অজিত কুমাৰ ভূঞা। --মই লগ পোৱা গৰাকী সাংসদ বা ৰাজনীতিক অজিত কুমাৰ ভূঞা নহয়, সম্পাদক অজিত কুমাৰ ভূঞা।
১৯৯৩-৯৪ চনৰ পৰা মই প্ৰত্যক্ষ সাংবাদিকতাৰ সৈতে জড়িত (প্ৰথম খন কাকত: আজিৰ সংবাদ। দৈনিক)। তেতীয়াৰ পৰা এতিয়ালৈকে --এই দীৰ্ঘ সময় চোৱাত কেইবা গৰাকীও "সম্পাদক"ৰ সৈতে কাম কৰিছোঁ। মোৰ মন-মগজু চুই আছে মাত্ৰ তিনি গৰাকী "সম্পাদক"-এ। অজিত কুমাৰ ভূঞা, ৰাধিকা মোহন ভাগৱতী আৰু ড° প্ৰফুল্ল মহন্ত "সম্পাদক" তিনি গৰাকীয়ে।
এই লেখাৰ বিষয়: অজিত কুমাৰ ভূঞা। গতিকে, স্বাভাৱিকতে চৰ্চাৰ বৃত্ত-- "একেমেয়" অজিত কুমাৰ ভূঞা। মোৰ প্ৰিয় সম্পাদক। সন্দেহ নাই-- এগৰাকী সম্পূৰ্ণ সম্পাদক (আছিল!)।
বিখ্যাত সাংবাদিক, লেখক অৰুণ শ্বোৰীৰ মতে, "সম্পূৰ্ণ সম্পাদক" (Complete Editor) সেইজনেই যিয়ে কেৱল বাতৰিৰ পৰিচালনাতে সীমাবদ্ধ নাথাকি বাতৰি কাকতখনৰ প্ৰতিটো বিভাগতে সমানে চকু দিয়ে আৰু সমাজৰ প্ৰতি দায়বদ্ধতা অনুভৱ কৰে। "নিৰ্ভীকতা, সততা, সামাজিক দায়বদ্ধতা, গভীৰ বিশ্লেষণ, প্ৰাতিষ্ঠানিক নেতৃত্ব (Institutional Leadership) এজন 'সম্পূৰ্ণ সম্পাদক'ৰ কৰ্মত স্পষ্ট হৈ থাকে। 'কি হ'ল' (What) সেইটো কোৱাই এজন সম্পাদকৰ কাম নহয়, বৰঞ্চ 'কিয় হ'ল' (Why) আৰু 'কেনেকৈ হ'ল' (How) তাৰ গভীৰ বিশ্লেষণ আগবঢ়োৱাটোহে যি সকলে প্ৰধান দায়িত্ব বুলি লয়, সেই সকলেই 'সম্পূৰ্ণ সম্পাদক'।" (উৎস: The World of Fatwas/ গ্ৰন্থ খন মই পঢ়া নাই। এগৰাকী গ্ৰন্থ সমালোচকে গ্ৰন্থ খনৰ "পাতনি"ৰ কথা উল্লেখ কৰি অৰুণ শ্বোৰীৰ এই ধাৰণা বা "সম্পূৰ্ণ সম্পাদক"ৰ ব্যাখ্যা উল্লেখ কৰিছিল।) অৰুণ শ্বোৰীৰ এই ধাৰণা মনত ৰাখি অজিত কুমাৰ ভূঞাক "সম্পূৰ্ণ সম্পাদক" ৰূপে মই অনুভৱ কৰোঁ।
এই গৰাকী "সম্পূৰ্ণ সম্পাদক"-এ মোক সুযোগ দিছিল মোৰ সাংবাদিকতাৰ, সম্পাদনাৰ বৃত্তটো বহল কৰি ল'বলৈ।মোৰ সাংবাদিকতাৰ বিষয় কেৱল নাটক, চিনেমা, সংগীত নাছিল। ৰাজনীতি, সমাজনীতিও মোৰ সাংবাদিকতাৰ বিষয় আছিল। ১৯৮৯-৯০ চনৰ পাছৰে পৰা (ডায়েৰী লিখাৰ অভ্যাস নাই। "চন" ভালদৰে মনত নাই।) মই দুটা কলম লিখাৰ সুযোোগ পাইছিলো-- "চিন্তনীয়"(সাপ্তাহিক কাকত "ইস্তাহাৰ"ত/ মুখ্য সম্পাদক: পদ্ম বৰকটকী), "সংস্কৃতিৰ টোকাবহী" ("শ্ৰীময়ী"ত/ সম্পাদক: হেমন্ত বৰ্মন)। "চিন্তনীয়" শিতানত লিখা, সেই সময়ত মই অধ্যয়ন কৰি থকা কলেজ খনৰ পৰীক্ষাত দেখা পোৱা "নকল-অপসংস্কৃতি"ৰ বিষয়ে লিখিছিলোঁ। এই লেখাটোৱে মোৰ জীৱনৰ বাট (শিক্ষাৰ বাট) সলনি কৰি দিছিল। মোৰ ওপৰত কলেজ খনৰ একাংশ ছাত্ৰ-শিক্ষকে চলোৱা মানসিক নিৰ্যাতনৰ কথা হয়তো কাকত খনৰ মুখ্য সম্পাদক পদ্ম বৰকটকীৰ কানত পৰিছিল! (যিহেতু সেই সময়ত যোগাযোগৰ আন বাট নাছিল) মুখ্য সম্পাদক গৰাকীয়ে এখন "চিঠি"ৰে মোক পঢ়ি থকা সময় চোৱাত কেৱল নাটক, চিনেমা, সংগীতৰ বিষয়ে লিখিবলৈ পৰামৰ্শ দিছিল। আৰু মই "বাধ্য ছাত্ৰ"ৰ দৰে "নাটক-চিনেমা-সংগীত" বৃত্তটোৰ মাজত সোমাই পৰিছিলোঁ। আৰু এই "বৃত্ত"টো বহল কৰি লোৱাৰ বাট দিছিল অজিত কুমাৰ ভূঞাই।
৭-৮ বছৰ মুম্বাই থকাৰ পাছত ২০০১ চনৰ শেষৰ ফালে মই গুৱাহাটীলৈ প্ৰত্যাৱৰ্তন কৰিছিলোঁ। স্বাভাৱিকতে কৰ্মস্থানৰ প্ৰয়োজন হৈছিল। সেই সময়তে মোক "আজি"লৈ বাট কাটি দিছিল লেখক-সাংবাদিক দিগন্ত ওজা, গৌতম শৰ্মাই। সাংবাদিক (সেই সময়ত "আজি", "নতুন সময়"ৰ সম্পাদনা বিভাগৰ এজন আছিল।) অনুপম চক্ৰৱৰ্তীয়ে অজিত কুমাৰ ভূঞাৰ ওচৰলৈ লৈ গৈছিল। কোনো কথাৰ পাতনি নাছিল। মোৰ স্পষ্ট মনত আছে, সম্পাদক গৰাকীয়ে কৈছিল-- "কালি নাটক-চিনেমাৰ পৃষ্ঠাটো কৰিব লাগিব!..." বাৰটো আছিল-- বুধ। বৃহস্পতিবাৰে "লে-আউট", শুকুৰবাৰে পৃষ্ঠাটো কাকত খনৰ এটা পৃষ্ঠা হৈ ছপা হ'ব। পৃষ্ঠাটোৰ বাবে লেখা কম্প'জত দিয়াৰ বাবে কেইটামান ঘণ্টাহে পাইছিলোঁ। (মুম্বাইত থকা সময় চোৱাত মই "বিস্ময়" পৰিয়ালৰ এজন হৈছিলোঁ। "মুম্বাইৰ পৰা..." শিতান লিখিছিলোঁ) মোৰ ইচ্ছা (অজিত কুমাৰ ভূঞাৰ সৈতে কাম কৰাৰ) আৰু সমস্যা (কেইটামান লেখাৰ প্ৰয়োজন, দুঘণ্টামনৰ ভিতৰত) -ৰ কথা "বিস্ময়"ৰ কাৰ্যালয়ত কৈছিলোঁ। আলোচনী খনৰ তেতিয়াৰ সহ: সম্পাদক প্ৰমোদদাই (প্ৰমোদ কলিতা, বৰ্তমান অসম প্ৰকাশন পৰিষদৰ সচিব) থাউকতে দুটা লিখি লেখা দিছিল; আৰু লেখকৰ পৰা অনুমতি লৈ "বিস্ময়"লৈ অহা লেখা কেইটামান দি "আজি"ৰ মই সম্পাদনা কৰা প্ৰথমটো "দৃশ্য-শ্ৰব্য" (কাকত খনৰ নাটক-চিনেমা-সংগীতৰ পৃষ্ঠাটোৰ নাম "দৃশ্য-শ্ৰাব্য" নহয়, "দৃশ্য-শ্ৰব্য" আছিল।) -ৰ কাম আগবঢ়োৱাত সহায় কৰিছিল। পৃষ্ঠাটো সম্পাদক গৰাকীয়ে ভাল পাইছিল; কিন্তু পৰৱৰ্তী পৃষ্ঠাটো কৰাৰ অনুমতি দিয়া নাছিল! মই সিমানতে "আজি"ৰ সাংবাদিকতা ইতি বুলি লৈ পুনৰ মুম্বাইলৈ বুলি টিকট কাটিছিলোঁ। মুম্বাইত বন্ধু আৰছদ ৰিয়াজে চিনেমা কেন্দ্ৰিক সাপ্তাহিক কাকত "কিংষ্টাৰ"ত মোৰ বাবে কাম ঠিক কৰিছিল। কিন্তু যাবলৈ সাজু হোৱা নিৰ্দিষ্ট দিনটোলৈ দুদিন থাকোতে অনুপম চক্ৰৱৰ্তীয়ে জনাইছিল-- "তোমাক 'বছে' বিচাৰিছে।" 'বছ' মানে অজিত কুমাৰ ভূঞা।
এটা সুন্দৰ পৰিবেশ নিৰ্মাণ হৈছিল, মই মুম্বাইৰ বাট এৰি "আজি"লৈ বাট লৈছিলোঁ। সেয়াই আৰম্ভণি, তাৰ পাছত আৰম্ভ হৈছিল মোৰ সাংবাদিকতাৰ সুন্দৰ সময়। মোক প্ৰথমে কাম দিছিল-- চিনেমা-নাটক ইত্যাদি কেন্দ্ৰিক দুটা পৃষ্ঠা আৰু প্ৰথম পৃষ্ঠাৰ বাবে সপ্তাহত কমেও দুটাকৈ ব্যতিক্ৰমী সংবাদ লিখন (Offbeat News Writing) -ৰ। পৰৱৰ্তী সময় চোৱাত মোৰ আৰু দায়িত্ব বঢ়াইছিল (মোক সুযোগ দিছিল)-- সাহিত্য, প্ৰকৃতি, বিশেষ পৰিপূৰিকা "বিশেষ-সবিশেষ", পৰিপূৰীকা "দেওবৰীয়া"ৰ এটা পৃষ্ঠাৰ লগতে কাকত খনৰ শেষপৃষ্ঠাটোৰ দায়িত্ব দিছিল। (লগতে সাপ্তাহিক "নতুন সময়"ৰ) এই দায়িত্ব মোৰ ধাৰণাৰে পালন কৰিছিলোঁ, কোনো দিনাই নিৰুৎসাহ কৰা নাছিল। কোনো দিনেই আদেশৰ সুৰত কামৰ নিৰ্দেশ দিয়া নাছিল। কিন্তু প্ৰতিটো পৃষ্ঠা (বহু ব্যস্ততাৰ মাজতো) পুঙ্খানুপুঙ্খকৈ চাইছিল। (এই খিনিতে এটা উদাহৰণ: সেই সময়ত মানস ৰবীন সংগীতৰ ক্ষেত্ৰ খনত নতুন। খুউব কম মানুহে শুনিছে, হয়তো জানে! মানস কেন্দ্ৰিক সৰু লেখা এটাত এগৰাকী চিত্ৰ সাংবাদিকে লিখিছিল-- "মানসে চুই যোৱা গীত লিখে, সুৰ ৰচনা কৰে। আৰু গায়কী-কণ্ঠও চুই যোৱা।..." কথাটো মই মন কৰা নাছিলোঁ, কৰিব লাগিছিল! অজিত কুমাৰ ভূঞাই মই লে-আউট কৰি নিয়া কাকত খিলাত চকু ফুৰায়ে ক'লে-- "বাকী ঠিকেই আছে। কিন্তু মানসে ভাল গায় জানো!" এই "উদাহৰণ"ৰ ব্যাখ্যাৰ প্ৰয়োজন আছে বুলি মই নাভাৱো।)
--এই খিনিতে মই এনেদৰে উল্লেখ কৰি সুখ অনুভৱ কৰিম, মোৰ সাংবাদিকতাৰ "বুনিয়াদ" খন মজবুট কৰিছিল, "আজি"ৰ সৈতে জড়িত থকা সময়তে সম্পাদক অজিত কুমাৰ ভূঞা আৰু কাকত খনৰ লগত সু-সম্পৰ্ক থকা লেখক-অভিনেতা দিলীপ কুমাৰ হাজৰিকাই।
কেনেকৈ?
(ব্যাখ্যাৰ প্ৰয়োজন আছে)
--সেই সময়ত চিনেমা, সংগীত (বিশেষকৈ অডিঅ' কেছেটৰ), ভ্ৰাম্যমাণ থিয়েটাৰ কেন্দ্ৰিক লেখা মানেই আছিল "বিজ্ঞাপন ধৰ্মী" চৰ্চা। এটা বিশেষ চিষ্টেমত একাংশ মধ্যভোগীয়ে চলোৱা এই ব্যৱস্থাত চলিলে বিভাগীয় সম্পাদক গৰাকীৰ "নাম" হৈছিল, আৰ্থিক লাভ হৈছিল। আমি "ব্যৱস্থা"ৰ বিপৰীতে গৈ চিনেচৰ্চাৰ ভাল পৰিৱেশ নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিছিলোঁ। লেখাৰে সহায় কৰিছিল প্ৰমোদ কলিতা, হেম চন্দ্ৰ দলে, উৎপল দত্ত, সংগীত শিল্পী জীতুল সোণোৱাল, তৰালি শৰ্মা, গুঞ্জন ফুকন আদিয়ে। মই নিজেও মুকলি মনেৰে লিখাৰ স্বাধীনতা লৈছিলোঁ। স্বাভাৱিকতে অসমৰ সাংস্কৃতিক ক্ষেত্ৰ খনত মোৰ "শত্ৰু" বাঢ়িছিল; আৰু "শত্ৰু"ৰ মুখামুখী হৈছিল (মোৰ সন্মুখত ঢাল হৈ ঠিয় দিছিল) অজিত কুমাৰ ভূঞা। --এনে সৌভাগ্য কেই গৰাকী সংবাদকৰ্মীৰ ভাগ্যত মিলিছে? পৰৱৰ্তী সময়ত মোৰ ভাগ্যতো মিলা নাই। অৱশ্যে এনেদৰেও ক'ব লাগিব-- "অসমীয়া প্ৰতিদিন"ত থকা সময়ত অজিত কুমাৰ ভূঞাই মোক মুকলি মনেৰে লিখাৰ পৰিৱেশ দিব পৰা নাছিল বা দিয়া নাছিল। এনে পৰিৱেশৰ মাজত সোমাই পৰিছিলোঁ, কেইবা মাহো পৰিশ্ৰম কৰি, এটকাও পাৰিশ্ৰমিক নোলোৱাকৈ মই "অসমীয়া প্ৰতিদিন" এৰিছিলোঁ। সেই তিতা অভিজ্ঞতাৰ পাছতো ভাল বেতনৰ (আন এখন কাকতৰ) কাম বাদ দি আকৌ এবাৰ অজিত কুমাৰ ভূঞাৰ সম্পাদনাত প্ৰকাশৰ বাবে সাজু হোৱা দৈনিক কাকত এখনত নিৱন্ধ সম্পাদক হিচাপে যোগ দিছিলোঁ। এই কাকত খনৰ সমস্ত ব্লু-প্ৰিণ্ট তৈয়াৰ কৰা দায়িত্ব মোক দিছিল; আৰু সমস্ত প্ৰাথমিক কাম মোৰ ঘৰতে কৰিছিলোঁ। আকৌ তিতা অভিজ্ঞতা! সেই তিতা আজিও সহ্য কৰি আছোঁ। কিন্তু ইমান তিতাৰ পাছতো আকৌ "সম্পাদক অজিত কুমাৰ ভূঞা"ৰ সৈতে কাম কৰাৰ হেপাহ আছে।
কিয়?
--কাকতত কাম কৰাৰ হেপাহ আজিও পূৰ হোৱা নাই। কাকতত কাম কৰাৰ আনন্দৰ বাট অজিত কুমাৰ ভূঞাৰ দৰে "সম্পূৰ্ণ সম্পাদক"ৰ পৰাহে আশা কৰিব পাৰি!
এটা সময়ত "আজি" আৰ্থিক সমস্যাত পৰিছিল। অজিত কুমাৰ ভূঞাৰ "ওচৰ"ৰ প্ৰায় কেইগৰাকী সংবাকৰ্মী আঁতৰি গৈছিল। ৫মাহৰ পাৰিশ্ৰমিক নোপোৱাৰ পাছতো কাকত খনৰ সম্পাদক অজিত কুমাৰ ভূঞা হৈ থকালৈকে আছিলোঁ।
আৰু এদিন অজিত কুমাৰ ভূঞা পুনৰ নিজে গঢ়া
"অসমীয়া প্ৰতিদিন"লৈ উভতি গৈছিল। উভতি যোৱাৰ, সম্পাদকৰ আসনত বহাৰ তিনিদিন পাছতেই মোক মাতি নি কাম কৰাৰ সুযোগ দিছিল। চিনেমা-সংগীত কেন্দ্ৰীক পৃষ্ঠাৰ লগতে প্ৰতি বুধবাৰে প্ৰকাশ পোৱা পৰিপূৰীকাৰ বাবে লিখাৰ সুযোগ দিছিল, দেওবৰীয়া পৰিপূৰীকা "সম্ভাৰ"ৰ কেইবাটাও সংখ্যা "পৰিকল্পনা"ৰ সুযোগ দিছিল। প্ৰথম পৃষ্ঠাত লিখাৰ সুযোগ দিছিল। আৰু মোৰ বাবে ভাগ্যৰ কথা আছিল-- "অসমীয়া প্ৰতিদিন"ত কাম কৰা ১৮ টা মাহ মোক বহুৱাই লৈছিল সম্পাদকৰ টেবুলৰ সন্মুখত। কাকত খনৰ (মালিকে মোক বেয়া পাইছিল "মনযায়" নামৰ অসমীয়া চিনেমা এখনৰ সমালোচনা এটা লিখাৰ বাবে। চিনেমা খনৰ নেতিবাচক দিশ কেইটা লিখাটোৱে আছিল মোৰ "অপৰাধ"। আজিৰ তাৰিখতো মই এনেদৰে ভাৱো-- সেই "অপৰাধ"ৰ মূল্য মোৰ ১৮ মাহৰ পাৰিশ্ৰমিক!) পৰা প্ৰাপ্য পৰিশ্ৰমিক নাপালেও, সেই সময়ৰ "সুখ" খিনিয়ো মই সদায় মনত ৰাখিছোঁ। (তেনে "সুখ"ৰ আশাত আকৌ সম্পাদক গৰাকীৰ সৈতে কাম কৰাৰ মন।)
--অজিত কুমাৰ ভূঞাৰ সম্পাদকীয় যাত্ৰাৰ কথা কওঁতে ‘সাদিন’ৰ কথা আহিবই।
‘জনভূমি’ৰ পৰা ‘অসমবাণী’। তাৰ পাছত ‘সাদিন’।
১৯৮৯ চনত প্ৰকাশ পোৱা ‘সাদিন’ৰ নিৰ্মাণৰ সৈতে অজিত কুমাৰ ভূঞা গভীৰভাৱে জড়িত আছিল।
কাকতখনৰ প্ৰতিটো পৃষ্ঠাত আছিল নতুনত্ব। বিন্যাস আছিল আকৰ্ষণীয়। পাঠকৰ বাবে আছিল নতুন অভিজ্ঞতা।
সেইবাবেই অতি কম সময়তে "সাদিন" সকলো শ্ৰেণীৰ পাঠকৰ মাজত নিজৰ স্থান গঢ়ি লৈছিল।
একেটা প্ৰকাশন গোষ্ঠীৰ পৰা তেওঁৰ সম্পাদনাত ১৯৯০ চনত প্ৰকাশ পাইছিল ‘পষেক’। ১৯৯৫ চনৰ পৰা প্ৰকাশ পোৱা ‘অসমীয়া প্ৰতিদিন’ৰ প্ৰতিস্থাপক সম্পাদকো তেওঁ। --এইবোৰ কেৱল কাকত-আলোচনীৰ নাম নহয়। এয়া অসমীয়া সাংবাদিকতাৰ এটা সময়ৰ পৰিৱৰ্তনৰ ইতিহাস।
আজি বহু বছৰ পাছত নিজৰ সাংবাদিক জীৱনলৈ উভতি চাওঁতে বহু কথাত অজিত কুমাৰ ভূঞাক দেখা পাওঁ।
--কেতিয়াবা সুযোগ দিয়া সম্পাদক হিচাপে।
--কেতিয়াবা ভুল আঙুলিয়াই দিয়া সম্পাদক হিচাপে।
--কেতিয়াবা স্বাধীনতা দিয়া সম্পাদক হিচাপে।
--আৰু কেতিয়াবা সন্মুখত ঢাল হৈ থিয় দিয়া সম্পাদক হিচাপে।
সেইবাবেই তেওঁ মোৰ বাবে কেৱল এজন সম্পাদক নহয়।
"অজিত কুমাৰ ভূঞা মোৰ সাংবাদিকতাৰ এটা সময়।
এটা শিক্ষা।
এটা ঋণ।
আৰু কাকতত কাম কৰাৰ আনন্দৰ সৈতে জড়িত এটা গভীৰ স্মৃতি।
সেইবাবেই আজিও আশাৰে ৰৈ আছোঁ-- অজিত কুমাৰ ভূঞা আকৌ সম্পাদকৰ চকীখনত বহক।
মই নিৰ্দেশ মানিবলৈ সাজু হৈ আছোঁ।
--উৎপল মেনা
১৮/০৭/২০২৫
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন