[কিছুমান চিনেমা সময়ৰ সোঁতত চৰ্চাৰ পৰা আঁতৰি যায়। কিন্তু বৌদ্ধিক চিন্তন, বিষয়বস্তু আৰু শিল্পমূল্যৰ দিশৰ পৰা সেই চিনেমাবোৰৰ গুৰুত্ব অটুট থাকে। এনে চিনেমাক উপেক্ষা কৰিলে কেৱল চিনেমাখনৰেই নহয়, সামগ্ৰিক চিনেমা-চৰ্চাৰো ক্ষতি হয়।
মঞ্জু বৰাৰ ‘কঃয়াদ’ তেনে এখন চিনেমা। এই চিনেমাখনক কেন্দ্ৰ কৰিয়েই আৰম্ভ কৰিছোঁ মোৰ নতুন লেখা-শৃংখলা— ‘মঞ্জু বৰাৰ চিনেমা’। এই শৃংখলাত মঞ্জু বৰাৰ চিনেমাৰ চিন্তা, শিল্পভাষা আৰু সামাজিক-সাংস্কৃতিক তাৎপৰ্যৰ দিশৰ পৰাও চাবলৈ চেষ্টা কৰিম।]
দিচাং নদীৰ পাৰৰ এটা সাধাৰণ পৰিয়াল। পৰিয়ালটোৰ মুৰব্বী পৌকাম। পঢ়া-শুনা আধৰুৱা হোৱা এজন সাধাৰণ মানুহ। নদীৰ পৰা খৰি আৰু কাঠ সংগ্ৰহ কৰা তাৰ জীৱিকাৰ বাট, পিতৃৰ পৰা পোৱা নাওখনেই মূল ভৰসা।
পৌকামৰ জীৱনটো বাহ্যিকভাৱে বৰ সাধাৰণ। সাধাৰণ জীৱন, গভীৰ অনিশ্চয়তা।
পৌকামৰ আশা-- সন্তানৰ ভৱিষ্যৎ ভাল হ’ব! এই আশাতেই অধিক পৰিশ্ৰম কৰে। কিন্তু সময়ৰ লগে লগে তেওঁৰ চৌপাশৰ মানুহবোৰেই তেওঁৰ পৰা আঁতৰি যাবলৈ ধৰে।
কোনোবাই নিজৰ জীৱনৰ সন্ধানত আঁতৰে। কোনোবাই সম্পৰ্কৰ পৰা আঁতৰি যায়।
এসময়ত যিটো পৰিয়াল পৌকামৰ জীৱনৰ কেন্দ্ৰ আছিল, সেই পৰিয়ালটোৱেই ক্ৰমাৎ তেওঁৰ পৰা দূৰ হৈ যায়। শেষত নাওখনো যেন তেওঁৰ জীৱনৰ নিশ্চিত আশ্ৰয় হৈ নাথাকে।
স্পষ্ট হয়-- বিষয়বস্তু। মানুহে যিবোৰ বস্তু আৰু সম্পৰ্কক স্থায়ী বুলি ভাবি জীৱন গঢ়ে, সময়ৰ সোঁতত সেইবোৰেই যে সলনি হৈ যাব পাৰে! চিনেমাৰ খনৰ নাম-- "কঃয়াদ"।
মঞ্জু বৰাৰ পৰিচালনাৰে নিৰ্মিত চিনেমা খনৰ সাহিত্যৰ ভাষা-- মিচিং।
"সাহিত্যৰ চিনেমা"।
অনিল পাংগিঙৰ উপন্যাসৰ আধাৰত ৰচনা কৰা চিত্ৰনাট্যৰ চিনেমা। কিন্তু "উপন্যাস" খন পৰ্দালৈ অনা নাই, নিজস্ব দৃশ্যভাষালৈ ৰূপান্তৰ কৰিছে।
--চিনেমা খনৰ কাহিনীৰ মূল উপাদানবোৰ অৱশ্যে বিশ্বচিনেমাৰ বাবে সম্পূৰ্ণ নতুন নহয়। সাধাৰণ পৰিয়ালৰ জীৱন-সংগ্ৰাম, নদী বা পানীৰ সৈতে জীৱিকাৰ সম্পৰ্ক, নাও, প্ৰকৃতি, নীৰৱতা, প্ৰজন্মৰ ব্যৱধান আৰু পৰিয়ালৰ বিচ্ছেদ —এইবোৰ বিভিন্ন দেশৰ চিনেমাত ভিন্ন ৰূপত আহিছে। কানেতো শিন্দোৰ জাপানী চিনেমা ‘দ্য নেকেড আইলেণ্ড’ত, উদাহৰণস্বৰূপে, পানী, নাও, দৈনন্দিন শ্ৰম আৰু পৰিয়ালৰ জীৱন এক নীৰৱ দৃশ্যভাষাৰে প্ৰকাশ পাইছে। ঋত্বিক ঘটকৰ ‘এ ৰিভাৰ কল্ড টিটাছ’তো এখন সমাজৰ জীৱন, পৰম্পৰা আৰু পৰিৱৰ্তনৰ কেন্দ্ৰ। --এই তুলনাবোৰে ‘কঃয়াদ’ৰ মৌলিকতাক হ্ৰাস নকৰে। স্বকীয়তা বুজিবলৈ সহায় কৰে। ‘কঃয়াদ’ৰ নতুনত্ব কাহিনীৰ প্ৰতিটো উপাদান অভূতপূৰ্ব হোৱাত নহয়। স্থানীয় জীৱনৰ এক নিৰ্দিষ্ট বাস্তৱতাক লৈ সেই পৰিচিত মানৱীয় অভিজ্ঞতাক মিচিং সমাজ আৰু ব্ৰহ্মপুত্ৰৰ ভূগোলৰ মাজেৰে এক নিজস্ব ৰূপ দিয়াত।
পৌকামৰ শৈশৱলৈ উভতি যোৱা দৃশ্যবোৰত এই কথাটো স্পষ্ট হয়। পিতৃয়ে তেওঁক নাও চলাবলৈ শিকায়। নদীৰ পৰা খৰি সংগ্ৰহ কৰিবলৈ লগত লৈ যায়। পিতৃ-পুত্ৰৰ সম্পৰ্কক দীঘলীয়া সংলাপেৰে ব্যাখ্যা কৰা হোৱা নাই। তেওঁলোকৰ কাম-কাজ, নীৰৱতা আৰু দৈনন্দিন আচৰণৰ মাজেৰেই সম্পৰ্কটো প্ৰকাশ পায়।
এই নীৰৱতাই ‘কঃয়াদ’ৰ দৃশ্যভাষাৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। চিনেমাখনে বহু কথা কোৱা নাই। কিন্তু যিখিনি নোকোৱাকৈ ৰাখিছে, তাৰ মাজতেই বহু অৰ্থ সৃষ্টি হৈছে। শিশুটোৰ মুখত সংলাপৰ অভাৱেও সেই স্বাভাৱিকতাক অধিক গভীৰ কৰিছে।
এইখিনিতে ‘দ্য নেকেড আইলেণ্ড’ৰ কথা পুনৰ মনলৈ আহে। তাতো দৈনন্দিন শ্ৰম আৰু পৰিয়ালৰ সম্পৰ্কক সংলাপৰ সলনি দৃশ্য, শৰীৰৰ গতিবিধি আৰু প্ৰকৃতিৰ মাজেৰে অনুভৱ কৰোৱা হয়। কিন্তু দুয়োখন চিনেমাৰ অভিজ্ঞতা একে নহয়। জাপানী চিনেমাখনত প্ৰকৃতিৰ সৈতে পৰিয়ালৰ শ্ৰম-সম্পৰ্ক কেন্দ্ৰীয়; ‘কঃয়াদ’ত সেই নীৰৱ দৃশ্যভাষাই ক্ৰমাৎ পৌকামৰ নিঃসংগতা আৰু স্থায়িত্ব হেৰুৱাই যোৱাৰ অনুভূতিলৈ লৈ যায়।
পৌকামৰ শৈশৱ আৰু পৰৱৰ্তী জীৱনৰ মাজত যেতিয়া আমি পাৰ্থক্যটো দেখোঁ, তেতিয়াই প্ৰজন্মৰ পৰিৱৰ্তনৰ দিশটো স্পষ্ট হয়। যি নদী আৰু যি জীৱিকাৰ সৈতে তাৰ শৈশৱ জড়িত, তাৰ সন্তানসকল সেই জীৱনৰ পৰা আঁতৰি যায়। তেওঁলোকৰ বাবে সেই জীৱন আৰু আগৰ দৰে আকাংক্ষিত নহয়।
ক'ব পাৰি পৰিয়ালটোৰ বিচ্ছেদৰ মাজত জীৱন-পদ্ধতিৰ পৰিৱৰ্তনো নিহিত হৈ আছে। ইঞ্জিনচালিত নাওৰ আগমন সেই পৰিৱৰ্তনৰ এক দৃশ্যমান সংকেত। পৰম্পৰাগত জীৱন আৰু নতুন সময়ৰ মাজত দূৰত্ব বাঢ়ি যায়। পৌকাম সেই পৰিৱৰ্তনৰ মাজতে ক্ৰমাৎ অকলশৰীয়া হৈ পৰে।
এই দিশটো ‘এ ৰিভাৰ কল্ড টিটাছ’ৰ সৈতে তুলনা কৰিলে আৰু স্পষ্ট হয়। ঋত্বিক ঘটকৰ চিনেমাত নদীখন এখন সমাজৰ জীৱনৰ কেন্দ্ৰ। নদীৰ সৈতে জড়িত জীৱন-পদ্ধতি, পৰম্পৰা আৰু সামাজিক পৰিৱৰ্তন বৃহৎ পৰিসৰত ধৰা পৰে। ‘কঃয়াদ’ত সেই বৃহৎ পৰিৱৰ্তন এজন মানুহৰ ব্যক্তিগত জীৱনৰ মাজেৰে সংকুচিত হৈ আহে। টিটাছ এখন সমাজৰ ইতিহাসৰ দৰে; ব্ৰহ্মপুত্ৰ পৌকামৰ জীৱনত এক ব্যক্তিগত দাৰ্শনিক উপস্থিতি।
এইখিনিতে ব্ৰহ্মপুত্ৰৰ উপস্থিতিৰ কথাটোও গুৰুত্বপূৰ্ণ হৈ উঠে। নদীয়ে পৌকামক জীৱিকা দিয়ে। আকৌ একে নদীয়েই অনিশ্চয়তা আৰু ভয় কঢ়িয়াই আনে। অৰ্থাৎ নদীখন একে সময়তে জীৱনৰ উৎস আৰু অনিশ্চয়তাৰ প্ৰতীক।
নাওখনৰ ক্ষেত্ৰতো একে কথা প্ৰযোজ্য। পিতৃৰ পৰা পোৱা নাওখন পৌকামৰ বাবে কেৱল জীৱিকাৰ সঁজুলি নহয়, তাৰ অতীতৰ সৈতে সম্পৰ্ক। পিতৃৰ স্মৃতিৰ সৈতে সম্পৰ্ক। নিজৰ পৰিচয়ৰ সৈতে সম্পৰ্ক। সেয়ে নাওখনৰ সৈতে তাৰ একপ্ৰকাৰৰ মানসিক সম্পৰ্ক গঢ় লৈ উঠে।
কাহিনী আগবাঢ়াৰ লগে লগে যেতিয়া মানুহ আৰু নাও— দুয়োটাই তাৰ জীৱনৰ পৰা ক্ৰমাৎ আঁতৰি যোৱাৰ দৰে লাগে, তেতিয়া ‘একোৱেই স্থায়ী নহয়’ কথাটো কেৱল এটা দাৰ্শনিক উক্তি হৈ নাথাকে, পৌকামৰ জীৱনৰ প্ৰত্যক্ষ অভিজ্ঞতা হৈ পৰে। অভিজ্ঞতাৰ মাজেৰে স্থায়িত্ব হেৰুৱাই যোৱাৰ বেদনা কেন্দ্ৰীয় হৈ উঠে।
মঞ্জু বৰাই এই দৰ্শনটো বুজাবলৈ কোনো দীঘলীয়া তাত্ত্বিক ব্যাখ্যা আগবঢ়োৱা নাই। লেখক-পৰিচালক গৰিকীয়ে জীৱনৰ সৰু সৰু পৰিৱৰ্তন দেখুৱাইছে। সম্পৰ্কৰ দূৰত্ব দেখুৱাইছে। নীৰৱতা দেখুৱাইছে। প্ৰকৃতিৰ পৰিৱৰ্তন দেখুৱাইছে। এইবোৰ একেলগে মিলি দৰ্শকক সেই সিদ্ধান্তলৈ লৈ যায়।
এইখিনিতে চিনেমাখনৰ গতি আৰু উপস্থাপনৰ সংযম বিশেষ তাৎপৰ্য লাভ কৰে। পৌকামৰ যন্ত্ৰণাক নাটকীয় কৰি দৰ্শকৰ সহানুভূতি আদায়ৰ চেষ্টা কৰা হোৱা নাই। দৈনন্দিন জীৱনৰ স্বাভাৱিক গতিৰ মাজেৰেই দুখটো অনুভৱ কৰোৱা হৈছে।
সেইবাবেই পৌকামৰ ব্যক্তিগত নিঃসংগতা লাহে লাহে এক বৃহত্তৰ মানৱীয় অভিজ্ঞতালৈ পৰিণত হয়। মানুহে মানুহক এৰি যায়। প্ৰজন্ম সলনি হয়। জীৱিকাৰ ধৰণ সলনি হয়। সময় সলনি হয়। কিন্তু মানুহৰ ভিতৰত আশ্ৰয় বিচৰাৰ প্ৰয়োজনটো শেষ নহয়।
অনিল পাংগিঙৰ উপন্যাসৰ পৰা চিনেমালৈ আহোঁতে মঞ্জু বৰাই বহু অংশ বাদ দিছে। কিছুমান ঘটনা নতুন ধৰণে বিন্যস্ত কৰিছে। কিছুমান সংলাপৰ ঠাইত দৃশ্য ব্যৱহাৰ কৰিছে। লাদাই বুঢ়ী আৰু বন বিভাগক কেন্দ্ৰ কৰি থকা দীঘলীয়া সংঘাতৰ অংশ নাই। বিনয় ফুকন-পদ্মজাৰ উপকাহিনীও নাই।
এই পৰিৱৰ্তনবোৰে দেখুৱাই যে পৰিচালকে উপন্যাসখনক হুবহু অনুসৰণ কৰা নাই। তেওঁ কাহিনীৰ মূল অনুভৱটো লৈ তাৰ বাবে এক পৃথক চিনেমাৰ ভাষা নিৰ্মাণ কৰিছে। সেই অৰ্থত ‘কঃয়াদ’ কেৱল সাহিত্যৰ দৃশ্যমান ৰূপান্তৰ নহয়। ই এক স্বতন্ত্ৰ চিনেমা।
সুদীৰ পালসানেৰ চিত্ৰগ্ৰহণে এই স্বতন্ত্ৰ দৃশ্যভাষাক আৰু শক্তিশালী কৰিছে। নদী, নাও, বন আৰু ঋতুৰ পৰিৱৰ্তন কাহিনীৰ বাহিৰৰ সৌন্দৰ্য নহয়। সেইবোৰ পৌকামৰ জীৱনৰ অন্তৰংগ অংশ। প্ৰকৃতিৰ পৰিৱৰ্তনৰ মাজেৰেও মানুহৰ জীৱনৰ পৰিৱৰ্তন প্ৰতিফলিত হৈছে।
এই ক্ষেত্ৰত চীনা পৰিচালক জিয়া ঝাংকেৰ ‘ষ্টিল লাইফ’ৰ কথাও মনলৈ আহে। তাত নদী, ধ্বংসপ্ৰায় বসতি, স্থানান্তৰ আৰু সলনি হৈ যোৱা ভূদৃশ্যৰ মাজেৰে মানুহৰ ব্যক্তিগত বিচ্ছেদ আৰু বৃহত্তৰ সামাজিক পৰিৱৰ্তনক একেলগে দেখুওৱা হৈছে। ‘কঃয়াদ’ৰ সৈতে ইয়াৰ কাহিনী একে নহয়। কিন্তু দুয়োখন চিনেমাতে এটা গুৰুত্বপূৰ্ণ চিন্তা মিলি যায়—মানুহে নিজৰ জীৱনক স্থিৰ বুলি ভাবিলেও সময় আৰু পৰিৱেশে সেই স্থিৰতা সলাই দিয়ে।
অভিনয়তো একে স্বাভাৱিকতা দেখা যায়। বহু অভিনেতাই পেছাদাৰী অভিনয় কৰা নাছিল। গাঁৱৰ পুৰুষ-মহিলাক লৈ কৰ্মশালাৰ জৰিয়তে তেওঁলোকক প্ৰস্তুত কৰা হৈছিল। ফলত চৰিত্ৰবোৰৰ আচৰণত এক কৃত্ৰিমতাহীনতা আহিছে। যেন তেওঁলোকে অভিনয় কৰা নাই। নিজৰ জীৱনটোহে পৰ্দাত পুনৰাবৃত্তি কৰিছে।
এই বাস্তৱবাদী উপস্থাপনৰ ফলতেই মিচিং সমাজৰ এক স্থানীয় কাহিনীও স্থানীয় সীমা অতিক্ৰম কৰে। পিতৃৰ পৰা সন্তানৰ দূৰত্ব। পৰিয়ালৰ ভিতৰৰ নিঃসংগতা। জীৱিকাৰ অনিশ্চয়তা। সময়ৰ পৰিৱৰ্তন। এই অভিজ্ঞতাবোৰ কোনো এটা সমাজতে সীমাবদ্ধ নহয়।
সেইবাবেই ক'ব পাৰি--‘কঃয়াদ’ৰ সাৰ্বজনীনতা স্থানীয় জীৱনৰ নিৰ্দিষ্ট বাস্তৱতাক অক্ষুণ্ণ ৰাখিয়েই মানৱ জীৱনৰ এক সাৰ্বজনীন অভিজ্ঞতালৈ লৈ যোৱাত।
চিনেমাখনৰ শিল্পগুণৰ স্বীকৃতিও আহিছে। ৬০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত ‘কঃয়াদ’ মিচিং ভাষাৰ শ্ৰেষ্ঠ চিনেমাৰ সন্মান লাভ কৰে। সুদীৰ পালসানে শ্ৰেষ্ঠ চিত্ৰগ্ৰহণৰ বাবে ৰজত কমল লাভ কৰে। ২০১৩ চনৰ বেংগালুৰু আন্তঃৰাষ্ট্ৰীয় চিনেমা মহোৎসৱতো চিনেমাখনে ভাৰতীয় চিনেমা প্ৰতিযোগিতাত শ্ৰেষ্ঠ চিনেমাৰ সন্মান লাভ কৰে।
কিন্তু বঁটা বা স্বীকৃতিয়েই ‘কঃয়াদ’ৰ গুৰুত্বৰ শেষ কথা নহয়। চিনেমাখনৰ প্ৰকৃত তাৎপৰ্য নিহিত আছে ইয়াৰ পুনৰ্পাঠৰ সম্ভাৱনাত। সময়ৰ লগে লগে চৰ্চাৰ কেন্দ্ৰৰ পৰা আঁতৰি যোৱা এনে চিনেমাই পুনৰ আমাক সুধিবলৈ বাধ্য কৰে— চিনেমাৰ মূল্য কেৱল জনপ্ৰিয়তা আৰু তৎকালীন চৰ্চাৰ ওপৰত নিৰ্ভৰ কৰে নেকি?
সংযোজন:
১। এ ৰিভাৰ কল্ড টাইটাছ
(A River Called Titas / Titash Ekti Nadir Naam)
পৰিচালনা: ঋত্বিক ঘটক
চিত্ৰনাট্য: ঋত্বিক ঘটক
মূল উপন্যাস: অদ্বৈত মল্লবর্মন
মুক্তি: ১৯৭৩
টাইটাছ নদীৰ পাৰত বাস কৰা মালো মাছমৰীয়া সমাজৰ যুৱক কিশোৰে ওচৰৰ এখন গাঁৱলৈ গৈ ৰাজৰ ঝি নামৰ এগৰাকী যুৱতীক বিয়া কৰায়। বিবাহৰ পাছত নাৱেৰে কিশোৰৰ গাঁৱলৈ উভতি অহাৰ সময়ত নদীৰ মাজতে ডকাইতে ৰাজৰ ঝিক অপহৰণ কৰে। ৰাজৰ ঝিয়ে নদীত জঁপিয়াই পলাই যায় আৰু আন মাছমৰীয়াই তেওঁক উদ্ধাৰ কৰে। কিন্তু ঘটনাটোৰ আঘাতত তেওঁৰ স্মৃতি হেৰাই যায়। স্বামীৰ নাম বা চেহেৰা তেওঁ মনত পেলাব নোৱাৰে; কেৱল তেওঁৰ গাঁৱৰ নামটোহে মনত থাকে। ইফালে ৰাজৰ ঝিক হেৰুৱাই কিশোৰ মানসিকভাৱে ভাৰসাম্যহীন হৈ পৰে।
দহ বছৰ পাৰ হয়। ৰাজৰ ঝিৰ এটা পুত্ৰ হয়—অনন্ত। পুত্ৰক লৈ তেওঁ কিশোৰৰ গাঁও বিচাৰি আহে। গাঁওখনত তেওঁলোকক সহজে গ্ৰহণ কৰা নহয়। সেই সময়ত বিধৱা বাসন্তীয়ে তেওঁলোকক আশ্ৰয় দিয়ে। কাহিনীয়ে লাহে লাহে প্ৰকাশ কৰে যে বাসন্তী আৰু কিশোৰ শৈশৱৰ পৰাই ইজনে সিজনৰ প্ৰতি আকৃষ্ট আছিল; কিন্তু বাসন্তীৰ বিবাহ কিশোৰৰ বন্ধু সুবলৰ সৈতে হৈছিল আৰু সুবলৰ মৃত্যুৰ পাছত তাই বিধৱা হৈ পৰে।
ৰাজৰ ঝিয়ে মানসিকভাৱে অসুস্থ কিশোৰৰ ওচৰ চাপি তেওঁৰ যত্ন ল’বলৈ আৰম্ভ কৰে। দুয়োৰে মাজত পুনৰ এক সম্পৰ্ক গঢ়ি উঠিবলৈ ধৰে, যদিও কোনেও আনজনক সম্পূৰ্ণৰূপে চিনিব নোৱাৰে। এসময়ত এক ভুল বুজাবুজিৰ ফলত গাঁওবাসীয়ে কিশোৰক আক্ৰমণ কৰে আৰু তেওঁৰ মৃত্যু হয়। ৰাজৰ ঝিও এই ঘটনাৰ পাছত নদীত ডুবি মৃত্যুবৰণ কৰে। অনন্ত সম্পূৰ্ণ অনাথ হৈ পৰে; বাসন্তীয়ে তাক চোৱাচিতা কৰিবলৈ চেষ্টা কৰে।
ইয়াৰ পাছত ব্যক্তিগত কাহিনীটো ধীৰে ধীৰে সমগ্ৰ মালো সমাজৰ কাহিনীলৈ পৰিণত হয়। টাইটাছ নদী শুকাবলৈ ধৰে। নদীৰ বুকুত জাগি উঠা নতুন মাটিক লৈ কৃষক আৰু মাছমৰীয়াৰ মাজত সংঘাত হয়। মাছমৰীয়া সমাজৰ জীৱিকা, পৰম্পৰা আৰু সামাজিক ঐক্য ক্ৰমে ভাঙি পৰে। অনন্তও এসময়ত সেই পৰিৱেশৰ পৰা আঁতৰি যায়। শেষত শুকাই যোৱা টাইটাছৰ বুকুত অনাহাৰ, দৰিদ্ৰতা আৰু মৃত্যুৰ মাজত বাসন্তীও অসহায় হৈ পৰে।
এইদৰে ব্যক্তিগত প্ৰেম আৰু বিৰহৰ কাহিনী শেষত এখন নদী আৰু সেই নদীক কেন্দ্ৰ কৰি গঢ় লৈ উঠা এটা সম্পূৰ্ণ সমাজৰ বিলুপ্তিৰ কাহিনী হৈ পৰে।
২। ষ্টিল লাইফ
(Still Life / Sanxia Haoren)
পৰিচালনা: জিয়া ঝাংকে
চিত্ৰনাট্য: জিয়া ঝাংকে, ছান জিয়ানমিং আৰু গুয়ান না
মুক্তি: ২০০৬
থ্ৰী গৰ্জেছ বান্ধ নিৰ্মাণৰ ফলত ইয়াংজী নদীৰ পাৰৰ ফেংজিয়ে নগৰখন পানীৰ তলত যাবলৈ ধৰিছে। পুৰণি ঘৰ-দুৱাৰ ভাঙি পেলোৱা হৈছে আৰু মানুহে নিজৰ পুৰণি ঠাই এৰি যাবলগীয়া হৈছে। এই ধ্বংস হৈ থকা নগৰখনলৈ দুজন মানুহ পৃথক উদ্দেশ্যে আহে।
হান ছানমিং এগৰাকী খনি-শ্ৰমিক। ষোল্ল বছৰ ধৰি দেখা নোপোৱা নিজৰ পত্নী আৰু কন্যাক বিচাৰি তেওঁ ফেংজিয়েলৈ আহিছে। তেওঁ গম পায় যে পুৰণি ঘৰটো ইতিমধ্যে পানীৰ তলত গৈছে। পত্নীৰ ভায়েকৰ পৰা জানিব পাৰে যে পত্নী আৰু কন্যা আন ঠাইত আছে। তেওঁ তাতেই থাকি ঘৰ ভঙা শ্ৰমিকৰ দলত কাম কৰিবলৈ লয়।
ইফালে শেন হং নামৰ এগৰাকী নাৰ্ছ নিজৰ স্বামী গুও বিনক বিচাৰি ফেংজিয়েলৈ আহে। দুবছৰ ধৰি স্বামীৰ সৈতে তেওঁৰ প্ৰায় কোনো যোগাযোগ নাই। স্বামীৰ বন্ধু ৱাং ডংমিঙৰ সহায়ত তেওঁ গুও বিনৰ সন্ধান পায়। গুও বিনে ইতিমধ্যে ব্যৱসায় কৰি নতুন জীৱন গঢ়ি লৈছে আৰু আন এগৰাকী মহিলাৰ সৈতে সম্পৰ্কত আছে। স্বামী-স্ত্ৰীৰ সাক্ষাৎ হয় যদিও তেওঁলোকৰ মাজৰ পুৰণি সম্পৰ্ক ঘূৰি নাহে। অৱশেষত শেন হং বিবাহ বিচ্ছেদৰ সিদ্ধান্ত লয়।
ইফালে ছানমিঙে বহুদিনৰ পাছত নিজৰ পত্নীক বিচাৰি পায়। তেওঁ জানিব পাৰে যে তেওঁলোকৰ কন্যা আন ঠাইত কাম কৰি আছে আৰু ঋণৰ বোজাৰ বাবে মুক্ত নহয়। পত্নীক পুনৰ নিজৰ সৈতে লৈ যাবলৈ ছানমিঙে ধন উপাৰ্জন কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। সেয়ে তেওঁ পুনৰ নিজৰ পুৰণি খনিৰ কামলৈ উভতি যোৱাৰ সিদ্ধান্ত লয়।
চিনেমাখনৰ শেষলৈকে ফেংজিয়ে পুৰণি নগৰখন ক্ৰমে পানীৰ তলত বিলীন হৈ যায়। মানুহে ঘৰ হেৰুৱায়, সম্পৰ্ক হেৰুৱায়, অতীত হেৰুৱায়; কিন্তু জীৱন আগুৱাই থাকে। এখন নগৰৰ ধ্বংস আৰু দুটা ভাঙি যোৱা সংসাৰৰ কাহিনী একেলগে মিলি চিনেমাখনৰ মূল সুৰ গঢ়ে।
৩। দ্য নেকেড আইলেণ্ড
(The Naked Island / Hadaka no Shima)
পৰিচালনা: কানেটো শিন্দো
চিত্ৰনাট্য: কানেটো শিন্দো
মুক্তি: ১৯৬০
জাপানৰ এখন সৰু, নিৰ্জন দ্বীপত স্বামী-স্ত্ৰী আৰু তেওঁলোকৰ দুজন পুত্ৰ বাস কৰে। তেওঁলোকেই দ্বীপখনৰ একমাত্ৰ বাসিন্দা। দ্বীপখনত খেতি কৰিব পাৰি, কিন্তু পানীৰ উৎস নাই। সেয়ে স্বামী-স্ত্ৰীয়ে প্ৰতিদিনে নাৱেৰে ওচৰৰ আন এটা দ্বীপলৈ গৈ পানী সংগ্ৰহ কৰি নিজৰ দ্বীপলৈ কঢ়িয়াই আনে। সেই পানীৰে খেতি আৰু সংসাৰ চলাই নিয়ে।
দুজন পুত্ৰও ক্ৰমে পৰিয়ালৰ কামত সহায় কৰিবলৈ ধৰে। এদিন তেওঁলোকে এটা ডাঙৰ মাছ ধৰে। মাছটো বিক্ৰী কৰিবলৈ পৰিয়ালটো নগৰলৈ যায়। নগৰত তেওঁলোকে আধুনিক জীৱনৰ বহু নতুন দৃশ্য দেখে—ৰেষ্টুৰেণ্ট, দূৰদৰ্শন, কেবল-কাৰ আদি। কিন্তু এই অভিজ্ঞতাৰ পাছতো তেওঁলোক নিজৰ নিৰ্জন দ্বীপলৈ উভতি আহে আৰু আগৰ জীৱন আৰম্ভ কৰে।
এদিন পিতৃ-মাতৃ বাহিৰত থকা সময়ত ডাঙৰ পুত্ৰজন হঠাৎ অসুস্থ হয়। পিতৃয়ে চিকিৎসক বিচাৰি আনিবলৈ দৌৰি যায়। কিন্তু চিকিৎসকক লগত লৈ উভতি অহাৰ আগতেই ল’ৰাজনৰ মৃত্যু ঘটে। পৰিয়ালটো শোকত ভাগি পৰে। বিদ্যালয়ৰ সহপাঠীসকলেও অন্ত্যেষ্টিক্ৰিয়াত অংশ লয়।
কিন্তু শোকৰ মাজতো জীৱন থমকি নৰয়। অন্ত্যেষ্টিক্ৰিয়াৰ পাছতেই পিতৃ-মাতৃয়ে পুনৰ পানী কঢ়িয়াবলৈ আৰম্ভ কৰে। পুনৰ খেতিত পানী দিব লাগে, পুনৰ জীৱিকাৰ বাবে পৰিশ্ৰম কৰিব লাগে।
এইদৰে চিনেমাখনে কোনো ডাঙৰ সংলাপ বা নাটকীয় ঘটনাৰ জৰিয়তে নহয়, এটা পৰিয়ালৰ দৈনন্দিন শ্ৰম, প্ৰকৃতিৰ সৈতে সংগ্ৰাম আৰু সন্তান হেৰুওৱাৰ অসহনীয় শোকৰ মাজতো জীৱন চলাই নিয়াৰ বাধ্যবাধকতাৰ কাহিনী কয়। চিনেমাখনত সংলাপ প্ৰায় নাই।
৪। কঃয়াদ
(Ko:Yad)
পৰিচালনা: মঞ্জু বৰা
চিত্ৰনাট্য: মঞ্জু বৰা
সংলাপ: অনিল পাংগিং
মূল উপন্যাস: অনিল পাংগিং
মুক্তি: ২০১২
দিচাং নদীৰ পাৰত সৰু ঘৰত পৌকাম বাস কৰে। তেওঁৰ জীৱনৰ মূল সম্বল দুখন নদী— দিচাং আৰু ব্ৰহ্মপুত্ৰ আৰু পিতৃয়ে দি যোৱা এখন নাও। নদীৰ পৰা উটি অহা খৰি-কাঠ সংগ্ৰহ কৰি বিক্ৰী কৰিয়েই তেওঁ সংসাৰ চলায়।
পৌকামৰ শৈশৱ সুখৰ নাছিল। পিতৃয়ে মাকক এৰি আন এগৰাকী মহিলাৰ সৈতে গুচি যোৱাৰ পাছত মাকে পৌকামক লৈ পিতৃগৃহলৈ উভতি আহে। তাতো তেওঁ নিৰাপত্তা নাপায়; অৱশেষত মাকৰ মৃত্যু হয়। পিতৃয়ে পৌকামক নিজৰ ওচৰলৈ লৈ আহে যদিও সতীয়া মাতৃৰ পৰা তেওঁ মৰম নাপায়। মৃত্যুৰ আগতে পিতৃয়ে পৌকামক পৰিয়ালৰ নাওখন দি যায়। সেই নাওখনেই পাছলৈ তেওঁৰ জীৱনৰ মূল সম্বল হৈ পৰে।
ডাঙৰ হৈ পৌকামে তক্ষিৰীক বিয়া কৰায়, সংসাৰ পাতে। তেওঁ নিজৰ সামান্য উপাৰ্জনৰ মাজতো সন্তানসকলক পঢ়ুৱাবলৈ চেষ্টা কৰে। বিশেষকৈ জ্যেষ্ঠ পুত্ৰ মিগামক শিক্ষিত কৰি ভাল জীৱন দিব বিচাৰে। কিন্তু মিগাম ডাঙৰ হৈ পৰিয়ালৰ জীৱন এৰি আঁতৰি যায়। আন সন্তানসকলো ক্ৰমে পিতৃ-মাতৃৰ পৰা আঁতৰি যায়।
সন্তানসকল আঁতৰি যোৱাৰ পাছতো পৌকামৰ কাষত তক্ষিৰী থাকে। কিন্তু জীৱনে তেওঁক শেষ আঘাতটো দিয়ে— তেওঁৰ একমাত্ৰ স্থায়ী সম্বল বুলি ভবা পিতৃৰ পৰা পোৱা নাওখন নদীৰ ঘূৰ্ণিত পৰি ডুব যায়। নাওখন হেৰুওৱাৰ লগে লগে পৌকামৰ জীৱিকাৰ মূল আধাৰো হেৰাই যায়।
শেষত পৌকাম আৰু তেওঁৰ পত্নী তক্ষিৰীৰ হাতত প্ৰায় একোৱেই নাথাকে— সন্তানসকল নাই, জীৱনৰ নিশ্চিত সম্বল নাই, আৰু পিতৃৰ পৰা পোৱা নাওখনো নাই। তথাপি তেওঁলোক জীৱনৰ সৈতে যুঁজি থাকিবলগীয়া হয়।
কঃয়াদ সেয়ে মূলতঃ এজন সাধাৰণ নদীপাৰৰ মানুহৰ কাহিনী— শৈশৱৰ পৰা আৰম্ভ হোৱা বঞ্চনা, সংসাৰ গঢ়াৰ চেষ্টা, সন্তানক মানুহ কৰাৰ সপোন আৰু শেষত এটাকৈ এটাকৈ সকলো সম্বল হেৰুৱাই পেলোৱাৰ কাহিনী।
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন