ভূপেন হাজৰিকাৰ সংগীত-জীৱনক সাধাৰণতে অসমীয়া, বাংলা আৰু হিন্দী ভাষাৰ গীত আৰু চিনেমাৰ পৰিসৰত আলোচনা কৰা হয়। কিন্তু তেওঁৰ সৃষ্টিশীল যাত্ৰাৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য আছিল—ভাৰতৰ বিভিন্ন আঞ্চলিক ভাষা, লোকসংস্কৃতি আৰু জনজীৱনৰ সৈতে সংগীতৰ জৰিয়তে সংযোগ স্থাপন কৰা। এই বহল সাংস্কৃতিক পৰিসৰৰ তুলনামূলকভাৱে অনালোচিত এটা অধ্যায় হ’ল ১৯৭৯ চনত নিৰ্মিত "ছঠ মাইয়া কি মহিমা"।
তপেশ্বৰ প্ৰসাদ পৰিচালিত আৰু মহুৱা দে প্ৰযোজিত এই চিনেমাখন ইন্দ্ৰনীল ফিল্মছ, বম্বেৰ বেনাৰত নিৰ্মিত হৈছিল। সংৰক্ষিত চলচ্চিত্ৰ-নথিত ড° ভূপেন হাজৰিকাক সংগীত পৰিচালক হিচাপে উল্লেখ কৰা হৈছে। সহকাৰী সংগীত পৰিচালক হিচাপে অনিল মোহিলে আৰু হিমাংশু বিশ্বাসৰ নাম পোৱা যায়। গীতৰ কৃতিত্বৰ সৈতে কবি প্ৰদীপ আৰু বিন্ধ্যবাসিনী দেৱীৰ নাম সংযুক্ত। সংগীতৰ ৰেকৰ্ড প্ৰকাশৰ ক্ষেত্ৰত জি চি আই এল–এইচ এম ভি-ৰ নামো পোৱা যায়। বম্বে সেন্সৰ প্ৰমাণপত্ৰৰ তাৰিখ ১৬ এপ্ৰিল ১৯৭৯ আৰু প্ৰমাণপত্ৰ নম্বৰ Bombay/U-89480।
এই তথ্যসমূহ চিনেমা খনৰ পৰিচয় নিৰ্ধাৰণৰ বাবে প্ৰয়োজনীয়; কিন্তু "ছঠ মাইয়া কি মহিমা"ৰ বিশেষত্ব বুজিবলৈ ইয়াৰ সংগীত কেন্দ্ৰিক চৰ্চাৰ প্ৰয়োজন আছে।
সংৰক্ষিত সংগীত-তথ্য অনুসৰি চিনেমা খনৰ সৈতে মুঠ দহটা গীত সংযুক্ত। এই গীতসমূহৰ কণ্ঠত আছে লতা মংগেশকাৰ, আশা ভোঁসলে, উষা মংগেশকাৰ, মহেন্দ্ৰ কাপুৰ আৰু বিন্ধ্যবাসিনী দেৱী। এনেদৰে ক'ব পাৰি-- সংগীতত একেলগে উপস্থিত হৈছে হিন্দী চিনেমাৰ সৰ্বভাৰতীয় জনপ্ৰিয় কণ্ঠ আৰু বিহাৰৰ লোকসংগীতৰ সৈতে গভীৰভাৱে জড়িত এগৰাকী শিল্পী।
গীতসমূহৰ তালিকাখনেই ছবিখনৰ সংগীতৰ বৈচিত্ৰ্যৰ আভাস দিয়ে—‘সতী সুকন্যা...’, ‘সাতহি ঘোৰৱা সূৰজ দেৱ...’, ‘সবকী গোদ সঁৱাৰনেৱালী...’, ‘উগ হে সূৰজ দেৱ...’, ‘ৰসিক ভঁৱৰে’, ‘ও পিঞ্জৰে কে তোতে বতা...’, ‘আৰে মালা জপো ৰে...’, ‘পাটনা কে হাট পৰ নৰিয়ৰ...’, ‘কেকৰ নাইয়া মে ইৰচি মিৰিচিয়া...’ আৰু ‘মেরে মাথেকে সিন্দুৰ...’। এই তালিকাতেই দেখা যায়-- সংগীত একমাত্ৰ পৰম্পৰাগত ছঠ-গীতৰ সংকলন নহয়; ইয়াত লোকধাৰা, আখ্যানমূলক গীত আৰু হিন্দী চিনেমাৰ প্ৰচলিত গীত-ভাষাৰ মাজত এক সংযোগ গঢ়ি তোলা হৈছে।
‘মেরে মাথেকে সিন্দুৰ’ লতা মংগেশকাৰৰ কণ্ঠত, ‘ৰসিক ভঁৱৰে’ আশা ভোঁসলৰ কণ্ঠত আৰু ‘আৰে মালা জপো ৰে’ তথা ‘সতী সুকন্যা’ মহেন্দ্ৰ কাপুৰ আৰু উষা মংগেশকাৰৰ কণ্ঠত ৰেকৰ্ড কৰা হৈছিল। আনহাতে বিন্ধ্যবাসিনী দেৱীৰ কণ্ঠত থকা গীতসমূহ ছঠ-পৰ্বৰ লোকধাৰাৰ সৈতে পোনপটীয়াকৈ সম্পৰ্কিত। এই কণ্ঠসমূহৰ সমাহাৰেই চিনেমা খনৰ সংগীতৰ সাংস্কৃতিক পৰিসৰটো স্পষ্ট কৰে।
বিশেষ তাৎপৰ্যপূৰ্ণ কথাটো হ’ল, সংৰক্ষিত চলচ্চিত্ৰ-নথি অনুসৰি বিন্ধ্যবাসিনী দেৱীয়ে গোৱা চাৰিটা গীতৰ সুৰ নিজেই কৰিছিল। চিনেমা খনৰ সংগীত-ৰেখাত লোকসংগীতৰ নিজস্ব পৰম্পৰাও সক্ৰিয় হৈ আছে।
চিনেমা খনৰ সংগীত প্ৰসংগত মুম্বাইৰ প্ৰকাশ পোৱা "কিংষ্টাৰ" কাকত খনৰ ৮মে', ১৯৯৯ চনৰ সংখ্যাত ছপা হৈছে এনেদৰে-- 'সংগীতক ভূপেন হাজৰিকাৰ সংগীত-দৰ্শনে, প্ৰয়োগে আকৰ্ষণীয় কৰি তোলে। ভূপেন হাজৰিকাই লোকসংগীতক কেৱল সংগ্ৰহযোগ্য অতীতৰ সম্পদ হিচাপে গ্ৰহণ কৰা নাছিল; তেওঁ লোকজ জীৱনৰ সুৰ, ভাষা আৰু অভিজ্ঞতাক আধুনিক সংগীত আৰু বৃহত্তৰ সাংস্কৃতিক পৰিসৰৰ সৈতে সংযোগ কৰাৰ চেষ্টা কৰিছিল। 'ছঠ মাইয়া কি মহিমা'ত সেই প্ৰক্ৰিয়াৰ এটা আঞ্চলিক ৰূপ দেখা যায়।"
ছঠ-পৰ্বৰ সংগীতৰ সাংস্কৃতিক তাৎপৰ্যও ইয়াতে। ছঠ কেৱল এটা ধৰ্মীয় আচাৰ নহয়; সূৰ্য-উপাসনা, নদী-পুখুৰীৰ পাৰ, পাৰিবাৰিক বিশ্বাস, নাৰী-অভিজ্ঞতা আৰু সামূহিক লোকাচাৰৰ সৈতে গভীৰভাৱে সংযুক্ত এক জনজীৱনভিত্তিক উৎসৱ। সেয়ে ছঠৰ গীতক চিনেমাৰ সংগীতত স্থান দিয়াৰ অৰ্থ কেৱল এটা ধৰ্মীয় পৰ্বৰ বাবে গীত সৃষ্টি কৰা নহয়; এটা নিৰ্দিষ্ট অঞ্চলৰ জীৱন-পদ্ধতি, বিশ্বাস আৰু সামূহিক স্মৃতিক শ্ৰাব্য ৰূপ দিয়া।
পাছৰ কালৰ মগহী ভাষা-সাহিত্যৰ আলোচনাতো চিনেমা খনত পাটনাৰ ছঠ-পৰ্বৰ বিভিন্ন দিশৰ চিত্ৰায়ণ আৰু বিন্ধ্যবাসিনী দেৱীৰ কণ্ঠত মগহী ছঠ-গীত থকাৰ উল্লেখ পোৱা যায়।
চিনেমা খনৰ সংগীতৰ আটাইতকৈ আকৰ্ষণীয় দিশটো ইয়াৰ কণ্ঠৰ বিন্যাস। এফালে লতা মংগেশকাৰ আৰু আশা ভোঁসলে—ভাৰতীয় চলচ্চিত্ৰ সংগীতৰ সৰ্বাধিক পৰিচিত কণ্ঠ; আনফালে বিন্ধ্যবাসিনী দেৱী—লোকসংগীতৰ জীৱন্ত পৰম্পৰাৰ সৈতে নিবিড়ভাৱে সংযুক্ত শিল্পী। মহেন্দ্ৰ কাপুৰ আৰু উষা মংগেশকাৰৰ উপস্থিতিয়ে এই পৰিসৰক আৰু বহল কৰে। ফলত চিনেমা খনৰ সংগীতত ‘জনপ্ৰিয় চলচ্চিত্ৰ-সংগীত’ আৰু ‘আঞ্চলিক লোকসংগীত’ৰ মাজত এটা সংযোগ সৃষ্টি হয়।
এই সংযোগ ভূপেন হাজৰিকাৰ সংগীত-সত্তাৰ সৈতে গভীৰভাৱে সামঞ্জস্যপূৰ্ণ। অসমৰ লোকসুৰৰ পৰা বাংলা গীত, ভাৰতীয় গণনাট্য আন্দোলনৰ সামাজিক চেতনা আৰু হিন্দী চলচ্চিত্ৰৰ বিস্তৃত সংগীত-জগতলৈকে তেওঁৰ যাত্ৰাৰ কেন্দ্ৰত আছিল মানুহ। ভাষা সলনি হৈছে, অঞ্চল সলনি হৈছে, সংগীতৰ ৰূপ সলনি হৈছে; কিন্তু জনজীৱনৰ সৈতে সংযোগটোৱে তেওঁৰ সৃষ্টিশীলতাৰ এক স্থায়ী ভিত্তি হিচাপে কাম কৰিছে।
এই দৃষ্টিৰে 'ছঠ মাইয়া কি মহিমা"ক কেৱল ১৯৭৯ চনৰ এখন চিনেমাৰ সংগীত-তালিকাত সীমাবদ্ধ কৰি চোৱাটো যথেষ্ট নহয়। ক'ব পাৰি-- ভূপেন হাজৰিকাৰ সৃষ্টিশীল মানচিত্ৰৰ এটা গুৰুত্বপূৰ্ণ সংযোগবিন্দু, য’ত বিহাৰৰ লোকজ সংস্কৃতি, ছঠ-পৰ্বৰ গীত, মগহী লোকধাৰা আৰু হিন্দী চলচ্চিত্ৰৰ জনপ্ৰিয় কণ্ঠ একেখন সংগীত-জগতত মিলিত হৈছে।
চিনেমা খনৰ সংৰক্ষিত সেন্সৰ নথিত দৈৰ্ঘ্য ৩,৮৩৯.২৬ মিটাৰ আৰু ১৫টা ৰীলৰ তথ্য পোৱা যায়। বহুতে কৰাৰ দৰে ১৫টা ৰীলক ১৫টা প্ৰিণ্ট বুলি ব্যাখ্যা কৰা উচিত নহয়। এখন চিনেমাত এটা প্ৰদৰ্শনী-প্ৰিণ্ট নিজেই কেইবাটাও ৰীলত বিভক্ত হ’ব পাৰে।
একেদৰে তুলি ৰিছাৰ্চ চেণ্টাৰ ফৰ ইণ্ডিয়া ষ্টাডিজৰ সংৰক্ষণ তালিকাত মহুৱা দে প্ৰযোজিত Chhath Maiya Ki Mahima, 1979ৰ ‘Song-Synopsis Booklet’-ৰ উল্লেখ পোৱা যায়।
এই পুস্তিকাখন আমাৰ হাতত নাই। পোৱা হ'লে চিনেমা খনৰ গীত, গীতিকাৰ, কণ্ঠশিল্পী আৰু সমকালীন প্ৰচাৰৰ বিষয়ে অধিক প্ৰাথমিক তথ্য পোৱাৰ সম্ভাৱনা আছে। কিন্তু মূল পুস্তিকাখনৰ পৃষ্ঠা পৰীক্ষা নকৰাকৈ তাৰ ভিতৰৰ তথ্য অনুমান কৰি ব্যৱহাৰ কৰা উচিত নহ’ব।
সেই অৰ্থত "ছঠ মাইয়া কি মহিমা" এতিয়াও সম্পূৰ্ণৰূপে উন্মোচিত হোৱা অধ্যায় নহয়। কিন্তু বৰ্তমান উপলব্ধ সংগীত-নথিয়েই এটা কথা স্পষ্ট কৰে—ভূপেন হাজৰিকাৰ সংগীতৰ পৰিসৰক কেৱল অসমীয়া, বাংলা আৰু হিন্দী গীতৰ ত্ৰিভুজত আবদ্ধ কৰি চালে তেওঁৰ সৃষ্টিশীল ভাৰত-চিন্তাৰ এটা গুৰুত্বপূৰ্ণ অংশ অদৃশ্য হৈ থাকে।
"ছঠ মাইয়া কি মহিমা"ৰ সংগীত সেই অদৃশ্য অংশটোৰ এটা মূল্যৱান দৃষ্টান্ত। ছঠ-পৰ্বৰ লোকসুৰ আৰু বিহাৰৰ জনজীৱনক ভাৰতীয় চলচ্চিত্ৰ সংগীতৰ বৃহত্তৰ পৰিসৰত স্থান দিয়াৰ এই প্ৰয়াসত ভূপেন হাজৰিকাৰ ভূমিকা এজন সংগীত পৰিচালকৰ সীমা অতিক্ৰম কৰি এজন সাংস্কৃতিক মধ্যস্থতাকাৰীৰ ৰূপত ধৰা দিয়ে। তেওঁৰ বাবে আঞ্চলিকতা কোনো সীমা নাছিল; আঞ্চলিক জীৱনৰ সুৰৰ মাজেৰেই তেওঁ বৃহত্তৰ ভাৰতীয় মানুহক বিচাৰি পাইছিল।
ক'ব পাৰি-- এই সংগীতকৰ্ম ভূপেন হাজৰিকাৰ সংগীত-জীৱনৰ ‘ভাৰত’ ধাৰণাটো বুজিবলৈ সহায় কৰা এটা উপেক্ষিত অধ্যায়।
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন