ সেই সময়ৰ ১৫-৩৫ কোটি টকাৰ উপাৰ্জনক বৰ্তমানৰ মূল্যলৈ ৰূপান্তৰ কৰিলে প্ৰায় ২,৭৫০ কোটিৰ পৰা ৩,২০০ কোটি টকা হ'ব। কিছুমান উৎসৰ মতে এই অংক ৩,৬৫০ কোটি টকা পৰ্যন্ত হ'ব পাৰে।"
ট্ৰেড-পণ্ডিত সকলৰ মতে, "সেই সময়ত প্ৰায় ১৫-২৫ কোটি টিকট বিক্ৰী কৰিছিল। আজিৰ যুগত 'দাংগল' বা 'বাহুবলী ২'ৰ দৰে হিট চিনেমাই বিক্ৰী কৰা টিকটৰ সংখ্যা ইয়াৰ তুলনাত বহুত কম।"
তেনেদৰে পৰৱৰ্তী সময়ৰ ব্লকবাষ্টাৰ "হাম আপকে হে কৌন..!" -ৰ বক্স অফিচ যাত্ৰা ভাল নাছিল। প্ৰথম সপ্তাহৰ উপাৰ্জন আছিল মাত্ৰ ৬৮ লাখ টকা। "সাধাৰণতে চিনেমাৰ উপাৰ্জন প্ৰথম সপ্তাহৰ পিছত কমি যায়, কিন্তু এই ছবিখনৰ ক্ষেত্ৰত ৫ম সপ্তাহৰ পৰাহে Collection বৃদ্ধি হ’বলৈ ধৰে। ভাৰতত প্ৰায় ৭২.৪৭ কোটি টকা (নেট) আৰু বিশ্বজুৰি ১২৮ কোটি টকাৰো অধিক উপাৰ্জন কৰিছিল। এয়া আছিল ভাৰতীয় চিনেমাৰ ইতিহাসত ১০০ কোটিৰ ঘৰ অতিক্ৰম কৰা প্ৰথমখন চিনেমা।
প্ৰথম সপ্তাহত চিনেমা খনৰ ২৬টা প্ৰিণ্ট মুকলি কৰি দিয়া হৈছিল। ২১তম সপ্তাহলৈকে ই ৫২২ টা প্ৰিণ্ট চলিছিল আৰু ২৫তম সপ্তাহত ৭৩০টা প্ৰিণ্ট প্ৰদৰ্শন কৰা হৈছিল।
১৯৯৪ চনৰ ৫ আগষ্টত মুক্তি পোৱা চিনেমা খনে আজিৰ হিচাপত "যদি আজিৰ টিকটৰ মূল্য আৰু মুদ্ৰাস্ফীতিৰ সৈতে তুলনা কৰা হয়, তেন্তে চিনেমাখনৰ মুঠ উপাৰ্জন প্ৰায় ৯৭৩ কোটিৰ পৰা ১৩০০ কোটি টকাৰ ভিতৰত হ'ব। সেই সময়ত চিনেমাখনে বিশ্বজুৰি প্ৰায় ১২৮ কোটি টকা উপাৰ্জন কৰিছিল। এই খনেই ১০০ কোটি টকাৰ সীমা অতিক্ৰম কৰা প্ৰথমখন ভাৰতীয় চিনেমা।"
আন এখন চিনেমা--
সত্যজিৎ ৰায়ৰ কালজয়ী সৃষ্টি "পথেৰ পাঁচালী"ৰ প্ৰথম সপ্তাহৰ নিৰ্দিষ্ট বক্স অ'ফিচ কালেকচনৰ কোনো চৰকাৰী বা প্ৰমাণিত তথ্য উপলব্ধ নহয়। কিন্তু এয়া সত্য-- দৰ্শকে আদৰি লোৱা নাছিল। ১৯৫৫ চনৰ ২৬ আগষ্টত কলকাতাৰ "বসুশ্ৰী", "বিনা" আৰু "শ্ৰী" চিত্ৰগৃহত মুক্তি দিয়া চিনেমা খনে প্ৰথম অৱস্থাত ধীৰ গতিৰে আৰম্ভ কৰিছিল যদিও "হিট-চিনেমা"ৰ তালিকাভুক্ত হৈছিল। (সকলো খৰচ বাদ দি) ১ কোটি ৬৫ হাজাৰ ৯১৫.৫০ টকা উপাৰ্জন কৰিছিল, প্ৰথম পৰ্যায়ত। নিউয়ৰ্কৰ মিউজিয়াম অৱ মডার্ন আর্টত (MOMA) চিনেমা খন প্ৰদৰ্শিত হৈছিল । প্ৰতিটো প্ৰদৰ্শনতে (lone theater) চিনেমা খনৰ প্ৰযোজকে গড়ে প্ৰায় ১৬,৩৩৩ ডলাৰ উপাৰ্জন কৰিছিল।
বাজেট: বাজেট প্ৰায় ৭০,০০০ টকা। (কোনো কনোৱে ১,৫০,০০০ টকায়ো কয়।)
প্ৰথম মুক্তিৰ সময়ত চিনেমা খনৰ প্ৰিণ্ট আছিল-- ৫ টা। মূল নেগেটিভসমূহ ১৯৯৩ চনত লণ্ডনৰ এটা ষ্টুডিঅ'ত লগা অগ্নিকাণ্ডত প্ৰায় ধ্বংস হৈ গৈছিল। পাছত বিভিন্ন ঠাইত সিঁচৰতি হৈ থকা পুৰণি প্ৰিণ্ট আৰু অংশবিশেষ সংগ্ৰহ কৰি আধুনিক ৪কে (4K) প্ৰযুক্তিৰে চিনেমা খন পুনৰুদ্ধাৰ কৰে।
--এনে ধৰণৰ উদাহৰণ আৰু আছে। এনে উদাহৰণ ডিজিটেল যুগতো পোৱা যায়। বিপৰীতে এনে উদাহৰণ বেছি-- প্ৰথম সপ্তাহত "বজাৰ" নাপালে, চিত্ৰগৃহৰ পৰা আঁতৰাবলৈ বাধ্য হোৱা।
সেয়েহে আজিৰ তাৰিখত, ডিজিটেল যুগত চিনেমা ব্যৱসায়িৰ প্ৰথম চিন্তা "Target 1st 3 days"-- শুকুৰ, শনি, দেওবাৰৰ "বজাৰ"। এই ব্যৱসায়িক চিন্তাৰেই বৃহস্পতি বাৰেও চিত্ৰগৃহত চিনেমা মুক্তি দিয়া দেখা যায়। বিপৰীতে "super-duper opening collection" -ৰ কথা মনত ৰাখি দেওবাৰে চিত্ৰগৃহত চিনেমা মুক্তি দিয়া "trend" এটাও আৰম্ভ হৈছে।
"Target 1st 3 days"-ৰ সফলতাৰ প্ৰধান "মন্ত্ৰ"। এই খিনিতে কেইখনমান বাণিজ্যিক দিশত সফল চিনেমাৰ প্ৰচাৰ বাজেট উল্লেখ কৰিলোঁ-- "পাঠান" (চিনেমা খনৰ মুঠ বাজেট ২৫০ কোটি টকা, প্ৰচাৰ বাজেট: ৪০ কোটি টকা), "আৰ আৰ আৰ" (মুঠ বাজেট: ৫০০ কোটি টকা, প্ৰচাৰ বাজেট: ৮০–১০০ কোটি টকা), "বাহুবলী-২'' (মুঠ বাজেট: ২৫০ কোটি টকা, প্ৰচাৰ বাজেট: ৩০–৫০ কোটি টকা), "ব্ৰহ্মাস্ত্ৰ" (মুঠ বাজেট: ৪০০ কোটি টকা, প্ৰচাৰ বাজেট: ৬০–৮০ কোটি টকা), "কে জি এফ-২" (মুঠ বাজেট: ১৫০ কোটি টকা, প্ৰচাৰ বাজেট: ২৫–৪০ কোটি টকা। "ধুৰন্ধৰ" (মুঠ বাজেট: ৮০–১০০ কোটি টকা, প্ৰচাৰ বাজেট: ২০–৩০ কোটি টকা), "ধুৰন্ধৰ-২' (মুঠ বাজেট: ১২০–১৫৯ কোটি টকা, প্ৰচাৰ বাজেট: ৩০–৫০ কোটি টকা)। (এই খিনতে স্পষ্ট কৰি দিয়াৰ প্ৰয়োজন আছে— বাজেট আৰু প্ৰচাৰ খৰচ সম্বন্ধে একেবাৰে নিৰ্দিষ্ট, অফিচিয়েল সংখ্যাবোৰ সাধাৰণতে প্ৰযোজনা প্ৰতিষ্ঠানে প্ৰকাশ নকৰে। বিভিন্ন সূত্ৰ, মিডিয়া ৰিপোৰ্ট আৰু বিশ্লেষণৰ ওপৰত ভিত্তি কৰি এটা আনুমানিক ধাৰণা দিয়া যায়।)
--এই তথ্যই স্পষ্ট কৰি দিয়ে আজিৰ তাৰিখত “Opening weekend" জিকিবলৈ প্ৰচাৰেই মূল অস্ত্ৰ। আৰু প্ৰথম সপ্তাহৰ ব্যৱসায়ে নিৰ্ধৰণ কৰি "চিনেমা"ৰ বাণিজ্যিক ভৱিষ্যত। হয়, ভৱিষ্যত, বাণিজ্যিক দিশটোৰ প্ৰভাৱ পৰে "ওভাৰ-দ্য-টপ বজাৰ"ত।
আহিছোঁ ডিজিটেল যুগৰ এখন চিনেমালৈ-- "লাপাত্তা লেডিজ" (২০২৩)। চিনেমা খনৰ প্ৰথম সপ্তাহটোৰ সংগ্ৰহ: ৬.২০ কোটি টকা। কিন্তু প্ৰথম পৰ্যায়ৰ ব্যৱসায়ৰ শেষত ৪ কোটি টকা বাজেটৰ চিনেমা খনৰ পৰা প্ৰযোজকে লাভ কৰিছিল (India Net) ২১ কোটি টকা। অৰ্থাৎ বক্স অ'ফিচ ৰিপ'ৰ্ট: হিট। এনেধৰণৰ বাণিজ্যিক সফলতাক কোৱা হয়-- "sleeper hit"।
সময়ৰ হিন্দী চিনেমাৰ পৰা আন কেইখন উল্লেখযোগ্য উদাহৰণ— কুইন (২০১৪), ভিকি ডোনাৰ (২০১২), অন্ধাধুন (১০১৮), কাহানি (২০১২), তুম্বাড (২০১৮), দ্য কাশ্মীৰ ফাইলছ (২০২২)। এই চিনেমা কেইখনৰ বাণিজ্যিক যাত্ৰা বিশ্লেষণ কৰিলে দেখা যায়-- আৰম্ভণি আৰু চূড়ান্ত ফলাফলৰ মাজত এক উল্লেখযোগ্য বৈপৰীত্য আছে। "কুইন"
মুক্তিৰ প্ৰথম সপ্তাহত অতি সীমিত কালেকশ্বন (প্ৰায় ৬–৭ কোটি টকা)ৰে আৰম্ভ হৈছিল, কিন্তু শক্তিশালী চৰিত্ৰ-ভিত্তিক কাহিনী আৰু কংগনা ৰানাৱতৰ অভিনয়ৰ বাবে চিনেমাখনে ধীৰে ধীৰে গতি লাভ কৰি শেষত ৯৫ কোটি টকাতকৈ অধিক (worldwide gross) উপাৰ্জন কৰে। একেধৰণে, "ভিকি ডোনাৰ" চিনেমাখনো প্ৰথমতে খুব ডাঙৰ "opening" নাপালেও বিষয়বস্তু (sperm donation)
আৰু কাহিনী কোৱাৰ শৈলীৰ বাবে (Word-of-mouth marketing -ৰ সহায়ত) ৬৫ কোটি টকাৰ ওপৰত আয় কৰে। আয় ক্ষুদ্ৰ বাজেটৰ তুলনাত বহুত বেছি। বাজেট: ৪ কোটি টকা। "কাহানি"ৰ ক্ষেত্ৰতো একেধৰণৰ তথ্য দেখা যায়—প্ৰথম সপ্তাহত মধ্যমীয়া আৰম্ভণি হ’লেও চাচপেন্স-থ্ৰিলাৰ ৰূপত ইয়াৰ narrative strength আৰু বিদ্যা বালানৰ অভিনয় শক্তিয়ে চিনেমাখনক প্ৰায় ১০০ কোটি টকাৰ বিশ্বব্যাপী আয়লৈ লৈ যায়।
২০১৮ চনৰ "অন্ধাধুন"ৰ ক্ষেত্ৰত এই ধাৰা আৰু স্পষ্ট হয়। চিনেমাখনে ভাৰতত প্ৰথম সপ্তাহত আনুমানিক ১৫–২০ কোটি টকাৰ সীমাতেই সীমাবদ্ধ থাকিলেও পাছলৈ শক্তিশালী "word-of-mouth" আৰু আন্তর্জাতিক বজাৰত বিশেষকৈ চীনত অভূতপূৰ্ব সফলতা লাভ কৰি মুঠ আয় ৪৫০ কোটি টকাৰো অধিকলৈ উন্নীত কৰে। আনহাতে, "তুম্বাড" আৰম্ভণিত বক্স অফিছত প্ৰায় উপেক্ষিত হৈছিল (প্ৰথম সপ্তাহত ৫–৬ কোটি টকা), কিন্তু ইয়াৰ ভিন্নধৰ্মী "horror-visual grammar" আৰু "mythological undertone" -ৰ বাবে পাছলৈ বক্স অ'ফিচ বিজয় কৰে। (বাজেট: ৫ কোটি টকা। বাণিজ্য প্ৰথম মুক্তি: প্ৰায় ১৩ কোটি টকা, পুনঃমুক্তি: ৩৮ কোটি টকা।) এই ধাৰাৰ এক বিৰল আৰু নাটকীয় উদাহৰণ হৈছে "দ্য কাশ্মীৰ ফাইলছ"। অতি সীমিত স্ক্ৰীন আৰু প্ৰায় ৩–৪ কোটি টকাৰ "opening week" - চিনেমাখন সামাজিক আৰু ৰাজনৈতিক আলোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰে। যাৰ ফলত দ্বিতীয় আৰু তৃতীয় সপ্তাহত "বক্স অ'ফিচ কালেকশ্বন"বৃদ্ধি দেখা যায়, আৰু শেষত প্ৰায় ৩৪০ কোটি টকাতকৈ অধিক বিশ্বব্যাপী আয় কৰে।
--উৎপল মেনাউৎপল মেনা
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন