মঙ্গলবার, ১২ মে, ২০২৬

ৰাজনীতিত "চিনেমাৰ মানুহ"/২

দক্ষিণ ভাৰতৰ আন এগৰাকী জনপ্ৰিয়, দক্ষ অভিনেতা-পৰিচালক কমল হাচান ২০১৮ চনত প্ৰতিষ্ঠা কৰিছিল-- এম.এন.এম. (Makkal Needhi Maiam)। এটা আঞ্চলিক ৰাজনৈতিক শক্তি। ডি.এম.কে. আৰু এ.আই.ডি.এম.কে. -ৰ "তৃতীয় বিকল্প" হিচাপে। কিন্তু অভিনেতা গৰাকীয়ে "পৰ্দা"ৰ জনপ্ৰিয়াত "ৰাজনীতি"লৈ নিব নোৱাৰিলে। 

দক্ষিণ ভাৰতৰ দৰে বলিউড "তাৰকা"ৰো ৰাজনৈতিক গমন কম নহয়। মনলৈ অহা প্ৰথম নামটো-- অমিতাভ বচ্চন। ছুপাৰষ্টাৰ গৰাকীয়ে অৱশ্যে বেছি দিন নাথাকিল, প্ৰায় ৩ বছৰ সংসদ সদস্য হিচাপে থকাৰ পাছত ১৯৮৭ চনত পদত্যাগ কৰে। পৰৱৰ্তী সময়ত তেওঁ সক্ৰিয় ৰাজনীতিৰ পৰা আঁতৰি থাকে। 

"বড়ে মিয়াঁ"ৰ দৰে "ছোটে মিয়াঁ"ও কিছু সময়ৰ বাবে ৰাজনীতিলৈ আহিছিল। ২০০৪ চনত তেওঁ মহাৰাষ্ট্ৰৰ মুম্বাই উত্তৰ লোকসভা সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল আৰু বিজয়ী হৈছিল "ছোটে মিয়াঁ" গোবিন্দা। সেই নিৰ্বাচনত অভিনেতা গৰাকীয়ে বিজেপিৰ জ্যেষ্ঠ নেতা ৰাম নায়কক পৰাজিত কৰিছিল। কিন্তু সংসদীয় ৰাজনীতিত তেওঁ বিশেষ সক্ৰিয় নাছিল বুলি সমালোচনা হৈছিল। কিছু বছৰৰ পিছত তেওঁ ধীৰে ধীৰে সক্ৰিয় ৰাজনীতিৰ পৰা আঁতৰি গৈ পুনৰ চিনেমা জগতত অধিক মনোনিবেশ কৰে।

সক্ৰিয় ৰাজনীতিত যোগ দিয়া আৰু দুগৰাকী নায়ক-- সুনীল দত্ত আৰু শত্রুঘ্ন সিনহা।

সুনীল দত্তৰ ৰাজনৈতিক কেৰিয়াৰ ভাৰতীয় চিনেমাৰ তাৰকাৰাজনীতিৰ ভিতৰত অন্যতম সন্মানজনক অধ্যায় বুলি ধৰা হয়। অভিনেতা গৰাকীয়ে ভাৰতীয় জাতীয় কংগ্ৰেজৰ সৈতে জড়িত আছিল। ১৯৮৪ চনত প্ৰথমবাৰৰ বাবে লোকসভালৈ নিৰ্বাচিত হৈছিল।

মুম্বাইৰ পৰা একাধিকবাৰ সাংসদো হৈছিল। মনমোহন সিং চৰকাৰত তেওঁ ক্ৰীড়া আৰু যুব কল্যাণ মন্ত্ৰী হিচাপেও দায়িত্ব পালন কৰিছিল।

সাম্প্ৰদায়িক সম্প্ৰীতি, শান্তি আৰু সমাজসেৱামূলক কাৰ্যকলাপৰ বাবে বিশেষভাবে পৰিচিত আছিল।

১৯৯৩-ৰ মুম্বাই বিস্ফোৰণৰ পিছত সম্প্ৰীতি ৰক্ষাৰ বাবে তেওঁ "মহাশান্তি পদযাত্ৰা" কৰিছিল। অভিনেতা-নেতা গৰাকী ৰাজনীতিতকৈ গুৰুত্ব দিছিল সামাজিক দায়বদ্ধতা আৰু "নৈতিক ভাবমূর্তি"ত সৈতে জড়িত বুলি গণ্য কৰা হয়।

শত্রুঘ্ন সিনহাৰ ৰাজনৈতিক যাত্ৰা তুলনামূলকভাৱে অধিক দীর্ঘ আৰু সংঘাতপূর্ণ। অভিনেতা গৰাকীয়ে 

প্ৰথমে ভৰতীয় জনতা পাৰ্টিৰ সৈতে জড়িত হৈছিল।

১৯৯০-ৰ দশকৰ পৰা বিজেপিৰ অন্যতম জনপ্ৰিয় তাৰকা-নেতা হিচাপে পৰিচিতি লাভ কৰে। অটল বিহারী বাজপেয়ী চৰকাৰত কেন্দ্ৰীয় মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিছিল। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, লগতে জাহাজ পৰিবহণ মন্ত্ৰালয়ৰ দায়িত্বও পালন কৰিছিল। পাছলৈ বিজেপিৰ নেতৃত্বৰ সৈতে মতবিৰোধ বৃদ্ধি পোৱাত তেওঁ দল ত্যাগ কৰে।

আৰু ভাৰতীয় জাতীয় কংগ্ৰেছত যোগ দিয়ে। পৰৱৰ্তী সময়ত আৰু দল সলনি কৰে-- সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ সৈতে জড়িত হয়। বৰ্তমান তেওঁ তৃণমূল কংগ্ৰেছৰ নেতা হিচাপে অধিক পৰিচিত।

তেওঁৰ ৰাজনৈতিক শৈলী আছিল স্পষ্টভাষী, আক্রমণাত্মক আৰু নাটকীয়— যিটো তেওঁৰ চিনেমা-ব্যক্তিত্বৰ লগতো যথেষ্ট মিল থকা দেখা যায়।

--বৰ্তমান ভাৰতৰ প্ৰত্যক্ষ ৰাজনীতিত জড়িত থকা আন কেইটামান "ৰূপালী" নাম: হেমা মালিনী (বিজেপি), জয়া বচ্চন (সমাজবাদী পাৰ্টি), জয়া প্ৰদা (জয়া প্ৰদাৰ ৰাজনৈতিক কেৰিয়াৰত দক্ষিণ ভাৰতীয় আঞ্চলিক ৰাজনীতিৰ পৰা উত্তৰ ভাৰতীয় মূলধাৰাৰ ৰাজনীতিলৈ এক উল্লেখযোগ্য যাত্ৰা দেখা যায়। প্ৰথমে তেলেগু দেশম, পাছত-- ভাৰতীয় জনটা পাৰ্টি), ৰবি কিষান (বিজেপি), মনোজ তিৱাৰী (বিজেপি), কিৰণ খেৰ (বিজেপি), কংগনা ৰাণাৱট (বিজেপি), পৰেশ ৰাৱাল (বিজেপি) আদি।


ভাৰতৰ বাহিৰতো এই পৰিঘটনা দেখা যায়। ৰোনাল্ড ৰেগানে হলিউডৰ পৰা গৈ ১৯৮১ চনৰ পৰা ১৯৮৯ চনলৈকে তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি আছিল।

এয়া বিশ্ব ৰাজনীতিত এক ঐতিহাসিক উদাহৰ। অভিনয় জগতত গঢ়ি উঠা যোগাযোগ দক্ষতা, কেমেৰাৰ আগত আত্মবিশ্বাস আৰু জনসাধাৰণৰ সৈতে আবেগিক সংযোগ— এই সকলোবোৰই তেওঁৰ ৰাজনৈতিক উত্থানত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল। একেদৰে আৰ্নল্ড ছোৱাৰ্জনেগাৰে চিনেমা-খ্যাতিক ৰাজনৈতিক শক্তিলৈ ৰূপান্তৰিত কৰিছিল। হলিউডৰ অভিনেতা গৰাকীয়ে আমেৰিকাৰ ৰিপাব্লিকান পাৰ্টীৰ সদস্য হিচাপে ৰাজনীতিত অংশ লয়। আৰু ২০০৩ চনৰ পৰা ২০১১ চনলৈকে কেলিফৰ্নিয়াৰ ৩৮তম গৱৰ্নৰ (Governor of California) হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ৰাজনীতি আৰু অভিনয়ৰ সংমিশ্ৰণৰ বাবে মানুহে তেওঁক মৰমেৰে "গৱৰ্নেটৰ" (Governator) নামেৰেও জনপ্ৰিয়। 

শেষত:

সাম্প্ৰতিক বিশ্ব ৰাজনীতিত এই ধাৰাৰ আটাইতকৈ তাৎপৰ্যপূর্ণ উদাহৰণ হয়তো ভলডিমিৰ জেলেনস্কি।

 এগৰাকী কৌতুক অভিনেতা আৰু টেলিভিছন শিল্পী হিচাপে জনপ্রিয়তা লাভ কৰা জেলেনস্কিয়ে

 বাস্তৱ জীৱনত ইউক্ৰেইনৰ ষষ্ঠ আৰু বৰ্তমানৰ ৰাষ্ট্ৰপতি, যিয়ে ২০১৯ চনৰ পৰা এই পদত অধিষ্ঠিত হৈ আছে। যুদ্ধবিধ্বস্ত সময়ত তেওঁৰ নেতৃত্বই দেখুৱাইছে যে গণমাধ্যমত গঢ়ি উঠা জনবিশ্বাস কেতিয়াবা গভীৰ ৰাজনৈতিক শক্তিতো পৰিণত হ’ব পাৰে।

ভাৰতীয় প্ৰেক্ষাপটত চলচ্চিত্ৰ আৰু ৰাজনীতিৰ সম্পৰ্কৰ মূলতে আছে “mass hero” ধাৰণা। দক্ষিণ ভাৰতীয় চিনেমাত নায়ক বহু সময়ত ন্যায়ৰ প্ৰতীক, দুর্নীতিৰ বিৰুদ্ধে বিদ্ৰোহী অথবা গৰিবৰ কণ্ঠস্বৰ হিচাপে উপস্থাপিত হয়। দর্শকে সেই প্ৰতিচ্ছবিক বাস্তৱ জীৱনতো বহন কৰে। ফলত অভিনেতাৰ জনপ্রিয়তা ধীৰে ধীৰে ৰাজনৈতিক বৈধতালৈ ৰূপান্তৰিত হয়। বিজয়ৰ উত্থানেও সেই ঐতিহাসিক ধাৰাকেই যেন নতুন যুগত পুনৰ জীৱন্ত কৰি তুলিছে।

অৱশ্যে এই পৰিঘটনাৰ সমালোচনাও কম নহয়। বহু ৰাজনৈতিক বিশ্লেষকৰ মতে, জনপ্ৰিয়তা আৰু শাসনক্ষমতা একে বস্তু নহয়। চিনেমাত গঢ়ি উঠা নায়কোচিত ভাবমূৰ্তি বাস্তৱ প্রশাসনিক দক্ষতাৰ বিকল্প হ’ব নোৱাৰে। বহু ক্ষেত্ৰত ব্যক্তিপূজা গণতান্ত্ৰিক বিতৰ্কক দুর্বল কৰে আৰু ৰাজনীতিক আবেগ-নির্ভৰ "চমক"-লৈ ৰূপান্তৰিত কৰে।

তাৰ পাছতো এই সত্য অস্বীকাৰ কৰিব নোৱাৰি যে আধুনিক যুগত গণমাধ্যম আৰু ৰাজনীতি একে সামাজিক শক্তিৰ দুই ৰূপ। চিনেমাই যিদৰে জনমানস গঢ়ে, ৰাজনীতিয়েও তেনেদৰে সেই জনমানসক সংগঠিত কৰে। সেইবাবেই ৰূপালী পৰ্দাৰ বহু নায়ক শেষত বাস্তৱ ৰাজনীতিতো ক্ষমতাৰ কেন্দ্ৰবিন্দুত উপনীত হয়। বিজয়ৰ শপতগ্ৰহণে আচলতে কেৱল এজন অভিনেতাৰ ৰাজনৈতিক উত্থানকেই চিহ্নিত কৰা নাই; ই পুনৰ এবাৰ স্মৰণ কৰাইছে যে আধুনিক গণতন্ত্ৰত জনপ্রিয় সংস্কৃতিৰ শক্তি কিমান গভীৰ, কিমান সুদূৰপ্ৰসাৰী।

--উৎপল মেনাউৎপল মেনা

কোন মন্তব্য নেই:

একটি মন্তব্য পোস্ট করুন