কিছুমান খবৰে সুখ দিয়ে!
তেনে এক সুখৰ খবৰ—
‘ভূপেন হাজৰিকা আৰু কলকাতা’—এখন তথ্যচিত্ৰ।
এখন তথ্যচিত্ৰৰ ‘চিন্তা’ এদিন মনলৈ আহিছিল— ‘তুমি আছা...’। ভূপেন হাজৰিকাক কেন্দ্ৰ কৰি এখন তথ্যচিত্ৰ নিৰ্মাণৰ কথা। দুই-একৰ লগত কথাও পাতিলোঁ। নাট্যকৰ্মী তথা ‘মমতাৰ চিঠি’ চিনেমাৰ পৰিচালক নিৰ্মল দাসে ক’লে— “মই কৰিম।”
কথা মতে কামো আৰম্ভ হ’ল।
কেমেৰা লৈ আমি কলকাতা, অৰুণাচল, তেজপুৰ, গুৱাহাটী আদি ঠাইলৈ ঘূৰিলোঁ। ভূপেন হাজৰিকাক ওচৰৰ পৰা পোৱা আৰু তেওঁৰ জীৱন-কৰ্ম অধ্যয়ন কৰা বহুজনৰ সৈতে মতবিনিময় কৰিলোঁ। পৰিচালক নিৰ্মল দাসক কলকাতাত হিতেন হাটখোৱা, ড° মকবুল ইছলাম, ৰঙিলী বিশ্বাস আৰু অসমত মনীষা হাজৰিকা, কমল কটকী, ৰঞ্জন বেজবৰুৱা, ড° বনজিৎ ভট্ট আদিৰ সৈতে চিনাকি আৰু যোগাযোগৰ বাট কাটি দিলোঁ।
খোৱা-বোৱাক বাদ দি আমি "ভূপেন্দ্ৰ-তথ্য" -ৰ সন্ধানত দৌৰি ফুৰিলোঁ। ভূপেন হাজৰিকাৰ জীৱন, কৰ্ম আৰু সৃষ্টিৰ সৈতে জড়িত যিমান পাৰি তথ্য, স্মৃতি আৰু দৃশ্য সংগ্ৰহ কৰাই আছিল আমাৰ উদ্দেশ্য।এই সমগ্ৰ কামৰ আৰ্থিক দিশটোও আছিল এটা চিন্তাৰ বিষয়। কাৰণ পৰিচালক নিৰ্মল দাসে নিজৰ পকেটৰ ধন খৰচ কৰিয়েই কামটো আগবঢ়াই নিছিল।
মোৰ চিন্তাৰে আৰম্ভ হোৱা তথ্যচিত্ৰখন পৰিচালকে শেষত নিজৰ চিন্তাৰে সম্পূৰ্ণ কৰিলে। ষ্টক শ্বটৰ ব্যৱহাৰ আৰু ‘দৰ্শকৰ বিনোদন’ৰ দিশটোক গুৰুত্ব দি তেওঁ তথ্যচিত্ৰখনক একধৰণৰ "কলাজ-চিত্ৰ"লৈ ৰূপান্তৰ কৰিলে।
স্বাভাৱিকতেই, ‘চিন্তা’টো মোৰ হৈ নাথাকিল।
কিন্তু মোৰ কোনো আক্ষেপ নাই।
বৰং মোৰ চিন্তাক বাদ দি নিৰ্মল দাসে নতুন কোনো চিন্তাৰে যি "কলাজ চিত্ৰ" নিৰ্মাণ কৰিছে, তাতো মই সমানেই আনন্দিত। কাৰণ এই সমগ্ৰ প্ৰচেষ্টাত মোৰ ‘চিন্তা’টো মুখ্য নহয়; মোৰ প্ৰিয় বিষয়টোহে মুখ্য— ভূপেন হাজৰিকা।
ভূপেন হাজৰিকাক লৈ নতুনকৈ চিন্তা কৰা, নতুনকৈ কোৱা, নতুনকৈ দেখুওৱা—প্ৰতিটো প্ৰচেষ্টাই মোক আনন্দ দিয়ে।
আমি কেমেৰাত বন্দী কৰা বহু ‘চিত্ৰ-তথ্য’ অৱশ্যেই ৰৈ গ’ল।
তেতিয়াই ঠিক কৰিলোঁ—কলকাতা-কেন্দ্ৰিকভাৱে ৰৈ যোৱা তথ্য আৰু দৃশ্যখিনি লৈ কলকাতাত আৰু দুটা দিন কাম কৰি ‘কলকাতাত ভূপেন হাজৰিকা’ শীৰ্ষকেৰে এখন পৃথক তথ্যচিত্ৰ কৰা যাওক।
নিৰ্মল দাসেও ইতিবাচক সঁহাৰি দিলে।
বৰপেটাৰ এটা নিৰ্দিষ্ট স্থানত বহি কলকাতাৰ ড° মকবুল ইছলামৰ সৈতে মই আৰু ড° বনজিৎ ভট্টই দীঘলীয়া চৰ্চা কৰিলোঁ। কলকাতাত ভূপেন হাজৰিকাৰ জীৱন আৰু কৰ্মৰ সৈতে জড়িত যিবোৰ তথ্য, স্মৃতি আৰু প্ৰসংগ আগৰ কামটোত থাকি গৈছিল, সেইবোৰক লৈ নতুনকৈ চিন্তা কৰা হ’ল।
কিন্তু সন্মুখত আহিল একেই সমস্যা—অৰ্থ।
আৰ্থিক সমস্যাৰ মাজতো নিৰ্মল দাস থমকি নৰ’ল। নিজৰ পকেটৰ ধনেৰে এজন কেমেৰামেনক লগত লৈ তেওঁ কলকাতালৈ গ’ল। কাম কৰিলে। (এদিন মোক ফোন কৰি জনালে—“প্ৰযোজক নাই। কোনোবা আছে নেকি? মই আকলে গৈ কাম খিনি শেষ কৰিম। সময় আৰু টকাৰ কাৰনে আপোনাক লগ নধৰিলোঁ!”) তথাপি কাম বন্ধ নকৰিলে। দৃশ্য সংগ্ৰহ কৰিলে আৰু অৱশেষত তথ্যচিত্ৰ এখন সম্পূৰ্ণ কৰিলে।
মই ভাবিছিলোঁ—এতিয়া সেই কামটোৱেই পৰ্দালৈ আহিছে।
ভাবিছিলোঁ, আজি গুৱাহাটী প্ৰেছ ক্লাবত সেই ‘ভূপেন হাজৰিকা আৰু কলকাতা’ তথ্যচিত্ৰখনেই প্ৰদৰ্শিত হ’ব। অৰ্থাৎ, এদিন মোৰ মনলৈ অহা এটা ‘চিন্তা’, পৰিচালক নিৰ্মল দাসে নিজৰ ‘চিন্তা’ আৰু সৃষ্টিশীলতাৰে পৰ্দাত ৰূপ দিলে।
আৰু মোৰ বাবে তাতেই আছিল আনন্দৰ কথা।
কিন্তু নিৰ্মল দাসে জনালে—সেইখন হেনো নহয়! (এটা শব্দৰে জনালে-- "নহয়"।)
(সেইখন নহয়!)
ড° মকবুল ইছলাম আৰু ড° বনজিৎ ভট্টৰ সৈতে বৰপেটাত বহি আমি যি ‘চিন্তা’ কৰিছিলোঁ, সেই চিন্তাৰ পৰা নিৰ্মিত তথ্যচিত্ৰখন নহয় হেনো এয়া।
প্ৰথমে অলপ আচৰিত হ’লোঁ। কিন্তু পিছ মুহূৰ্ততে ভাবিলোঁ— তথাপি আনন্দ কৰাৰ যথেষ্ট কাৰণ আছে।
কাৰণ কোনো এটা সৃষ্টিৰ ‘চিন্তা’ কাৰ—সেইটোতকৈ বহুত ডাঙৰ কথা হ’ল, সৃষ্টিটো কাক লৈ, কিহৰ বাবে আৰু কিমান আন্তৰিকতাৰে কৰা হৈছে।
মোৰ প্ৰিয় বিষয়—ভূপেন হাজৰিকা।
ভূপেন হাজৰিকাক লৈ আৰু এখন তথ্যচিত্ৰ হওক, আৰু এখন গ্ৰন্থ ওলাওক, নতুন কোনো গৱেষণা হওক, নতুন কোনো প্ৰশ্ন উত্থাপিত হওক—মই তাতেই সুখী।
মোৰ ‘চিন্তা’ই হওক, আন কাৰোবাৰ ‘নতুন চিন্তা’ই হওক—
ভূপেন হাজৰিকাক লৈ চিন্তা হোৱাটোৱেই মোৰ বাবে আটাইতকৈ ডাঙৰ সুখ।
এজন সৃষ্টিশীল মানুহে আন এজনৰ চিন্তাক লৈ নিজৰ ধৰণেৰে সৃষ্টি কৰাৰ স্বাধীনতা আছে। আৰু সেই স্বাধীনতাক সন্মান কৰিব পৰাটোৱেই হয়তো সৃষ্টিশীলতাৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধা।
সেয়ে, "নিজৰ মৌলিক চিন্তাৰে" সম্ভৱ কৰি তোলা এই চিনেকৰ্মৰ বাবে পৰিচালক নিৰ্মল দাসক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনালোঁ।
‘ভূপেন হাজৰিকা আৰু কলকাতা’ তথ্যচিত্ৰখনৰ সফল প্ৰদৰ্শন কামনা কৰিলোঁ। (আমন্ত্ৰণ কৰিলে নিশ্চয় উপস্থিত হ'লো হেতেন, নিৰ্দিষ্ট সময়ত।)
শুভেচ্ছা।
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন