এগৰাকী অসমীয়া হিচাবে গৌৰৱ আনুভৱ কৰো-- এই বঁটা শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল এখন অসমীয়া চিনেমাই। জাহ্নু বৰুৱাৰ "বনানী" -য়ে।
স্বাভাৱিকতে এটা কাহিনী আছে, কাহিনী নিৰ্মাণ বিষয় বস্তু কেন্দ্ৰীক। চিনেমা খনৰ নামটোতে স্পষ্ট হৈ আছে-- বনানী। বনানী বোৰ নোহোৱা হ'লে, ধ্বংস কৰিলে মানৱ সমাজৰ কি দশা হ'ব। ক্ৰমে কমি আহিছে বনানী। বনবিষয়া তপনৰ (চৰিত্ৰটো নিৰ্মাণ কৰিছে সুশিল গোস্বামীক লৈ) চিন্তা, কৰ্ম বনানীক ৰক্ষা কৰাৰ। বিপৰীতে মহেশৰ নেতৃত্বত একাংশ ব্যস্ত টকাৰ খকত বনানী ধ্বংস কৰা, মূল্যবান গছৰ চোৰাং বেহাত। চোৰাং বেহাত পৰোক্ষ, প্ৰত্যক্ষ ভাবে জড়িত ভিন্ন স্তৰৰ মানুহ। সাধাৰণ কাম কৰা মানুহৰ পৰা পুলিছ বিষয়া, ষ্টেচন মাষ্টৰ, ৰাজনৈতিক নেতালৈকে। তপনৰ দৰে সৎ বন বিষয়াৰ বিপৰীতে মহেশ (চৰিত্ৰটো নিৰ্মাণ কৰিছে বিষ্ণু খাৰঘৰীয়াক লৈ) হতৰ শক্তি বেছি। গতিকে বাৰে বাৰে হাৰ মানিবলৈ বাধ্য হয় তপনে। তপনৰ বনানী প্ৰীতিত অতিষ্ঠ পত্নী ৰুবীয়ো (চৰিত্ৰটো নাৰ্মাণ কৰিছে মৃদুলা বৰুৱাক লৈ)। ৰুবীয়ে বিছাৰে তপনে আন দহগৰাকী বনবিষয়াৰ দৰে চাকৰি কৰক, তপনৰ সঘনাই বদলি নহওক, অসুস্থ সন্তানক চোৱাচিতা কৰক! কাহিনীৰ শেষৰ ফালে দেখা যায়-- ৰুবীৰ মন সলনি হয়। চাহ জনজাতিৰ ছোৱালী গৌৰী (চৰিত্ৰটো নিৰ্মাণ কৰিছে লক্ষী সিন্হাক লৈ), যিয়ে জীৱনৰ সকলো বিছাৰি পায় বনানীৰ মাজত, তাইৰ চিন্তা ৰেখাৰ সৈতে এক হয় ৰুবীৰ চিন্তা। মহেশ হতৰ শক্তিৰ ওচৰত হাৰ মানি দুৰ্বল হৈ পৰা তপনৰ ওচৰত এইবাৰ ঠিয় হয় পত্নী ৰুবী। বনানীক উপলব্ধি কৰিব পৰা ৰুবীয়ে তপনক কয়-- আমি আৰু এখন নতুন ঠাইলৈ যাম, তাত আকৌ বনানীৰ সপক্ষে যুঁজ দিবা, তোমাৰ সৈতে এইবাৰ মই থাকিম! (হুবাহু সংলাপ নহয়)। কাহিনীৰ শেষত দেখা যায়, বন ধ্বংসৰ বিপক্ষে ঠিয় দিয়ে বনগাওঁ ফোৰেষ্ট গাওঁৰ লোক সকলে।
--কাহিনীৰ গতিত পৰিচালকে স্পষ্ট কৰিছে, বনানীয়ে মানুহক সকলো দিছে, শাকৰ পৰা ঔষধলৈ সকলো। আনহাতে একাংশ মানুহে বনানী ধ্বংস কৰিছে। বনানীৰ পৰিসৰ মানুহৰ ভুলৰ বাবেই কমি আহিছে। বনানী ধ্বংসৰ কু-প্ৰভাৱ কৃষিকৰ্ম আদিত পৰিছে।
পৰিচালকে কাহিনী নিৰ্মাণত কেমেৰাৰ ভাষাক বিশেষ গুৰুত্ব দিয়া নাই (মন চুই যোৱা এটা শ্বটো ব্যৱহাৰ কৰা নাই। এয়া চিনেমা খনৰ ইতিবাচক দিশ নহয়।) গুৰুত্ব দিছে সাহিত্যৰ ভাষাত। পৰিচালকে চৰিত্ৰ নিৰ্মাণতো বিশেষ গুৰুত্ব দিয়া যেন নালাগে। চৰিত্ৰৰ মুখত সংলাপ দিছে, সংলাপেৰে কাহিনী আগবঢ়াই নিয়াত গুৰুত্ব দিছে।
যেতিয়া "বনানী" নিৰ্মাণ হৈছিল, তেতিয়া "গ্ল'বেল ৱাৰ্মিং", "কাৰ্বন নিঃসৰণ" বা "জলবায়ু পৰিৱৰ্তন" শব্দসমূহ এতিয়াৰ দৰে চিনাকী নাছিল।
চিনেমা খন চোৱাৰ পাছত মনলৈ অহা প্ৰশ্ন--
বনাঞ্চল কিমানখিনি সংৰক্ষণ কৰা হৈছে?
উন্নয়নৰ নামত কিমানখিনি ধ্বংস হৈছে?
প্ৰাকৃতিক সম্পদৰ প্ৰকৃত মালিক কোন?
এই প্ৰশ্নবোৰ ১৯৮৯ চনত যিমান গুৰুত্বপূৰ্ণ আছিল, ২০২৬ চনতো সিমানেই গুৰুত্বপূৰ্ণ।
বিশ্বজুৰি বনাঞ্চল ধ্বংস, জৈৱ-বৈচিত্ৰ্যৰ হ্ৰাস, জলবায়ু পৰিৱৰ্তন আৰু প্ৰাকৃতিক দুৰ্যোগৰ সংখ্যা বৃদ্ধি পাইছে।
এই প্ৰেক্ষাপটত "বনানী" কেৱল এখন পুৰণি চিনেমাতে শেষ নহয় নহয়; চিনেমা খন আছিল-- আগতীয়া সতর্কবাণী।
সেই সময়তেই পৰিচালক গৰাকীয়ে বুজাবলৈ চেষ্টা কৰিছিল-- প্ৰকৃতিৰ ওপৰত আধিপত্য বিস্তাৰ কৰাৰ চিন্তাৰ শেষ পৰিণতি ধ্বংসাত্মক হ'ব। মানুহ আৰু প্ৰকৃতিৰ মাজত সংঘাত নহয়, সহাৱস্থানহে স্থায়ী সমাধান।
(২)
ফুল, নাৰী আৰু অৰণ্যৰ এক বেদনাময় কানাড়া ৰূপালী ৰূপকথা--"চেলুভি"।
১৯৯২ চনত নিৰ্মিত গিৰিশ কাৰ্নাডৰ পৰিচালনাৰে নিৰ্মিত, ভাৰতীয় চিনেমাৰ ইতিহাসত এক অনন্য সৃষ্টি। কৰ্ণাটকৰ লোককথাৰ আধাৰত নিৰ্মিত এই চিনেমা খনত ৰূপকথাৰ আৱৰণত নাৰী, প্ৰকৃতি, লোভ আৰু শোষণৰ গভীৰ কাহিনী ক'বলৈ সক্ষম হৈছে। চিনেমা খনে লাভ কৰিছিল পৰিৱেশ সংৰক্ষণ বিষয়ক শ্ৰেষ্ঠ চিনেমাৰ শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা। ১৯৯২ বৰ্ষত। [১৯৯০ আৰু ১৯৯১ বৰ্ষত এই শিতানত বঁটা প্ৰদান নহ'ল] --এই শিতানত বঁটা লাভ কৰা দ্বিতীয় খন চিনেমা।
চিনেমা খনৰ কেন্দ্ৰীয় চৰিত্ৰ চেলুভি। দৰিদ্ৰ পৰিয়ালৰ এই যুৱতীগৰাকীৰ এক অলৌকিক ক্ষমতা আছে— ইচ্ছা কৰিলে তেওঁ সুগন্ধি ফুলেৰে ভৰা এজোপা গছলৈ ৰূপান্তৰিত হ'ব পাৰে। চেলুভি আৰু তেওঁৰ ভনীয়েকে সেই ফুল বিক্ৰী কৰি জীৱিকা নিৰ্বাহ কৰে। কিন্তু এই অলৌকিক গোপনীয়তা এক সময়ত গাঁওৰ মুখীয়ালৰ পুত্ৰ কুমাৰৰ চকুত পৰে। ফুলৰ সুগন্ধ আৰু সৌন্দৰ্যৰ প্ৰতি আকৰ্ষিত কুমাৰ ধীৰে ধীৰে চেলুভিৰ জীৱনত প্ৰৱেশ কৰে।
কাহিনী আগবাঢ়ে। কাহিনী-ৰেখাৰ গতিত দেখা যায় --চেলুভিৰ এই ক্ষমতাই আশীৰ্বাদৰ সলনি অভিশাপৰ ৰূপ লয়। যিসকল মানুহে গছ জোপাৰ সৌন্দৰ্য উপভোগ কৰে, তেওঁলোকেই শেষত ধ্বংসৰ পথলৈ ঠেলি দিয়ে। গছৰ ডাল ভাঙি যোৱাৰ লগে লগে চেলুভিৰ জীৱনো বিকলাংগ হৈ পৰে। ৰূপালী গল্পটোৰ অন্তিম মুহূৰ্তত অৰণ্য ধ্বংস, গছ কটা আৰু চেলুভিৰ অসহায় অৱস্থাই এক গভীৰ বেদনাৰ সৃষ্টি কৰে।
চিনেমাখনৰ বিশেষত্ব:
(১) চেলুভি কেৱল এটা ৰূপকথা নহয়; এক শক্তিশালী পৰিৱেশবাদী বক্তব্য। গছ আৰু নাৰীক একে ধৰণে ভোগ্য বস্তু হিচাপে চোৱা সমাজৰ মানসিকতাৰ ওপৰত ছবিখনে কঠোৰ প্ৰশ্ন উত্থাপন কৰিছে।
(২) চিনেমা খনত "ইকো-ফেমিনিজম"ৰ ধাৰণা স্পষ্টভাৱে উপস্থিত। চেলুভিৰ শৰীৰ আৰু গছৰ শৰীৰ একে সত্তাৰ দুটা ৰূপ। নাৰীৰ ওপৰত হোৱা শোষণ আৰু প্ৰকৃতিৰ ওপৰত চলা ধ্বংসযজ্ঞ— দুয়োটাকে চিত্ৰনাট্যকাৰ-পৰিচালকে একে সূত্ৰত গাঁথি দিছে।
(৩) লোককথা আৰু বাস্তৱতাৰ মিশ্ৰণে চিনেমা খনক অনন্য কাব্যিক গুণ দিছে। অলৌকিক ঘটনা থাকিলেও চিনেমা খন শেষ পৰ্যন্ত মানুহৰ লোভ, ক্ষমতা আৰু ধ্বংসৰ বাস্তৱ কাহিনীত পৰিণত হয়।
"চেলুভি" চাই থাকোঁতে অনুভৱ হয়-- গছ কটা মানে কেৱল অৰণ্য ধ্বংস কৰা নহয়; কোনো সময়ত মানুহৰ আত্মা আৰু সৌন্দৰ্যকো ধ্বংস কৰা। ৰূপালী গল্পটো আজিও প্ৰাসংগিক। পৰিৱেশ সংকট, উন্নয়নৰ নামত অৰণ্য ধ্বংস আৰু নাৰীৰ অস্তিত্বৰ প্ৰশ্নৰ মাজত "চেলুভি" আজিও এক সতৰ্ক বাণীৰ দৰে ধ্বনিত হয়।
চিনেম খনে দৰ্শকৰ মাজত এৰি যোৱা প্ৰশ্ন: মানুহে ফুল ভালপায় নে কেৱল ফুলৰ অধিকাৰ বিচাৰে?
********
১৯৯৩ চনত আৰু এখন কানাড়া চিনেমাই এই শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে-- "দেৱৰা কাডু"। অসমীয়া অৰ্থ: দেৱতাৰ অৰণ্য (The Forest of God)। পৰিচিলক: টিক্কাভাৰাপু পট্টাভিৰাম ৰেড্ডী। ভাৰতীয় পৰিৱেশ-ভিত্তিক চিনেমাৰ ইতিহাসত "দেৱৰা কাডু" বিশেষ স্থানত ৰখা হয়। ৰূপালী গল্পটোৰ মাজেৰে লেখক-পৰিচালকে মানুহ আৰু প্ৰকৃতিৰ মাজৰ সম্পৰ্কৰ এক গভীৰ দাৰ্শনিক অনুসন্ধান আগবঢ়াইছে।
কাহিনী-ৰেখাৰ কেন্দ্ৰীয় বিন্দু-- দেৱা। অৰণ্যৰ বুকুত ডাঙৰ হোৱা এগৰাকী কিশোৰ। শৈশৱতে পিতৃক হেৰুৱাই মাকৰ সৈতে গাঁও এৰি চহৰলৈ আহিবলৈ বাধ্য হয়। জীৱিকাৰ সন্ধানত অহা এই যাত্ৰা সহজ-সৰল নাছিল। দৰিদ্ৰতা, অনিশ্চয়তা আৰু সংগ্ৰামৰ মাজতে দেৱাই ডাঙৰ হয়। মাকে মানুহৰ ঘৰত কাম কৰে, দেৱাই বিভিন্ন সৰু-সুৰা কাম কৰি জীৱনটোক আগুৱাই নিয়ে।
কিন্তু জীৱনৰ শেষ সময়ত মাকৰ এটা সৰল ইচ্ছা—নিজৰ মাটিলৈ উভতি যাব বিচাৰে। উভতি অহাৰ পথতেই মাকৰ মৃত্যু হয়। এই ঘটনাই দেৱাৰ জীৱন সলনি কৰি দিয়ে।
মাকৰ চিতাভস্ম পিতৃৰ সমাধিৰ কাষত সমাধিস্থ কৰাৰ পাছত দেৱাই সিদ্ধান্ত লয়— যি অনুৰ্বৰ, শূন্য আৰু পৰিত্যক্ত মাটিয়ে তেওঁৰ পিতৃ-মাতৃৰ স্মৃতি বহন কৰি আছে, সেই মাটিক তেওঁ সেউজীয়া কৰি তুলিব।
তাৰ পাছৰ এজন মানুহৰ চল্লিশ বছৰৰ অধ্যৱসায়ৰ কাহিনী। এটা এটাকৈ পুলি ৰোপণ কৰি, যত্ন লৈ, অপেক্ষা কৰি দেৱাই এখন ৰুক্ষ ভূমিকে ঘন অৰণ্যলৈ ৰূপান্তৰিত কৰে। সেই অৰণ্যই শেষত "দেৱৰা কাডু"—অৰ্থাৎ "ঈশ্বৰৰ বন" ৰূপ লাভ কৰে।
চিনেমাখনৰ আটাইতকৈ ডাঙৰ বিশেষত্ব হ'ল, ইয়াত পৰিৱেশ সংৰক্ষণক কোনো বক্তৃতা বা শ্লোগানৰ জৰিয়তে উপস্থাপন কৰা হোৱা নাই। বৰঞ্চ দেৱাৰ জীৱনযাত্ৰাৰ মাজেদি দেখুওৱা হৈছে যে মানুহ আৰু গছৰ সম্পৰ্ক কেৱল উপযোগিতাৰ নহয়, স্মৃতি, ভালপোৱা আৰু অস্তিত্বৰ সম্পৰ্ক।
চিনেমাখন চাই থাকোঁতে অসমৰ যাদৱ পায়েংৰ কথাও মনলৈ আহে। এজন মানুহে অকলে এখন অৰণ্য সৃষ্টি কৰিব পাৰে-- এই বিশ্বাসক দেৱৰা কাডুয়ে কাব্যিক ৰূপ দিছে।
এই চিনেমা খনে এটা মৌলিক প্ৰশ্ন উত্থাপন কৰে--?এজন মানুহে জীৱনত কি এৰি যায়? ধন-সম্পত্তি, ঘৰ-বাৰী নে এজোপা গছ?
দেৱাৰ উত্তৰ স্পষ্ট-- মানুহ মৰি যায়, কিন্তু তেওঁ ৰোপণ কৰা গছবোৰ জীয়াই থাকে।
**********
১৯৯৪ -ত এই শিতানত বঁটা লাভ কৰে ১৯৯৪ ওড়িয়া চিনেমা-- "নিৰ্বাচন" -এ। পৰিচালক: বিপ্লৱ ৰায় চৌধুৰী। বিশিষ্ট বঙালী সাহিত্যিক প্ৰফুল্ল ৰায়ৰ এটা চুটি গল্পৰ আধাৰত চিত্ৰনাট্য লিখিছিল।
চিনেমা খনৰ কাহিনী ভোট, দল বা ৰাজনীতিৰ সাধাৰণ কাহিনী নহয়। কাহিনীৰ গতিত দেখা যায়-- গণতন্ত্ৰৰ অন্তৰালত লুকাই থকা দৰিদ্ৰতা, লোভ, ক্ষমতা আৰু শোষণৰ কাহিনী।
উড়িষ্যাৰ এক দৰিদ্ৰ গাঁৱক কেন্দ্ৰ কৰি কাহিনী আগবাঢ়ে। গাঁওখনৰ অধিকাংশ মানুহেই দুৰ্বিষহ জীৱন যাপন কৰে। কোনোবাই জমিদাৰৰ মাটিত খেতি কৰে, কোনোবাই শিলৰ খনিত কাম কৰি জীৱন নিৰ্বাহ কৰে। খনিবোৰে মানুহক সাময়িক আয় দিয়ে যদিও ধ্বংস কৰে পৰিৱেশ, পাহাৰ আৰু মানুহৰ স্বাস্থ্য।
এনে সময়তে নিৰ্বাচন আহে। এজন প্ৰভাৱশালী জমিদাৰ-ৰাজনীতিক ভোটৰ বিনিময়ত টকা বিলাবলৈ আৰম্ভ কৰে। গাঁওবাসীৰ বাবে ভোট কোনো আদৰ্শ বা ৰাজনৈতিক অধিকাৰৰ বিষয় নহয়। সেয়া পেটৰ ভোকৰ বিষয়।
কাহিনীৰ আটাইতকৈ শক্তিশালী অংশটো আহে এজন মৃত্যুপথযাত্ৰী ভিক্ষুকক কেন্দ্ৰ কৰি। গাঁওৰ এটা পৰিয়ালে বিয়াৰ খৰচৰ বাবে অধিক টকাৰ আশাত সেই অসুস্থ ভিক্ষুকজনক আশ্ৰয় দিয়ে, যতন লয়। কাৰণ ভিক্ষুকজন জীয়াই থাকিলে তেওঁৰ ভোটৰ বাবেও টকা পাব! মানুহৰ জীৱনৰ মূল্য ভোটৰ মূল্যতকৈ কম হৈ পৰে!
ভিক্ষুকজনৰ চিকিৎসাৰ চেষ্টা চলি থাকে, কিন্তু সেয়া মানৱিকতাৰ বাবে নহয়; তেওঁৰ ভোটটোৰ বাবে। এই বেদনাদায়ক পৰিস্থিতিৰ মাজেৰে চিনেমা খনৰ কাহিনীৰ গতিত দেখুৱাই-- দৰিদ্ৰতা কেনেকৈ মানুহক নিজৰ নৈতিকতা বিসৰ্জন দিবলৈ বাধ্য কৰে।
--এই খিনিতে স্বাভাৱিক প্ৰশ্ন: এই চিনেমা খনে পৰিৱেশ-ভিত্তিক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰাৰ কাৰণ কি?
চিনেমা খনৰ বক্তব্য--
যেতিয়া প্ৰকৃতি ধ্বংস হয়, তেতিয়া প্ৰথমে ক্ষতিগ্ৰস্ত হয় দৰিদ্ৰ মানুহ।
আৰু যেতিয়া মানুহ দৰিদ্ৰ হয়, তেতিয়া গণতন্ত্ৰও দুৰ্বল হৈ পৰে।
ৰাষ্ট্ৰীয় বঁটাৰ জুৰীয়ে সম্ভৱতঃ এই বহল দৃষ্টিভংগীটোকেই স্বীকৃতি দিছিল। চিনেমা খনত পৰিৱেশ সংৰক্ষণৰ কথা "গছ বচাও" ধৰণৰ শ্লোগানেৰে নাই; দেখুৱায়-- পৰিৱেশ, জীৱিকা, দৰিদ্ৰতা আৰু গণতন্ত্ৰ-- এই চাৰিওটা বিষয় ইটোৱে সিটোৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত।
"নিৰ্বাচন"ক "পৰিৱেশ বিষয়ক চলচ্চিত্ৰ" বুলি নকৈ "পৰিৱেশ-ন্যায় (environmental justice)" -ৰ ওপৰত নিৰ্মিত এক শক্তিশালী চিনেমা বুলিলেহে শুদ্ধ হ'ব।
********
১৯৯৫ -ত আকৌ এখন অসমীয়া চিনেমালৈ এই শিতানত শ্ৰেষ্ঠ চিনেমাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা। চিনেমা খনত ব্যৱহাৰ কৰা সাহিত্যৰ ভাষা: বড়ো। নাম: হাগ্ৰামায়ও জিনাহাৰি (ইংৰাজীত: Rape in the Virgin Forest)। জাংদাও বডোচাৰ পৰিচালনা।
চিনেমা খনৰ কাহিনী বনানী কেন্দ্ৰিক। বনানী ধ্বংস। পৰিচালকে কেমেৰাৰ ভাষা প্ৰয়োগ আৰু বাস্তৱিক অভিনয়ত গুৰুত্ব দিছে। বুদাং (চৰিত্ৰটো নিৰ্মাণ কৰিছে টিকেন্দ্ৰজিৎ নাৰ্জাৰীক লৈ) আৰু বুদাঙৰ জীয়েক মিথিংগা (চৰিত্ৰটো নিৰ্মাণ কৰিছে অঞ্জলি বসুমতাৰীক লৈ) চিনেমা খনৰ কাহিনীৰ মূল দুটা বিন্দু। বনানী খন ধ্বংস হৈ আহিছে। বুদাঙৰো জীৱন চলে হাবি খনৰ পৰা চুৰ কৰি বজাৰত বিক্ৰি কৰা খৰিৰে, কাঠেৰে। জীয়েক মিথিংগা ডাঙৰ হৈছে, বিয়াৰ বয়স হৈছে। গতিকে বুদাঙৰ টকাৰ প্ৰয়োজন বাঢ়িল। পৰিশ্ৰমো বঢ়ালে। আৰু এদিন বজাৰলৈ চোৰাং খৰি নিয়াৰ সময়ত ধৰা পৰে, শাস্তিৰ সন্মুখীন হয়। -- বুদাঙে চোৰ্য বৃত্তি এৰিব নোৱাৰিলে, এৰাৰ বাট নাপালে। শাস্তি পোৱাৰ পাছত কামৰ বাট সলালে। বজাৰলৈ নগৈ গছ কাটি হাবিৰ ভিতৰতে কাঠৰ চোৰাং কাৰবাৰীক বিক্ৰী কৰিবলৈ ধৰিলে। --কাহিনী আগবাঢ়ে। চোৰাং কাৰবাৰীৰ লগত বুদাঙৰ ব্যৱসায় চলি থাকে। আৰু এদিন বুমাঙে কল্পনা নকৰা "ঘটনা" ঘটিল। সুযোগ বুজি চোৰাং ব্যৱসায়িয়ে মিথিংগাক দলবদ্ধভাবে বলাৎকাৰ কৰে। পৰিচালকে মিথিংগাক দলবদ্ধভাবে কৰা বলাৎকাৰত প্ৰতিফলিত কৰিছে কুমাৰী অৰণ্যৰ ওপৰত অসৎ লোকবোৰে গছ-বন কাটি অত্যাচাৰ, বনানীক কৰি থকা বলৎকাৰ। সুপৰিকল্পিত প্ৰতিক প্ৰয়োগ।
ক'ব পাৰি-- উত্তৰ-পূৰ্বাঞ্চলৰ বনাঞ্চল, আদিবাসী জীৱন আৰু প্ৰাকৃতিক সম্পদৰ লুণ্ঠনৰ প্ৰেক্ষাপটত নিৰ্মিত এই চিনেমা খন উন্নয়নৰ নামত সংঘটিত পৰিৱেশ ধ্বংসৰ বিৰুদ্ধে শক্তিশালী প্ৰতিবাদ!
চিনেমা খনৰ অন্যতম তাৎপৰ্য-- পৰিৱেশক কেৱল বৈজ্ঞানিক বিষয় হিচাপে নহয়, নৈতিক আৰু মানৱীয় বিষয় হিচাপেও চায়। অৰণ্য ধ্বংস মানে কেৱল গছ কটা নহয়; এক সংস্কৃতি, এক জীৱন-পদ্ধতি আৰু এক সভ্যতাৰ ওপৰত আঘাত।
২৯৯৬ আৰু ১৯৯৭ চনত এই শিতানত বঁটা প্ৰদান নহ'ল। ১৯৯৮ চনত বঁটা প্ৰদানৰ বাবে নিৰ্বাচিত হ'ল-- "মল্লী"। তামল চিনেমা। প্ৰখ্যাত চিনেমাটোগ্ৰাফাৰ তথা পৰিচালক সন্তোষ শিৱনৰ পৰিচালনা। শিশুৰ দৃষ্টিৰে প্ৰকৃতি আৰু সমাজক চোৱাৰ প্ৰয়াস-- চিনমা খনৰ বিশেষত্ব। এখন নীলা পাথৰৰ সন্ধানত অৰণ্যৰ মাজেৰে শিশু-মনৰ যাত্ৰা।
চিনেমা খনক শিশুৰ কল্পনা শক্তি, প্ৰকৃতিৰ প্ৰতি মমতা আৰু মানৱীয় মূল্যবোধক এক অপূৰ্ব কাব্যিক চিত্ৰায়ণ বুলিব পাৰি।
কাহিনী-ৰেখাৰ কেন্দ্ৰীয় চৰিত্ৰ দহ বছৰীয়া মল্লি। দৰিদ্ৰ পৰিয়ালৰ এই কণমানি ছোৱালীজনীয়ে খৰি সংগ্ৰহ কৰি পৰিয়ালক সহায় কৰে। অৰণ্য, জন্তু-পক্ষী আৰু প্ৰকৃতিৰ সৈতে তাইৰ এক স্বাভাৱিক বন্ধুত্ব আছে। তাইৰ আটাইতকৈ ঘনিষ্ঠ বন্ধুজন জন্মগত ভাৱে বোবা। মল্লিৰ বিশ্বাস— যদি সেই বন্ধুজনৰ বাবে অলৌকিক "নীলা পাথৰ" বিচাৰি পোৱা যায়, তেন্তে তেওঁৰ মাত ঘূৰি আহিব।
এজন বৃদ্ধ গল্প কথকে মল্লিক এই নীলা পাথৰৰ কিংবদন্তিৰ কথা কয়। তাৰ পাছৰে পৰা আৰম্ভ হয় মল্লিৰ অভিযান। শিশুসুলভ সৰল বিশ্বাস আৰু অফুৰন্ত কৌতূহল লৈ তেওঁ অৰণ্যৰ মাজেৰে সেই ৰহস্যময় পাথৰৰ সন্ধানত যাত্ৰা কৰে।
কাহিনীৰ এক গুৰুত্বপূৰ্ণ মুহূৰ্ত আহে যেতিয়া মল্লিয়ে এজন চিকাৰীৰ গুলীত আহত হোৱা এটা হৰিণ পোৱালী উদ্ধাৰ কৰে। নিজৰ সুৰক্ষা বা সুবিধাৰ কথা নাভাবি তাই হৰিণটোক বচাবলৈ অৰণ্যৰ মাজেৰে দীৰ্ঘ পথ অতিক্ৰম কৰে। শেষত সুস্থ হোৱাৰ পাছত হৰিণ টোক পুনৰ প্ৰকৃতিৰ বুকুলৈ এৰি দিয়ে। এই ঘটনাই চিনেমা খনৰ মূল বক্তব্য স্পষ্ট কৰে— প্ৰকৃতিক ভালপোৱা মানে তাক নিজৰ সম্পত্তি কৰি ৰখা নহয়; স্বাধীনভাৱে জীয়াই থাকিবলৈ দিয়াও ভালপোৱাৰ অংশ।
এই খিনিতে উল্লেখ কৰিব পাৰি-- মল্লি শিশু-দৃষ্টিভংগীৰে কোৱা এখন পৰিৱেশ-চিনেমা। ইয়াত পৰিৱেশ সংৰক্ষণৰ কোনো বক্তৃতা নাই। শিশুৰ কৌতূহল, সহানুভূতি আৰু প্ৰকৃতিৰ সৈতে বন্ধুত্বৰ মাজেৰেই বাৰ্তাটো প্ৰকাশ পাইছে।
১৯৯৯ চনত এই শিতানত বঁটা প্ৰদান নহ'ল। ২০০০ চনত নিৰ্দিষ্ট বঁটাটোৰ বাবে নিৰ্বাচন কৰিলে-- "জালামৰমৰম"। মালায়ালম চিনেমা। পৰিচালক: টি কে ৰাজীৱ কুমাৰ। "জালামৰমৰম" মানে, পানীৰ নিঃশব্দ আৰ্তনাদ।
চিনেমা খনৰ কাহিনী-ৰেখাৰ কেন্দ্ৰ বিন্দু নিৰ্মল নামৰ এজন কিশোৰ। তাৰ পিতৃ উছমানে গাঁওৰ কাষৰ এটা বৃহৎ ৰাসায়নিক কাৰখানাই নদী আৰু পানীৰ উৎস দূষিত কৰাৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি আন্দোলন কৰি আহিছে। কিন্তু এদিন কৰ্কট ৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয়। পিতৃৰ মৃত্যুৰ পাছত নিৰ্মলে সন্দেহ কৰিবলৈ আৰম্ভ কৰে যে এই মৃত্যু কেৱল ব্যক্তিগত দুৰ্ভাগ্য নহয়; ইয়াৰ আঁৰত আছে বিষাক্ত দূষণ আৰু শিল্পায়নৰ অন্ধ মূল্য।
পিতৃহীনতাৰ বেদনাত নিৰ্মল আশ্ৰয় লয় পিতৃয়ে কোৱা ৰূপকথা, লোককাহিনী আৰু কল্পনাৰ জগতত। এই সময়তে এখন মেলাত তেওঁ এগৰাকী "মৎস্যকন্যা"ৰ সৈতে পৰিচিত হয়। বাস্তৱ আৰু কল্পনাৰ সীমাৰেখা ধূসৰ হৈ পৰে। মৎস্য কন্যা তাৰ অনুসন্ধানৰ সংগী হয়— তাৰ পিতৃৰ মৃত্যুৰ প্ৰকৃত কাৰণ আৰু নদীৰ বিষাক্ত নীৰৱতাৰ উৎসৰ অনুসন্ধান।
চিনেমা খনৰ প্ৰসংগত এনেদৰে ক'ব পাৰি-- জল দূষণক কেন্দ্ৰ কৰি নিৰ্মিত এক শক্তিশালী ৰূপালীকথা। ভাৰতীয় চিনেমাত বন উজাৰ, বন্যপ্ৰাণী বা অৰণ্যৰ কথা তুলনামূলকভাৱে বেছি দেখা যায়; কিন্তু পানী দূষণক কেন্দ্ৰ কৰি ইমান সংবেদনশীল চিনেমাৰ সংখ্যা কম।
এই খিনিতে উল্লেখ কৰিব পাৰি-- চিনেমা খনত বাস্তৱবাদ আৰু ৰূপকথাৰ এক অপূৰ্ব সংমিশ্ৰণ ঘটাইছে। ৰাসায়নিক কাৰখানাৰ বিষাক্ত বৰ্জ্য, কৰ্কট ৰোগ আৰু পৰিৱেশ ধ্বংসৰ দৰে কঠোৰ বাস্তৱ বিষয়ক পৰিচালকে এজন শিশুৰ কল্পনাৰ জগতৰ সৈতে মিলাই দিছে। ফলত চিনেমা খন তথ্যচিত্ৰ বৃত্তৰ পৰা মুক্ত হৈছে।
ৰাষ্ট্ৰীয় বঁটাৰ জুৰীয়ে এই চিনেমা খনক সন্মানিত কৰাৰ সময়ত মন্তব্য কৰিছিল-- শিল্প-নগৰ আৰু চহৰ সমূহৰ ক্ৰমবৰ্ধমান দূষণৰ দৰে এক গুৰুত্বপূৰ্ণ বিষয়ক চিনেমা খনে "এখন ৰূপকথাৰ কল্পনাশক্তিৰে" উপস্থাপন কৰিছে। সেয়া কথাই চিনেমা খনৰ সৰ্ববৃহৎ শক্তি।
২০০১ চনতো এই শিতানত বঁটা লাভ কৰিলে আন এখন মালায়ালম চিনেমাই। এম. টি. বাছুদেবনৰ পৰিচালনা-- "ওৰু চেৰু পুঞ্চীৰি"। অসমীয়া অৰ্থ-- "এটা সৰু হাঁহি"।
সুখ কেতিয়াবা ডাঙৰ সাফল্যত নাথাকে; নিজৰ মাটি, নিজৰ মানুহ আৰু নিজৰ জীৱনটোক মৰমেৰে জীয়াই থকাৰ মাজতেই থাকে। --এয়াই এটা সৰু হাঁহি। জীৱনৰ শেষ বেলিকাৰ এক দীপ্তিমান হাঁহি।
-- জীৱনৰ অন্তিম পৰ্যায়, দাম্পত্যৰ গভীৰতা আৰু মানুহ-প্ৰকৃতিৰ সহাৱস্থানক কেন্দ্ৰ কৰি নিৰ্মিত এই চিনেমা খন প্ৰথম দৃষ্টিত "পৰিৱেশ-চলচ্চিত্ৰ" যেন নালাগিবও পাৰে! ইয়াত বন উজাৰ, দূষণ বা বন্যপ্ৰাণী সংৰক্ষণৰ নাটকীয় কাহিনী নাই। আছে-- এখন গাঁও, এটা ঘৰ, এখন বাৰী আৰু বৃদ্ধ বয়সত উপনীত হোৱা স্বামী-স্ত্ৰীৰ এক অন্তৰংগ জীৱন।
কাহিনীৰ কেন্দ্ৰত আছে কৃষিজীৱী বৃদ্ধ দম্পতী—কুঞ্জুন্নি আৰু আম্মালু। সন্তান-সন্ততিয়ে নিজ নিজ জীৱনত ব্যস্ত। কিন্তু এই বৃদ্ধ দম্পতীয়ে নিজৰ মাটি-ভেটি, বাৰী, গছ-গছনি আৰু স্মৃতিৰে ভৰা জগতখন এৰি যাবলৈ বিচৰা নাই। তেওঁলোকৰ দিনবোৰ পাৰ হয় সৰু সৰু কথাত, মিঠা ভাললগা কাজিয়া, পাৰস্পৰিক নিৰ্ভৰশীলতা আৰু এক গভীৰ বুজাবুজিৰ মাজেৰে।
চিনেমা খনৰ শক্তি ইয়াতেই— বৃদ্ধ বয়সক বেদনাৰ কাহিনী হিচাপে নহয়, জীৱনৰ এক পৰিপক্ব সৌন্দৰ্য হিচাপে চায়। দাম্পত্যৰ বহু দশক পাৰ কৰাৰ পিছতো দুজন মানুহৰ মাজত কেনেকৈ মৰম, সন্মান আৰু সংগীসুলভ বন্ধুত্ব জীয়াই থাকিব পাৰে, সেই কথাই ছবিখনৰ মূল কথা।
চিনেমা খনৰ বিশ্লেষণ এনেদৰে কৰিব পাৰি-- মানুহ আৰু প্ৰকৃতিৰ সম্পৰ্কৰ এক সূক্ষ্ম দলিল। কুঞ্জুন্নি আৰু আম্মালুৰ বাবে মাটি তেওঁলোকৰ অস্তিত্বৰ অংশ। গছ, পথাৰ, ঘৰ আৰু ঋতুচক্ৰৰ সৈতে তেওঁলোকৰ জীৱনৰ ওতঃপ্ৰো সম্পৰ্ক।
কাহিনী-ৰেখাৰ গতিত আধুনিকতাৰ বিৰুদ্ধে কোনো উচ্চস্বৰৰ প্ৰতিবাদ নাই। নীৰৱভাৱে দেখুৱায়-- উন্নয়নৰ দৌৰত মানুহে কিমান সহজে নিজৰ শিপা, মাটি আৰু সম্পৰ্কবোৰ হেৰুৱাই পেলায়। চিনেমা খনত সংলাপতকৈ অধিক গুৰুত্ব পায় নীৰৱতা-চিনেমাৰ ভাষাই। কেমেৰাৰ ভাষাৰে দেখুৱাই-- দৈনন্দিন মুহূৰ্ত আৰু মানৱীয় অনুভূতি।
পৰিৱেশ বিষয়ক শ্ৰেষ্ঠ চলচ্চিত্ৰৰ সন্মান দিয়াৰ কাৰণ: পৰিৱেশক কেৱল গছ-জংঘলৰ মাজত সীমাবদ্ধ নাৰাখি জীৱনধাৰা, সংস্কৃতি আৰু ভূমিৰ সৈতে মানুহৰ সম্পৰ্ক হিচাপে চাইছে, পৰিচালকে।
বৃদ্ধ দম্পতীয়ে যি মাটিত জীৱন কটাইছে, সেই মাটিৰ সৈতে তেওঁলোকৰ আত্মিক সম্পৰ্ক আছে। এই সম্পৰ্ক ভাঙি গ'লে কেৱল পৰিৱেশ নহয়, মানুহৰ স্মৃতি আৰু পৰিচয়ো ক্ষতিগ্ৰস্ত হয়। এই দৰ্শনেই ৰূপালী গল্পটোক পৰিৱেশ-চিন্তাৰ এক গভীৰ স্তৰলৈ লৈ যায়।
২০০২ চনত এই শিতানত বঁটা প্ৰদান নহ'ল।
২০০৩ চনত বঁটা লাভ কৰিলে এখন তামিল চিনেমাই-- "উৰুমাত্তৰাম"। পৰিৱৰ্তন। পৰিচালনা: বি. শিৱকুমাৰ।
"এখন অৰণ্য ধ্বংস কৰিবলৈ হয়তো কেইদিনমানেই যথেষ্ট; কিন্তু এখন নতুন অৰণ্যৰ আৰম্ভণিৰ বাবে লাগে মাত্ৰ এটা বীজ।" --এয়া চিনেমা খনৰ বক্তব্য।
কাহিনীৰ কেন্দ্ৰত আছে তিনিটা প্ৰজন্ম— এজন বৃদ্ধ পিতৃ, তেওঁৰ পুত্ৰ আৰু নাতি। পুত্ৰজনে আমেৰিকালৈ প্ৰব্ৰজন কৰাৰ প্ৰস্তুতি চলাই আছে। তেওঁৰ দৃষ্টিত জীৱন মানে উন্নত ভৱিষ্যৎ, অধিক আয় আৰু অধিক সুবিধা। সেই লক্ষ্য পূৰণৰ বাবে তেওঁ পৈতৃক ঘৰ-বাৰী বিক্ৰী কৰাৰ সিদ্ধান্ত লয়।
বৃদ্ধ গৰাকীয়ে নিজৰ চৌপাশৰ গছ-গছনি, মাটি আৰু প্ৰকৃতিৰ সৈতে এক গভীৰ আত্মীয়তা অনুভৱ কৰে। কিন্তু আধুনিক উন্নয়নৰ নামত অঞ্চলটোত এটা প্লাষ্টিক কাৰখানা স্থাপনৰ সিদ্ধান্ত লোৱা হয়। সেই উদ্দেশ্যে একেৰাহে গছ কটা আৰম্ভ হয়।
বৃদ্ধজনে অসহায় ভাৱে চাই থাকে। তেওঁৰ চকুত গছ স্মৃতি, জীৱন আৰু প্ৰকৃতিৰ স্পন্দন। গছবোৰৰ পতনৰ সৈতে যেন তেওঁৰ মনৰ ভেটিও কঁপি উঠে। উন্নয়নৰ যুক্তিৰ আগত তেওঁৰ অনুভূতিৰ কোনো মূল্য নাথাকে। --ইয়াতে ৰূপালী গল্পটো শেষ নহয়।
বৃদ্ধ গৰাকীয়ে যেতিয়া সকলো শেষ হৈ যোৱা বুলী ভাৱে, তেতিয়াই ৰূপালী গল্পটোৰ কাহিনী-ৰেখালৈ আহে তেওঁৰ কণমানি নাতি। শিশুটিয়ে কিছুমান বীজ সংগ্ৰহ কৰি পুনৰ মাটিত সিঁচিবলৈ আৰম্ভ কৰে। ধ্বংসস্তূপৰ মাজতে বৃদ্ধ গৰাকীয়ে নতুন জীৱনৰ সম্ভাৱনা বিচাৰি পায়।
বীজটোৱেই "উৰুমাত্তৰাম' স্থায়ী প্ৰতীক, আৰু সেইবাবেই চিনেমা খন আজিও প্ৰাসংগিক।
২০০৪, ২০০৫, ২০০৬ আৰু ২০০৭ বৰ্ষত এই শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান নহ'ল।
২০০৮ চনত এই শিতিনত বঁটা লাভ কৰে ওড়িয়া চিনেমা "জীয়ন্ত ভূত" -এ। প্রশান্ত নন্দৰ পৰিচালনা।
"জীয়ন্ত ভূত" —জীয়াই থকা সত্ত্বেও সমাজৰ বাবে অস্তিত্বহীন হৈ পৰা মানুহ। চিনেমাখনৰ কেন্দ্ৰীয় চৰিত্ৰ হৈছে গাঁওৰ এজন সৰল কৃষক। পুৰুষানুক্ৰমে লাভ কৰা মাটি, গছ-গছনি আৰু প্ৰকৃতিৰ সৈতে তেওঁৰ জীৱন অংগাঙ্গিভাৱে জড়িত। কিন্তু আধুনিক উন্নয়নৰ নামত চৰকাৰ আৰু উদ্যোগপতিৰ চকু পৰে সেই অঞ্চলটোৰ ওপৰত। উদ্যোগ স্থাপন আৰু তথাকথিত উন্নয়নৰ বাবে বিস্তৃত ভূমি অধিগ্ৰহণ আৰম্ভ হয়।
গাঁওবাসীয়ে নিজৰ ঘৰ-মাটি এৰিবলৈ বাধ্য হয়। বহুতে ক্ষতিপূৰণ গ্ৰহণ কৰে, বহুতে প্ৰতিবাদ কৰে। কিন্তু শেষত উন্নয়নৰ যন্ত্ৰচক্ৰৰ আগত তেওঁলোকৰ মাত প্ৰায় অসাৰ হৈ পৰে।
এই সংঘাতৰ মাজত কেন্দ্ৰীয় চৰিত্ৰ জন ক্ৰমে নিজৰ মাটি, ঘৰ, জীৱিকা আৰু সামাজিক পৰিচয় হেৰুৱায়। এসময়ত তেওঁ এনে এক অৱস্থাত উপনীত হয়-- সমাজত জীয়াই থাকিলেও যেন তেওঁৰ কোনো অস্তিত্ব নাথাকে। তেওঁ এজন "জীয়ন্ত ভূত"ত পৰিণত হৈছে!
চিনেমা খনত উন্নয়ন আৰু পৰিৱেশৰ সংঘাতক অত্যন্ত মানৱীয় দৃষ্টিকোণৰ পৰা উপস্থাপন কৰিছে। মূল চৰ্চা-- গছ-নদীৰ সৈতে জড়িত মানুহবোৰ।
চিনেমা খনত পৰিৱেশ ধ্বংসক কেৱল প্ৰাকৃতিক ক্ষতিৰ লগতে ভূমি অধিগ্ৰহণ, উচ্ছেদ আৰু জীৱিকা হেৰুৱাৰ ফলত মানুহৰ সামাজিক মৃত্যু কেনেকৈ ঘটে, সেয়া পৰিপাটিকৈ দেখুৱাইছে।
"জীয়ন্ত ভূত" শিৰোনামটো এক শক্তিশালী ৰাজনৈতিক আৰু দাৰ্শনিক ৰূপক। উন্নয়নৰ মূল্য দিয়া মানুহবোৰ কেতিয়াবা ইতিহাস আৰু সমাজ দুয়োটাৰ পৰাই অদৃশ্য হৈ যায়।
পৰিৱেশ বিষয়ক ৰাষ্ট্ৰীয় বঁটা লাভৰ কাৰণ
চিনেমা খনৰ বিশেষত্— পৰিৱেশ সংৰক্ষণক মানৱাধিকাৰ আৰু সামাজিক ন্যায়ৰ সৈতে সংযোগ কৰিছে। অৰণ্য, কৃষিভূমি আৰু প্ৰাকৃতিক সম্পদ ধ্বংস হ'লে কেৱল পৰিৱেশেই ক্ষতিগ্ৰস্ত নহয়; ক্ষতিগ্ৰস্ত হয় সেই সম্পদৰ ওপৰত নিৰ্ভৰশীল মানুহবোৰ। ৰূপালী গল্পটোত এই সত্যটোক গভীৰভাৱে উপস্থাপন কৰিছে।
২০০৯ বৰ্ষত এই বঁটা প্ৰদান নহ'ল। ২০১০ চনত
প্ৰকৃতি সংৰক্ষণৰ ওপৰত শ্ৰেষ্ঠ চলচ্চিত্ৰ' (Best Film on Environment Conservation) শাখাত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান কৰা হয় কানাড়া চিনেমা "বেত্তাদা জীৱ" -ক। জ্ঞানপীঠ বঁটা বিজয়ী প্ৰখ্যাত কানাড়া সাহিত্যিক কে. শিৱৰাম কাৰান্থৰ একে নামৰ উপন্যাসৰ ওপৰত আধাৰিত চিনেমা খনৰ চিত্ৰনাট্য ৰচনা কৰি পৰিচালনা কৰে পি. শেশাদ্ৰিয়ে।
চিনেমা খনৰ প্ৰসংগত কোৱা হয়-- পাহাৰৰ বুকুত মানুহ আৰু প্ৰকৃতিৰ সহাৱস্থানৰ চিনে-কাব্য।
চিনেমা খনৰ শিৰোনামৰ অসমীয়া ৰূপান্তৰ-- "পাহাৰৰ জীৱন"। পাহাৰৰ বুকুত বাস কৰা এজন সৰল মানুহ আৰু প্ৰকৃতিৰ মাজৰ গভীৰ সম্পৰ্কৰ কাহিনী। চিনেমাখনৰ কেন্দ্ৰীয় চৰিত্ৰ গোপালাইয়া। পশ্চিমঘাটৰ দুৰ্গম পাহাৰীয়া অঞ্চলত তেওঁ প্ৰায় একাকী জীৱন কটায়। আধুনিক সভ্যতাৰ কোলাহলৰ পৰা বহু দূৰত, তেওঁ মাটি চহাই, গছ-গছনিৰ যত্ন লয় আৰু অৰণ্যৰ সৈতে একাত্ম হৈ থাকে।
এদিন এজন কণমানি ল'ৰা পাহাৰৰ মাজত বাট হেৰুৱাই গোপালাইয়াৰ ওচৰ পায়। বৃদ্ধজনৰ সান্নিধ্যত থাকোঁতে শিশুটিয়ে এক নতুন জগতৰ সৈতে পৰিচিত হয়— মানুহে প্ৰকৃতিক জয় নকৰে, প্ৰকৃতিৰ সৈতে মিলি জীয়াই থাকে।
গোপালাইয়াৰ জীৱনদৰ্শন শিশুটিৰ বাবে এক বিদ্যালয়ত পৰিণত হয়। তেওঁ শিকে যে গছ জীৱনৰ অংশ।
এনেদৰে ক'ব পাৰি-- "বেত্তাদা জীৱ" এখন অসাধাৰণ "ইক'লজিকেল চিনেমা"। চিনেমা খনত দৈনন্দিন জীৱনৰ মাজতেই প্ৰকৃতিৰ সৈতে সুস্থ সম্পৰ্কৰ এক বিকল্প জীৱনদৰ্শন উপস্থাপন কৰা হৈছে।
চিনেমা খনৰ মূল শক্তি হৈছে গোপালাইয়া চৰিত্ৰটো। চৰিত্ৰটোৰ জীৱন শৈলীয়ে দেখুৱায়-- প্ৰকৃতিৰ সৈতে সামঞ্জস্য ৰক্ষা কৰি কেনেকৈ মানুহে পৰিপূৰ্ণ জীৱন যাপন কৰিব পাৰে। পশ্চিমঘাটৰ পাহাৰ, অৰণ্য, কুঁৱলী আৰু প্ৰাকৃতিক দৃশ্যবোৰ ৰূপালী গল্পটোৰ নিজেই এক চৰিত্ৰ।
২০১১ এই শিতানত বঁটা প্ৰদান নহ'ল। ২০১২ মালায়ালম চিনেমা "ব্লেক ফৰেষ্ট"ৰ প্ৰযোজক-পৰিচালকক এই বঁটা প্ৰদান কৰা হয়।
চিনেমা খনৰ কাহিনী কেন্দ্ৰিত হৈছে অৰণ্যৰ কাষত বাস কৰা কিছুমান শিশুক লৈ। তেওঁলোকৰ জীৱন অৰণ্য, বন্যপ্ৰাণী আৰু স্থানীয় লোক-সংস্কৃতিৰ সৈতে গভীৰভাৱে জড়িত। কিন্তু আধুনিকতাৰ বিস্তাৰ, বনাঞ্চল সংকোচন আৰু মানুহৰ লোভে সেই স্বাভাৱিক সম্পৰ্কক বিপদৰ মুখলৈ ঠেলি দিয়ে।
কাহিনীৰ এক গুৰুত্বপূৰ্ণ দিশ হাতীক কেন্দ্ৰ কৰি গঢ় লৈ উঠে। অৰণ্য সংকুচিত হোৱাৰ লগে লগে হাতীৰ স্বাভাৱিক বাসস্থান ধ্বংস হয়। ফলত মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাত বৃদ্ধি পায়। শিশুসকল এই সংঘাতৰ সাক্ষী হয় আৰু ধীৰে ধীৰে বুজিবলৈ আৰম্ভ কৰে যে সমস্যাটোৰ মূল কাৰণ হাতী নহয়; মানুহ।
অৰণ্যৰ প্ৰাণী সমূহক "অতিথি" নহয়, "বাসিন্দা"।
ক'ব পাৰি শিশুৰ দৃষ্টিভংগীৰে কোৱা এক পৰিৱেশ-চিনেমা "ব্লেক ফৰেষ্ট"। চিনেমা খনত পৰিৱেশ সংৰক্ষণৰ সহানুভূতি আৰু উপলব্ধিৰ ভাষা।
চিনেমা খনত মানুহ-হাতী সংঘাতৰ বিষয়টো অতি সংবেদনশীলভাৱে উপস্থাপন কৰিছে। সাধাৰণতে এনে কাহিনীত বন্যপ্ৰাণীক সমস্যা হিচাপে দেখুওৱা হয়। এই চিনেমা খনত প্ৰশ্ন উত্থাপন কৰিছে-- অৰণ্য দখল কৰা মানুহে হাতীৰ ওপৰত অভিযোগ উত্থাপন কৰাৰ নৈতিক অধিকাৰ আছেনে?
২০১৩ , ২০১৪, ২০১৫ চনতো এই শিতানত বঁটাৰ বাবে নিৰ্বাচন কৰে মালায়ালম চিনেমা।
২০১৩ চনত বঁটা লাভ কৰে ড° বিজু পৰিচালিত "পেৰাৰিয়াথাভাৰ" -এ।
চিনেমাখনৰ কাহিনী-ৰেখাৰ মূল বিন্দু-- এজন আবর্জনা সংগ্রহকাৰী পিতৃ আৰু তেওঁৰ সৰু পুত্ৰ। প্ৰতিদিনে তেওঁ আৰু তেওঁৰ সহকৰ্মীসকলে নগৰৰ আবৰ্জনা সংগ্ৰহ কৰি দূৰৱৰ্তী অঞ্চলত পেলাই আহে। কেতিয়াবা সৰু পুত্ৰটিও তেওঁৰ লগত যায়।
এই আবৰ্জনাবাহী গাড়ীৰ যাত্ৰাপথত পিতৃ-পুত্ৰই নগৰৰ উন্নয়নৰ আঁৰত লুকাই থকা এক ভিন্ন জগতৰ মুখামুখি হয়— পথশিশু, আদিবাসী, দৰিদ্ৰ শ্ৰমিক, পৰিচ্ছন্নতাকৰ্মী আদি সমাজৰ প্ৰান্তীয় মানুহৰ জীৱন। তেওঁলোক সমাজৰ বাবে প্ৰয়োজনীয়; কিন্তু সমাজৰ দৃষ্টিত প্ৰায় "অদৃশ্য"। এই নামহীন, পৰিচয়হীন মানুহবোৰৰ বেদনাই চিনেমা খনৰ মূল বিষয়।
চিনেমা খনত পৰিৱেশ আৰু সমাজ— দুয়োটাৰ সংযোগ আৱৰ্জনা, দূষণ আৰু পৰিৱেশ ধ্বংসৰ বিষয়টোক সামাজিক বৈষম্যৰ সৈতে সংযোগ কৰিছে। পৰিৱেশ সংকটৰ বোজাও সাধাৰণতে প্ৰান্তীয় মানুহেই বহন কৰে— এই সত্য চিনেমা খনত স্পষ্টভাৱে প্ৰকাশ পাইছে।
২০১৪ চনত বঁটা লাভ কৰা "অট্টাল" -ৰ পৰিচালক: জয়ৰাজ। আন্টন চেকভৰ ১৮৮৬ চনৰ বিখ্যাত চুটিগল্প "ভঁকা" (Vanka)-ৰ আধাৰত চিত্ৰনাট্য লিখিছিল জুষী মংগলথে।
চিনেমাৰ মূল বিন্দু-- কুট্টাপ্পায়ী। কেৰালাৰ বিস্তৃত জলাভূমি আৰু পখিলা উৰি ফুৰা প্ৰাকৃতিক পৰিৱেশৰ মাজত বাস কৰা এজন কিশোৰ।পিতৃ-মাতৃহীন এই কিশোৰটিক ডাঙৰ-দীঘল কৰে বৃদ্ধ ককাকে। ককাকৰ জীৱিকা মাছ ধৰা আৰু হাঁহ চৰোৱা। দৰিদ্ৰতা আছে, কিন্তু আছে মৰম, স্বাধীনতা আৰু প্ৰকৃতিৰ সৈতে এক নিবিড় সম্পৰ্ক।
কুট্টাপ্পায়ীৰ দিনবোৰ গে থাকে-- চৰাই চোৱা, নদীত সাঁতোৰা, বন্ধু-বান্ধৱৰ সৈতে খেলাধূলা কৰা আৰু ককাকৰ লগত জীৱনৰ সৰু-সৰু সুখবোৰ ভাগ-বতৰা কৰি। কিন্তু এই সৰল জীৱনৰ ওপৰত এদিন দৰিদ্ৰতাৰ কঠোৰ বাস্তৱতাই আঘাত হানে।
বৃদ্ধ ককাকে উপলব্ধি কৰে-- তেওঁৰ মৃত্যুৰ পাছত নাতিয়েকৰ ভৱিষ্যৎ অনিশ্চিত। সেই আশংকাত তেওঁ কুট্টাপ্পায়ীক দূৰৈৰ এখন আতচবাজী কাৰখানালৈ কাম কৰিবলৈ পঠিয়াই দিয়ে। শিশুটিৰ মুক্ত আকাশ, জলাভূমি আৰু শৈশৱৰ আনন্দ এক মুহূৰ্ততে হেৰাই যায়। আৰম্ভ হয় শোষণ, নিঃসঙ্গতা আৰু ঘৰলৈ উভতি যোৱাৰ আকুল অপেক্ষা।
কাহিনী-ৰেখাৰ গতিত শিশু শ্ৰমৰ নীৰৱ প্ৰতিবাদ চিনেমা খনত শ্লোগান বা বক্তৃতা অবিহনে দেখুওৱা হৈছে।
প্ৰকৃতি বনাম শোষণৰ জগত চিনেমা খনৰ শক্তিশালী শিল্প-উপাদান। প্ৰকৃতি কিশোৰ গৰাকীৰ স্বাধীন আত্মাৰ প্ৰতীক।
দৰিদ্ৰতাৰ নিষ্ঠুৰতা। ককাকে নাতিটোক বিক্ৰী কৰিব বিচৰা নাই; নাতিটোৰ ভৱিষ্যৎ সুৰক্ষিত কৰিব বিচাৰিছে। --এই আৱেগ চুই যোৱা।
"ভালিয়া চিৰাকুল্লা পক্ষিকল"-- ২০১৫ চনত বঁটা পোৱা এই চিনেমা খনৰ পৰিচালক: ড° বিজু।
কেৰালাৰ কাছাৰগোড় জিলাৰ পাহাৰীয়া অঞ্চলত বহু বছৰ ধৰি কাজু বাদাম বাগিচাত হেলিকপ্টাৰৰ জৰিয়তে এণ্ড'ছালফান নামৰ বিষাক্ত কীটনাশক ছটিয়াই আহিছিল। ফলত অঞ্চলটোৰ বহু শিশু জন্মগত বিকলাংগতা, শাৰীৰিক জটিলতা আৰু বিভিন্ন ৰোগত আক্ৰান্ত হয়।
এই ভয়ংকৰ বাস্তৱৰ সাক্ষী হয় সাংবাদিক তথা সমাজকৰ্মী মহম্মদ। তেওঁ আক্ৰান্ত পৰিয়ালৰ কাহিনী সংগ্ৰহ কৰে, সত্য উন্মোচনৰ চেষ্টা কৰে আৰু শাসন ব্যৱস্থা, কৰ্প'ৰেট স্বাৰ্থ আৰু সামাজিক উদাসীনতাৰ বিৰুদ্ধে এক দীঘল সংগ্ৰাম আৰম্ভ কৰে।
চিনেমা খনত দেখুওৱা হৈছে-- বিষাক্ত উন্নয়নৰ বলি হোৱা শিশুসকল, ভগ্ন পৰিয়ালসমূহ আৰু ন্যায় বিচাৰি চলা এক অবিৰাম যাত্ৰা।
২০১৬ চনত এই বঁটাৰ নিৰ্বাচিত হয় মণিপুৰী চিনেমা-- লোকতাক লাইৰেম্বী। অসমীয়া অৰ্থ-- লোকতাকৰ দেৱী।
পৰিচালক: হাইচনাম পৱন কুমাৰ। চিনেমা খন মণিপুৰৰ বিখ্যাত লোকতাক হ্ৰদৰ মাছমৰীয়া সমাজৰ সংগ্ৰাম আৰু অন্ধবিশ্বাসৰ পটভূমিত নিৰ্মাণ কৰা হৈছে।
কাহিনী আগ বঢ়াইছে মণিপুৰৰ লোকতাক হ্ৰদৰ পাৰত বাস কৰা এটা সাধাৰণ পৰিয়ালৰ জীৱনক কেন্দ্ৰ কৰি। হ্ৰদটো স্থানীয় মানুহৰ জীৱিকা, সংস্কৃতি, পৰিচয় আৰু অস্তিত্বৰ অংশ।
কিন্তু সময়ৰ লগে লগে তথাকথিত উন্নয়নমূলক প্ৰকল্প, জলসম্পদ ব্যৱস্থাপনা আৰু পৰিৱেশগত হস্তক্ষেপৰ ফলত লোকতাক হ্ৰদৰ স্বাভাৱিক পৰিৱেশৰ ভাৰসাম্য বিঘ্নিত হয়। ইয়াৰ প্ৰভাৱ পৰে মৎস্যজীৱী, কৃষক আৰু হ্ৰদৰ ওপৰত নিৰ্ভৰশীল সাধাৰণ মানুহৰ জীৱনত।
চিনেমা খনত এজন বৃদ্ধা মাতৃৰ ব্যক্তিগত বেদনাৰ মাজেৰে সমগ্ৰ অঞ্চলটোৰ সামাজিক আৰু পৰিৱেশগত সংকটক প্ৰতিফলিত কৰা হৈছে। ব্যক্তিগত ক্ষতি ধীৰে ধীৰে এক সামূহিক বিপৰ্যয়ৰ প্ৰতীক হৈ উঠে।
চিনেমা খনৰ কাহিনীৰ মাজেৰে প্ৰশ্ন-- উন্নয়ন কাৰ বাবে? যদি উন্নয়নৰ ফলত স্থানীয় মানুহেই নিজৰ মাটি, পানী আৰু জীৱিকা হেৰুৱায়, তেন্তে সেই উন্নয়নৰ অৰ্থ কি? মাতৃত্ব আৰু ভূমিৰ বন্ধন চিনেমা খনৰ কাহিনী-ৰেখালৈ আনিছে। মাতৃৰ চৰিত্ৰটো ৰূপালী গল্পটোৰ-- শক্তিশালী ৰূপক। তেওঁ যেন লোকতাকৰ নিজস্ব কণ্ঠস্বৰ, যিয়ে নিজৰ সন্তান আৰু নিজৰ ভূমি দুয়োটাক ৰক্ষা কৰিব বিচাৰে।
পৰিচয়ৰ সংকট লোকতাক হ্ৰদৰ পৰিৱৰ্তিত বাস্তৱতাই স্থানীয় জনগোষ্ঠীৰ সাংস্কৃতিক অস্তিত্বৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰে।
--ইয়াৰ পাছৰ বছৰ ২০১৭ -ৰ বঁটাৰ বাবে নিৰ্বাচন কৰে হিন্দী চিনেমা "ইৰাদা" -ই। বাহ্যিকভাৱে ই এখন অনুসন্ধানমূলক থ্ৰিলাৰ। কিন্তু মূল বিষয় পৰিৱেশ দূষণ, ঔদ্যোগিক উন্নয়ন আৰু জনস্বাস্থ্যৰ মাজৰ সংঘাত। সংঘাতৰ শক্তিশালী বক্তব্য আছে। চিনেমা খনৰ পৰিচালক: অপর্ণা সিং।
উত্তৰ ভাৰতৰ এখন ঔদ্যোগিক নগৰীত হঠাতে এটা বিস্ফোৰণ সংঘটিত হয়। ঘটনাটোৰ তদন্তৰ দায়িত্ব পায় এজন এন.আই.এ. বিষয়াই। তদন্ত আগবঢ়াৰ লগে লগে স্পষ্ট হয়-- সাধাৰণ বিস্ফোৰণৰ ঘটনা নহয়। আঁৰত আছে বহু গভীৰ সামাজিক আৰু পৰিৱেশগত সংকট।
নগৰ খনৰ ভূগৰ্ভস্থ পানী বিষাক্ত হৈ পৰিছে। বহু মানুহ গুৰুতৰ ৰোগত আক্ৰান্ত। বিপৰ্যয়ৰ সত্য গোপন কৰি ৰাখিবলৈ চেষ্টা চলিছে। তদন্তৰ জৰিয়তে ৰাজনীতি, উদ্যোগপতি, প্ৰশাসন আৰু সাধাৰণ মানুহৰ জীৱন একে সূত্ৰত গাঁথ খায়। ধীৰে ধীৰে উন্মোচিত হয়-- উন্নয়নৰ নামত চলা অনিয়ন্ত্ৰিত ঔদ্যোগিক কাৰ্যকলাপ এই সংকটৰ মূল কাৰণ।
চিনেমা খন আংশিকভাৱে পঞ্জাৱৰ ভূগৰ্ভস্থ পানী দূষণ আৰু ঔদ্যোগিক বর্জ্যৰ সমস্যাৰ পৰা অনুপ্ৰাণিত।
এই বঁটা ২০১৮ বৰ্ষত এখন মাৰাঠী চিনেমাই। নাম-- "পানী"। আদিনাথ কোঠাৰিৰ পৰিচালনা।
"পানী" (Paani)
মহাৰাষ্ট্ৰৰ পানী সংৰক্ষণৰ বাবে কাম কৰা বিখ্যাত সমাজকৰ্মী হনুমন্ত কেন্দ্ৰেৰ জীৱন আৰু মহাৰাষ্ট্ৰৰ খৰাংপীড়িত অঞ্চলত পানী সংৰক্ষণ আন্দোলনৰ পৰা অনুপ্ৰাণিত এই চিনেমা খন-- পানীৰ সংকট, জনঅংশগ্ৰহণ আৰু সামাজিক পৰিৱৰ্তনৰ এক অনুপ্ৰেৰণাদায়ক কাহিনী।
কাহিনীত দেখা যায়-- মহাৰাষ্ট্ৰৰ এখন খৰাংপীড়িত গাঁৱত বাস কৰা এজন যুৱক উপলব্ধি কৰে-- গাঁওখনৰ দৰিদ্ৰতা, কৃষিৰ সংকট আৰু মানুহৰ দুৰ্দশাৰ মূল কাৰণ হৈছে পানীৰ অভাৱ। প্ৰতি বছৰে বৰষুণ হয়, কিন্তু সেই পানী সংৰক্ষণৰ ব্যৱস্থা নথকাৰ বাবে অতি সোনকালে অপচয় হয়। গাঁওবাসীয়ে এই অৱস্থাক নিয়তি বুলি মানি লয়। বিপৰীতে যুৱক জনে মানি ল'ব নোৱাৰে। তেওঁ পানী সংৰক্ষণ, জলাধাৰ নিৰ্মাণ আৰু সমূহীয়া শ্ৰমৰ জৰিয়তে গাঁওখনৰ ভাগ্য সলনি কৰাৰ সপোন দেখে। কিন্তু এই পথ সহজ নহয়। সামাজিক বিভাজন, ৰাজনৈতিক বাধা, ব্যক্তিগত ক্ষতি আৰু হতাশাৰ মাজেৰে তেওঁ সংগ্ৰাম অব্যাহত ৰাখে। ধীৰে ধীৰে গাঁওবাসীয়ে উপলব্ধি কৰে-- সমস্যাৰ সমাধান বাহিৰৰ পৰা নহয়, নিজৰ হাতেৰেই সম্ভৱ।
চিনেমা খনৰ বিষয়বস্তু: পানী আৰু জীৱন।
মূল বক্তব্য— পানী কেৱল প্ৰাকৃতিক সম্পদ নহয়; জীৱন, কৃষি, অৰ্থনীতি আৰু সামাজিক স্থিতিশীলতাৰ আধাৰ।
এই শিতান বঁটা লাভ কৰা আৰু তিনিখন চিনেমা-- অৰুণাচল প্ৰদেশৰ মনপা (Monpa) উপভাষাত নিৰ্মিত ( য়েছে দৰজে থংচিৰ অসমীয়া উপন্যাস 'শৱ কটা মানুহ'ৰ আধাৰত) "ৱাটাৰ বাৰিয়েল" (২০১৯), জনপ্ৰিয় কানাড়া ভাষাৰ চিনেমা "তলেদান্দা" (২০২০) আৰু মালায়ালম ভাষাৰ চিনেমা "আবাসব্যূম" (২০২১)।
২০২২ চনৰ পৰা এই শিতানটো বিলুপ্ত কৰি "Best Feature Film Promoting National, Social and Environmental Values" নামৰ নতুন শিতান অন্তৰ্ভুক্ত কৰা হয়।
"ৱাটাৰ বাৰিয়েল" শান্তনু সেনৰ পৰিচালনা। চিনেমা খনৰ কাহিনী: অৰুণাচল প্ৰদেশৰ মন্পা (Monpa) জনজাতিৰ এক পৰম্পৰাগত প্ৰথা। এই প্ৰথা অনুসৰি, মানুহ এজনৰ মৃত্যুৰ পাছত শৰীৰটো ১০৮ টুকুৰা কৰি নদীৰ পানীত পেলাই দিয়া হয়, যাতে জলজ প্ৰাণীবোৰে সেই শৰীৰ ভক্ষণ কৰিব পাৰে।
চিনেমা খনক এই শিতানত বঁটা দিয়াৰ কাৰণ-- পৰিৱেশ সংৰক্ষণৰ ধাৰণাক এক অনন্য সাংস্কৃতিক আৰু দাৰ্শনিক পৰিপ্ৰেক্ষিতত উপস্থাপন কৰিছে। মন্পা সমাজৰ জল-সমাধি প্ৰথাৰ জৰিয়তে চিনেমা খনে দেখুৱাইছে-- মানুহ আৰু প্ৰকৃতি পৃথক সত্তা নহয়; জীৱন আৰু মৃত্যুৰ দুয়োটা পৰ্যায়তে মানুহ প্ৰকৃতিৰেই অংশ। পৰিৱেশক জীৱনদৰ্শনৰ স্তৰলৈ উন্নীত কৰাৰ এই ব্যতিক্ৰমী দৃষ্টিভংগীয়েই ছবিখনক বিশেষ মৰ্যাদা প্ৰদান কৰিছে।
বঁটা প্ৰাপ্ত আন খন চিনেমা-- "তলেদান্দা"ৰ পৰিচালক প্রবীন কৃপাকৰ। চিনেমা খনত আধুনিক সমাজৰ প্ৰকৃতি-বিৰোধী মনোভাৱৰ বিপৰীতে এজন মানসিকভাৱে বিশেষ সক্ষম যুৱকৰ প্ৰকৃতি প্ৰেম আৰু পৰিৱেশ সচেতনতাক কেন্দ্ৰ কৰি কাহিনী নিৰ্মাণ কৰিছে।
চিনেমা খনৰ কেন্দ্ৰীয় চৰিত্ৰ-- কুন্নেগৌড়া (কুন্না)। এজন মানসিকভাৱে বিশেষ সক্ষম যুৱক। কিন্তু গছ-গছনি, অৰণ্য আৰু প্ৰকৃতিৰ প্ৰতি তেওঁৰ প্ৰেম অসীম। গাঁৱৰ আন বহু "স্বাভাৱিক" মানুহে ব্যক্তিগত লাভৰ বাবে গছ কাটে, প্ৰকৃতি ধ্বংস কৰে আৰু পৰিৱেশৰ ক্ষতি কৰে। কিন্তু কুন্নাই প্ৰতিটো গছক জীৱন্ত সত্তা হিচাপে অনুভৱ কৰে।
কুন্নাই অৰণ্য আৰু গছ-গছনি ৰক্ষাৰ বাবে আপ্ৰাণ চেষ্টা কৰে। কিন্তু তেওঁৰ এই প্ৰচেষ্টা সমাজৰ লোভ, ৰাজনৈতিক স্বাৰ্থ আৰু উন্নয়নৰ নামত চলা ধ্বংসযজ্ঞৰ সৈতে সংঘৰ্ষত লিপ্ত হয়। কাহিনী আগবঢ়াৰ লগে লগে স্পষ্ট হয়-- সমাজে যাক "অক্ষম" বুলি গণ্য কৰে, প্ৰকৃতিৰ প্ৰতি দায়বদ্ধতাৰ ক্ষেত্ৰত সেয়াই আটাইতকৈ সচেতন আৰু সংবেদনশীল ব্যক্তি।
পৰিৱেশ সচেতনতা "তালেদান্দা"য়ে বিশ্ব উষ্ণায়ন, পৰিৱেশ ধ্বংস আৰু ভৱিষ্যৎ প্ৰজন্মৰ প্ৰতি মানুহৰ দায়িত্বৰ বিষয় উত্থাপন কৰিছে।
লগতে এক প্ৰশ্ন-- 'স্বাভাৱিক' কোন?
যাক সমাজে মানসিকভাৱে অক্ষম বুলি কয়, সেয়াই হয়তো প্ৰকৃতি আৰু জীৱনৰ প্ৰকৃত মূল্য আটাইতকৈ বেছি বুজে। আনহাতে তথাকথিত শিক্ষিত আৰু ক্ষমতাশালী লোকেই বহু সময়ত ধ্বংসৰ কাৰণ হৈ উঠে।
চিনেমা খনত পৰিচালকে পৰিৱেশ সংৰক্ষণৰ বাৰ্তাক কোনো বক্তৃতামূলক ভংগীত নহয়, মানৱিক কাহিনীৰ মাজেৰে উপস্থাপন কৰিছে। সফল হৈছে।
আন খন চিনেমা "আৱাসব্যূহম"ৰ পৰিচালক: কৃষান্দ আৰ কে। চিনেমা খনৰ শিৰোনামৰ অসমীয়া অৰ্থ-- বাসস্থান, জীৱ-জগতৰ আবাসভূমি।
চিনেমা খনৰ প্ৰসংগত ক'ব পাৰি-- বিজ্ঞান-কল্পকাহিনী, ব্যংগ, মকুমেণ্টাৰী (mockumentary) আৰু পৰিৱেশভিত্তিক সামাজিক ভাষ্য। ভাৰতীয় চিনেমাত সচৰাচৰ দেখা নোপোৱা আখ্যানভংগীৰে নিৰ্মিত এই চিনেমা খনে মানুহ আৰু প্ৰকৃতিৰ সম্পৰ্কক এক অভিনৱ ৰূপত অনুসন্ধান কৰিছে।
কেৰালাৰ উপকূলীয় অঞ্চল পুথুভাইপত হঠাতে আবিৰ্ভাৱ ঘটে জয় নামৰ এজন ৰহস্যময় ব্যক্তিৰ। জয় ক'ৰ পৰা আহিল, কোন, ক'লৈ গ'ল— সেই বিষয়ে কোনো নিশ্চিত তথ্য নাই। স্থানীয় মানুহে তেওঁৰ বিষয়ে বিভিন্ন কাহিনী কয়। কেতিয়াবা তেওঁক সাধাৰণ মানুহ যেন লাগে, কেতিয়াবা তেওঁ যেন প্ৰকৃতিৰ সৈতে এক অলৌকিক সম্পৰ্ক থকা কোনো সত্তা।
কাহিনী আগবাঢ়ে তথ্যচিত্ৰ সদৃশ অনুসন্ধানৰ ৰূপত। মাছমৰীয়া সমাজ, মেংগ্ৰোভ অৰণ্য, পৰিযায়ী চৰাই, উপকূলীয় জীৱবৈচিত্ৰ্য আৰু এটা পেট্ৰ'লিয়াম কোম্পানীৰ আগ্ৰাসী প্ৰকল্পৰ মাজত জয়ৰ জীৱন আৰু পৰিচয়ৰ ৰহস্য জড়িত হৈ পৰে। ধীৰে ধীৰে দৰ্শকে উপলব্ধি কৰে-- জয় বিপন্ন হৈ পৰা প্ৰকৃতিৰ এক প্ৰতীক।
চিনেমা খনৰ কেন্দ্ৰীয় ভাবনা হৈছে— মানুহে নিজকে প্ৰকৃতিৰ ওপৰত থকা শাসক বুলি ভাবিলেও বাস্তৱত মানুহো এক বৃহৎ পৰিৱেশগত ব্যৱস্থাৰ অংশ। প্ৰকৃতিৰ ক্ষতি মানে শেষত মানৱ সমাজৰ নিজৰ ক্ষতি।
মেংগ্ৰোভ ধ্বংস, ঔদ্যোগিক আগ্ৰাসন আৰু উপকূলীয় পৰিৱেশৰ অৱক্ষয়ৰ জৰিয়তে চিনেমা খনৰ মাজেৰে পৰিচালকে আধুনিক উন্নয়ন মডেলৰ সমালোচনা কৰিছে।
জয়ৰ চৰিত্ৰটো একে সময়তে পৌৰাণিক, বৈজ্ঞানিক আৰু ৰূপকধৰ্মী। এই বৈশিষ্ট্যই চিনেমা খনক সাধাৰণ পৰিৱেশ বিষয়ক ৰূপালী গল্পৰ পৰা পৃথক কৰি তুলিছে।
চিনেমা খনৰ নামেই ইয়াৰ মূল বক্তব্য। মানুহৰ দৰে আন জীৱ-জন্তু, চৰাই, মাছ আৰু উভচৰ প্ৰাণীৰো নিজস্ব আবাসভূমি আছে। উন্নয়নৰ নামত সেই আবাসভূমি ধ্বংস কৰাৰ নৈতিক অধিকাৰ মানুহৰ আছে জানো? — এই প্ৰশ্ন উত্থাপন কৰিছে।
[লিখি আছোঁ]
কোন মন্তব্য নেই:
একটি মন্তব্য পোস্ট করুন