গীত সৃষ্টি হয়। গীত নিৰ্মাণ হয়।
--কিছুমান গীত জনপ্ৰিয় হয়।
--কিছুমান গীত আঁৰতে থাকি যায়।
--কিছুমান গীতে চুই যায়।
--কিছুমান গীত শ্ৰোতাৰ মন-মগজুলৈ শিপাই। সময়ৰ দলিল, সমাজৰ বিবেক আৰু সভ্যতাৰ নৈতিক দিশাৰীত পৰিণত হয়। তেনে এটা শিপোৱা গীত-- ড° ভূপেন হাজৰিকাৰ "মানুহে মানুহৰ বাবে"। এই কথাশিল্প, সুৰশিল্প গীতি-সৌন্দৰ্যতে শেষ নহয়। --কিয়? স্বাভাৱিকতে চৰ্চাৰ বাট আছে।
চৰ্চাৰ নিশ্চয় প্ৰয়োজন নাই-- ভূপেন হাজৰিকাক কেৱল গায়ক, গীতিকাৰ বা সুৰকাৰ বুলি অভিহিত কৰিলে তেওঁৰ শিল্পীসত্তাক সংকুচিত কৰা হব। ড° হাজৰিকা মূলতঃ এজন মানৱ সভ্যতাৰ শিল্প-ইতিহাসবিদ।
ড°হাজৰিকাৰ গীতত--
ইতিহাস আছে,
সমাজবিজ্ঞান আছে,
ৰাজনীতি আছে,
দৰ্শন আছে,
লোকসংস্কৃতি আছে,
নদী আছে,
মাটি আছে
আৰু সৰ্বোপৰি আছে মানুহ।
--সেইবাবেই তেওঁৰ গীতৰ কেন্দ্ৰবিন্দু কেতিয়াও ক্ষমতা, জাতীয়তাবাদ বা সংকীৰ্ণ আঞ্চলিকতা নহয়; তেওঁৰ কেন্দ্ৰবিন্দু হৈছে মানুহ।
চৰ্চালৈ অনা গীতটোৰ প্ৰথম শাৰী-- "মানুহে মানুহৰ বাবে…"
ক'ব পাৰি-- অসমীয়া সংগীতৰ ইতিহাসত আটাইতকৈ সহজ, অথচ আটাইতকৈ গভীৰ বাক্য। কোনো অলংকাৰিক জটিলতা নাই, কোনো দাৰ্শনিক পৰিভাষা নাই। কিন্তু এই সৰল বাক্যত স্পষ্ট হৈ আছে সমগ্ৰ মানৱ সভ্যতাৰ নৈতিক ইতিহাস।
এই শাৰীটোৱে মূলতঃ এটা মৌলিক প্ৰশ্ন উত্থাপন কৰে-- মানুহ হোৱাৰ অৰ্থ কি?
জীৱবিজ্ঞানৰ ভাষাত মানুহ এক প্ৰজাতি। সভ্যতাৰ ভাষাত মানুহ এক নৈতিক সত্তা। যদি সহানুভূতি নাথাকে, যদি আনৰ দুখ অনুভৱ কৰাৰ ক্ষমতা নাথাকে, যদি সম্পৰ্ক কেৱল স্বাৰ্থৰ ওপৰত নিৰ্ভৰ কৰে, তেন্তে মানুহ আৰু আন জীৱৰ মাজত মৌলিক পাৰ্থক্যই বা ক'ত?
এইখিনিতেই ভূপেন হাজৰিকা দাৰ্শনিক হৈ উঠে।
তেওঁ কোনো ধৰ্মীয় উপদেশ নিদিয়ে। তেওঁ কোনো ৰাজনৈতিক ইস্তাহাৰো ঘোষণা নকৰে। তেওঁ কেৱল এটা নৈতিক সত্য উচ্চাৰণ কৰে-- মানুহৰ অস্তিত্বৰ একমাত্ৰ ন্যায্যতা হৈছে আন মানুহৰ প্ৰতি দায়বদ্ধতা।
এই চিন্তাধাৰাই ভূপেন হাজৰিকাক বিশ্বমানৱতাবাদৰ ধাৰাৰ সৈতে সংযুক্ত কৰে।
"মানুহে মানুহৰ বাবে"ক কেৱল গীত হিচাপে চৰ্চা ইয়াৰ মূল্যায়ন অসম্পূৰ্ণ হৈ থাকে। ক'ব পাৰি-- নৈতিক দৰ্শন (Ethical Philosophy)।
দৰ্শনৰ ইতিহাসত নৈতিকতাৰ এটা মৌলিক প্ৰশ্ন আছে—
"Why should I care for another human being?"
অৰ্থাৎ, "মই আন এজন মানুহৰ কথা কিয় ভাবিম?"
ভূপেন হাজৰিকাৰ গীতটো এই প্ৰশ্নৰেই কাব্যিক উত্তৰ।
ড° হাজৰিকাই--
যুক্তি আগবঢ়োৱা নাই; হৃদয়ৰ মাজেৰে বিবেক জগাই তুলিছে।
আইন, শাস্তি বা ধৰ্মৰ ভয় দেখুৱাই মানুহক সৎ হ'বলৈ কোৱা নাই। কৈছে—সহানুভূতি মানুহৰ স্বাভাৱিক গুণ। যদি সেই গুণ নাথাকে, তেন্তে মানুহ হোৱাৰ দাবীও নাথাকে।
--এইখিনিতে তেওঁৰ শিল্পীসত্তা অনন্য।
আমাৰ ধাৰণাত গীতটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ শব্দটো "মানুহ" নহয়; "সহানুভূতি"।
আৰু লক্ষ্যণীয় বিষয় হৈছে-- "অশেষ সহানুভূতি" বুলি কোৱা নাই। কৈছে-- "অকণি সহানুভূতি…"।
এই "অকণি" শব্দটোৰ ভিতৰতেই গীতটোৰ নৈতিক সৌন্দৰ্য নিহিত হৈ আছে।
ভূপেন হাজৰিকা জানিছিল-- পৃথিৱী সলনি কৰিবলৈ সদায় বৃহৎ বিপ্লৱৰ প্ৰয়োজন নহয়। বহু সময়ত এজন মানুহৰ সৰু সহায়, এটি আন্তৰিক সান্ত্বনা, এটি সহানুভূতিশীল বাক্যই আন এজনৰ সমগ্ৰ জীৱন সলনি কৰি দিব পাৰে।
অৰ্থাৎ, গীতিকাৰ গৰাকীয়ে মহান নায়কত্বৰ ৰাজনীতিৰ পৰিৱৰ্তে সাধাৰণ মানুহৰ নৈতিক দায়িত্বৰ কথা কৈছে।
এয়া-- ভূপেন হাজৰিকাৰ শিল্প-দৰ্শনৰ অন্যতম বৈশিষ্ট্য।
বহু জনপ্ৰিয় গীত সময়ৰ লগে লগে কেৱল নষ্টালজিয়াত সীমাবদ্ধ হৈ পৰে। কিন্তু ভূপেন হাজৰিকাৰ গীতৰ ক্ষেত্ৰত তেনে নহয়। কাৰণ তেওঁৰ গীত কোনো নিৰ্দিষ্ট সময়ৰ বাবে লিখা হোৱা নাছিল।
ড° হাজৰীকা ক্ষণস্থায়ী ঘটনাৰ ভাষ্যকাৰ নহয়; সভ্যতাৰ ভাষ্যকাৰ।
যেতিয়ালৈকে পৃথিৱীত যুদ্ধ থাকিব, যেতিয়ালৈকে বৈষম্য থাকিব, যেতিয়ালৈকে মানুহে মানুহক শোষণ কৰিব, যেতিয়ালৈকে কোনো দুৰ্বল মানুহে আন এজনৰ সহায়ৰ অপেক্ষাত থাকিব--
তেতিয়ালৈকে "মানুহে মানুহৰ বাবে" গীতটো নতুনকৈ জন্ম লৈ থাকিব।
ক'ব পাৰি-- ভূপেন হাজৰিকাৰ শিল্প কালজয়ী।
ভূপেন হাজৰিকাৰ গীতৰ শক্তি-- স্থানীয় অভিজ্ঞতাক বিশ্বজনীন সত্যলৈ ৰূপান্তৰ কৰিব পাৰিছিল।
উদাহৰণ: ব্ৰহ্মপুত্ৰ ড° হাজৰিকাৰ দৃষ্টিত, সৃষ্টিত কেৱল অসমৰ নদ নহয়; সমগ্ৰ মানৱ সভ্যতাৰ গতিৰ প্ৰতীক। এজন নাওৱালীয়া কেৱল অসমৰ চৰিত্ৰ নহয়; তেওঁ সংগ্ৰামৰত বিশ্বমানৱৰ প্ৰতিচ্ছবি।
এজন দৰিদ্ৰ কৃষক কেৱল আঞ্চলিক বাস্তৱতা নহয়; বিশ্বৰ সকলো বঞ্চিত মানুহৰ প্ৰতিনিধি।
আৰু "মানুহে মানুহৰ বাবে"ত "মানুহ" শব্দটোৱেও কোনো জাতি, ভাষা, ধৰ্ম বা দেশক বুজোৱা নাই।
"মানুহ"-- সমগ্ৰ মানৱজাতিৰ প্ৰতীক।
সেয়েহে ভূপেন হাজৰিকাৰ গীত আঞ্চলিক হৈয়ো সংকীৰ্ণ নহয়; বিশ্বজনীন হৈয়ো শিপাহীন নহয়। শিল্পী গৰিকীৰ শিল্পৰ এই দ্বৈত বৈশিষ্ট্যই তেওঁক ভাৰতীয় সংগীত-ইতিহাসত একক আসনত প্ৰতিষ্ঠা কৰিছে।
গীতটোৰ দ্বিতীয় স্তৱক হৈছে সমগ্ৰ গীতটোৰ আটাইতকৈ তীক্ষ্ণ, ৰাজনৈতিক আৰু দাৰ্শনিক অংশ। বহুতে এই গীতটোক কেৱল মানৱতাৰ আহ্বান বুলি ভাবে; কিন্তু গভীৰভাৱে অধ্যয়ন কৰিলে বুজা যায়-- ইয়াৰ অন্তঃসলিলত লুকাই আছে আধুনিক সভ্যতাৰ অৰ্থনৈতিক আৰু নৈতিক সংকটৰ এক গভীৰ সমালোচনা।
"মানুহে মানুহক বেছিব খুজি,
মানুহে মানুহক কিনিব খুজি,
পুৰণি ইতিহাস দুহাৰিলে
ভুল জানো নহ'ব কোৱা সমনীয়া..."
এই চাৰিটা শাৰী ভাৰতীয়, বিশ্বৰ গীতৰ ইতিহাসত এক অসাধাৰণ সামাজিক ভাষ্য। ইয়াত
ড° হাজৰিকাই কেৱল ব্যক্তিগত নৈতিকতাৰ কথা কোৱা নাই; সমগ্ৰ সভ্যতাৰ বিবেকক আদালতৰ কাঠগড়াত থিয় কৰাইছে।
"বেচা" আৰু "কিনা"-- এটা ৰূপকৰ বহুস্তৰীয় অৰ্থ।
প্ৰথম দৃষ্টিত "বেচা" আৰু "কিনা" অৰ্থনৈতিক শব্দ দুটা ভূপেন হাজৰিকাৰ কাব্য-ভাষাত আক্ষৰিক নহয়; গভীৰ সভ্যতাৰ ৰূপক।
"মানুহক বেচা" মানে কেৱল দাস বজাৰ নহয়। ইয়াৰ অৰ্থ—
মানুহৰ শ্ৰমক পণ্যলৈ ৰূপান্তৰ কৰা,
মানুহৰ বিবেকক ক্ষমতাৰ বিনিময়ত বিক্ৰী কৰা,
সম্পৰ্কক স্বাৰ্থৰ বজাৰত তুলি ধৰা,
শিল্প, সাহিত্য, সংবাদ, শিক্ষা আৰু ৰাজনীতিকো বাণিজ্যিক স্বাৰ্থৰ অধীনস্থ কৰি পেলোৱা।
ভূপেন হাজৰিকাৰ ভাষাত, যেতিয়া মানুহৰ মূল্য তেওঁৰ মানৱীয় গুণত নহয়, তেওঁৰ উপযোগিতা, সম্পদ বা ক্ষমতাত নিৰ্ধাৰিত হয়, তেতিয়া মানুহে আচলতে মানুহক "কিনে" আৰু "বেচে"।
ড° হাজৰিকাৰ এই সমালোচনা কেৱল পুঁজিবাদৰ নহয়; যিকোনো ব্যৱস্থাৰ, য'ত মানুহৰ মৰ্যাদা হ্ৰাস পায়।
গীতটোৰ পৰৱৰ্তী শাৰীত ইতিহাসৰ পুনৰাবৃত্তিৰ সতৰ্কবাণী--
"পুৰণি ইতিহাস দুহাৰিলে ভুল জানো নহ'ব…"
এই শাৰীটোৱেই গীতটোক এক নতুন উচ্চতালৈ লৈ যায়।
ভূপেন হাজৰিকা ইতিহাসক অতীতৰ ঘটনাৰ তালিকা বুলি নাচায়। তেওঁৰ বাবে ইতিহাস হৈছে মানুহৰ নৈতিক সফলতা আৰু ব্যৰ্থতাৰ দলিল।
"পুৰণি ইতিহাস" বুলি ড° হাজৰিকাই কি বুজাইছে?
এই ইতিহাস হ'ব পাৰে--
দাসপ্ৰথাৰ ইতিহাস,
ঔপনিৱেশিক শোষণ,
যুদ্ধ আৰু গণহত্যা,
জাতিগত বৈষম্য,
সাম্প্ৰদায়িক উন্মাদনা,
অৰ্থনৈতিক বৈষম্য,
অথবা মানুহে মানুহক শোষণ কৰাৰ যিকোনো অধ্যায়।
গীতিকাৰ ড° হাজৰিকাই তেওঁৰ সুৰ-কণ্ঠৰে কৈছে--
যদি আমি একেই মানসিকতা আকৌ আকৌ আগবাঢ়ো, তেন্তে সভ্যতাই নিজৰ ভুল পুনৰাবৃত্তি কৰিব।
ইয়াত গীতিকাৰ ড° হাজৰিকাই ইতিহাসবিদৰ দৰে অতীতক স্মৰণ কৰা নাই; নৈতিক দাৰ্শনিকৰ দৰে ভৱিষ্যৎক সতৰ্ক কৰিছে।
কোনো-কোনোৱে ভূপেন হাজৰিকাৰ গীতক সমাজতান্ত্ৰিক, কোনোৱে গণ-মানুহৰ গীত, আন কিছুমানে মানৱতাবাদী সংগীত বুলি আখ্যা দিয়ে।
বাস্তৱতে তেওঁ কোনো একক মতবাদৰ বন্দী নাছিল।
তেওঁৰ শিল্পৰ কেন্দ্ৰবিন্দু-- "মানুহৰ মৰ্যাদা।"
যি ৰাজনীতি, যি অৰ্থনীতি, যি সমাজব্যৱস্থাই মানুহক সন্মান দিয়ে, তেওঁ তাৰ সৈতে সংহতি প্ৰকাশ কৰিছে।
আৰু যি ব্যৱস্থাই মানুহক শোষণ কৰে, তেওঁ তাৰ বিৰোধিতা কৰিছে।
সেয়েহে তেওঁৰ গীতৰ শক্তি-- মতবাদত নহয়, নৈতিকতাত।
আধুনিক পৃথিৱীত "মানুহে মানুহক কিনিব খুজি"
এই শাৰীটো আজিৰ সময়ত আৰু অধিক প্ৰাসংগিক।
আজিৰ পৃথিৱীত মানুহক শিকলি পিন্ধাই দাস কৰি ৰখা নহয়!
তথ্য বিক্ৰী হয়,
ব্যক্তিগত গোপনীয়তা বিক্ৰী হয়,
সামাজিক মাধ্যমত মানুহৰ মনোযোগ বিক্ৰী হয়,
ৰাজনীতিত বিবেক বিক্ৰী হয়,
কৰ্পোৰেট জগতত সময় বিক্ৰী হয়,
বহু ক্ষেত্ৰত মানুহে নিজৰ মূল্যবোধো সুবিধাৰ বাবে বিসৰ্জন দিয়ে।
"মানুহে মানুহক কিনিব খুজি"—এই বাক্যটো একবিংশ শতিকাত নতুন অৰ্থ লাভ কৰিছে।
ভূপেন হাজৰিকাই এই ডিজিটেল যুগ দেখা নাছিল, কিন্তু তেওঁৰ শিল্পদৃষ্টি এই যুগকো আগতীয়াকৈ স্পৰ্শ কৰিছিল।
"...কোৱা সমনীয়া।"
এই "সমনীয়া" শব্দটোৰ তাৎপৰ্য অসাধাৰণ।
তেওঁ "হে জনগণ", "হে ভাই", "হে বন্ধু" বুলি কোৱা নাই।
তেওঁ কৈছে—"সমনীয়া"।
অৰ্থাৎ—
মইও মানুহ, তুমিও মানুহ।
মই ওপৰত নহয়, তুমিও তলত নহয়।
এই সম্বোধন গণতান্ত্ৰিক।
ইয়াত কোনো শাসক নাই।
আছে কেৱল মানুহৰ সমমৰ্যাদা।
[ভূপেন হাজৰিকাৰ গীতৰ এক মৌলিক বৈশিষ্ট্য
এইখিনিতে স্পষ্ট হয়-- ভূপেন হাজৰিকাৰ গীতৰ এটা মৌলিক বৈশিষ্ট্য। ভূপেন হাজৰিকা শ্ৰোতাক উপদেশ দিয়া ভংগীত "কথা" নকয়।
--আলোচনাত বহে।
--সংলাপ সৃষ্টি কৰে।
--প্ৰশ্ন কৰে।
--মানুহক ভাবিবলৈ বাধ্য কৰে।
এই কাৰণেই ভূপেন হাজৰিকাৰ গীত "শুনা"ত শেষ নহয়; "চিন্তা"লৈ ৰূপান্তৰিত হয়।]
গীতটোৰ তৃতীয় স্তৱক হৈছে সমগ্ৰ গীতটোৰ দাৰ্শনিক শিখৰ। প্ৰথম স্তৱকত ড° হাজৰিকাই মানৱতাৰ নৈতিক ভিত্তি স্থাপন কৰিছে, দ্বিতীয় স্তৱকত শোষণ আৰু পণ্যীকৰণৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ ব্যক্ত কৰিছে, আৰু তৃতীয় স্তৱকত তেওঁ সেই নৈতিক বোধক জীৱনৰ বাস্তৱ অভিজ্ঞতাৰ সৈতে সংযুক্ত কৰিছে। এই অংশত ভূপেন হাজৰিকা এজন নৈতিক দাৰ্শনিক, যিয়ে মানুহৰ অন্তৰাত্মাৰ সন্মুখত কিছুমান চিৰন্তন প্ৰশ্ন থিয় কৰাই দিয়ে।
"দুৰ্বল মানুহে যদি,
জীৱনৰ কোবাল নদীত,
পাৰ হয় তোমাৰে সাহত,
তুমি হেৰুৱাবানো কি?..."
এই কেইটা শাৰী অসমীয়া গীতৰ ইতিহাসত সহানুভূতিৰ আটাইতকৈ শক্তিশালী কাব্যিক প্ৰকাশৰ ভিতৰত অন্যতম।
ভূপেন হাজৰিকাৰ সৃষ্টিজগতত নদী-- সময়, ইতিহাস, সভ্যতা আৰু মানুহৰ সংগ্ৰামৰ প্ৰতীক। ব্ৰহ্মপুত্ৰ তেওঁৰ ওচৰত যিদৰে অসমৰ আত্মা, ঠিক তেনেদৰে "জীৱনৰ কোবাল নদী" হৈছে মানৱ অস্তিত্বৰ এক সাৰ্বজনীন ৰূপক।
নদী কেতিয়াও স্থিৰ নহয়। ইয়াৰ সোঁত আছে, ঘূৰ্ণি আছে, বান আছে, ভাঙন আছে। মানুহৰ জীৱনো তেনেকুৱাই-- অনিশ্চয়তাৰে ভৰা, দুখ-দুৰ্দশা, আশা-নৈৰাশ্য, সংগ্ৰাম আৰু সম্ভাৱনাৰে গঠিত। সেয়ে "কোবাল নদী"ৰ চিত্ৰকল্পই মানুহৰ জীৱনৰ অনিশ্চিত আৰু কঠিন যাত্ৰাক এক অসাধাৰণ কাব্যিক শক্তিৰে প্ৰকাশ কৰিছে।
এই ৰূপকৰ মাজেৰে ভূপেন হাজৰিকাই এটা গভীৰ সত্য স্পষ্ট কৰিছে-- কোনো মানুহেই চিৰকাল শক্তিশালী নহয়। জীৱনৰ কোনো এটা সন্ধিক্ষণত প্ৰতিজন মানুহেই আন এজনৰ সহায়ৰ প্ৰয়োজন অনুভৱ কৰে। এই উপলব্ধিয়েই মানুহক সমাজমুখী সত্তাত পৰিণত কৰে।
"তুমি হেৰুৱাবানো কি?" --গীতটোৰ কেন্দ্ৰীয় প্ৰশ্ন। প্ৰশ্নটো বাহ্যিকভাৱে সহজ, কিন্তু দাৰ্শনিকভাৱে অত্যন্ত গভীৰ। ভূপেন হাজৰিকাই কোনো নৈতিক আদেশ দিয়া নাই; তেওঁ যুক্তিৰে মানুহৰ বিবেকক জগাই তুলিছে।
এজন দুৰ্বল মানুহক সহায় কৰিলে--
আপোনাৰ মান-মৰ্যাদা কমে নেকি?
আপোনাৰ জ্ঞান হ্ৰাস পাব নেকি?
আপোনাৰ সম্পদ নিশ্চিহ্ন হৈ যাব নেকি?
আপোনাৰ মানৱীয় সত্তা ক্ষতিগ্ৰস্ত হব নেকি?
উত্তৰ স্পষ্ট-- নহয়।
সহায়ৰ দ্বাৰা সহায় কৰা মানুহজনো অধিক মানৱীয় হৈ উঠে। এইখিনিতে ভূপেন হাজৰিকাই নৈতিকতাৰ এক মৌলিক সূত্ৰ প্ৰতিষ্ঠা কৰিছে-- সহানুভূতি দান নহয়; সহ-অস্তিত্বৰ স্বীকৃতি।
গীতটোত ভূপেন হাজৰিকাই "দয়া" শব্দ ব্যৱহাৰ কৰা নাই; কৈছে-- "সহানুভূতি"।
এই পাৰ্থক্য অত্যন্ত গুৰুত্বপূৰ্ণ।
[দয়া-- বহু সময়ত ওপৰৰ স্থানৰ পৰা তলৰ স্থানলৈ আগবঢ়োৱা অনুভূতি। সহানুভূতি-- আনজনৰ অৱস্থাক নিজৰ অভিজ্ঞতাৰ অংশ কৰি লোৱা।]
ভূপেন হাজৰিকাৰ শিল্প-দৰ্শনত মানুহে মানুহক সহায় কৰে কোনো উচ্চতাৰ অহংকাৰৰ পৰা নহয়; সমমৰ্যাদাৰ বোধৰ পৰা। সেইবাবেই তেওঁ বাৰে বাৰে "সমনীয়া" বুলি সম্বোধন কৰিছে।
"মানুহ যদিহে নহয় মানুহ,
দানৱ কাহানিও নহয় মানুহ…" --এই শাৰী দুটা গীতটোৰ নৈতিক শিখৰ।
ভূপেন হাজৰিকাৰ "দানৱ" কোনো পৌৰাণিক ৰাক্ষস নহয়। তেওঁৰ দানৱ হৈছে--
নিষ্ঠুৰতা,
লোভ,
স্বাৰ্থ,
ঘৃণা,
হিংসা,
অমানৱিকতা।
-- যেতিয়া মানুহে নিজৰ ভিতৰৰ সহানুভূতি, বিবেক আৰু নৈতিকতা হেৰুৱায়, তেতিয়া তেওঁ শাৰীৰিকভাৱে মানুহ হৈ থাকিলেও মানসিকভাৱে "দানৱ"ত পৰিণত হয়।
এই ব্যাখ্যাই গীতটোক ধৰ্মীয় কল্পকাহিনীৰ পৰা আঁতৰাই আধুনিক নৈতিক দৰ্শনৰ পৰিসৰত লৈ যায়।
"যদি দানৱ কাহানিবা হয়েই মানুহ,
লাজ পাব কোনেনো কোৱা সমনীয়া?"
এই প্ৰশ্নটোৰ উত্তৰ ভূপেন হাজৰিকাই নিজে নিদিয়ে। তেওঁ উত্তৰটো শ্ৰোতাৰ ওপৰত এৰি দিছে।
এইটো তেওঁৰ শিল্পৰ অন্যতম বৈশিষ্ট্য।
মহৎ শিল্পই সাধাৰণতে চূড়ান্ত উত্তৰ নিদিয়ে; মানুহক চিন্তাৰ বাট দিয়ে।
যদি অমানৱিকতা মানুহৰ মাজতেই জন্ম লয়, যদি যুদ্ধ, শোষণ, সাম্প্ৰদায়িকতা, বৈষম্য আৰু ঘৃণাৰ সৃষ্টিকৰ্তাও মানুহ, তেন্তে লাজ কাৰ?
-- সমগ্ৰ মানৱ সমাজৰ। উত্তৰ স্পষ্ট।
ড° হাজৰিকাই--
ঘৃণাৰ বিৰুদ্ধে ঘৃণা সৃষ্টি নকৰে।
প্ৰতিশোধৰ ভাষা নকয়।
বিদ্বেষৰ বিপৰীতে সহানুভূতি, ক্ষমতাৰ বিপৰীতে মানৱতা, আৰু বিভাজনৰ বিপৰীতে সমমৰ্যাদাৰ চেতনা স্থাপন কৰে।
এই দিশ বা গুনে গীতক প্ৰচাৰধৰ্মী সংগীতৰ পৰা পৃথক কৰে। ড° হাজৰিকাৰ শিল্পৰ লক্ষ্য কোনো মতবাদ জয় কৰোৱা নহয়; মানুহৰ বিবেক জয় কৰা।
একবিংশ শতিকাত বিজ্ঞান আৰু প্ৰযুক্তিয়ে অভূতপূৰ্ব উন্নতি সাধন কৰিছে। কিন্তু একে সময়তে পৃথিৱীয়ে যুদ্ধ, শৰণাৰ্থী সংকট, অৰ্থনৈতিক বৈষম্য, সাম্প্ৰদায়িক হিংসা, বৰ্ণবিদ্বেষ আৰু ডিজিটেল বিদ্বেষৰো সাক্ষী হৈছে।
এই বাস্তৱত "তুমি হেৰুৱাবানো কি?"-- প্ৰশ্নটো কেৱল এজন ব্যক্তিৰ উদ্দেশে নহয়; ৰাষ্ট্ৰ, সমাজ, প্ৰতিষ্ঠান আৰু সমগ্ৰ সভ্যতাৰ উদ্দেশে কৰা প্ৰশ্ন।
ভূপেন হাজৰিকাই যেন সোঁৱৰাই দিয়ে-- সভ্যতাৰ উন্নতি অট্টালিকা, প্ৰযুক্তি বা অস্ত্ৰশস্ত্ৰত জুখিব নোৱাৰি; দুৰ্বল মানুহৰ প্ৰতি আমাৰ ব্যৱহাৰেই এখন সভ্যতাৰ প্ৰকৃত মানদণ্ড।
শেষত:
এটা গীত কেতিয়া কালজয়ী হয়?
--কেৱল জনপ্ৰিয় হোৱাৰ বাবে নহয়।
--কেৱল সুৰৰ মাধুৰ্য বা কাব্যিক সৌন্দৰ্যৰ বাবেও নহয়।
এটা গীত তেতিয়াহে কালজয়ী হয়, যেতিয়া ই সময়ৰ সীমা অতিক্ৰম কৰি প্ৰতিটো যুগত নতুন অৰ্থ অনুভৱৰ বাট থাকে। "মানুহে মানুহৰ বাবে" তেনে এক গীত। গীত হিচাপে আৰম্ভ হয়, শেষত এক নৈতিক দৰ্শন, এক সাংস্কৃতিক দলিল আৰু এক বিশ্বজনীন মানৱতাবাদী ইস্তাহাৰত পৰিণত হয়।
গীতৰ নন্দনতত্ত্বৰ মূল ভিত্তি হৈছে সৰলতা। কিন্তু এই সৰলতা কেতিয়াও সৰলীকৰণ নহয়। তেওঁ এনে ভাষা বাছি লয়, যি ভাষা এজন সাধাৰণ শ্ৰমিকেও বুজিব পাৰে, কিন্তু এজন সাহিত্য-সমালোচকেও তাৰ মাজত গভীৰ দাৰ্শনিক স্তৰ বিচাৰি পায়।
"মানুহে মানুহৰ বাবে" গীতত কোনো জটিল শব্দ, অলংকাৰৰ বাহুল্য বা কৃত্ৰিম কাব্যিকতা নাই। তথাপিও প্ৰতিটো পংক্তি বহুস্তৰীয়। "অকণি সহানুভূতি", "জীৱনৰ কোবাল নদী", "মানুহে মানুহক কিনিব খুজি", "দানৱ"-- এই শব্দসমূহ কেৱল কাব্যিক উপাদান নহয়; নৈতিক আৰু সাংস্কৃতিক প্ৰতীক।
এয়াই ভূপেন হাজৰিকাৰ শিল্প-সফলতা। তেওঁ জটিল দৰ্শনক জটিল ভাষাত নহয়, মানুহৰ দৈনন্দিন ভাষাত প্ৰকাশ কৰিছে।
তেনেদৰে-- ভূপেন হাজৰিকাৰ ওচৰত সুৰ কেতিয়াও শব্দৰ প্ৰতিদ্বন্দ্বী নহয়; শব্দৰ সহযোগী। "মানুহে মানুহৰ বাবে"ৰ সুৰত কোনো কোনো আড়ম্বৰ নাই। সুৰটো ধীৰ, সংযত আৰু গভীৰ। ইয়াৰ ফলত শ্ৰোতাৰ মনোযোগ "বাণী"ৰ নৈতিক শক্তিত নিবদ্ধ হয়।
এয়া ভূপেন হাজৰিকাৰ সংগীত-দৰ্শনৰ এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য।
ড° হাজৰিকাই বিশ্বাস কৰিছিল-- গীতৰ সুৰে বাণীক আৱৰি পেলাব নালাগে; বাণীক অধিক শক্তিশালী কৰি তুলিব লাগে। সেইবাবেই তেওঁৰ বহু গীত আজিও সুৰৰ বাবে যিমান স্মৰণীয়, তাতোকৈ বেছি "বাণী"ৰ বাবে অমৰ।
ড° ভূপেন হাজৰিকাৰ সংগীতৰ আন এক অনন্য বৈশিষ্ট্য হৈছে-- তেওঁ অসমৰ লোক সংগীতৰ আত্মাক বিশ্বমানৱৰ অনুভূতিৰ সৈতে মিলাই দিব পাৰিছিল। তেওঁৰ সুৰত ব্ৰহ্মপুত্ৰৰ ঢৌ আছে, অসমৰ মাটিৰ গন্ধ আছে, কিন্তু ভাৱত আছে সমগ্ৰ বিশ্বৰ মানুহ।
এই কাৰণেই "মানুহে মানুহৰ বাবে" কোনো নিৰ্দিষ্ট অঞ্চলৰ গীত হৈ থকা নাই। কাৰণ গীতটোৰ মূল বিষয় মানুহ, আৰু মানুহৰ দুখ-সুখ, সংগ্ৰাম, আশা আৰু সহানুভূতিৰ ভাষা বিশ্বজনীন।
এই খিনিতে চৰ্চালৈ আনিব পাৰি-- পল ৰবছনৰ
প্ৰভাৱ আৰু ভূপেন হাজৰিকাৰ স্বকীয়তা দিশটো। ৰবছনে সংগীতক কেৱল বিনোদন হিচাপে চোৱা নাছিল; সংগীতক সামাজিক ন্যায়, সাম্য আৰু মানৱ মুক্তিৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিছিল। ভূপেন হাজৰিকাই এই দৃষ্টিভংগীৰ পৰা গভীৰভাৱে অনুপ্ৰাণিত হৈছিল। কিন্তু এইখিনিতে এটা গুৰুত্বপূৰ্ণ কথা চৰ্চাৰ প্ৰয়োজন। ভূপেন হাজৰিকা কেতিয়াও ৰবছনৰ অনুকৰণত সীমাবদ্ধ থকা শিল্পী নহয়। তেওঁ বিশ্বমানৱতাবাদৰ ধাৰণাক অসমৰ নদী, জনজীৱন, লোকসংস্কৃতি আৰু ভাৰতীয় অভিজ্ঞতাৰ সৈতে সংযোগ কৰি এক সম্পূৰ্ণ নতুন শিল্পভাষা সৃষ্টি কৰিছিল। প্ৰভাৱ গ্ৰহণ কৰিছিল, কিন্তু স্বকীয়তাক বিসৰ্জন দিয়া নাছিল। এইটোৱেই মহান শিল্পীৰ পৰিচয়।
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন