অসমীয়া ভাষাৰ সংগীতৰ পৰিসৰ অতিক্ৰম কৰি বাংলা সংগীত আৰু চিনেমাৰ জগতত ভূপেন হাজৰিকাই যি গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছিল, তাৰ এক দীঘলীয়া পৰিক্ৰমা দেখা যায় ১৯৫৬ৰ পৰা ১৯৯৬ লৈ। এই সময়ছোৱাত ড° হাজৰিকাই কেতিয়াবা সংগীত পৰিচালক, কেতিয়াবা গায়ক, কেতিয়াবা দুয়োটা ভূমিকাতে বাংলা চিনেমাৰ সৈতে জড়িত হৈছিল। পশ্চিমবংগৰ বাংলা চিনেমাৰ লগতে বাংলাদেশৰ বাংলা চিনেমাতো তেওঁৰ সংগীত আৰু কণ্ঠৰ উপস্থিতি দেখা যায়। Bengal Film Archive-ৰ ভূপেন হাজৰিকাৰ নিৰ্বাচিত filmography আৰু আন সংগীত-তথ্যৰ সৈতে মিলাই চালে এই পৰিক্ৰমাত অন্ততঃ ১৮খন চিনেমাৰ উল্লেখ পোৱা যায়। ইয়াৰ ভিতৰত কেইখনমানৰ ক্ষেত্ৰত ভূপেন সংগীত পৰিচালক, কেইখনমানত কণ্ঠশিল্পী আৰু কেইখনত দুয়োটা ভূমিকাতে আছিল।
এই যাত্ৰাৰ আৰম্ভণি ‘অসমাপ্ত’-ৰ জৰিয়তে। ১৯৫৬ চনৰ ১ জুনত কলকাতাৰ বাসুশ্রী, বীণা আৰু আলোছায়া চিত্ৰগৃহত মুক্তি পোৱা ৰতন চট্টোপাধ্যায় পৰিচালিত বাংলা চিনেমা ‘অসমাপ্ত’-ত ভূপেন হাজৰিকা একমাত্ৰ সংগীত পৰিচালক নাছিল; অনুপম ঘটক, অনিল বাগচী, দুৰ্গা সেন, নচিকেতা ঘোষৰ সৈতে তেওঁ সংগীত পৰিচালকৰ দায়িত্বত আছিল। চিনেমাখনৰ গীতিকাৰ আছিল গৌৰীপ্ৰসন্ন মজুমদাৰ, শ্যামল গুপ্ত, পণ্ডিত হৰিচৰণ, হীৰেন বসু, পুলক বন্দ্যোপাধ্যায় আৰু বিধায়ক ভট্টাচাৰ্য। কণ্ঠদান কৰিছিল লতা মংগেশকাৰ, সন্ধ্যা মুখোপাধ্যায়, প্ৰতিমা বন্দ্যোপাধ্যায়, অলপনা বন্দ্যোপাধ্যায়, বসন্তী ঘোষাল, বাঁশৰী লাহিড়ী আৰু হেমন্ত মুখোপাধ্যায় আদি শিল্পীয়ে। লতা মংগেশকাৰৰ ‘পূর্ণিমা নয় এ যে’ আৰু ‘রিমিকি ঝিমিকি ছন্দে’ ‘অসমাপ্ত’-ৰ গীত হিচাপে নথিভুক্ত; ‘রিমিকি ঝিমিকি ছন্দে’-ৰ সংগীত পৰিচালকৰ তালিকাত ভূপেন হাজৰিকাৰ নামো আছে। অৱশ্যে এই চিনেমি খনৰ মূল ৰেকৰ্ড বা LP-ৰ catalogue number এতিয়াও নিশ্চিতভাৱে উদ্ধাৰ কৰিব পৰা হোৱা নাই।
১৯৫৭ত আহে ‘জীৱন তৃষ্ণা’। অসিত সেন পৰিচালিত এই চিনেমাখনৰ সংগীত সম্পূৰ্ণৰূপে ভূপেন হাজৰিকাৰ। গীতিকাৰ আছিল পুলক বন্দ্যোপাধ্যায়, শ্যামল গুপ্ত আৰু গৌৰীপ্ৰসন্ন মজুমদাৰ। কণ্ঠদান কৰিছিল লতা মংগেশকাৰ, হেমন্ত মুখোপাধ্যায়, উৎপলা সেন আৰু ভূপেন হাজৰিকাই। চিনেমাখনৰ soundtrack-ত চাৰিটা গীতৰ উল্লেখ পোৱা যায়—লতা মংগেশকাৰৰ ‘ফেলে আসা পথপানে’, উৎপলা সেনৰ ‘আবার নতুন সকাল হবে’, হেমন্ত মুখোপাধ্যায়ৰ ‘সত্যম শিবম সুন্দরম হে’ আৰু ভূপেন হাজৰিকাৰ ‘কখনও তো হয় নাই ক্লান্ত’। Saregama-ৰ তথ্যত ‘কখনও তো হয় নাই ক্লান্ত’-ৰ গীতিকাৰ পুলক বন্দ্যোপাধ্যায় আৰু সংগীত পৰিচালক ভূপেন হাজৰিকা বুলি নিশ্চিত কৰা হৈছে। এই চিনেমাখন ভূপেনৰ বাংলা সংগীত-যাত্ৰাৰ এক গুৰুত্বপূৰ্ণ আৰম্ভণিৰ নিদৰ্শন।
একেটা বছৰতে, অৰ্থাৎ ১৯৫৭ত, মণি ঘোষ আৰু অমল দত্ত পৰিচালিত ‘কৰি ও কোমল’-ত ভূপেন হাজৰিকা সংগীত পৰিচালক হিচাপে জড়িত হয়। চিনেমাখনৰ গীতিকাৰ পুলক বন্দ্যোপাধ্যায়। কণ্ঠদান কৰিছিল হেমন্ত মুখোপাধ্যায়, ৰবীন মজুমদাৰ, ভূপেন হাজৰিকা, নিখিল বন্দ্যোপাধ্যায়, লতা মংগেশকাৰ, অলপনা বন্দ্যোপাধ্যায়, প্ৰতিমা বন্দ্যোপাধ্যায় আৰু বসন্তী ঘোষালে। লতা মংগেশকাৰৰ ‘অস্ত আকাশে বনের চিতা জ্বলে’ আৰু ‘তির বাঁধা পাখি’ এই চিনেমাখনৰ গীত হিচাপে নথিভুক্ত। হেমন্ত মুখোপাধ্যায়ৰ ‘জয় দিন জয়’ গীতটোৰ সংগীত পৰিচালক ভূপেন হাজৰিকা আৰু গীতিকাৰ পুলক বন্দ্যোপাধ্যায় বুলি discography-ত পোৱা যায়। মূল ৰেকৰ্ডৰ catalogue number অৱশ্যে এতিয়াও নিশ্চিত নহয়।
১৯৫৮ৰ ‘জোনাকীৰ আলো’-তো ভূপেন হাজৰিকাৰ বাংলা সংগীত-যাত্ৰা অব্যাহত থাকে। অসিত সেন পৰিচালিত এই চিনেমাখনৰ সংগীত পৰিচালক ভূপেন হাজৰিকা। গীতিকাৰ আছিল গৌৰীপ্ৰসন্ন মজুমদাৰ, সত্য বন্দ্যোপাধ্যায় আৰু পূৰ্ণদাস বাউল। কণ্ঠদান কৰিছিল লতা মংগেশকাৰ, ভূপেন হাজৰিকা আৰু পূৰ্ণদাস বাউলে। ২৫ জুলাই ১৯৫৮ত মুক্তি পোৱা এই চিনেমাখনৰ film-level তথ্য Bengal Film Archive-ত সুস্পষ্টভাৱে নথিভুক্ত। কিন্তু প্ৰতিটো গীতৰ নাম, গীত-লেখক, কণ্ঠশিল্পীৰ পৃথক credit আৰু মূল ৰেকৰ্ডৰ catalogue number নিশ্চিত কৰিব পৰি নাই।
ইয়াৰ পাছত আহে ‘মহুত বন্ধু ৰে’। ১৯৫৯ চনৰ ১২ জুনত মুক্তি পোৱা এই চিনেমাখন ভূপেন হাজৰিকাৰ সৈতে বিশেষভাৱে জড়িত। Bengal Film Archive-ৰ তথ্যত তেওঁ পৰিচালক-সংগীত পৰিচালক হিচাপে নথিভুক্ত। গীতিকাৰ আছিল পবিত্ৰ মিত্ৰ আৰু কল্যাণ দাসগুপ্ত। কণ্ঠদান কৰিছিল প্ৰতিমা বৰুৱা, বায়ানুদ্দিন, ভবেন, বসতী কৃষ্ণ, মানৱ মুখোপাধ্যায়, ভূপেন হাজৰিকা, শ্যামল মিত্ৰ আৰু ইলা চক্ৰৱৰ্তীয়ে। British Library-ৰ Endangered Archives Programme-ত ‘Mahut Bandhu Re’-ৰ Bengali-language promotional booklet-ও সংৰক্ষিত আছে। চিনেমা খনৰ মুক্তিৰ বছৰক লৈ কিছুমান উৎসত ১৯৫৮ দেখা যায় যদিও Bengal Film Archive-ৰ মুক্তিৰ তাৰিখ ১২ জুন ১৯৫৯।
১৯৬০ৰ ‘দুই বেচারা’-ত ভূপেন হাজৰিকা সংগীত পৰিচালক। দিলীপ বসু পৰিচালিত এই বাংলা চিনেমাখন ৪ মাৰ্চ ১৯৬০ত মুক্তি পায়। Saregama-ৰ soundtrack-ত চাৰিটা গীত পোৱা যায়—‘যেও না গো যদি যাও’ (মান্না দে), ‘করোনা ফেরে’ (মান্না দে আৰু গীতা দত্ত), ‘হুলা হুপের খেলা’ (গীতা দত্ত) আৰু ‘আরে বন্ধু রে কাজল’ (ভূপেন হাজৰিকা)। ‘করোনা ফেরে’-ৰ সংগীত পৰিচালক ভূপেন হাজৰিকা বুলি Saregama-ত উল্লেখ আছে; গীতিকাৰ হিচাপে কিছুমান discography-ত জন নিছাৰ আখতাৰৰ নাম পোৱা যায়। ‘যেও না গো যদি যাও’-ৰ ক্ষেত্ৰতো ভূপেনৰ সুৰৰ উল্লেখ পোৱা যায়। এই soundtrack-ৰ ৪-track সংৰক্ষণ Saregama-ত উপলব্ধ যদিও মূল physical record-ৰ catalogue number এতিয়াও নিশ্চিত নহয়।
পৰৱৰ্তী সময়ত, এটা দীঘলীয়া ব্যৱধানৰ পাছত ১৯৭১ৰ ‘এখানে পিঞ্জৰ’-ত ভূপেন হাজৰিকা পুনৰ বাংলা চিনেমাৰ সংগীতত গুৰুত্বপূৰ্ণভাৱে উপস্থিত হয়। যাত্ৰিক পৰিচালিত এই চিনেমাখনৰ সংগীত পৰিচালক ভূপেন হাজৰিকা। গীতিকাৰ হিচাপে অতুলপ্ৰসাদ আৰু শিবদাস বন্দ্যোপাধ্যায়ৰ নাম নথিভুক্ত। কণ্ঠদান কৰিছিল প্ৰতিমা বন্দ্যোপাধ্যায়, মাধুৰী চট্টোপাধ্যায় আৰু ভূপেন হাজৰিকাই। Saregama-ৰ soundtrack-ত তিনিটা গীত স্পষ্টভাৱে পোৱা যায়—মাধুৰী চট্টোপাধ্যায়ৰ ‘জীবনের কিছু কিছু রং’, প্ৰতিমা বন্দ্যোপাধ্যায়ৰ ‘একা মোর গানের তরী’ আৰু ভূপেন হাজৰিকাৰ ‘ও আমার মন পাখি’।
১৯৭৩-ৰ ‘তিতাস একটি নদীর নাম’-- বাংলাদেশ-ভাৰতীয় বাংলা চিনেমাৰ এক গুৰুত্বপূৰ্ণ অধ্যায়। ঋত্বিক ঘটক পৰিচালিত এই চিনেমাখনত সংগীতৰ সৈতে ঋত্বিক ঘটক আৰু ওস্তাদ বাহাদুৰ খান জড়িত আছিল। ভূপেন হাজৰিকা ইয়াত সংগীত পৰিচালক নহয়, কণ্ঠশিল্পী হিচাপে জড়িত। কণ্ঠশিল্পীৰ তালিকাত আবেদা সুলতানা, ভূপেন হাজৰিকা, ধৰ্মীদন বৰুৱা, ধীৰাজ উদ্দিন ফকীৰ, নীনা হামিদ আৰু ৰথীন্দ্ৰনাথ ৰায়ৰ নাম পোৱা যায়।
১৯৭৬ৰ ‘দম্পতি’-ত ভূপেন হাজৰিকাক আকৌ সংগীত পৰিচালকৰ ভূমিকাত দেখা যায়। অনিল ঘোষ পৰিচালিত এই চিনেমাখনৰ গীতিকাৰ পুলক বন্দ্যোপাধ্যায়। soundtrack-ত আছে আশা ভোঁসলেৰ ‘আয় রে আয়’, মান্না দে আৰু সবিতা চৌধুৰীৰ ‘যা যা যা’, অমিত কুমাৰ আৰু আৰতি মুখোপাধ্যায়ৰ ‘দাঁড়াও দাঁড়াও’ আৰু আশা ভোঁসলেৰ ‘বাবম বাবম’। ‘দাঁড়াও দাঁড়াও’ গীতটোৰ সংগীত পৰিচালক ভূপেন হাজৰিকা আৰু কণ্ঠত অমিত কুমাৰৰ সৈতে আৰতি মুখোপাধ্যায়। এই চিনেমা সংগীত-তথ্য যথেষ্ট সুসংহতভাৱে পোৱা যায়।
১৯৭৭ৰ বাংলাদেশী বাংলা চিনেমা ‘সীমানা পেরিয়ে’-ত ভূপেন হাজৰিকা সংগীত পৰিচালক আৰু কণ্ঠশিল্পী দুয়োটা ভূমিকাতে। পৰিচালক আলমগীৰ কবীৰ। Saregama-ৰ তথ্যত ‘মেঘ থম থম করে’ ভূপেন হাজৰিকাৰ কণ্ঠত এই চিনেমাখনৰ গীত হিচাপে নথিভুক্ত। আন এটা গুৰুত্বপূৰ্ণ গীত ‘বিমূর্ত এই রাত্রি আমার’—এই গীতটোৰ গীতিকাৰক লৈ উৎসভেদে কিছু অসংগতি আছে; কিছুমান উৎসত শিবদাস বন্দ্যোপাধ্যায়, আন কিছুমান metadata-ত ভিন্ন তথ্য দেখা যায়।
১৯৭৮ৰ বাংলা ‘চামেলী মেমচাহেব’ ভূপেন হাজৰিকাৰ বাংলা সংগীত-যাত্ৰাৰ এক বিশেষ গুৰুত্বপূৰ্ণ অধ্যায়। ই ১৯৭৫ৰ অসমীয়া ‘চামেলী মেমচাহেব’ নহয়; এইখন পৃথক বাংলা সংস্কৰণ। ইন্দৰ সেন পৰিচালিত ১২৯ মিনিটৰ এই বাংলা চিনেমা খনৰ সংগীত পৰিচালক ভূপেন হাজৰিকা বুলি ভাৰত চৰকাৰৰ Directorate of Film Festivals-ৰ catalogue-তো নথিভুক্ত। Bengal Film Archive-ৰ মতে গীতিকাৰ পুলক বন্দ্যোপাধ্যায় আৰু শিবদাস বন্দ্যোপাধ্যায়। HMV catalogue-ত 45NLP 3006 — Chameli Memsaheb (Bengali)-Bhupen Hazarika, ১৯৭৮, Soundtrack হিচাপে নথিভুক্ত।
বাংলা সংস্কৰণৰ soundtrack-ত পোৱা গীতসমূহ হৈছে—আৰতি মুখোপাধ্যায়ৰ ‘অসম দেশের মেয়ে আমি’ (গীতিকাৰ শিবদাস বন্দ্যোপাধ্যায়), ভূপেন হাজৰিকা আৰু উষা মংগেশকাৰৰ ‘বশীকৰণ কাজল চোখে’ (শিবদাস বন্দ্যোপাধ্যায়), উষা মংগেশকাৰৰ ‘হাওয়া নাই বাতাস নাই’ (শিবদাস বন্দ্যোপাধ্যায়), আশা ভোঁসলেৰ ‘ক খ গ ঘ’ (পুলক বন্দ্যোপাধ্যায়) আৰু হেমন্ত মুখোপাধ্যায়ৰ ‘ও বিদেশী তাকাও’ (পুলক বন্দ্যোপাধ্যায়)। এই সকলো গীতৰ সংগীত পৰিচালক ভূপেন হাজৰিকা।
১৯৭৯ৰ ‘দেবদাস’-ত ভূপেন হাজৰিকা সংগীত পৰিচালক নহয়; কণ্ঠশিল্পী হিচাপে জড়িত। দিলীপ ৰায় পৰিচালিত বাংলা চিনেমাখনৰ music department-ত মান্না দে, ভূপেন হাজৰিকা, আমলা কাতৰ্কী, লতা মংগেশকাৰ আৰু উষা মংগেশকাৰৰ নাম পোৱা যায়। কাজী নজৰুল ইছলামৰ গীতৰ সৈতে চিনেমা খনৰ সংগীত-সম্পৰ্কও নথিভুক্ত। ‘জেদিন লাব বিদায়’ আৰু ‘শাওন রাতে যদি’ আদি গীত চিনেমা খনত ব্যৱহাৰ কৰিছে বুলি secondary source-ত পোৱা যায় যদিও ভূপেন হাজৰিকাই ঠিক কোনটো গীত গাইছিল, সেই তথ্য স্পষ্ট নহয়।
১৯৮৪ৰ ‘দীপাৰ প্ৰেম’-ৰ ক্ষেত্ৰত ভূপেনৰ ভূমিকা আৰু এটা গুৰুত্বপূৰ্ণ সংশোধন। অৰুন্ধতী দেৱী পৰিচালিত এই বাংলা চিনেমাখনৰ সংগীত পৰিচালক আছিল অৰুন্ধতী দেৱী নিজেই। গীতিকাৰ আছিল ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু শিবদাস বন্দ্যোপাধ্যায়। অৰুন্ধতী হোমচৌধুৰী, প্ৰতিমা বন্দ্যোপাধ্যায়, অনিন্দ্য সিনহা, ভূপেন হাজৰিকা আৰু শ্ৰেয়া গুহঠাকুৰতাৰ নাম কণ্ঠশিল্পী হিচাপে নথিভুক্ত। অৰ্থাৎ এই চিনেমা খনৰ সংগীত পৰিচালক ভূপেন হাজৰিকা সংগীত পৰিচালক নহয়, গায়কহে।
১৯৮৭ৰ ‘নাগপাশ’-ত ভূপেন হাজৰিকা পুনৰ সংগীত পৰিচালকৰ আসনত। ৰাজেন তৰফদাৰ পৰিচালিত এই চিনেমাখন ৪ ডিচেম্বৰ ১৯৮৭ত কলকাতাৰ নন্দনত মুক্তি পায়। Bengal Film Archive-ৰ তথ্যত সংগীত ভূপেন হাজৰিকাৰ আৰু কণ্ঠশিল্পী হিচাপে শক্তি ঠাকুৰ আৰু অধীৰ বাগচীৰ নাম আছে।
১৯৯০ৰ দশকলৈ আহি ভূপেন হাজৰিকাৰ বাংলা চিনেমাৰ সংগীত-সম্পৰ্ক একেবাৰে শেষ হোৱা নাছিল। ১৯৯৪ৰ ‘গজমুক্তা’-ত অজিত লাহিড়ী পৰিচালক। নাৰায়ণ সান্যালৰ উপন্যাসৰ আধাৰত নিৰ্মিত এই বাংলা এডভেঞ্চাৰ ড্ৰামা খনৰ সংগীত ভূপেন হাজৰিকা। কিন্তু ইয়াৰ সম্পূৰ্ণ soundtrack, গীতিকাৰ আৰু কণ্ঠশিল্পীভিত্তিক credit-ৰ মূল record এতিয়াও পূৰ্ণৰূপে নিশ্চিত হব পৰা নাই।
একেটা বছৰৰে ‘সোপান’-তো ভূপেন হাজৰিকাৰ সংগীত। অজয় বেনাৰ্জী পৰিচালিত, ১৩৪ মিনিটৰ এই খনৰ কাহিনী/গীতৰ সৈতে সমীৰণ দত্তৰ নাম জড়িত। Saregama-ৰ soundtrack-ত ‘মানবতা’, ‘বন্ধ করো এই ছলনা’, ‘তিস্তার পার থেকে’ আদি গীত আছে। ‘মানবতা’ আৰু ‘তিস্তার পার থেকে’-ৰ ক্ষেত্ৰত গীতিকাৰ সমীৰণ দত্ত, সংগীত পৰিচালক ভূপেন হাজৰিকা আৰু কণ্ঠ ভূপেন হাজৰিকা বুলি Saregama-ত স্পষ্ট তথ্য আছে। soundtrack-ত ‘ও মালতী কন্যা’, ‘হাওয়া আসছে হাওয়া’, ‘শেষ যুদ্ধ শুরু আজ’, ‘তিস্তার পার থেকে’ৰ দুটা অংশ আৰু ‘লাল তাজা রক্তে’ও আছে।
১৯৯৫ -ৰ ‘বৌমণি’-ৰো ভূপেন হাজৰিকা সংগীত পৰিচালক। পাৰ্থপ্ৰতিম চৌধুৰী পৰিচালিত এই চিনেমাখনৰ গীতিকাৰ পাৰ্থপ্ৰতিম চৌধুৰী আৰু পুলক বন্দ্যোপাধ্যায়। হেমন্ত মুখোপাধ্যায়, ভূপেন হাজৰিকা, কবিতা কৃষ্ণমূৰ্তি, কুমাৰ শানু আৰু গৌতম মিত্ৰ আদি কণ্ঠশিল্পীৰ নাম নথিভুক্ত। soundtrack-ত ৮টা গীত আছে—শ্ৰীৰাধা বন্দ্যোপাধ্যায়ৰ ‘রেখো গো দাসির এ মনে’, হেমন্ত মুখোপাধ্যায়ৰ ‘যার ঘর নেই’, গৌতমৰ ‘তুমি বলি বলি করে’, অনুপমা দেশপাণ্ডেৰ ‘ভর পিয়ালা পিলাও’, ভূপেন হাজৰিকাৰ ‘একটু প্রেম দিতে’, কবিতা কৃষ্ণমূৰ্তিৰ ‘আমার এ মন’, কুমাৰ শানুৰ ‘যে গেল সে গেল’ আৰু অৰুন্ধতী হোমচৌধুৰীৰ ‘কাচের চুড়ির ঝিলিক’।
এই ধাৰাৰ অন্তিম প্ৰান্তত ১৯৯৬ -ৰ ‘সেই রাত’। বিমল দে পৰিচালিত এই চিনেমাখন ১৮ অক্টোবৰ ১৯৯৬ত কলকাতাৰ Chaplin-ত মুক্তি পায়। ইয়াৰ সংগীত পৰিচালনা কৰিছিল দেবজিৎ–শংকুৱে আৰু গীতিকাৰ আছিল পুলক বন্দ্যোপাধ্যায়। কণ্ঠশিল্পীৰ তালিকাত ইন্দ্ৰাণী সেন, ইন্দ্ৰনীল সেন, অনসূয়া ঘোষ, শক্তিব্ৰত, অমিত কুমাৰ, ভূপেন হাজৰিকা, হেমন্তী শুক্লা আৰু শ্ৰীৰাধা বন্দ্যোপাধ্যায়ৰ নাম আছে।
এই সমগ্ৰ পৰিক্ৰমালৈ চাই ভূপেন হাজৰিকাৰ বাংলা চিনেমাৰ সংগীত-যাত্ৰাক কেৱল ‘অসমৰ শিল্পীয়ে বাংলাত কাম কৰিছিল’ বুলি চমুৱাই কোৱা নাযায়। ১৯৫৬ৰ ‘অসমাপ্ত’-ত একাধিক সংগীত পৰিচালকৰ মাজৰ এজন হিচাপে আৰম্ভ হোৱা যাত্ৰা ১৯৫৭ৰ ‘জীৱন তৃষ্ণা’, ‘কৰি ও কোমল’, ১৯৫৮ৰ ‘জোনাকীৰ আলো’, ১৯৬০ৰ ‘দুই বেচারা’ৰ মাজেৰে ক্ৰমে নিজৰ স্বতন্ত্ৰ সংগীত-ভাষা প্ৰতিষ্ঠা কৰে। ১৯৭১ৰ ‘এখানে পিঞ্জৰ’, ১৯৭৬ৰ ‘দম্পতি’ আৰু ১৯৭৮ৰ বাংলা ‘চামেলী মেমচাহেব’-ত তেওঁৰ সংগীত পৰিচালকৰ পৰিচয় অধিক স্পষ্ট হয়; বাংলাদেশৰ ‘সীমানা পেরিয়ে’-ত তেওঁৰ সংগীতৰ প্ৰভাৱ আন এটা ভূখণ্ডলৈ বিস্তৃত হয়। আনহাতে ‘তিতাস একটি নদীর নাম’, ‘দেবদাস’, ‘দীপাৰ প্ৰেম’ আৰু ‘সেই রাত’-ৰ দৰে চিনেমাত তেওঁ সংগীত পৰিচালক নহৈ কণ্ঠশিল্পী হিচাপেও বাংলা চিনেমাৰ সৈতে সংযোগ ৰক্ষা কৰে। ১৯৯৪ৰ ‘গজমুক্তা’ আৰু ‘সোপান’, ১৯৯৫ৰ ‘বৌমণি’ আৰু ১৯৯৬ৰ ‘সেই রাত’-লৈকে এই উপস্থিতি অব্যাহত থকাটো ভূপেন হাজৰিকাৰ বাংলা চিনেমাৰ সৈতে থকা দীঘলীয়া আৰু বহুমাত্ৰিক সম্পৰ্কৰ সাক্ষ্য।
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন