সরাসরি প্রধান সামগ্রীতে চলে যান

ৰাজনীতিত "চিনেমাৰ মানুহ" /১


"নান থিৰু জোচেফ বিজয়..." (“মই শ্ৰী জোচেফ বিজয়...")

-- এনেদৰে ফিল্মী ষ্টাইলত তামিলনাডুৰ নৱম মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে থলপতি বিজয়ে। ( তামিল শব্দ থলপতি মানে অধিনায়ক।) (প্ৰকৃত নাম) জোচেফ বিজয় চন্দ্ৰশেখৰে। --এয়া নতুন কথা নহয়। দক্ষিণ ভাৰতীয় ৰাজনীতিৰ সুদীৰ্ঘ ইতিহাসত মুখ্যমন্ত্ৰীৰ আসনত "ৰূপালী তাৰকা" বহা খবৰটো। --হয়, নতুন নহয়; কিন্তু প্ৰতিটো নতুন অধ্যায়ৰ লগতে নতুনকৈ প্ৰশ্ন উত্থাপিত হয়-- গণতান্ত্ৰিক ৰাজনীতিত "জনপ্রিয় সংস্কৃতি"ৰ শক্তি কিমান গভীৰ?

ৰাজনীতিত "তামিল চিনেমা"ৰ যাত্ৰা আৰাম্ভ কৰিছিল এম. জি. ৰামচন্দ্রনে। ৰূপালী গল্পত দুখীয়াৰ ত্ৰাণকৰ্তা, অন্যায়ৰ বিৰুদ্ধে যুঁজ দিয়া "নায়ক" আৰু জনতাৰ বন্ধু হিচাপে গঢ়ি উঠা তেওঁৰ প্ৰতিচ্ছবি ধীৰে ধীৰে বাস্তৱ ৰাজনীতিতো-- বিশাল জনআৱেগলৈ ৰূপান্তৰিত হৈছিল। জনসাধাৰণে "নায়ক" আৰু "ৰাজনীতিক" গৰাকীৰ মাজত পৃথক সীমাৰেখা অনুভৱ কৰা নাছিল।

পৰ্দাৰ "নায়ক", বাস্তৱৰো "উদ্ধাৰকর্তা" --এই ধাৰণা অধিক শক্তিশালী কৰিছিল "অম্মা" জয়ৰাম জয়ললিতাই। প্ৰায় ৩৪ বছৰ সক্ৰিয় ৰাজনীতি থকা নেত্ৰী গৰাকী  প্ৰায় ১৪ বছৰ তমিলনাডুৰ মুখ্যমন্ত্ৰী আছিল। (এই সময়ছোৱাত তেওঁ বহু জনকল্যাণমূলক আঁচনি আৰম্ভ কৰিছিল আৰু “অম্মা” ব্ৰেণ্ডৰ বিভিন্ন সমাজকল্যাণমূলক প্ৰকল্প বিশেষ জনপ্ৰিয় হৈছিল।) অভিনেত্ৰীৰ পৰা ৰাজ্যৰ অন্যতম প্ৰভাৱশালী মুখ্যমন্ত্ৰীলৈ তেওঁৰ উত্তৰণে স্পষ্ট কৰিছিল--  চিনেমাৰ পৃথিৱী খনত গঢ়ি উঠা মোহনীয় ব্যক্তিত্ব বহু সময়ত ৰাজনৈতিক কৰ্তৃত্বলৈ ৰূপান্তৰিত হ’ব পাৰে! 

পৰৱৰ্তী সময়ত একে বাটে আগবাঢ়িছিল-- নন্দামুৰি তাৰকা ৰামা ৰাও। এন টি ৰামা ৰাও। এগৰাকী কিংবদন্তী তেলুগু অভিনেতা। তেলুগু দেশম পার্টিৰ প্ৰতিষ্ঠাপক। দক্ষিণ ভাৰতৰ আঞ্চলিক ৰাজনীতিত "যুগান্তকাৰী" নেতা বুলি গণ্য কৰা হয়। প্ৰায় ৭ বছৰ অন্ধ্রপ্রদেশেৰ মুখ্যমন্ত্ৰী আছিল। উল্লেখ্য দিশ-- ৰাজনীতিত "তেলুগু আত্মসম্মান"ৰ প্ৰতীক হিচাপে আত্মপ্ৰকাশ কৰা এন টি আৰে কাৰ্যত দেখুৱাইছিল-- 

"আঞ্চলিক পৰিচয়" আৰু "চিনেমাৰ জনপ্ৰিয়তা" একেলগে মিলিলে ৰাজনীতিৰ ভিতৰতো এক অসাধাৰণ ৰাজনৈতিক শক্তি গঢ়ি তুলিব পাৰি।

"ৰূপালী জগত"ৰ পৰা ৰাজনীতিলৈ অহা আন এক নাম-- মুথুভেল কৰুণানিধি। মূলতঃ চিত্ৰনাট্যকাৰ আৰু চিনেমাৰ-সংলাপ লেখক আছিল। পাছত মুখ্যমন্ত্ৰীৰ আসনত বহে। 

১৯৪০-৫০ দশকত তামিল চিনেমাক ৰাজনৈতিক আৰু সামাজিক মতাদৰ্শৰ বাহন হিচাপে ব্যৱহাৰ কৰা হৈছিল। এই আন্দোলনৰ অন্যতম মুখ আছিল এম কৰুণানিধি। চিনেমা সমালোচক সকলৰ ব্যাখ্যাত স্পষ্ট-- কৰুণানিধিৰ সংলাপসমূহ তীক্ষ্ণ, আৱেগঘন আৰু সমাজসচেতনতাৰ বাবে বিশেষভাৱে জনপ্ৰিয় হৈছিল। বিশেষকৈ দ্রাবিড় আন্দোলনৰ সামাজিক ন্যায়, বৰ্ণবৈষম্যবিৰোধী চিন্তা আৰু তামিল জাতীয়তাবোধ তেওঁৰ লেখাত স্পষ্টভাৱে প্ৰতিফলিত হৈছিল। উল্লেখ্য চিনেমা: পৰশক্তি, মনোহৰা, পুম্পুহাৰ আদি। ইয়াৰে "পৰশক্তি"ৰ সংলাপে তামিল সমাজত বিপুল আলোড়ন তুলিছিল। 

--১৯৬৯ চনত কনজীৱৰাম নটৰাজন আন্নাদুৰাই (চি এন আন্নাদুৰাই) -ৰ মৃত্যুৰ পাছত কৰুণানিধি

 প্ৰথমবাৰৰ বাবে তামিলনাডুৰ মুখ্যমন্ত্ৰী হয়। আৰু তাৰ পাছত তেওঁ মুঠ পাঁচবাৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব পালন কৰে। এই গৰাকী (ডিএমকে-ৰ) "ৰাইজৰ নেতা"ৰ ৰাজনৈতিক লক্ষ্য-- তামিল ভাষা আৰু সংস্কৃতিৰ সুৰক্ষা, সামাজিক ন্যায়ৰ পক্ষে অবস্থান, পিছপৰা শ্ৰেণীৰ অধিকাৰ, কেন্দ্ৰীয় "হিন্দি চাপ"ৰ বিৰুদ্ধে আঞ্চলিক আত্মপৰিচয়ৰ ৰাজনীতি।

১৯৭০ দশকৰ শেষভাগৰ পৰা ২০০০ দশকলৈকে তেওঁ তামিল বাণিজ্যিক চিনেমাৰ তাৰকা আছিল-- বিজয়ৰাজ। সম্পূৰ্ণ নাম-- বিজয়ৰাজ আলাগৰস্বামী নাইডু। একচনধর্মী চৰিত্ৰ, সামাজিক ন্যায়ৰ পক্ষে সংলাপে কৈ "জনতাৰ নায়ক" ইমেজ লৈ ডি এম ডি কে দল প্ৰতিষ্ঠা কৰিছিল। ২০০৫ চনত গঠন কৰা (ডি এম ডি কে) "Desiya Murpokku Dravida Kazhagam" নামৰ অৰ্থ-- "জাতীয় প্ৰগতিশীল দ্রাবিড় সংঘ"। এই দলটোৰ বেনাৰত "আভিনেতা-নেতা" গৰাকীয়ে সক্ৰিয় ৰাজনীতিত প্ৰায় ১৮ বছৰ জড়িত আছিল।

--আন এগৰাকী তেলেগু "তাৰকা" কনিডেলা শিৱশংকৰ বৰাপ্ৰসাদ। চিৰঞ্জীৱী। ৰাজনীৰ বাটত খোজ দিছিল; কিন্তু আঁতৰি আহিল। ২০০৮ চনত সক্ৰিয়ভাৱে ৰাজনীতিত প্ৰৱেশ কৰি। তেওঁ আন্ধ্ৰপ্ৰদেশত পি আৰ পি (Praja Rajyam Party)

নামৰ এটা আঞ্চলিক ৰাজনৈতিক দল গঠন কৰিছিল। দলটোৰ মূল লক্ষ্য আছিল সামাজিক ন্যায়, দুৰ্নীতি বিৰোধী ৰাজনীতি আৰু বিকল্প নেতৃত্ব গঢ়ি তোলা। ২০০৯ চনৰ আন্ধ্ৰপ্ৰদেশ বিধানসভা নিৰ্বাচনত দলটোৱে যথেষ্ট ভোট লাভ কৰিছিল যদিও ক্ষমতালৈ আহিব নোৱাৰিলে। পাছত ২০১১ চনত  দলটো ভাৰতীয় জাতীয় কংগ্ৰেছত বিলীন হয়। ২০১২ চনত তেওঁ ভাৰত চৰকাৰৰ পৰ্যটন মন্ত্ৰী হিচাপে দায়িত্ব পালনো কৰিছিল। কিন্তু পৰৱৰ্তী সময়ত  পুনৰ চিনেমাত অধিক সক্ৰিয় হৈ পৰে।

দক্ষিণ ভাৰতৰ আন এগৰাকী জনপ্ৰিয়, দক্ষ অভিনেতা-পৰিচালক কমল হাচান ২০১৮ চনত প্ৰতিষ্ঠা কৰিছিল-- এম.এন.এম. (Makkal Needhi Maiam)। এটা আঞ্চলিক ৰাজনৈতিক শক্তি। ডি.এম.কে. আৰু এ.আই.ডি.এম.কে. -ৰ "তৃতীয় বিকল্প" হিচাপে। কিন্তু অভিনেতা গৰাকীয়ে "পৰ্দা"ৰ জনপ্ৰিয়াত "ৰাজনীতি"লৈ নিব নোৱাৰিলে। (ছপামাধ্যমত: বসুন্ধৰা/ দৈনিক জনমভূমি ২৪/০৫/২০২৬)


--উৎপল মেনাউৎপল মেনা


মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...