সরাসরি প্রধান সামগ্রীতে চলে যান

তাই হেনো পাটমাদৈ | নাট্যচৰ্চা

৯ আগষ্ট, ২০২৬। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত মঞ্চস্থ হয় অসমৰ অন্যতম অভিনয়-শিক্ষা প্ৰতিষ্ঠান নৰ্থ-ইষ্ট থিয়েটাৰ একাডেমী (NETA)-ৰ প্ৰযোজনা ‘তাই হেনো পাটমাদৈ’। অনুভৱী ঔপন্যাসিক শিৱানী বৰাৰ উপন্যাসৰ আধাৰত বিনয় শইকীয়াৰ নাট্যৰূপ আৰু সীমান্ত ফুকনৰ পৰিকল্পনা-পৰিচালনাত নিৰ্মিত এই নাটখন আহোম ইতিহাসৰ এক কৰুণ অধ্যায়ৰ নাট্য-অন্বেষণ। ইতিহাস, প্ৰেম, ৰাজনীতি, ষড়যন্ত্ৰ, বিশ্বাসঘাতকতা, ত্যাগ আৰু মানৱ-মুক্তিৰ আকাংক্ষাক একেটা নাট্য-কাঠামোৰ ভিতৰত সংযুক্ত কৰি নাটকখনে অতীতৰ এক নিষ্ঠুৰ পৰম্পৰাক সমকালীন মানৱীয় প্ৰশ্নৰ সৈতে সংযোগ কৰাৰ চেষ্টা কৰিছে।
বিজয়গড়ৰ ৰাজকুমাৰী ৰূপহী কুঁৱৰী ৰাজনৈতিক চুক্তিৰ বলি হৈ আহোম স্বৰ্গদেউ বিচিত্ৰ সিংহৰ সৈতে বিবাহসূত্ৰত আবদ্ধ হয়। অথচ তেওঁৰ হৃদয় নিবেদিত আছিল আহোম সেনাপতি দিগ্বিজয় ডেকাফুকনৰ প্ৰতি। ৰাজনীতি আৰু ক্ষমতাৰ জটিল সমীকৰণত তেওঁলোকৰ প্ৰেম অপূৰ্ণ হৈ ৰয়। বিচিত্ৰ সিংহৰ মৃত্যুৰ পাছত পৰম্পৰা আৰু ৰাজকীয় বিধিৰ নামত ৰূপহী কুঁৱৰীকে ধৰি একাংশ জীৱিত মানুহক মৃত ৰজাৰ সৈতে মৈদামত জীৱন্তে সমাধিস্থ কৰাৰ ভয়ংকৰ সিদ্ধান্তই কাহিনীক এক গভীৰ অন্ধকাৰলৈ লৈ যায়।
মৈদামৰ ভিতৰৰ সেই অন্ধকাৰ কেৱল মৃত্যুৰ অপেক্ষাৰ অন্ধকাৰ নহয়; স্মৃতি, অপূৰ্ণ প্ৰেম, বিশ্বাস ঘাতকতা, অনুশোচনা, ভয়, কুসংস্কাৰ আৰু জীয়াই থকাৰ অদম্য আকাংক্ষাৰ এক মনস্তাত্ত্বিক পৰিসৰ। সেয়েহে মৈদামখন নাটখনত কেৱল এটা সমাধিস্থল হৈ থকা নাই; অমানৱীয় পৰম্পৰা, ক্ষমতা, ভয় আৰু শোষণৰ এক শক্তিশালী ৰূপকলৈ পৰিণত হৈছে। আনহাতে, মৈদাম ভাঙিবলৈ হাতুৰী তুলি লোৱা মানুহবোৰে প্ৰতিনিধিত্ব কৰে মুক্তিৰ আকাংক্ষা, যুক্তিবাদ আৰু মানুহৰ জীৱন-মৰ্যাদাৰ প্ৰতি অদম্য বিশ্বাসক।

|| ইতিহাসৰ পৰা নাট্য-কাহিনীলৈ ||

আহোমসকলে প্ৰায় ছয়শ বছৰ অসমত ৰাজত্ব কৰিছিল। এই দীঘলীয়া সময়ছোৱাত তেওঁলোকৰ ৰাজনীতি, সমাজ-ব্যৱস্থা, ৰীতি-নীতি আৰু পৰম্পৰাৰ বহু দিশ বুৰঞ্জীত লিপিবদ্ধ হৈছে। আহোম বুৰঞ্জী-চৰ্চাৰ অন্যতম গুৰুত্বপূৰ্ণ বৈশিষ্ট্য আছিল ঘটনাৰ নথিভুক্তিকৰণৰ পৰম্পৰা। সেই ঐতিহাসিক স্মৃতিৰ ভিতৰত থকা কিছুমান নিষ্ঠুৰ পৰম্পৰাক আধাৰ কৰি শিৱানী বৰাই ৰচনা কৰিছে ‘তাই হেনো পাটমাদৈ’ উপন্যাস।
আহোম সমাজত প্ৰচলিত ‘চাও-চাও’ পৰম্পৰাৰ সৈতে মৈদামত মৃত ৰজাৰ লগত জীৱিত মানুহ, হাতী-ঘোঁৰা, ধন-সম্পত্তি আদি সমাধিস্থ কৰাৰ এক কৰুণ ইতিহাস জড়িত হৈ আছে। বুৰঞ্জীত স্বৰ্গদেউ চুহুংমুং বা দিহিংগীয়া ৰজাৰ মৃত্যুৰ পাছত তেওঁৰ সৈতে নজন মানুহক জীৱন্তে সমাধিস্থ কৰাৰ উল্লেখ পোৱা যায়। পাছত ১৬১৭ চনত স্বৰ্গদেউ প্ৰতাপ সিংহই আয়ন বুঢ়াগোহাঁইৰ পৰামৰ্শমতে এই নিষ্ঠুৰ প্ৰথা বন্ধ কৰাৰ নিৰ্দেশ দিয়ে আৰু তাৰ বিকল্প হিচাপে মানুহৰ প্ৰতিমূৰ্তি কাঠ বা মাটিৰে নিৰ্মাণ কৰি সমাধিস্থ কৰাৰ ব্যৱস্থা প্ৰৱৰ্তন কৰে।
ইতিহাসৰ এই কৰুণ প্ৰেক্ষাপটেই শিৱানী বৰাৰ কল্পনাত এক সাহিত্যিক ৰূপ লাভ কৰিছে। উপন্যাসখনৰ কাহিনী ঐতিহাসিক তথ্যৰ হুবহু পুনৰাবৃত্তি নহয়; ইতিহাসৰ এক নিষ্ঠুৰ সামাজিক পৰম্পৰাক আধাৰ কৰি নিৰ্মিত এক কাল্পনিক মানৱীয় কাহিনী। ৰাজতন্ত্ৰৰ ক্ষমতাৰ লালসা, ষড়যন্ত্ৰ, বিশ্বাসঘাতকতা আৰু অন্ধবিশ্বাসৰ মাজত মানুহৰ সৰু সৰু আশা, প্ৰেম আৰু জীয়াই থকাৰ হাবিয়াস কেনেকৈ বন্দী হৈ পৰে-- সেইটোৱেই উপন্যাসখনৰ কেন্দ্ৰীয় বোধ।
এই দৃষ্টিৰে চালে ‘তাই হেনো পাটমাদৈ’ এক অতীত কাহিনী, মানুহৰ স্বাধীনতা আৰু মৰ্যাদাৰ বাবে চলি অহা চিৰন্তন সংগ্ৰামৰ এক ৰূপকধৰ্মী আখ্যান। 

|| নাট্যৰূপ আৰু কাহিনী-গঠন ||
এখন উপন্যাসক প্ৰায় ৯০ মিনিটৰ মঞ্চ-সময়ৰ ভিতৰত সংহত নাট্য-আখ্যানলৈ ৰূপান্তৰ কৰাটো সহজ কাম নহয়। এই ক্ষেত্ৰত বিনয় শইকীয়াৰ নাট্যৰূপৰ প্ৰধান শক্তি হৈছে তেওঁ মূল কাহিনীৰ কেন্দ্ৰীয় সংঘাত-- মৈদামৰ অন্ধকাৰৰ ভিতৰত বন্দী মানুহৰ মুক্তিৰ আকাংক্ষা অক্ষুণ্ণ ৰাখিবলৈ চেষ্টা কৰিছে।
নাট্য-কাহিনীৰ গতি আৰু উপস্থাপনাত ব্যৱহৃত কিছুমান চিনেমাটিক কৌশল বিশেষভাৱে দৃষ্টি আকৰ্ষণ কৰে। বিশেষকৈ ফ্লেছবেকৰ ব্যৱহাৰ উল্লেখযোগ্য। অতীত আৰু বৰ্তমানৰ মাজত দৃশ্যগত আৰু আখ্যানগত সংযোগ স্থাপন কৰি ফ্লেছবেকে চৰিত্ৰসমূহৰ অতীত, সম্পৰ্ক আৰু সংঘাতৰ স্তৰসমূহ উন্মোচন কৰিবলৈ সহায় কৰিছে। ফলত নাট্য-আখ্যানটোৱে একাধিক সময়-স্তৰ লাভ কৰিছে আৰু কাহিনীটো অধিক বহুমাত্ৰিক কৰাৰ সম্ভাৱনা সৃষ্টি হৈছে।
কিন্তু ইয়াতেই নাট্যৰূপটোৰ এক সীমাবদ্ধতাও দেখা যায়। উপন্যাসৰ বিস্তৃত কাহিনী আৰু চৰিত্ৰ-জগতক সীমিত মঞ্চ-সময়ত সামৰি লোৱাৰ প্ৰয়োজনত কিছুমান ফ্লেছবেক দৃশ্য আৰু সংলাপ কেতিয়াবা কাহিনীৰ মূল গতিৰ সৈতে সম্পূৰ্ণৰূপে সংহত হোৱা যেন নালাগে। ফলত নাট্য-সংঘাত যি তীব্ৰতাৰে ক্ৰমাগতভাৱে বৃদ্ধি পাব লাগিছিল, কিছু কিছু মুহূৰ্তত তাত ছন্দপতন ঘটে।
একেদৰে, মৈদামৰ ভিতৰত এটাৰ পাছত এটাকৈ চৰিত্ৰৰ মৃত্যুৰ কাৰণো অধিক স্পষ্টভাৱে নাট্য-ভাষাত প্ৰতিষ্ঠা কৰিব পৰা গ'লহেঁতেন। সেই মৃত্যুবোৰ খাদ্যৰ অভাৱত, মৃতদেহৰ দুৰ্গন্ধময় পৰিৱেশত, মানসিক চাপত, নে ভয়-আতংকৰ ফলত-- এই প্ৰশ্নৰ স্পষ্ট নাট্য-উত্তৰ দৰ্শকৰ বাবে সম্পূৰ্ণৰূপে মুকলি হৈ নাথাকে। অথচ এই "মৃত্যু"ক মৈদামৰ ভিতৰৰ ভয়াবহতা আৰু জীয়াই থকাৰ সংগ্ৰামক অধিক তীব্ৰ কৰি তুলিব পাৰিলেহেঁতেন।
সেইদৰে নাটখনৰ শেষৰ "পোহৰ"ৰ অৰ্থও এক গুৰুত্বপূৰ্ণ ব্যাখ্যাৰ প্ৰশ্ন হৈ থাকে। মৈদাম ভাঙি মুক্তি লাভৰ প্ৰচেষ্টা যেন মৈদামৰ ভিতৰতে সীমাবদ্ধ হৈ ৰয়। তেন্তে শেষত দেখা পোহৰটো কিহৰ প্ৰতীক-- মুক্তিৰ, মৃত্যুৰ, নে নতুন প্ৰজন্মৰ? পাটমাদৈ আৰু দিগ্বিজয় ডেকাফুকনে অন্তিম মুহূৰ্তত দেখা পোহৰখিনি কি তেওঁলোকৰ ব্যক্তিগত মুক্তি, নে ভৱিষ্যৎ প্ৰজন্মৰ সম্ভাৱনাৰ প্ৰতীক? নাটখনে এই প্ৰশ্নবোৰৰ নিশ্চিত উত্তৰ নিদিয়ে। অৱশ্যে এই অনিশ্চয়তাই দৰ্শকৰ মনত আত্মজিজ্ঞাসাৰ এক পৰিসৰো সৃষ্টি কৰে।
নাটখনৰ কিছু দৃশ্য সংক্ষিপ্ত কৰি আখ্যানৰ মেদবহুলতা হ্ৰাস কৰিব পৰা গ'লহেঁতেন। তেনে কৰিলে মূল সংঘাত অধিক ঘনীভূত, গতি অধিক সুশৃংখল আৰু নাট্য-উত্তেজনা অধিক তীব্ৰ হোৱাৰ সম্ভাৱনা আছিল।
পৰিচালনা, অভিনয় আৰু মঞ্চভাষা
পৰিচালনাৰ পৰিপাটিতা নাটখনৰ অন্যতম শক্তিশালী দিশ। সীমান্ত ফুকনে ইতিহাস ভিত্তিক কাহিনী এটাক কেৱল দৃশ্যগত আড়ম্বৰত আবদ্ধ নাৰাখি তাৰ অন্তৰ্নিহিত মানৱীয় সংকটক মঞ্চত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছে। পৰিচালনাৰ এই দৃষ্টিভংগীয়েই নাটখনক কেৱল ঐতিহাসিক পুনৰ্নিৰ্মাণৰ পৰ্যায়ত সীমাবদ্ধ নাৰাখি এক মানৱীয় নাট্য-অভিজ্ঞতালৈ লৈ গৈছে।
অভিনয়ৰ লগতে প্ৰথমে উল্লেখ কৰিবলগীয়া ইতিবাচক দিশ হৈছে পোহৰ আৰু সংগীতৰ সুসমন্বিত প্ৰয়োগেৰে নিৰ্মিত ‘নাট্য-পৰিবেশ’। পোহৰ আৰু সংগীতৰ নান্দনিক বিন্যাসে মঞ্চৰ পৰিসৰক দৃশ্যগতভাৱে সমৃদ্ধ কৰাৰ লগতে নাট্য-আৱহক অধিক সংবেদনশীল আৰু অৰ্থৱহ কৰি তুলিছে। অন্ধকাৰ, ছাঁ, পোহৰৰ বিচ্ছুৰণ আৰু সংগীতৰ স্তৰবিন্যাসে মৈদামৰ ভিতৰৰ মনস্তাত্ত্বিক পৰিৱেশ নিৰ্মাণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
এই ক্ষেত্ৰত mise-en-scène-ৰ ব্যৱহাৰো উল্লেখযোগ্য। মঞ্চসজ্জা, পোহৰ, সাজ-পোছাক, অভিনেতাৰ অৱস্থান, দৃশ্যগত বিন্যাস আৰু সংগীত-- এই সকলো উপাদানৰ আন্তঃসম্পৰ্কই এক নিৰ্দিষ্ট সময়-স্থান আৰু মানসিক পৰিৱেশ নিৰ্মাণ কৰিছে। অৰ্থাৎ নাটখনৰ দৃশ্যভাষা কেৱল কাহিনী কোৱাৰ মাধ্যম নহয়;  নিজেই কাহিনীৰ অৰ্থ নিৰ্মাণৰ এক সক্ৰিয় উপাদান।
বিশেষকৈ মঞ্চসজ্জা, পোহৰ আৰু সাজসজ্জাই নাটখনৰ ঐতিহাসিক পটভূমি আৰু সময়-চেতনাক বিশ্বাসযোগ্য কৰি তুলিছে। মঞ্চৰ সীমিত পৰিসৰক বিভিন্ন দৃশ্যগত উপাদানেৰে বহুমাত্ৰিক কৰি তোলাটো পৰিচালনাৰ এক সফল প্ৰয়াস।
আৱহ সংগীতৰ ক্ষেত্ৰত অৱশ্যে কিছু দৃশ্যত উচ্চ প্ৰাবল্যই সংলাপ আৰু অভিনয়ৰ সূক্ষ্মতা আংশিকভাৱে ঢাকি পেলোৱা যেন অনুভৱ হয়। সংগ্ৰামৰ মুহূৰ্তত অভিনেতাসকলে পৰিৱেশন কৰা দলীয় গীতটোত যি আবেগিক তীব্ৰতা আৰু সমষ্টিগত শক্তিৰ প্ৰয়োজন আছিল, সেয়া সম্পূৰ্ণৰূপে বিকশিত হোৱা যেন নালাগিল। সেই দৃশ্যত অভিনয়, কোৰাছ আৰু কৰিঅগ্ৰাফিক কম্পোজিচনৰ মাজত আৰু অধিক সংহতি থাকিলে নাট্য-উত্তেজনা অধিক শক্তিশালী হ'লহেঁতেন।
তথাপিও সীমান্ত ফুকনৰ পৰিচালনাৰ এক গুৰুত্বপূৰ্ণ সফলতা হৈছে-- তেওঁ অভিনেতা-অভিনেত্ৰীসকলৰ পৰা যথেষ্ট সংযত আৰু বিশ্বাসযোগ্য অভিনয় উলিয়াই আনিবলৈ সক্ষম হৈছে। এগৰাকী পৰিচালকৰ অন্যতম সাৰ্থকতা ইয়াতেই-- নিজৰ পৰিচালনাৰ উপস্থিতি জাহিৰ নকৰাকৈ অভিনেতাৰ অভিনয়ৰ মাজেৰে নাট্য-অভিপ্ৰায় প্ৰতিষ্ঠা কৰা।
ইতি ফুকনে পাটমাদৈ ৰূপহী কুঁৱৰীৰ চৰিত্ৰত গভীৰ সংবেদনশীলতা আৰু অন্তৰ্নিহিত বেদনাক অভিনয়ৰ মাজেৰে প্ৰকাশ কৰিছে। পৰাগ বৰুৱাৰ দিগ্বিজয় ডেকাফুকনো বিশ্বাসযোগ্য আৰু সংযত। দুয়োগৰাকী অভিনেতাৰ মাজৰ সম্পৰ্ক, প্ৰেম আৰু বিচ্ছেদৰ নাট্য-তীব্ৰতা বহু মুহূৰ্তত বিশেষভাৱে অনুভৱযোগ্য হৈ উঠিছে। ত্ৰিদিশা বৰঠাকুৰৰ যুৱতী ৰূপহী কুঁৱৰীৰ ৰূপায়ণো উল্লেখযোগ্য। আন আন চৰিত্ৰসমূহেও নিজ নিজ ভূমিকা সাৱলীলভাৱে ৰূপায়ণ কৰিছে।
ইতিহাস, ৰূপক আৰু সমকালীন প্ৰাসংগিকতা
নাটখনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ হয়তো ইয়াতেই--  ইতিহাসক কেৱল অতীতৰ ঘটনা হিচাপে উপস্থাপন নকৰে। মৈদাম ইয়াত এটা ঐতিহাসিক স্থাপত্যৰ সীমা অতিক্ৰম কৰি মানুহৰ ওপৰত মানুহে নিৰ্মাণ কৰা ভয় আৰু ক্ষমতাৰ কাঠামোৰ ৰূপক হৈ উঠে।
মৈদামৰ ভিতৰত বন্দী মানুহবোৰে সন্মুখীন হোৱা ভয়, অনিশ্চয়তা আৰু মৃত্যুৰ অপেক্ষা সমকালীন সমাজতো বিভিন্ন ৰূপত উপস্থিত। অন্ধবিশ্বাস, ক্ষমতাৰ অপব্যৱহাৰ, সামাজিক দমন আৰু মানুহৰ স্বাধীনতাৰ ওপৰত আৰোপিত অদৃশ্য শিকলিৰ বিৰুদ্ধে যি মুক্তিৰ আকাংক্ষা, সেয়াই নাটখনক আজিৰ সময়তো প্ৰাসংগিক কৰি তোলে।
জীৱন যে এক অবিৰত সংগ্ৰাম আৰু অধিকাৰ, স্বাধীনতা তথা মৰ্যাদা কোনোবাই দান কৰা বস্তু নহয়-- মানুহে তাক সংগ্ৰামৰ মাজেৰে অৰ্জন কৰে, নাটখনৰ অন্তৰ্নিহিত দৰ্শন এই কথাটোৱেই স্মৰণ কৰাই দিয়ে। কোনো এটা পৰম্পৰা কেৱল ‘পৰম্পৰা’ বুলি চিৰস্থায়ী হ'ব নোৱাৰে; যি পৰম্পৰাই মানুহৰ জীৱন, স্বাধীনতা আৰু মৰ্যাদাক অস্বীকাৰ কৰে, তাৰ বিৰুদ্ধে প্ৰশ্ন উত্থাপন কৰাটোৱেই মানৱ সভ্যতাৰ অগ্ৰগতিৰ অন্যতম চৰ্ত।
এই অৰ্থত ‘তাই হেনো পাটমাদৈ’ অতীতৰ এক কৰুণ কাহিনী হোৱাৰ লগতে বৰ্তমানৰ বাবেও এক আত্মজিজ্ঞাসা।

|| শেষত... ||
এখন উপন্যাসক সীমিত মঞ্চ-সময়ৰ ভিতৰত নাট্যৰূপ দিয়াটো নিজেই এক কঠিন সৃষ্টিশীল প্ৰক্ৰিয়া। সেই প্ৰক্ৰিয়াত কিছু অসম্পূৰ্ণতা, আখ্যানগত ঢিলেঢালা মুহূৰ্ত অথবা দৃশ্যগত অতিৰিক্ততা থাকিব পাৰে। কিন্তু এই সীমাবদ্ধতাবোৰৰ মাজতো "তাই হেনো পাটমাদৈ" -ৰ ভিতৰত এক গুৰুত্বপূৰ্ণ নাট্য-সম্ভাৱনা স্পষ্ট।
ইতিহাসৰ এখিলা কৰুণ পাত দৰ্শকৰ সন্মুখত মেলি ধৰি সীমান্ত ফুকন আৰু NETA-ই কেৱল এটা ঐতিহাসিক কাহিনী মঞ্চস্থ কৰাৰ লগতে ইতিহাসৰ ভিতৰত লুকাই থকা মানুহৰ ভয়, প্ৰেম, বেদনা আৰু মুক্তিৰ আকাংক্ষাক সমকালীন অনুভৱৰ সৈতে সংযোগ কৰাৰ চেষ্টা কৰিছে।
অলপ দৃশ্য-সংক্ষেপ, সংলাপৰ অধিক সংহতি, কিছুমান চৰিত্ৰ আৰু মৃত্যুৰ নাট্য-কাৰণৰ স্পষ্টীকৰণ, সংগীত-আৱহৰ মাত্ৰা নিয়ন্ত্ৰণ আৰু অন্তিম ‘পোহৰ’ৰ প্ৰতীকি অৰ্থক অধিক গভীৰ নাট্য-ভাষাৰে প্ৰতিষ্ঠা কৰিব পাৰিলে নাটখন আৰু অধিক শক্তিশালী হৈ উঠিব পাৰে।
'তাই হেনো পাটমাদৈ"ৰ সন্মুখত সেয়ে সম্ভাৱনাৰ এক মুকলি দুৱাৰ আছে। কিছু নতুন চিন্তা সংযোজন, কিছু নাট্যগত সংশোধন আৰু ইতিমধ্যে প্ৰতিষ্ঠিত মঞ্চভাষাৰ অধিক পৰিশীলনে এই প্ৰযোজনাক এখন অধিক সংহত, তীক্ষ্ণ আৰু নান্দনিকভাৱে পৰিপক্ব নাটকলৈ ৰূপান্তৰিত কৰিব পাৰে।
শেষত ক’ব পাৰি-- "তাই হেনো পাটমাদৈ" কেৱল এটা অতীতৰ মৈদামৰ কাহিনী নহয়;  মৈদাম ভাঙি পোহৰলৈ ওলাই অহাৰ মানুহৰ চিৰন্তন আকাংক্ষাৰ নাট্যৰূপ।
--উৎপল মেনাউৎপল মেনা
(ছপামাধ্যমত: দৈনিক জনমভূমি | ১৪ আগষ্ট ২০২৬)

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...