সোমবার, ১ জুন, ২০২৬

অসমীয়া গীতৰো আপোন কণ্ঠ স্তব্ধ: সুমন কল্যাণপুৰলৈ শ্ৰদ্ধাঞ্জলি



এটা যুগৰ "সুৰ" স্তব্ধ হ'ল! ভাৰতীয় নেপথ্য সংগীতৰ স্বৰ্ণযুগৰ অন্যতম মধুৰ কণ্ঠ সুমন কল্যাণপুৰ আজি আমাৰ মাজত নাই। ২০২৬ চনৰ ৩১ মে'ত মুম্বাইৰ আন্ধেৰীৰ লোকাণ্ডৱালা কমপ্লেক্সস্থিত নিজ বাসভৱনত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ তেওঁৰ দেহাৱসান ঘটাৰ খবৰ পাইছোঁ। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৯ বছৰ।

১৯৩৭ চনৰ ২৮ জানুৱাৰীত ঢাকাত জন্মগ্ৰহণ কৰা সুমন কল্যাণপুৰৰ সংগীতযাত্ৰা আৰম্ভ হৈছিল একান্ত অনুৰাগৰ পৰা। কৰ্ণাটকৰ সাৰস্বত ব্ৰাহ্মণ পৰিয়ালৰ সন্তান "সুমন" -এ শৈশৱৰ পৰাই সংগীত আৰু চিত্ৰকলাৰ প্ৰতি গভীৰ আগ্ৰহ প্ৰকাশ কৰিছিল। মুম্বাইলৈ স্থানান্তৰিত হোৱাৰ পিছত তেওঁ পণ্ডিত কেশৱৰাও ভোলে, ওস্তাদ খান আব্দুল ৰহমান খান আৰু মাষ্টাৰ নৱৰঙৰ দৰে বিশিষ্ট গুৰুৰ ওচৰত সংগীতৰ শিক্ষা গ্ৰহণ কৰে। এই কঠোৰ সাধনাই তেওঁক ভাৰতীয় সংগীতৰ জগতত এক সন্মানজনক স্থান প্ৰদান কৰে।

১৯৫৪ চনত আৰম্ভ হোৱা তেওঁৰ সংগীত জীৱনে পৰৱৰ্তী দুই দশকত এক উজ্জ্বল ৰূপ লাভ কৰে। সেই সময়ত ভাৰতীয় চিনেমাৰ সংগীতত লতা মংগেশকাৰৰ একচ্ছত্ৰ প্ৰভাৱ আছিল। তাৰ মাজতে সুমন কল্যাণপুৰে নিজৰ মধুৰ, কোমল আৰু সুৰীয়া কণ্ঠৰে এক সুকীয়া পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হৈছিল। বহু সময়ত তেওঁৰ কণ্ঠক লতা মংগেশকাৰৰ কণ্ঠ বুলি ভুল কৰা হৈছিল যদিও সময়ৰ সৈতে সুমন কল্যাণপুৰে নিজৰ স্বকীয় শিল্পীসত্তা প্ৰতিষ্ঠা কৰিছিল।

সংগীত বিশাৰদ সকলৰ মতে, সুমন কল্যাণপুৰৰ কণ্ঠত একাধাৰে কোমলতা, শাস্ত্ৰীয় শুদ্ধতা আৰু আৱেগৰ অপূৰ্ব সমন্বয় আছিল। উচ্চাংগ সংগীতৰ গভীৰ জ্ঞান, বিস্তৃত স্বৰপৰিসৰ আৰু নিখুঁত সুৰবোধে তেওঁক সমসাময়িক শিল্পীসকলৰ মাজত বিশেষ স্থান দিছিল। তথাপিও বহুতে বিশ্বাস কৰে যে তেওঁৰ অসাধাৰণ প্ৰতিভাৰ তুলনাত তেওঁ সদায়েই কিছু কম স্বীকৃতি লাভ কৰিছিল।

হিন্দীৰ উপৰি মাৰাঠী, অসমীয়া, বাংলা, গুজৰাটী, কন্নড়, ভোজপুৰী, ৰাজস্থানী, ওড়িয়া আৰু পঞ্জাবী ভাষাতো তেওঁ অসংখ্য গীত কণ্ঠদান কৰিছিল। 

কিন্তু অসমৰ সংগীতপ্ৰেমীৰ বাবে সুমন কল্যাণপুৰৰ পৰিচয় আছিল অলপ বেলেগ। সুমন কল্যাণপুৰ

  আছিল অসমীয়া গীতৰো এক অতি আপোন কণ্ঠ।

বিশেষকৈ ড° ভূপেন হাজৰিকাই সুমন কল্যাণপুৰৰ কণ্ঠৰ স্বকীয় বৈশিষ্ট্য গভীৰভাৱে অনুধাৱন কৰিছিল। তেওঁৰ কণ্ঠত থকা কোমলতা, মাধুৰ্য, আৱেগ প্ৰকাশৰ ক্ষমতা আৰু সুৰৰ শুদ্ধতাক ভিত্তি কৰি ভূপেন হাজৰিকাই একাধিক কালজয়ী অসমীয়া গীত সৃষ্টি কৰিছিল। 

ভাষাগত দিশৰ পৰাও সুমন কল্যাণপুৰ এক বিস্ময়। অসমীয়া নোহোৱাকৈও তেওঁ যি নিখুঁত উচ্চাৰণৰে অসমীয়া গীত পৰিৱেশন কৰিছিল, সেয়া আজিও শ্ৰোতাসকলক মুগ্ধ কৰি ৰাখিছে। 

শব্দৰ উচ্চাৰণ, আৱেগৰ নিয়ন্ত্ৰণ আৰু ভাষাটোৰ সুৰ-মাধুৰ্যৰ সৈতে একাত্ম হোৱাৰ ক্ষমতাই গায়িকা গৰাকীক অসমৰে জীয়ৰী যেন অনুভৱ কৰাইছিল।

ভূপেন হাজৰিকাৰ সুৰত সুমন কল্যাণপুৰে কণ্ঠদান কৰা উল্লেখযোগ্য অসমীয়া গীতসমূহৰ ভিতৰত আছে— 

"অয় অয় আকাশ শুব..." (প্ৰতিধ্বনি), 

"মিলনৰ এই শুভক্ষণ..."

  "বিজুলীৰ পোহৰ মোৰ নাই..." (চিকমিক বিজুলী)।

তেনেদৰে উল্লেখ কৰিব পাৰি

  "জীৱন ঘড়ীৰ প্ৰতিটো পল..." (কাঁচঘৰ),

"ফুলভৰা ফুলনিৰ..."

 "আকাশৰে নীলাই..." (পোনাকন), 


 "কতো দুখ দিয়া প্ৰভু...", 

"মা তুমি খেলিবানে..."  

"অ’ নয়নমণি..." (নয়নমণি), 

"সপোনত শুনো মধুৰ আবেশ... (কৃষ্ণচূড়া), 

"বাই যাওঁ বাই যাওঁ..." (ৰজনীগন্ধা) আদি। এই গীতেৰে অসমৰ সংগীতপ্ৰেমীৰ হৃদয়ত বিশেষ স্থান অধিকাৰ কৰি আছে। অসমীয়া সংগীতৰ ভঁৰালত আজিও সমান সমাদৃত।

দীৰ্ঘ সংগীতজীৱনত সুমন কল্যাণপুৰে মুঠ ৮৫৭টা হিন্দী গীত কণ্ঠদান কৰি ভাৰতীয় সংগীতৰ ভঁৰাল সমৃদ্ধ কৰিছিল। কিন্তু সংখ্যাৰ হিচাপতকৈও ডাঙৰ কথা হ'ল-- তেওঁ লাখ লাখ শ্ৰোতাৰ হৃদয়ত সুৰৰ এক নিজস্ব পৃথিৱী গঢ়ি তুলিছিল।

আজিৰ দিনটোত সুমন কল্যাণপুৰক স্মৰণ কৰিলে কেৱল এগৰাকী পাৰ্শ্বগায়িকাক স্মৰণ কৰা নহয়; স্মৰণ কৰা হয় ভাৰতীয় সংগীতৰ এক সোনালী অধ্যায়, এক নীৰৱ অথচ দীপ্তিমান শিল্পীসত্তাক। অসমীয়া গীতৰ সৈতে তেওঁৰ আত্মিক সম্পৰ্কই তেওঁক অসমৰ সাংস্কৃতিক স্মৃতিত চিৰদিনৰ বাবে সংৰক্ষিত কৰি ৰাখিব।

কায়িক ভাবে তেওঁ নাই, কিন্তু তেওঁৰ কণ্ঠ আছে। তেওঁৰ গীত আছে। “জীৱন ঘড়ীৰ প্ৰতিটো পল”ৰ দৰে সময় আগুৱাই যাব, প্ৰজন্ম সলনি হ'ব; কিন্তু অসমীয়া গীতৰ আকাশত সুমন কল্যাণপুৰৰ কণ্ঠৰ মধুৰ অনুৰণন বহুদিন ধৰি ধ্বনিত হৈ থাকিব।

#শ্ৰদ্ধাঞ্জলি🙏

--উৎপল মেনা

কোন মন্তব্য নেই:

একটি মন্তব্য পোস্ট করুন