সরাসরি প্রধান সামগ্রীতে চলে যান

হোমৱ'ৰ্ক | অহা ১৫ মে’ত চিত্ৰগৃহত

“হোমৱ'ৰ্ক" -- মুক্তিৰ তাৰিখ ঠিক হ'ল! অহা ১৫ মে’ত চিত্ৰগৃহত মুক্তি পাবলগীয়া চিনেমাখনৰ বিষয়বস্তু-- "শিশুৰ মনস্তাত্ত্বিক পৰিস্থিতি আৰু পিতৃ-মাতৃৰ দায়বদ্ধতা"। পৰিচালক অচিন্ত শংকৰৰ পৰিচালনাৰে নিৰ্মিত চিনেমা খনৰ (আমি চোৱা) প্ৰ’মো আৰু গীত দুটাৰ মাজত স্পষ্ট-- শিক্ষাৰ নামত, হোমৱৰ্কৰ অজুহাতত, আমি কিশোৰ মনবোৰক যন্ত্ৰলৈ ৰূপান্তৰ কৰি পেলোৱা নাইতো? 

[শিশু-কেন্দ্ৰিক চিনেমাৰ মূল শক্তি-- সমাজক শিশুৰ অনুভৱৰ ভিতৰৰ পৰা চাবলৈ শিকায়। এখন সফল শিশু চিনেমা কেৱল শিশু চৰিত্ৰক কেন্দ্ৰ কৰি আগবাঢ়া কাহিনীতে শেষ নহয়। শিশুমনৰ ভয়, নিঃসঙ্গতা, কল্পনা, চাপ, আকাংক্ষা আৰু সমাজৰ সৈতে তাৰ সংঘাতৰ এক নান্দনিক আৰু মনস্তাত্ত্বিক ভাষ্য "সফল শিশু চিনেমা" দেখা যায়।]

 ডাঙৰ মানুহে যিবোৰ বিষয় "স্বাভাৱিক" বুলি মানি লয়-- যেনে, ("হোমৱ'ৰ্ক চিনেমা খনত) অতিৰিক্ত শিক্ষাৰ চাপ, ফলাফলমুখী মানসিকতা, বা নিয়ন্ত্ৰিত শৈশৱ-- শিশু চিনেমাই সেইবোৰক নতুনকৈ প্রশ্ন কৰে।

"হোমৱ'ৰ্ক" চিনেমাখনত ব্যৱহাৰ কৰা "আমি যেন যন্ত্ৰ…" আৰু "কিতাপৰ বোজা…" গীত দুটাৰ চিত্ৰায়ণেই সেই প্ৰশ্নটোক অধিক তীব্ৰ কৰি তোলে। (আমাৰ ধাৰণাত) এই ছবিয়ে যেন আধুনিক শিক্ষাব্যৱস্থাৰ যান্ত্ৰিক বাস্তৱতাৰ বিপৰীতে শিশুমনৰ নীৰৱ আৰ্তনাদক দৃশ্যভাষালৈ ৰূপান্তৰিত কৰাৰ চেষ্টা কৰিছে। ট্ৰেইলাৰ দুটাই ৰূপালী গল্পটোৰ দ্ৰুত গতি, আবেগ আৰু মানসিক "সংঘাত"ৰ আভাস দিছে। সেয়েহে চিনেমাখন কেৱল কিশোৰ দৰ্শকৰ বাবে নহয়; অভিভাৱক, শিক্ষক আৰু সমাজৰ প্ৰতিজন সচেতন মানুহৰ বাবেও!

Taare Zameen Par, Children of Heaven বা The Boyinthe Striped Pyjamas -ৰ দৰে ৰূপালী গল্পই দেখুৱাইছে— শিশুৰ চকুৰে চালে সমাজৰ বহু কঠিন সত্য অধিক স্পষ্টকৈ ধৰা পৰে। "ভাল শিশু চিনেমা" কেৱল বিনোদন শেষ নহয়;  স্মৃতি, নৈতিকতা আৰু সামাজিক দায়বদ্ধতাৰ কথাও উত্থাপন কৰে। "হোমৱৰ্ক" সেই ধাৰাৰেই এক সম্ভাৱনাময় অসমীয়া চিনেমা হ'ব পাৰে-- আমাৰ ধাৰণাত। 

চিনেমাখনত অভিনয় কৰিছে সূৰ্যাংগ জিউ মাৰ্ঘেৰিটা, গায়ত্ৰী মহন্ত, দেৱজিৎ মজুমদাৰ, হিৰণ্য ডেকা, দেৱজিত হাজৰিকা, পদ্মৰাগ গোস্বামী, চিন্ময় চক্ৰৱৰ্তী, ৰিম্পী দাস, শিশু শিল্পী বৃত্তান্ত নয়ন কাশ্যপ আৰু অলংকৃতা পদ্মৰাগ গোস্বামীয়ে। সংগীত: জুবিন গাৰ্গ আৰু অৰূপজ্যোতি বৰুৱা। চিত্ৰগ্ৰহণ কৰিছে ৰূপমজ্যোতি শইকীয়াই। পৰিচালক অচিন্ত শংকৰৰ কাহিনীৰে ছবিখনৰ চিত্ৰনাট্য লিখিছে হিমাংশু নাথে।

উল্লেখযোগ্য যে, মুক্তিৰ পূৰ্বেই “হোমৱৰ্ক”-এ বিভিন্ন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত সাফল্য লাভ কৰিছে। ৰামেশ্বৰম আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, গোৱা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতা, টামিজগাম আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আৰু উৰুৱতী আন্তঃৰাষ্ট্ৰীয় চলচ্ছিত্ৰ মহোৎসৱত চিনেমাখনে শ্ৰেষ্ঠ ছবি, শিশু অভিনেতা আদি শিতানত বঁটা লাভ কৰি ইতিমধ্যে দৃষ্টি আকৰ্ষণ কৰিছে।

পৰিচালক অচিন্ত শংকৰ অসমীয়া চলচ্চিত্ৰ জগতৰ এক উল্লেখযোগ্য নাম। ২০১৯ চনত 'প্ৰতিঘাত" -এৰে পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰে। ইয়াৰ পাছত পৰিচালনা কৰে "অভিমন্যু"। আৰু এতিয়া "হোমৱ'ৰ্ক"ৰ জৰিয়তে সামাজিক দায়বদ্ধতাপূর্ণ গল্পক নতুন চিনে-ভাষাৰে উপস্থাপন কৰিছে! সহ-পৰিচালক, অভিনেতা আৰু চিত্ৰনাট্যকাৰ হিচাপেও তেওঁৰ অভিজ্ঞতা আছে।  

আমাৰ ধাৰণাত-- সেই অভিজ্ঞতাৰ বুনিয়াদত "হোমৱৰ্ক" শৈশৱৰ ওপৰত আধুনিক সময়ৰ অদৃশ্য চাপক সংবেদনশীল ৰূপালী নান্দনিকতাৰে ধৰি ৰখাত পৰিচালক গৰাকী নিশ্চয় সফল হ'ব। 

--উৎপল মেনাউৎপল মেনা

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...