"মই মোৰ নিজৰ কণ্ঠেৰে গান গাম।"
--এই সপোনটোৱে এগৰাকী যুৱকৰ সমগ্ৰ জীৱন সলনি কৰি দিয়ে।
আমেৰিকাৰ এটা ইহুদী পৰিয়াল। পিতৃ উপাসনালয়ৰ এগৰাকী সন্মানীয় ধৰ্মীয় সংগীতশিল্পী (কেণ্টৰ/Cantor) আছিল। পিতৃৰ অটল বিশ্বাস-- বহু প্ৰজন্ম ধৰি চলি অহা এই পৰম্পৰা পুত্ৰই আগবঢ়াই নিব। কিন্তু পুত্ৰ জেকি ৰেবিন'ভিজৰ মন আন ফালে। তেওঁৰ হৃদয় টানে জাজ সংগীতলৈ, মঞ্চলৈ, নতুন জীৱনৰ আহ্বানলৈ। পৰিয়ালৰ ইচ্ছা আৰু ব্যক্তিগত সপোনৰ মাজত সংঘাত ক্ৰমে গভীৰ হয়। শেষত তেওঁ ঘৰ এৰি যায়, নিজৰ নাম সলাই জেক ৰবিন হিচাপে শিল্পী-জীৱন আৰম্ভ কৰে।
কিছু বছৰ-- পাছত তেওঁৰ সপোন পূৰণ হ'বলৈ ওলাইছে। ব্ৰডৱেৰ এখন ডাঙৰ মঞ্চত অভিনয়ৰ সুযোগ লাভ কৰিছে। কিন্তু ঠিক সেই সময়তে খবৰ আহে-- পিতৃ মৃত্যু শয্যাত। ইয়ম কিপ্পুৰ উপলক্ষে উপাসনালয়ত পিতৃৰ ঠাইত পৰম্পৰাগত প্ৰাৰ্থনাৰ গীত গোৱাৰ বাবে ঘৰলৈ ঘূৰি আহিবলৈ পৰিয়ালে অনুৰোধ জনায়। জীৱনৰ আটাইতকৈ ডাঙৰ পেছাগত সুযোগ আৰু পিতৃৰ শেষ ইচ্ছাৰ মাজত জেকে কোনটো পথ বাছি ল'ব?
এই প্ৰশ্নটোৱেই "The Jazz Singer" -ৰ নাটকীয় কেন্দ্ৰ বিন্দু।
৬ অক্টোবৰ, ১৯২৭। আমেৰিকাৰ ৱাৰ্নাৰ ব্ৰাদাৰ্ছে মুক্তি দিছিল এই চিনেমা খন। পৰিচালক এলান ক্ৰছলেণ্ড, মুখ্য ভূমিকাত আল জ'লছন। দৈৰ্ঘ: ৮৯ মিনিট । বিশ্বৰ প্ৰথম সফল পূৰ্ণদৈৰ্ঘ্যৰ সবাক চিনেমা হিচাপে স্বীকৃতি দিয়া হৈছে।
চিনেমা খনৰ প্ৰতিটো দৃশ্যতে সংলাপ নাছিল। অধিকাংশ অংশই নিৰ্বাক চিনেমাৰ ধাৰাত নিৰ্মিত। কিন্তু কেইবাটাও দৃশ্যত অভিনেতাৰ প্ৰকৃত কণ্ঠ, সংলাপ আৰু গীত শুনিবলৈ পোৱা গৈছিল। সেই সময়ৰ দৰ্শকৰ বাবে এই অভিজ্ঞতা আছিল প্ৰায় অবিশ্বাস্য।
আল জ'লছনে হঠাতে দৰ্শকৰ ফালে চাই কোৱা সেই বিখ্যাত সংলাপ--"You ain't heard nothin' yet!" আজিও বিশ্ব চিনেমাৰ ইতিহাসৰ অন্যতম স্মৰণীয় মুহূৰ্ত। এই সংলাপ আছিল সমগ্ৰ নিৰ্বাক যুগক উদ্দেশ্যি কৰা এক ঘোষণা--
এতিয়াৰ পৰা ছবিয়ে কথা ক'ব!
"শব্দ" -ই সলনি কৰিলে চিনেমাৰ ভাষা।
"The Jazz Singer" -ত ব্যৱহাৰ কৰা হৈছিল Vitaphone নামৰ শব্দ-প্ৰযুক্তি। এই ব্যৱস্থাত শব্দ ফিল্মৰ ওপৰত নাছিল; পৃথক গ্ৰামোফোন ডিস্কত ৰেকৰ্ড কৰা হৈছিল আৰু প্ৰদৰ্শনৰ সময়ত চলমান-ছবিৰ সৈতে নিখুঁতভাৱে মিলাই চলোৱা হৈছিল। আজিৰ ডিজিটেল যুগত এই পদ্ধতি আদিম যেন লাগিব পাৰে, কিন্তু ১৯২৭ চনত ই আছিল এক প্ৰযুক্তিগত বিস্ময়।
চিনেমা যে কেৱল দৃশ্যৰ শিল্প নহয়, শব্দও তাৰ সৃষ্টিশীল ভাষা হ'ব পাৰে-- এই উপলব্ধি বিশ্বই প্ৰথমবাৰৰ বাবে বৃহৎ পৰিসৰত অনুভৱ কৰিছিল "The Jazz Singer" -ৰ জৰিয়তে।
|| নিৰ্বাক যুগৰ অৱসান ||
এই চিনেমা খনৰ আগতেও শব্দযুক্ত চিনেমাৰ ওপৰত পৰীক্ষা হৈছিল। কিন্তু সেয়া সীমিত সফলতাতেই আবদ্ধ আছিল। "The Jazz Singer" -ই বাণিজ্যিকভাৱে অভূতপূৰ্ব সফলতা লাভ কৰাৰ লগে লগে হলিউডৰ সকলো বৃহৎ ষ্টুডিঅ'ই শব্দ-প্ৰযুক্তিত বিনিয়োগ আৰম্ভ কৰে। মাত্ৰ দু-তিনি বছৰৰ ভিতৰতে নিৰ্বাক চিনেমা প্ৰায় সম্পূৰ্ণৰূপে ইতিহাস হৈ পৰে।
ইয়াৰ লগে লগে বহু তাৰকাৰ কেৰিয়াৰো সলনি হৈছিল। যিসকল অভিনেতাৰ মুখাভিনয় আছিল অসাধাৰণ, কিন্তু কণ্ঠ, উচ্চাৰণ বা ভাষাগত সীমাবদ্ধতা আছিল, তেওঁলোকৰ বহুতে নতুন যুগত স্থান ধৰি ৰাখিব নোৱাৰিলে। বিপৰীতে, যিসকলৰ কণ্ঠশৈলী, সংলাপ কোৱাৰ দক্ষতা আৰু সংগীতজ্ঞান আছিল, তেওঁলোক নতুন যুগৰ নায়ক-নায়িকা হৈ উঠিল।
অভিনয়, সংগীত আৰু নন্দনতত্ত্বৰ নতুন দিগন্ত
সবাক চিনেমাই অভিনয়ৰ ব্যাকৰণ সলনি কৰিলে। নিৰ্বাক যুগৰ অতিৰঞ্জিত শৰীৰী অভিব্যক্তিৰ ঠাই ল'লে সংযত অভিনয়ে। সংলাপ, নীৰৱতা, শব্দ-প্ৰভাৱ আৰু সংগীত কাহিনী কোৱাৰ সমান শক্তিশালী মাধ্যম হৈ উঠিল। পৰৱৰ্তী সময়ত অৰ্ছন ৱেলছ, আলফ্ৰেড হিচকক, সত্যজিৎ ৰায়, আকিৰা কুৰ'ছাৱা, ইঙমাৰ বাৰ্গমানৰ দৰে বিশ্ববিখ্যাত পৰিচালকসকলে শব্দক কাহিনী কোৱাৰ এক স্বতন্ত্ৰ নন্দনতাত্ত্বিক উপাদান হিচাপে ব্যৱহাৰ কৰে। এই ধাৰাটোৰ সূচনাৰ অন্যতম মাইলষ্টোন আছিল "The Jazz Singer"।
|| চিনেমাখনৰ সমালোচনা ||
আজিৰ দৃষ্টিত "The Jazz Singer" বিতৰ্কমুক্ত নহয়। আল জ'লছনে মঞ্চত Blackface ব্যৱহাৰ কৰা দৃশ্যসমূহক বৰ্তমান বৰ্ণবৈষম্যমূলক সাংস্কৃতিক উপস্থাপনৰ উদাহৰণ হিচাপে কঠোৰ সমালোচনা কৰা হয়। গতিকে এই চিনেমা একে সময়তে দুটা দৃষ্টিৰে মূল্যায়ন কৰিছে-- এফালে ইয়াৰ প্ৰযুক্তিগত আৰু ঐতিহাসিক বৈপ্লৱিক অৱদান, আনফালে ইয়াৰ সময়ৰ সামাজিক আৰু সাংস্কৃতিক সীমাবদ্ধতা।
|| ইতিহাসত এক চিৰস্থায়ী স্থান ||
আজিৰ অত্যাধুনিক ডিজিটেল শব্দ, ডলবি এটমছ, বহুমাত্ৰিক শব্দ-ডিজাইন আৰু কৃত্ৰিম বুদ্ধিমত্তাভিত্তিক শব্দ-প্ৰযুক্তিৰ শিপাডাল বিচাৰি গ'লে ইতিহাসে আমাক ঘূৰাই নিয়ে ১৯২৭ চনৰ সেই সন্ধিয়ালৈ। যিদিনা প্ৰথমবাৰৰ বাবে ৰূপালী পৰ্দাৰ এজন চৰিত্ৰই দৰ্শকক উদ্দেশ্যি কৈছিল—"You ain't heard nothin' yet!"
সেই সংলাপ আছিল বিশ্ব চিনেমাৰ নতুন যুগৰ আনুষ্ঠানিক আত্মপ্ৰকাশ।
কোন মন্তব্য নেই:
একটি মন্তব্য পোস্ট করুন