|| প্ৰস্তাৱনা ||
এদিন "ছবি"য়ে গতি পালে...।
১৮৭৮ চন। ইংৰাজ আলোকচিত্ৰশিল্পী এডৱাৰ্ড ময়ব্ৰিজে দৌৰন্ত ঘোঁৰাৰ একেৰাহে তোলা ছবিৰ সহায়ত গতিৰ ভ্ৰম সৃষ্টি কৰিছিল। বিজ্ঞানৰ পৰীক্ষা হিচাপে আৰম্ভ হোৱা এই প্ৰয়াসেই পাছলৈ চলচ্চিত্ৰৰ বীজ ৰোপণ কৰিলে। তাৰ পাছত থমাছ এডিছন আৰু তেওঁৰ সহযোগীসকলে "কাইনেটোস্কোপ" আৱিষ্কাৰ কৰি চলমান ছবি ব্যক্তিগত ভাৱে চোৱাৰ ব্যৱস্থা কৰিলে। কিন্তু চলচ্চিত্ৰই প্ৰকৃত সামাজিক ৰূপ লাভ কৰে ১৮৯৫ চনত, যেতিয়া লুমিয়েৰ ভাতৃদ্বয়ে পেৰিছত প্ৰথমবাৰৰ বাবে জনসাধাৰণৰ সন্মুখত চলমান ছবি প্ৰদৰ্শন কৰে।
কাৰখানাৰ পৰা ওলাই অহা শ্ৰমিক, ষ্টেচনত প্ৰৱেশ কৰা ৰে'লগাড়ী, বাগিচাত পানী দিয়া মালী—এনেবোৰ দৈনন্দিন দৃশ্যই দৰ্শকক বিস্মিত কৰি তুলিছিল। আজিৰ দৃষ্টিত সেয়া হয়তো সাধাৰণ দৃশ্য, কিন্তু তেতিয়াৰ মানুহৰ বাবে সেয়া আছিল এক অলৌকিক অভিজ্ঞতা। বাস্তৱ জীৱনক যেন নতুনকৈ ধৰি ৰাখিছিল এক যন্ত্ৰই।
প্ৰথম যুগৰ চিনেমা আছিল সম্পূৰ্ণ নীৰৱ। সংলাপ নাছিল, শব্দ নাছিল। কিন্তু মুখাভিনয়, শৰীৰী ভাষা আৰু দৃশ্য বিন্যাসৰ জৰিয়তে কাহিনী কোৱাৰ এক নতুন শিল্পভাষা গঢ় লৈ উঠিছিল। এই সময়ছোৱাত চাৰ্লি চেপলিন, বাষ্টাৰ কিটন আদি শিল্পীয়ে নীৰৱ চিনেমাক এক অনন্য উচ্চতালৈ লৈ যায়। শব্দ নাথাকিলেও মানুহৰ হাঁহি, কান্দোন, বেদনা আৰু স্বপ্নক তেওঁলোকে ছবিৰ ভাষাৰে প্ৰকাশ কৰিছিল।
এদিন ছবিয়ে কথা ক'লে...।
১৯২৭ চনত "দ্য জাজ ছিংগাৰ" মুক্তিৰ লগে লগে চিনেমা ইতিহাসত এক যুগান্তকাৰী পৰিবৰ্তন আহে। প্ৰথমবাৰৰ বাবে দৰ্শকে ছবিৰ সৈতে কণ্ঠস্বৰ শুনিবলৈ পায়। নীৰৱ যুগৰ অৱসান ঘটিল; শব্দই চিনেমাৰ নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিলে। এতিয়া "চৰিত্ৰ"ই কথা ক'ব পাৰিলে, গান গাব পাৰিলে, সংগীত আৰু শব্দ-প্ৰভাৱে কাহিনীক অধিক জীৱন্ত কৰি তুলিলে।
এদিন ছবিয়ে ৰং পালে...।
ইয়াৰ পাছত আহিল ৰঙীন ছবিৰ যুগ।
[তথ্য: বিশ্বৰ প্ৰথম ৰঙীন চুটি ছবি : এ ভিজিট টু দ্য ছিছাইড" /১৯০৮, বিশ্বৰ প্ৰথম পূৰ্ণদৈৰ্ঘ্যৰ ৰঙীন কাহিনীচিত্ৰ : "দ্য ৱৰ্ল্ড, দ্য ফ্লেছ এণ্ড দ্য ডেভিল" /১৯১৪। কাইনেমাক'লৰ পদ্ধতিত নিৰ্মাণ কৰা হৈছিল।]
ক'লা-বগা জগতখন ধীৰে ধীৰে ৰঙেৰে ভৰি উঠিল। ত্ৰিশ আৰু চল্লিশৰ দশকত ৰঙীন চিত্ৰগ্ৰহণৰ প্ৰযুক্তিয়ে চিনেমাক এক নতুন নান্দনিকতা দিলে। ৰং, পোহৰ আৰু ছাঁই কাহিনী কোৱাৰ ভাষাক অধিক সমৃদ্ধ কৰি তুলিলে।
দ্বিতীয় বিশ্বযুদ্ধৰ পাছত বিশ্বজুৰি চিনেমাৰ নতুন নতুন ধাৰা গঢ় লৈ উঠে। ইটালীত বাস্তৱবাদী চিনেমা আন্দোলন, ফ্ৰান্সত নতুন ঢৌ, জাপানত আকিৰা কুৰ'ছাৱাৰ চিন্তাশীল চলচ্চিত্ৰ, ভাৰতত সত্যজিৎ ৰায়ৰ মানৱিক বাস্তৱবাদ— সকলো মিলি চিনেমাক কেৱল বিনোদনৰ মাধ্যমৰ পৰা এক গভীৰ শিল্পমাধ্যমলৈ ৰূপান্তৰিত কৰে। চিনেমাই মানুহৰ জীৱন, ৰাজনীতি, সমাজ, সংস্কৃতি আৰু অস্তিত্বৰ প্ৰশ্নসমূহক নতুন দৃষ্টিৰে অন্বেষণ কৰিবলৈ আৰম্ভ কৰে।
এদিন ছবিয়ে বহল পৃথিৱী পালে...।
পৰৱৰ্তী দশকবোৰত প্ৰযুক্তিৰ অগ্ৰগতিয়ে চিনেমাক পুনৰ সলনি কৰিলে।
বিশাল পৰ্দা (ৱাইডস্ক্ৰীন), উন্নত শব্দ ব্যৱস্থা, কম্পিউটাৰ-সৃষ্ট দৃশ্য, ডিজিটেল চিত্ৰগ্ৰহণ—প্ৰতিটো নতুন উদ্ভাৱনে চিনেমাৰ সম্ভাৱনাক বিস্তৃত কৰি তুলিলে।
এদিন ছবিক কল্পনাক নতুন ডেউকা দিলে...।
সময় বাগৰিল। কেমেৰাই কেৱল বাস্তৱক ধৰি ৰখাতেই সীমাবদ্ধ নাথাকিল; কল্পনাৰো দৃশ্যমান ৰূপ দিবলৈ আৰম্ভ কৰিলে। বিশেষ দৃশ্য-প্ৰভাৱ, কম্পিউটাৰ-সৃষ্ট চিত্ৰ (চি.জি.আই.) আৰু আধুনিক প্ৰযুক্তিৰ সহায়ত পৰ্দাত অসম্ভৱকো সম্ভৱ কৰি তোলা হ'ল। মহাকাশ ভ্ৰমণ, ডাইনোছৰৰ পুনৰ্জীৱন, কাল্পনিক গ্ৰহ, অতিমানৱীয় শক্তি বা বিস্ময়কৰ জগত—এতিয়া সকলো দৰ্শকৰ চকুৰ সন্মুখত জীৱন্ত হৈ উঠিবলৈ ধৰিলে। চিনেমাই বাস্তৱৰ সীমা অতিক্ৰম কৰি কল্পনাৰ নতুন নতুন দুৱাৰ মুকলি কৰিলে।
এই যুগত চিনেমা হৈ উঠিল মানুহৰ স্বপ্ন, কল্পনা আৰু সম্ভাৱনাৰো এক বিস্তৃত ক্যানভাছ। প্ৰযুক্তিয়ে শিল্পক সহায় কৰি সেইদিনা ছবিক সঁচাকৈয়ে নতুন ডেউকা দিলে। [ছবিয়ে গতি পোৱাৰে পৰা কেমেৰাই বাস্তৱক ধৰি ৰাখিছিল। কিন্তু ১৯০২ চনত জৰ্জ মেলিয়েছৰ বিখ্যাত চিনেমা "A Trip to the Moon"-এ প্ৰথমবাৰৰ বাবে দেখুৱাইছিল চিনেমাই কেৱল বাস্তৱকেই নহয়, মানুহৰ কল্পনাকো দৃশ্যমান ৰূপ দিব পাৰে। বিশেষ কৌশল, দৃশ্য-প্ৰভাৱ আৰু সৃষ্টিশীল কল্পনাৰ সহায়ত চিনেমাই সেইদিনা বাস্তৱৰ সীমা অতিক্ৰম কৰিছিল। সেই মুহূৰ্তৰ পৰাই চিনেমা হৈ উঠিছিল স্বপ্ন, বিস্ময় আৰু কল্পনাৰ এক অনন্ত জগত।]
এদিন ছবিয়ে ফিল্ম এৰিলে...
একবিংশ শতিকা। ডিজিটেল বিপ্লৱে চিনেমা নিৰ্মাণক অধিক সহজ আৰু গণতান্ত্ৰিক কৰি তুলিলে। বিশেষকৈ স্বাধীন নিৰ্মাতা সকলৰ বাট মুকলি হ'ল। [তথ্য: সম্পূৰ্ণ ডিজিটেলভাৱে চিত্ৰগ্ৰহণ কৰা প্ৰথম উল্লেখযোগ্য পূৰ্ণদৈৰ্ঘ্যৰ চিনেমা: "দ্য লাষ্ট ব্ৰডকাষ্ট"/ ১৯৯৮।
Star Wars: Episode II – Attack of the Clones / ২০০২-ক ডিজিটেল চিনেমাটোগ্ৰাফীৰ যুগৰ প্ৰকৃত আৰম্ভণি বুলি কোৱা হয়। এইখনেই প্ৰথম বৃহৎ হলিউড ষ্টুডিঅ' চিনেমা যিখন মূলতঃ ডিজিটেল ভিডিঅ' কেমেৰাৰে চিত্ৰগ্ৰহণ কৰা হৈছিল। ইয়াৰ পিছতেই বিশ্বজুৰি ডিজিটেল চিত্ৰগ্ৰহণ দ্ৰুতগতিত জনপ্ৰিয় হৈ পৰে।]
এদিন ছবি হাতৰ মুঠিলৈ আহিল...।
এটা সময় আছিল, যেতিয়া ছবি চাবলৈ মানুহে চিনেমা হললৈ যাব লাগিছিল। পিছত টেলিভিছন আহিল, ভিডিঅ' কেছেট আহিল, ডিভিডি আহিল। কিন্তু একবিংশ শতিকাৰ দ্বিতীয় দশকত ষ্ট্ৰীমিং প্ৰযুক্তিৰ আগমনে ছবিচোৱাৰ অভিজ্ঞতাক সম্পূৰ্ণৰূপে সলনি কৰি পেলালে। ইণ্টাৰনেটৰ জৰিয়তে এতিয়া যিকোনো সময়ত, যিকোনো ঠাইত, মোবাইল ফোন, টেবলেট বা কম্পিউটাৰত ছবি আৰু ধাৰাবাহিক চাব পৰা হ'ল। ৰূপালী পৰ্দাৰ পৰা ওলাই আহি ছবি (চিনেমা) সঁচাকৈয়ে হাতৰ মুঠিলৈ আহিল। দৰ্শক আৰু চিনেমাৰ মাজৰ দূৰত্ব অভূতপূৰ্বভাৱে কমি গ'ল। এই পৰিবৰ্তনে কেৱল প্ৰদৰ্শনৰ মাধ্যমেই সলনি কৰা নাই; চলচ্চিত্ৰ নিৰ্মাণ, বিতৰণ আৰু গ্ৰহণৰ সমগ্ৰ ব্যৱস্থাটোক নতুন ৰূপ দিছে। এতিয়া এখন আঞ্চলিক ভাষাৰ ছবিয়েও একে সময়তে বিশ্বজুৰি লাখ লাখ দৰ্শকৰ ওচৰ পাব পাৰে। চিনেমা হলৰ ভৌগোলিক সীমা অতিক্ৰম কৰি চলচ্চিত্ৰই লাভ কৰিছে এক বৈশ্বিক পৰিসৰ।
এনেদৰে ষ্ট্ৰীমিং যুগে চিনেমাক কেৱল নতুন দৰ্শকেই দিয়া নাই; দৰ্শককো দিছে নিজৰ সুবিধামতে, নিজৰ সময়ত আৰু নিজৰ হাতৰ মুঠিত ছবি উপভোগ কৰাৰ এক অভূতপূৰ্ব স্বাধীনতা।
|| প্ৰথম খণ্ড ||
একবিংশ শতিকা। বিজ্ঞান, প্ৰযুক্তি আৰু যোগাযোগৰ অভূতপূৰ্ব বিকাশে মানৱ সভ্যতাক এক নতুন সন্ধিক্ষণলৈ লৈ আহিছে। এই শতিকাৰ তৃতীয় দশকত বিশ্বজুৰি আলোচনাৰ কেন্দ্ৰবিন্দু হৈ উঠা প্ৰযুক্তিগত বিপ্লৱটোৰ নাম—কৃত্ৰিম বুদ্ধিমত্তা বা এ আই (Artificial Intelligence)।
বৰ্তমান AI-ক লৈ যি ব্যাপক আলোচনা চলিছে, তাৰ অন্যতম গুৰুত্বপূৰ্ণ ক্ষেত্ৰ হৈছে চিনেমা। বহুতে AI-ক বিশ্ব চিনেমাৰ ভৱিষ্যৎ বুলি অভিহিত কৰিছে। আনহাতে বহু শিল্পী, সমালোচক আৰু গৱেষকে ইয়াক শিল্প-সৃষ্টিৰ পৰম্পৰাগত ধাৰাৰ প্ৰতি এক নতুন প্ৰত্যাহ্বান বুলিও গণ্য কৰিছে। এই দ্বৈত বাস্তৱতাৰ মাজতেই গঢ় লৈ উঠিছে AI আৰু বিশ্ব চিনেমাৰ নতুন সম্পৰ্ক।
চিনেমাৰ ইতিহাসলৈ লক্ষ্য কৰিলে দেখা যায়, প্ৰতিটো যুগান্তকাৰী প্ৰযুক্তিয়েই প্ৰথমে ভয়, সংশয় আৰু বিতৰ্কৰ সৃষ্টি কৰিছিল। "নীৰৱ ছবি"ৰ পৰা "সবাক ছবি"লৈ উত্তৰণ, কলা-বগা পৰা ৰঙীন চিনেমালৈ যাত্ৰা। চেলুলয়েডৰ পৰা ডিজিটেল মাধ্যমলৈ পৰিৱৰ্তন— প্ৰতিটো ক্ষেত্ৰতেই একে ধৰণৰ বিতৰ্ক হৈছিল। কিন্তু সময়ৰ লগে লগে সেই প্ৰযুক্তিসমূহেই চিনেমাৰ ভাষাক অধিক সমৃদ্ধ কৰিছে। AI-ৰ ক্ষেত্ৰতো হয়তো একেধৰণৰ এক নতুন অধ্যায় আৰম্ভ হৈছে।
|| চিনেমা নিৰ্মাণত এ আই ||
চিনেমা সদায়েই মানুহৰ কল্পনাশক্তি, অনুভৱ, দক্ষতা আৰু সৃজনশীল পৰিশ্ৰমৰ ওপৰত নিৰ্ভৰশীল এক শিল্পমাধ্যম। কাহিনী ৰচনা, চিত্ৰনাট্য প্ৰস্তুতি, দৃশ্য-ৰূপায়ণ, সম্পাদনা, শব্দ-সংযোজন, অভিনয় আৰু দৃশ্য-প্ৰভাৱকে ধৰি সকলো দিশতে কেন্দ্ৰীয় শক্তি আছিল (-হয়, আছিল) মানুহ।
কিন্তু AI-ৰ আগমনে এই চিনে-কৰ্ম পৰ্ব সলনি কৰিছে।
বৰ্তমান বিশ্বৰ বহু বৃহৎ চিনেমা-প্ৰতিষ্ঠানে AI ব্যৱহাৰ কৰি কাহিনীৰ গঠন বিশ্লেষণ, চৰিত্ৰৰ আচৰণ মূল্যায়ন, সম্ভাৱ্য দৰ্শক-প্ৰতিক্ৰিয়া অনুমান, বজাৰ-সমীক্ষা আৰু বিতৰণ-কৌশল নিৰ্ধাৰণৰ দৰে কাম কৰি আছে। AI-ভিত্তিক ছফ্টৱেৰে চিত্ৰনাট্যৰ শক্তি আৰু দুৰ্বলতা চিনাক্ত কৰিব পাৰে, কাহিনীৰ গতিৰ বিশ্লেষণ কৰিব পাৰে, আনকি কোনো চিনেমাৰ সম্ভাব্য ব্যৱসায়িক সফলতাৰো এক প্ৰাথমিক অনুমান দিব পাৰে।
ফলত-- প্ৰযোজক পক্ষই বিনিয়োগৰ বিপদাংশ কিছু পৰিমাণে হ্ৰাস কৰাৰ সুযোগ লাভ কৰিছে।
কিন্তু এই প্ৰক্ৰিয়াৰ মাজতেই এক মৌলিক প্ৰশ্ন উত্থাপিত হৈছে— কাহিনীৰ গাণিতিক বিশ্লেষণ সম্ভৱ হ’লেও, মহান শিল্প সৃষ্টিৰ বাবে প্ৰয়োজনীয় জীৱনবোধ, অনুভৱ, স্মৃতি, বেদনা আৰু মানৱীয় অভিজ্ঞতা AI-য়ে কিমানখিনি উপলব্ধি কৰিব পাৰে বা পাৰিব?
|| দৃশ্য-প্ৰভাৱ (VFX) আৰু এ আই ||
AI-ৰ আটাইতকৈ দৃশ্যমান আৰু নাটকীয় প্ৰভাৱ পৰিছে ভিজুৱেল ইফেক্টছ বা VFX ক্ষেত্ৰত।
এসময়ত যিবোৰ দৃশ্য নিৰ্মাণ কৰিবলৈ মাহৰ পিছত মাহ সময়, শতাধিক শিল্পী আৰু বিপুল ব্যয়ৰ প্ৰয়োজন হৈছিল, AI-ৰ সহায়ত সেইবোৰ বহু ক্ষেত্ৰত তুলনামূলকভাৱে কম সময়তে সম্পন্ন কৰিব পৰা হৈছে।
অভিনেতাৰ বয়স কম দেখুওৱা, মৃত্যুবৰণ কৰা শিল্পীৰ ডিজিটেল পুনৰ্নিৰ্মাণ, বিশাল জনসমাগম সৃষ্টি, কল্পিত নগৰ বা গ্ৰহ নিৰ্মাণ, বাস্তৱত অস্তিত্ব নথকা পৰিৱেশৰ ৰূপায়ণ—এই সকলো ক্ষেত্ৰতে AI-য়ে নতুন দুৱাৰ মুকলি কৰিছে।
এই প্ৰযুক্তিৰ এক উল্লেখযোগ্য উদাহৰণ হৈছে ‘ইণ্ডিয়ানা জ’ন্স এণ্ড দ্য ডায়েল অৱ ডেষ্টিনি’। পৰিচালক জেমছ মেংগল্ড-ৰ এই চিনেমা খনৰ আৰম্ভণিৰ অংশত অভিনেতা হেৰিছন ফ’ৰ্ড-ক প্ৰায় চল্লিশ বছৰৰ আগৰ বয়সৰ দৰে দেখুওৱা হৈছিল। AI-সহায়ক ডি-এজিং প্ৰযুক্তিয়ে তেওঁৰ মুখমণ্ডল, ত্বক আৰু অভিব্যক্তিক ডিজিটেলভাৱে পুনৰ্নিৰ্মাণ কৰি দৰ্শকৰ সন্মুখত যেন ১৯৮০-ৰ দশকৰ হেৰিছন ফ’ৰ্ডক পুনৰ জীৱন্ত কৰি তুলিছিল।
একেধৰণৰ প্ৰযুক্তিৰ অধিক উন্নত ৰূপ দেখা যায় পৰিচালক ৰবাৰ্ট জেমেকিছ-ৰ ‘হিয়াৰ’ -ত। এই চিনেমা খনত টম হেংক্স আৰু ৰবিন ৰাইট-ক জীৱনৰ বিভিন্ন বয়সত উপস্থাপন কৰিবলৈ AI-ভিত্তিক বয়স-ৰূপান্তৰ প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছিল। পূৰ্বৰ দৰে দীঘলীয়া মেক-আপ বা জটিল ভিজুৱেল ইফেক্টৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰ নকৰি AI-য়ে বয়সৰ পৰিৱৰ্তনক অধিক স্বাভাৱিক আৰু বিশ্বাসযোগ্য ৰূপ প্ৰদান কৰিছিল।
AI-সহায়ক বয়স-ৰূপান্তৰ প্ৰযুক্তিৰ ইতিহাসত বিশেষভাৱে উল্লেখযোগ্য চিনে-কৰ্ম হৈছে পৰিচালক মাৰ্টিন স্কৰ্চেছি-ৰ ‘দ্য আইৰিছমেন’। এই ৰূপালী গল্পটোত ৰবাৰ্ট ডি নিৰ’, আল পাচিনো আৰু জ’ পেস্কি-ক জীৱনৰ বিভিন্ন বয়সত দেখুওৱাৰ বাবে উন্নত ডিজিটেল ফেচ-প্ৰচেছিং ব্যৱহাৰ কৰা হৈছিল। যদিও চিনেমা খন AI-যুগৰ পূৰ্ণ বিকাশৰ আগৰ সৃষ্টি, তথাপি বৰ্তমানৰ বহু AI-ভিত্তিক ডি-এজিং প্ৰযুক্তিৰ বৌদ্ধিক আৰু কাৰিকৰী ভিত্তি এই চিনেমা খনৰ দৰে প্ৰয়াসসমূহৰ পৰাই গঢ় লৈ উঠিছে।
একেধৰণে পৰিচালক জৰ্জ মিলাৰ-ৰ ‘ফিউৰিঅ’ছা : এ মেড মেক্স ছাগা’ -ত মুখমণ্ডলৰ সূক্ষ্ম ডিজিটেল পৰিৱৰ্তন আৰু দৃশ্যগত সামঞ্জস্য ৰক্ষাৰ ক্ষেত্ৰত AI-সহায়ক ভিজুৱেল প্ৰচেছিং ব্যৱহাৰ কৰা হৈছিল। আধুনিক VFX-ৰ অন্যতম সফলতা হৈছে—দৰ্শকে প্ৰযুক্তিটোক পৃথকে অনুভৱ নকৰাকৈ কাহিনীৰ মাজত সম্পূৰ্ণ নিমজ্জিত হৈ থাকিব পাৰে।
আনহাতে ‘টপ গান : মেভেৰিক’-ৰ দৰে চিনেমাত যদিও বাস্তৱ শ্বুটিংকেই অধিক গুৰুত্ব দিয়া হৈছিল, তথাপি আকাশযুদ্ধৰ বহু জটিল দৃশ্যৰ ডিজিটেল পৰিশোধন আৰু চিত্ৰ-বিশ্লেষণৰ ক্ষেত্ৰত AI-সহায়ক প্ৰযুক্তিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
আজিৰ AI-ভিত্তিক VFX-ৰ সৰ্ববৃহৎ বৈশিষ্ট্য হ’ল— বাস্তৱ আৰু কৃত্ৰিমৰ সীমাৰেখাক ক্ৰমাৎ অস্পষ্ট কৰি তোলা। বহু ক্ষেত্ৰত দৰ্শকে বুজিও নাপায় যে তেওঁ দেখা দৃশ্যটো বাস্তৱত শ্বুট কৰা নে সম্পূৰ্ণ ডিজিটেলভাৱে নিৰ্মিত।
চিনেমাৰ নন্দনতত্ত্বৰ দৃষ্টিৰে এই পৰিৱৰ্তন এক গুৰুত্বপূৰ্ণ ঘটনা। কাৰণ চিনেমাৰ আৰম্ভণিৰে পৰা ‘বাস্তৱতাৰ ভ্ৰম’ সৃষ্টি কৰাই এই শিল্পমাধ্যমৰ অন্যতম লক্ষ্য আছিল। AI-য়ে সেই ভ্ৰমক এতিয়া এক নতুন উচ্চতালৈ লৈ গৈছে।
কিন্তু ইয়াৰ লগে লগে এক নৈতিক আৰু দাৰ্শনিক প্ৰশ্নও উত্থাপিত হৈছে—যদি বাস্তৱ আৰু কৃত্ৰিমৰ পাৰ্থক্য চিনাক্ত কৰাই কঠিন হৈ পৰে, তেন্তে চিনেমাৰ সত্যতা, অভিনয়ৰ স্বকীয়তা আৰু শিল্পৰ মৌলিকতাৰ ধাৰণাবোৰ কিদৰে পুনৰ সংজ্ঞায়িত হ’ব?
এই প্ৰশ্নৰ উত্তৰ এতিয়াও স্পষ্ট নহয়। কিন্তু নিশ্চিতভাৱে ক’ব পাৰি যে AI-য়ে বিশ্ব চিনেমাৰ দৃশ্যভাষাক আমূলভাৱে সলনি কৰিবলৈ আৰম্ভ কৰিছে।
লিখি আছোঁ
কোন মন্তব্য নেই:
একটি মন্তব্য পোস্ট করুন