সরাসরি প্রধান সামগ্রীতে চলে যান

|| আলমাৰিৰ আঁৰৰ চিনেমা: ব্যক্তিগত সংগ্ৰহ, সাংস্কৃতিক স্মৃতি আৰু সংৰক্ষণৰ নৈতিকতা ||


চিনেমাৰ প্ৰিণ্ট—বিশেষকৈ দুষ্প্ৰাপ্য বা একমাত্ৰ অবশিষ্ট প্ৰিণ্ট—কেতিয়াও কেৱল এজন ব্যক্তিৰ ব্যক্তিগত সম্পত্তিৰ সীমাত আবদ্ধ হৈ থকা বস্তু নহয়; ই এখন সমাজৰ সাংস্কৃতিক স্মৃতি, এক যুগৰ নান্দনিক দলিল। সেয়েহে যিসকলৰ ব্যক্তিগত সংগ্ৰহত এনে প্ৰিণ্ট আছে, তেওঁলোকৰ ভূমিকা কেৱল “সংগ্ৰাহক”ৰ নহয়; তেওঁলোক আচলতে এক সাংস্কৃতিক ঐতিহ্যৰ অস্থায়ী অভিভাৱক।

এই প্ৰসংগত মনলৈ আহে এগৰাকী চিনেমা-অনুৰাগীৰ নাম— অজয় মহাত্ৰে। চিনেমাৰ ইতিহাস আৰু স্মৃতি সংৰক্ষণৰ ক্ষেত্ৰত গভীৰভাৱে জড়িত এই চিত্ৰৰসিক গৰাকীৰ বিষয়ে পূৰ্বেও “বিস্ময়”কে ধৰি কেইবাখনো কাকত-আলোচনীত চৰ্চা কৰিছিলোঁ। চিত্ৰৰসিক গৰাকীৰৰ হাতত সংৰক্ষিত আছিল কেইবাখনো পুৰণি মাৰাঠী চিনেমাৰ, সম্ভৱতঃ একমাত্ৰ অৱশিষ্ট প্ৰিণ্ট। কিন্তু সেই প্ৰিণ্টসমূহ তেওঁ ব্যক্তিগত সম্পত্তি হিচাপে নাৰাখি চিত্ৰৰসিক সমাজৰ বাবে মুকলি কৰি দিছিল, ৰাজহুৱা প্ৰদৰ্শনৰ সুযোগ দিছিল। পাছত সেই মূল্যবান চিনেমা-সম্পদ মহাৰাষ্ট্ৰ চৰকাৰৰ সংশ্লিষ্ট বিভাগত জমা দিয়া হৈছিল বুলি জনা যায়।

অলপতে ড°ভূপেন হাজৰিকাৰ প্ৰথম পৰিচালনা “এৰা বাটৰ সুৰ”ৰ একমাত্ৰ প্ৰিণ্টটোও প্ৰদৰ্শিত হ’ল। শুনিবলৈ পোৱা যায়, সেই প্ৰিণ্টটোও এজন ব্যক্তিৰ ব্যক্তিগত সংৰক্ষণত আছিল। কেৱল এইখনেই নহয়, ভূপেন হাজৰিকাই নিৰ্মাণ কৰা আন কেইবাখনো অসমীয়া চিনেমাৰ প্ৰিণ্ট আজিও “কাৰোবাৰ-কাৰোবাৰ” ব্যক্তিগত অধিকাৰত আছে বুলি শুনা যায়। “নিজৰ হৈ” থকা এই প্ৰিণ্টসমূহৰ কথা ভাবিলে পুনৰ অজয় মহাত্ৰেৰ কথাই মনলৈ আহে। কাৰণ, এনে ধৰণৰ  চিনেমা কেতিয়াও কেৱল এজন ব্যক্তিৰ সম্পত্তি নহয়; ই এটা সময়ৰ দলিল, এখন সমাজৰ সাংস্কৃতিক স্মৃতি। সেই স্মৃতিক নিজৰ আলমাৰিৰ আঁৰত বন্দী কৰি ৰখা আৰু সমাজৰ মাজলৈ উন্মুক্ত কৰি দিয়াৰ মাজত এক গভীৰ নৈতিক পাৰ্থক্য আছে। অজয় মহাত্ৰেৰ কাম সেই কাৰণেই কেৱল সংৰক্ষণ নহয়, এক সাংস্কৃতিক দায়বদ্ধতাৰ উদাহৰণ।

ব্যক্তিগত সংগ্ৰহৰ মূল্য নিশ্চয় আছে। বহু সময়ত চৰকাৰী উদাসীনতা, সংৰক্ষণৰ অভাৱ বা প্ৰতিষ্ঠানগত অমনোযোগৰ মাজত এইসকল মানুহেই বহু মূল্যবান চলচ্চিত্ৰ বিনষ্ট হোৱাৰ পৰা ৰক্ষা কৰিছে। চিনেমা সংৰক্ষণৰ ইতিহাসত ব্যক্তিগত সংগ্ৰাহকসকল বহুসময়ত “শেষ আশ্ৰয়” হিচাপে দেখা দিছে। কিন্তু সংৰক্ষণৰ দায়িত্ব আৰু অধিকাৰৰ মাজত এটা সূক্ষ্ম নৈতিক সীমাৰেখা থাকে। যেতিয়া কোনো চিনেমাৰ একমাত্ৰ প্ৰিণ্ট এজন ব্যক্তিৰ ঘৰৰ আলমাৰিত আবদ্ধ হৈ থাকে, তেতিয়া সেই বিশেষ "চিনেমা"ৰ সামাজিক জীৱন থমকি যায়। চিনেমাখন তেতিয়া ইতিহাসৰ অংশ নহৈ ব্যক্তিগত অধিকাৰৰ বস্তুত পৰিণত হয়।

বিশ্ব চলচ্চিত্ৰ ইতিহাসৰ কিছুমান উল্লেখযোগ্য উদাহৰণে এই সত্য স্পষ্টভাৱে প্ৰতিপন্ন কৰে। 

"মেট্ৰ'পলিছ" (১৯২৭) সেইধৰণৰ এক ঐতিহাসিক দৃষ্টান্ত। Fritz Lang -ৰ এই জাৰ্মান চিনেমাখন মুক্তিৰ পাছতেই ব্যাপকভাৱে সম্পাদিত হৈছিল আৰু বহু অংশ হেৰাই গৈছিল বুলি ধৰা হৈছিল। দশকজুৰি দৰ্শকে এখন অসম্পূৰ্ণ সংস্কৰণহে চাই আহিছিল। কিন্তু ২০০৮ চনত আৰ্জেণ্টিনাৰ বুৱেনছ আয়াৰ্ছৰ Museo del Cine -ত সংৰক্ষিত এটা ১৬মিমি প্ৰিণ্টত ছবিখনৰ বহু “হেৰাই যোৱা” অংশ পুনৰ উদ্ধাৰ হয়। এই উদ্ধাৰৰ পিছত Friedrich Wilhelm Murnau Foundation -কে ধৰি বিভিন্ন সংস্থাই পুনৰুদ্ধাৰৰ কাম আৰম্ভ কৰে। ফলত চিনেমাখন পুনৰ প্ৰায় সম্পূৰ্ণ ৰূপত চিত্ৰৰসিকৰ সন্মুখলৈ আহে।

একেদৰে The Passion of Joan of Arc -ৰ ঘটনাও চিনেমা সংৰক্ষণ ইতিহাসত কিংবদন্তিত পৰিণত হৈছে। Carl Theodor Dreyer -ৰ এই চিনেমাখনৰ মূল নেগেটিভ অগ্নিকাণ্ডত নষ্ট হৈছিল বুলি বিশ্বাস কৰা হৈছিল। কিন্তু ১৯৮১ চনত নৰৱেৰ এখন মানসিক চিকিৎসালয়ৰ সংৰক্ষণাগাৰত ছবিখনৰ এক পূৰ্ণাঙ্গ প্ৰিণ্ট উদ্ধাৰ হয়। বহু সমালোচকে ইয়াক চলচ্চিত্ৰ ইতিহাসৰ এক অলৌকিক উদ্ধাৰ বুলি অভিহিত কৰিছে।

ভাৰতীয় প্ৰেক্ষাপটতো একেধৰণৰ বাস্তৱতা দেখা যায়। National Film Archive of India -এ বহুসময়ত ব্যক্তিগত সংগ্ৰাহক, পৰিয়াল বা স্থানীয় প্ৰদৰ্শকৰ হাতৰ পৰা পুৰণি চিনেমাৰ প্ৰিণ্ট সংগ্ৰহ কৰিছে। ভাৰতৰ নিঃশব্দ যুগৰ বহু চলচ্চিত্ৰ সম্পূৰ্ণ ৰূপে নাথাকিলেও, যিবোৰ অংশ বা ফ্ৰেম আজিও উদ্ধাৰযোগ্য, তাৰ বহু অংশ ব্যক্তিগত সংৰক্ষণৰ ফলতেই বাচি আছে।

চিনেমা সংৰক্ষণ আন্দোলনত মাৰ্টিন চাৰ্লছ স্কোৰচেজ (Martin Scorsese) -ৰ ভূমিকাও বিশেষভাৱে উল্লেখযোগ্য। চিনেমা নিৰ্মাতা গৰাকীৰ দ্বাৰা প্ৰতিষ্ঠিত "The Film Foundation" বিশ্বজুৰি চিনেমাৰ পুনৰুদ্ধাৰৰ কামত জড়িত। স্কোৰচেজে

বহু সাক্ষাৎকাৰত কৈছে— "Movies are the memories of our lifetime. We need to keep them alive." আৰু কৈছে চিনেমা সংৰক্ষণ মানে কেৱল "celluloid" ৰক্ষা কৰা নহয়; ই এখন সমাজৰ স্মৃতি, ভাষা আৰু "সময়"ক ৰক্ষা কৰা।

এইখিনিতেই সাংস্কৃতিক দায়বদ্ধতাৰ প্ৰশ্ন আহি পৰে। যিসকলৰ হাতত এনে প্ৰিণ্ট আছে, তেওঁলোকে উচিত সংৰক্ষণৰ লগতে জনসাধাৰণৰ প্ৰৱেশাধিকাৰৰ পথো মুকলি কৰা। চিনেমা-সংৰক্ষণাগাৰ, ৰাজ্যিক আৰ্কাইভ, বিশ্ববিদ্যালয় বা বিশ্বাসযোগ্য সাংস্কৃতিক প্ৰতিষ্ঠানৰ সৈতে সহযোগিতাত ডিজিটেল সংৰক্ষণ, পুনৰুদ্ধাৰ আৰু প্ৰদৰ্শনৰ ব্যৱস্থা কৰা উচিত। কাৰণ, চিনেমাৰ প্ৰকৃত অস্তিত্ব প্ৰদৰ্শনত; অন্ধকাৰ কোঠাত বন্দী হৈ থকাত নহয়।

এটা সময়ৰ পিছত ব্যক্তিগত অধিকাৰৰ দাবীৰ তুলনাত সাংস্কৃতিক অধিকাৰৰ দাবী অধিক গুৰুত্বপূর্ণ হৈ উঠে। বিশেষকৈ ভূপেন হাজৰিকাৰ দৰে শিল্পীৰ চিনেমাৰ ক্ষেত্ৰত এই দায়িত্ব আৰু অধিক গভীৰ। কাৰণ, সেই চিনেমাসমূহ কেৱল এজন পৰিচালকৰ সৃষ্টি নহয়; অসমীয়া সমাজৰ সমষ্টিগত স্মৃতিৰ অংশ।

স্মৃতি সংৰক্ষণৰ সৰ্বোচ্চ ৰূপ হৈছে—স্মৃতিক মানুহৰ মাজলৈ ঘূৰাই দিয়া। যিসকলে এই কাম কৰিব পাৰে, ইতিহাসে তেওঁলোকক কেৱল সংগ্ৰাহক হিচাপে নহয়, সংস্কৃতিৰ সহযোদ্ধা হিচাপেই মনত ৰাখিব।  

মন দিয়া প্ৰয়োজন-- এনে চিনেমা কেৱল ব্যক্তিগত অধিকাৰৰ বস্তু নহয়; ই এক সমষ্টিগত সাংস্কৃতিক স্মৃতি। সেই স্মৃতিক উন্মুক্ত কৰি দিয়াটোৱেই হৈছে সংৰক্ষণৰ সৰ্বোচ্চ নৈতিকতা।

ছপা মাধ্যমত প্ৰকাশ: দৈনিক জনমভূমি/প্ৰথম পৃষ্ঠাত... (১১/০৫/২০২৬)

উৎপল মেনা উৎপল মেনা

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...