কলিকতাত চিনেমাৰ কামত ব্যস্ত হৈছিল-- ভূপেন হাজৰিকা। বন্ধু বাঢ়িছিল। চিনেমাৰ, সংগীতৰ চৰ্চা কৰিব পৰা বন্ধু। সত্যজিত ৰায়ৰ পৰা তপন সিন্হালৈ, অনেক। এই বন্ধু সকলৰ তাগিদাতে সংগীতৰ লগতে চুটি চুটি চিনেমা নিৰ্মাণত ব্যস্ত হৈছিল। ("তেতিয়া সত্যজিৎ ৰায়, মৃণাল সেন, তপন সিন্হা – - তেওঁলোক সকলোৱে চুটি চুটি ছবি কৰিবলৈ পৰামৰ্শ দিছিল। মোৰ কাম বাঢ়ি গৈছিল। কামসমূহ সুচাৰুৰূপে পৰিচালনা কৰিবলৈ সহযোগীৰ প্রয়োজন হৈছিল। বম্বেত দেখিছিলোঁ, কর্ম্মব্যস্ত ব্যক্তিসকলে কামসমূহ নিয়াৰিকৈ পৰিচালনা কৰিবলৈ ‘সচিব' ৰাখে। সেইখিনি সময়তে এই কল্পনা লাজমী ছোৱালীজনী আহি মোৰ কামৰ সহযোগী ৰূপে যোগদান কৰিলেহি।" --ভূপেন হাজৰিকা) চুটি চিনেমাৰেই চিনেবন্ধুৰ তালিকা খন দীঘল কৰি গৈছিল ভৃপেন হাজৰিকাই। ভূপেন হাজৰিকাৰ চুটি-চুটি চিনেকৰ্মত মুগ্ধ হৈছিল নাচিৰূদ্দিন শ্বাহ, শ্বাবানা আজমী আদি। এই যে মুগ্ধ হৈছিল, সেয়া কলিকতাৰ পৰা মুম্বাইলৈ বিয়পিছিল। --হয়, সৰহ সংখ্যক কামেই কৰিছিল কল্পনা লাজমী আৰু অৰুণকে ধৰি সহযোগী সকলে। কিন্তু আঁৰত থকা নাছিল-- সৰু বৰ চিনে চিন্তাবোৰ যে ভূপেন হাজৰিকাৰ আছিল। ("মই, কল্পনা আৰু অৰুণক ছবি কৰিবলৈ পৰামৰ্শ দিলোঁ। মই কাৰিকৰী পৰামৰ্শ দিলো, সঙ্গীত দিলোঁ। সেইখিনি সময়ত কল্পনাহঁতৰ দৰে বোম্বেৰপৰা আহে শ্বাবানা, নাচিকদ্দিন শ্বাহ আদি। মোৰ তাত থাকি মোক বোম্বেলৈ মাতি যায়। বোম্বেত সিহঁতৰ তাত মই ঘৰুৱা পৰিবেশতে থাকো।" --ভূপেন হাজৰিকা) আৰু স্বাভাৱিকতে যেতিয়া ভৃপেন হাজৰিকাই মুম্বাইৰ কৰোবাত "ঘৰুৱা পৰিবেশত" আছিল গৈ, ভিড় কৰিছিল মায়ানগৰীৰ "বেপাৰী" সকলে। "বেপাৰী" সকলৰ মাজত মাধ্যমটোত দখল থকা লোকৰ সংখ্যায়ে বেছি। এই যে সংখ্যা বেছি, সেই সকলৰ মাজৰে এগৰাকী আছিল-- মহেশ ভাট। খবৰ ওলাইছিল, সেই সময়ত চৰ্চাত থকা পৰিচালক ভাটে "অৰ্থ"ৰ সংগীতৰ দায়িত্ব ভূপেন হাজৰিকাক দিব খুজিছিল। আৰু সংগীতসূৰ্যৰ পৰা সেউজ সংকেত নোপোৱা বাবে জগজিৎ সিং ,চিত্ৰাক দিছিল । এই প্ৰসংগ উল্লেখ কৰি আৰছদ ৰিয়াজে "কিংষ্টাৰ" নামৰ চিনে সাপ্তাহিক খনত লিখিছিল-- "মহেশ ভাট আৰু কেইবা গৰাকীও চিনেমা নিৰ্মাতাই সংগীতৰ পৰামৰ্শ লবলৈ ভূপেন হাজৰিকাৰ ওচৰ পাইছিল। আৰু কাৰণ জনা নাযায়, ভূপেন হাজৰিকাৰ নাম জৰিত নথকা কেইবা খনো চিনেমাত ভূপেন হাজৰিকাৰ সৃষ্টি অনুভৱ কৰিছিলোঁ।" --হয়, ভূপেন হাজৰিকাৰ ভালেমান সুৰ "চুৰ" কৰি হিন্দি চিনেমাত ব্যৱহাৰ কৰাৰ উদাহৰণ আছে। শেহতীয়া উদাহৰণ -- "উড়ি উড়ি যায়ে ..." (শ্বহৰুখ খানে অভিনয় কৰা "ৰইছ")। ১৯৭০ চনত ভূপেন হাজৰিকাই লিখিছিল, সুৰেৰে সজাইছিল --
"আজি জীৱন বুটলিবি হাঁহি হাঁহি আহ্
আজি মৰণ পাহৰিবি হাঁহি হাঁহি আহ্ ..." গীতটো।জয়ন্ত হাজৰিকাৰ কণ্ঠত ৰেকৰ্ডি কৰিছিল। -- এই গীতটোৰ সুৰেৰেই নিৰ্মাণ কৰিছে "উড়ি উড়ি. .." গীতটো।
(২)
"বিপ্লৱী" নামৰ অসমীয়া চিনেমা খনেৰে চিনেকৰ্ম আৰম্ভ কৰিছিল অসিত সেনে। প্ৰথম পৰিচালনাৰ সফলতাই পৰিচালক গৰাকীক বাংলা আৰু পৰৱৰ্তী সময়ত হিন্দী চিনেমালৈ আগবাঢ়িবলৈ উৎসাহ দিছিল। প্রায় ২০ খন হিন্দি আৰু বাংলা চিনেমা পৰিচালনা কৰিছিল। কোৱা হয় "সত্যজিৎ-মৃণাল-ঋত্বিক" ত্রয়ৰ ব্যাপক খ্যাতি আৰু জনপ্ৰিয়তাই ঢাকি ৰাখিছিল অজয় কৰ, পিনাকী মুখার্জি, নীৰেন লাহিড়ীৰ দৰে প্রতিভাবান চিনেকৰ্মীৰ লগতে অসিত সেনকো। আৰু কোৱা হয়--, "বাংলা চিনেমাৰ স্বর্ণযুগ" চৰ্চা অসিত সেনৰ চিনেমাক বাদ দি সম্ভৱ নহয়। আৰু কোৱা হয়--অসিত সেনৰ "চলচ্চিত্রেৰ স্তম্ভ হয়ে উঠেছিল শক্তিশালী চিত্রনাট্য, নাৰী চৰিত্রেৰ শক্তিশালী চিত্রায়ন, উজ্জ্বল অভিনয় এবং অবশ্যই, গান।"
--অসিত সেনক চিনেমাৰ "বিভাজন"-এ চুব পৰা নাছিল। "মূলধাৰা বা সমান্তৰাল"ৰ বিশেষ শৈলীৰে চিনেমা পৰিচালনা কৰা নাছিল। চিনেমা আলোচক সকলে কৈছিল--, অসিত সেনে নিজৰ শৈলীৰে কাম কৰিছিল। ভূপেন হাজৰিকাই কৈছিল-- "আমাৰ অসিত সেনে 'অসমীয়া চিনেমা'ক (নিশ্চয় শৈলীৰ কথা কৈছিল) বংগ-বোম্বাইলৈ আনিলে।" এই গৰাকী অসিত সেনে কৈছিল-- "মই বিচাৰিছিলোঁ আমাৰ ভূপেন হাজৰিকাই মোৰ প্ৰতিখন চিনেমাৰে সৌন্দৰ্য বঢ়াওক, সংগীতেৰে। বয়সত মই ডাঙৰ, কেইবছৰমান। মই কিন্তু দা বুলিছিলোঁ, সামাজিক স্থানত। ভূপেনদা বুলিছিলোঁ। সেই সময়ত মই কলিকতাৰ বাট-পথ চিনি লৈ কাম আৰম্ভ কৰিছিলোঁ। এদিন হেমন্ত কুমাৰ মুখার্জ্জীয়ে কৈছিল--, ভূপেন হাজৰিকাক কৈছোঁ, 'তুমি কলিকতাৰ বাসিন্দা হোৱা।' কালি খবৰ পালো, ভূপেন হাজৰিকাই কলিকতাত বেছিভাগ সময় থকাৰ সিদ্ধান্ত লৈছে।...' [কলিকতালৈ যোৱাৰ আগে আগে মই মতামত বিচাৰিছিলোঁ হেমাঙ্গদাৰ (হেমাঙ্গ বিশ্বাস) পৰা। তেওঁ তেতিয়া ক'লে— 'পৃথিৱীৰ মানুহে তোমাক বিচাৰে। সেয়ে তুমি অকল অসমত থাকিলেই নহ'ব। তোমাক অসমৰ মানুহে বুজি পালেও নেতাসকলে বুজি নাপাব। পৃথিৱীৰ সৈতে যুঁজি জয়ী হ'বলৈ হ'লে কলিকতা মহানগৰীলৈ গুচি আহাঁ।' একেদৰে কৈছিল হেমন্ত কুমাৰ মুখার্জ্জীয়েও। --ভূপেন হাজৰিকা] ভূপেন হাজৰিকা আহিব! মোৰ মন ভৰিল। মোৰ হাতত তেতিয়া কেইবাখনো ছবিৰ কাম। মনতে ভাবিছিলো--, চিনেমা কেইখনৰ সংগীতৰ কাম ভূপেন হাজৰিকাৰ হতুৱাই কৰাম। ভূপেন হাজৰিকাই নিশ্চয় নকৰো বুলি নকব! কলিকতালৈ আহিব যেতিয়া টকাৰ বাবে নিশ্চয় কাম কৰিব! মোৰ ধাৰণা শুদ্ধ নাছিল। ভূপেন হাজৰিকাই নিজৰ ধাৰণাৰে সংগীতৰ কাম কৰিছিল। "বৈৰাগ"ৰ (১৯৭৬ চনত চিত্ৰগৃহলৈ আহিছিল। দিলীপ কুমাৰ-চায়েৰা বানু অভিনীত) চিত্ৰনাট্য লৈ মই ভূপেন হাজৰিকাৰ ওচৰ পাইছিলোঁ। মন দি শুনিছিল। উৎসাহ দিছিল। আৰু কৈছিল--'এই চিনেমা খনত মোৰ সংগীত খাপ নাখাব।' তেনেদৰে 'উত্তৰ ফাল্গুনী'ৰো কাম প্ৰত্যখ্যান কৰিছিল। অৱশ্যে সংগীতত মোক পৰামৰ্শ দিছিল। আৱহ সংগীততো সহায় কৰি দিছিল। ছবি খনত ব্যৱহাৰ কৰা গীত কেইটা সুৰেৰে সজাই দিছিল ৰবীন চট্টোপাধ্যায়ে। ভূপেন হাজৰিকাই চিনেমাৰ সংখ্যা বঢ়াব খুজিলে বা কেৱল টকাৰ বাবে সংগীতৰ কাম কৰিব খুজিলে বাংলা-হিন্দী ছবিৰ কেইবগৰাকীয়ো সংগীত পৰিচালকে 'জনপ্ৰিয়তাৰ বাট' বিছাৰিয়ে নাপালে হেতেন।..."
এতিয়া আমি এনেদৰে ব্যাখ্যা কৰিব পাৰো--, ভূপেন হাজৰিকাই সংগীতক "প্ৰডাক্ট"লৈ ৰূপান্তৰ কৰাৰ পক্ষত নাছিল। আৰু এই বাবেই ভাৰতৰ সংগীত ক্ষেত্ৰখনৰ বিশেষ স্থানত বহি আছিল। --হয়, বলিউড, টালিগঞ্জৰ "এন্দুৰ দৌৰ"ত কোনো দিনে অংশ লোৱা নাছিল, সংগীতসূৰ্যই। কিন্তু সংগীতসূৰ্যৰ কৰ্ম বা সৃষ্টিক নিৰ্লজ্যভাবে নিজৰ কৰি লৈ বহুতে "এন্দুৰ দৌৰ"ত অংশ লৈছিল। সংগীতসূৰ্যৰ উদাৰ মনৰ সুযোগ লৈছিল। সংগীতহসূৰ্যৰ সৃষ্টিক নিজৰ কৰি লোৱাৰ "সুপৰিকল্পিত কাম" কলকাতাৰ একাংশ "শিল্পী"য়ে কৰি আছে, আজিৰ তাৰিখতো।
(৩)
"জীৱন তৃষ্ণা"-- অসিত সেনৰ পৰিচালনা। ২৫ ডিচেম্বৰ ১৯৫৭ত চিত্ৰগৃহলৈ অহা ১৪০ মিনিট দৈৰ্ঘৰ চিনেমা খন ব্যৱসায়িক দিশত সফল হৈছিল। সফলতাৰ এটা কাৰণ আছিল সংগীত।
"সাগৰ সঙ্গমত..."ৰ লগতে ব্যৱহাৰ কৰিছিল "আকৌ নতুন প্ৰভাত হব ..." , "হে জয় ৰঘুৰ নন্দন..." গীতদুটাত ব্যৱহাৰ কৰা সুৰ। আৱহ সংগীততো "ভূপেন্দ্ৰ সুৰ" স্পষ্ট।
--উত্তম কুমাৰে কৈছিল, "ভূপেন হাজৰিকাৰ অসাধাৰণ সংগীত কৰ্মই মোক মুগ্ধ কৰিছিল। 'জীবন তৃষ্ণা'ৰ চিত্ৰগ্ৰহন আৰম্ভ হোৱাৰ দুদিনমান আগতে ভূপেন হাজৰিকাক ৰাতিৰ আহাৰৰ বাবে নিমন্ত্ৰন কৰিছিলো। সেইদিনা মোক শুনাইছিল এটা অসমীয়া গীত-- 'সাগৰ সংগমত কতনা সাঁতৰিলো/
তথাপিটো হোৱা নাই ক্লান্ত…'। মই তেতিয়ালৈকে জনা নাছিলো মোৰ ওঁঠত যে এই সুৰ ব্যৱহাৰ কৰিব। সেই সুৰ মোৰ মনৰ মাজত সোমাই আছিল বাবেই চিত্ৰায়নৰ সময়ত সহজতে ওঁঠ মিলাইছিলো। পৰৱৰ্তী সময়ত মই অভিনয় কৰা দুখন ছবিৰ বাবে ভূপেন হাজৰিকাৰ গীত বিচাৰিছিলো। নিদিলে। তেতিয়া মই বুজিছিলো--, ভূপেন হাজৰিকাই বজাৰ বিছাৰি কলিকতালৈ অহা নাই।..." (উৎস: Indian Movie News)
--ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰা আন এখন বাংলা চিনেমা "জোনাকিৰ আলো"। এই চিনেমা খনৰ গীতত কণ্ঠদান কৰিছিল ভূপেন হাজৰিকা, লতা মংগেশকাৰে। চিনেমা খনত এটা বাউল গীত ব্যৱহাৰ কৰিছিল। কণ্ঠদান কৰিছিল পূৰ্ণদাসে।
"সীমানা পেৰিয়ে"-- ভূপেন হজৰিকাই "সুৰ" ৰচনা কৰা আন এখন বাংলা চিনেমা। বাংলাদেশৰ চিনেমা। চিনেমা খনৰ সংগীত পৰিচাল কৰিছিল বুলি কোৱা হয়; কিন্তু "সুৰ"হে ব্যৱহাৰ কৰিছিল নয়ীম গহৰ, কবি ফজল চাহাবুদ্দিনে লিখা ( অনুবাদ!) গীতত। গীতত কণ্ঠদান কৰিছিল ভূপেন হাজৰিকা আৰু আবিদা চুলতানাই। আবিদাই কণ্ঠদান কৰা "বিমূর্ত এই ৰাত্রি আমাৰ..." চিনেমা খনৰ বিশেষ চৰ্চা বুলি হৈছিল। চিনেমা খনত ব্যৱহাৰ হোৱা আন দুটা গীত-- "মেঘ থম থম কৰে...", "আজ জোৎস্না ৰাতে..."। এই তিনিটা গীতৰ লগতে চিনেমা খনৰ কাহিনীৰ দাবিত আদিবাসী ভাষাৰ এটি গীতো ব্যৱহাৰ কৰিছিল।
--১৯৭৭ চনত চিত্ৰগৃহলৈ অহা "সীমানা পেৰিয়ে"ৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল ১৯৭৫ চনৰ পৰা। বন্ধু এজনৰ সৈতে পৰিচলক আলমগীৰ কবিৰ আহিছিল ভূপেন হাজৰিকাক লগ কৰিবলৈ। ভূপেন হাজৰিকাই শুনাইছিল-- (ৰচনা কাল : ১৯৭১)
"বিমূৰ্ত মোৰ নিশাতি যেন
মৌনতাৰ সূতাৰে বোৱা
এখনি নীলা চাদৰ ।
এখনি নীলা চাদৰ..
তাৰেই এটি মিঠা ভাঁজত
নিশ্বাসৰে উম
আৰু জীয়া জীয়া আদৰ্
এখনি নীলা চাদৰ ..."
"এই গীতটো মোৰ চিনেমাত লাগিব! গীতটোৰ সুৰে মোক চুই গৈছে। এই গীতটোৱে নহয়, চিনেমা খনৰ সংগীত আপুনিয়ে কৰিব লাগিব।" বুলিছিল আলমগীৰ কবিৰে। কবিৰে চিনেমাৰ কাহিনী, বিষয়বস্তু শুনাইছিল সংগীতসূৰ্যক।
--আন এদিন আলমগীৰ কবিৰ আহি ভূপেন হাজৰিকাৰ ওচৰ পালে, গায়িকা এগৰাকীক লৈ। নাম-- আবিদা সুলতানা। আবিদাৰ কণ্ঠত "বিমূৰ্ত..." ৰেকৰ্ডিং কৰাৰ মন পৰিচালক কবিৰৰ। পৰিচালক গৰাকীয়ে সংগীতসূৰ্যক ক'লে --, আবিদাই সংগীতসূৰ্যৰ সুৰত গীত গাবলৈ ভয় অনুভৱ কৰিছে! "দাদা, আপুনি মোক গীতৰ বিষয়বস্ত বুজাই দিয়ক। গাবলৈ চেষ্টা কৰিম। আপোনাৰ বেয়া লাগিলে মই গোৱা গীতটো ৰাখিব নালাগে।" --আবিদাই কৈছিল। সংগীতসূৰ্যই বুজাই দিছিল। আৰু সেই গীতটোৱে আবিদা চুলতানাক সংগীতৰ সুৰীয়া বাট কাটি দিছিল। পৰৱৰ্তী সময়ত গায়িকা গৰাকীয়ে ৪৫০ৰো (চিনেমাৰ) অধিক গীতত কণ্ঠদান কৰিছে। আবিদা চুলতানা বাংলাদেশত জনপ্ৰিয় চিনেমা-আধুনিক গীত, ৰবীন্দ্র সঙ্গীত আৰু নজৰুল সঙ্গীতৰ গায়কীৰ বাবে। "ভূপেন দাদাৰ 'বিমূৰ্ত...'ই মোক শ্ৰোতাৰ ওচৰলৈ নিছিল। ভূপেন দাদাৰ সুৰ, শিকোৱা পদ্ধতিয়ে মোক বহুত শিকাইছিল। গীত গোৱাৰ আগতে কেনে ধৰণৰ কচৰৎ কৰিব লাগে, সেয়া ভূপেন দাদাৰ পৰা শিকিছিলোঁ। দাদাই কৈছিল, গীত এটা গোৱাৰ আগতে গীতটোৰ মাজত সোমাই বুজি লব লাগে। চিনেমাৰ গীত হ'লে পৰিচালকে গীতটো কেনেদৰে ব্যৱহাৰ কৰে, গীতিকাৰ-সুৰকাৰ ভাৱ কেনেধৰণৰ বুজি লব লাগে।" --আবিদা চুলতানাই কৈছিল। (উৎস: দৈনিক জনকণ্ঠ, দৈনিক পূর্বকোণ)
--উৎপল মেনা
ছপা মাধ্যমত: গৰীয়সী | মাৰ্চ, ২০২৫
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন