অসমীয়া সংগীতৰ পৰিসৰৰ বাহিৰত জুবিন গাৰ্গৰ সংগীত-যাত্ৰাৰ এটা গুৰুত্বপূৰ্ণ অধ্যায় বাংলা চলচ্চিত্ৰৰ সংগীত। মুম্বাইত হিন্দী সংগীতৰ ক্ষেত্ৰত পৰিচিতি লাভ কৰাৰ সমান্তৰালভাৱে তেওঁ বাংলা চলচ্চিত্ৰৰ সংগীততো নিজৰ স্থান গঢ়ি তুলিছিল। এই যাত্ৰাৰ বিশেষত্ব-- আন সংগীত পৰিচালকৰ সুৰত কণ্ঠদান কৰাৰ লগতে বাংলা চলচ্চিত্ৰত সংগীত পৰিচালক হিচাপেও দায়িত্ব গ্ৰহণ কৰিছিল। সেয়ে বাংলা চলচ্চিত্ৰত তেওঁৰ অৱদানক দুটা পৰস্পৰ-সম্পৰ্কিত দিশৰ পৰা চাব পাৰি—
সংগীত পৰিচালক জুবিন গাৰ্গ;
আৰু কণ্ঠশিল্পী জুবিন গাৰ্গ।
বাংলা চলচ্চিত্ৰত সংগীত পৰিচালক হিচাপে জুবিন গাৰ্গৰ প্ৰথম উল্লেখযোগ্য কাম-- ‘শুধু তুমি’ (২০০৪)। অভিজিৎ গুহ আৰু সুদেষ্ণা ৰয় পৰিচালিত ছবিখনত প্ৰসেনজিৎ আৰু কোয়েল মল্লিকে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। ছবিখনৰ সংগীত-সংকলনত আঠটা গীত আছে। ইয়াৰে চাৰিটা গীতৰ সুৰ তেওঁৰ পূৰ্বৰ অসমীয়া চিনেমাৰ গীতৰ। ‘গুণ গুণ গুণ গুঞ্জৰে, অন্তৰে...’ ( গীতটোৰ সুৰ ‘কন্যাদান’ৰ ‘উল গুঠিব জানেনে...’), ‘শুৰে শুৰে গান হ’ল...’ (সুৰ ‘নায়ক’ৰ ‘লাহে লাহে বাঢ়িছে...’), ‘এ চোখেৰ কাছেতে...’ (সুৰ ‘বাৰুদ’ৰ ‘মনৰে পদূলি দলিচা...’) আৰু ‘সাজবে এবার কোনেৰ সাজে...’ (সুৰ ‘অগ্নিসাক্ষী’ৰ ‘মহাদেৱ কেনি গ’ল..’) -ৰ সুৰ-নিৰ্মাণক বাংলা চলচ্চিত্ৰৰ সংগীত-ভাষাত নতুন ৰূপত উপস্থাপন কৰিছিল। ছবিখনৰ ‘ভেজা ভেজা স্মৃতির পাথর...’ আৰু ‘একটুকু ছোঁয়া লাগে...’ গীতৰ এটা সংস্কৰণত জুবিনে নিজেই কণ্ঠদান কৰিছিল। ‘পিৰীতি কাঠালের আঠা...’ গীতটোত জুবিনৰ সৈতে জয় বৰুৱা আৰু শাশ্বতী ফুকনৰ কণ্ঠও আছিল। ‘শুধু তুমি’ৰ সংগীত পৰিচালনাৰ কামে বাংলা চলচ্চিত্ৰত জুবিনৰ সুৰকাৰ হিচাপে আত্মপ্ৰকাশক এক উল্লেখযোগ্য পৰিচয় দিছিল। ছবিখনৰ সংগীত পৰিচালক হিচাপে তেওঁৰ নাম চলচ্চিত্ৰ-তথ্যভাণ্ডাৰ মুভিবাফতো নথিভুক্ত আছে।
২০১০ চনত ‘মন নিয়ে’ আৰু ‘কাছে আছো তুমি’ৰ জৰিয়তে জুবিনৰ বাংলা চলচ্চিত্ৰৰ সংগীত পৰিচালনাৰ যাত্ৰাই আন এটা পৰ্যায়ত প্ৰৱেশ কৰে। ‘মন নিয়ে’ৰ সংগীত-সংকলনত ‘টাইটেল ছং’, ‘কি যে হলো...’, ‘চেনা চেনা...’, ‘জনাকি মন...’ আৰু ‘তোমাৰি চোখে.,’ আদি গীতৰ উল্লেখ পোৱা যায়। আনহাতে, ‘কাছে আছো তুমি’ৰ ‘চোখে চোখে...’, ‘এই ৰঙীন...’, ‘কাছে আছো তুমি...’, ‘প্ৰেম আগুনে...’ আৰু ‘কেন যে...’ আদি গীতৰ সৈতে জুবিনৰ সংগীত পৰিচালনাৰ সম্পৰ্ক আছে। ছবিখনৰ শীৰ্ষক গীতটোত তেওঁৰ একক কণ্ঠৰ তথ্যও সংগীত-তালিকাত পোৱা যায়। মুভিবাফৰ তথ্য অনুসৰি, ‘কাছে আছো তুমি’ ২০১০ চনৰ বাংলা ছবি আৰু জুবিন গাৰ্গ ইয়াৰ সংগীত পৰিচালক।
২০১৯ চনৰ বাংলা ছবি ‘সংসাৰ’তো জুবিন গাৰ্গে সংগীত পৰিচালক আৰু কণ্ঠশিল্পী— দুয়োটা ভূমিকাতে কাম কৰিছিল। ছবিখনৰ সংগীতৰ সৈতে অনিন্দ্য চট্টোপাধ্যায়ৰো সম্পৰ্ক আছিল। সেয়ে ‘সংসাৰ’ৰ সংগীতক জুবিনৰ একক সৃষ্টি বুলি কোৱাতকৈ যৌথ সংগীত-সৃষ্টিৰ অংশ হিচাপে চোৱাহে যথাযথ। ‘সময়ৰ মায়াজাল...’ গীতটোত জুবিনৰ সৈতে বৰণালী কলিতাৰ কণ্ঠৰ তথ্য পোৱা যায়। এইদৰে ‘শুধু তুমি’, ‘মন নিয়ে’, ‘কাছে আছো তুমি’ আৰু ‘সংসাৰ’ৰ দৰে ছবিয়ে বাংলা চলচ্চিত্ৰত জুবিনৰ সংগীত পৰিচালনাৰ পৰিসৰ চিহ্নিত কৰে।
সংগীত পৰিচালক হিচাপে এই অৱদানৰ সমান্তৰালভাৱে বাংলা চলচ্চিত্ৰৰ কণ্ঠশিল্পী হিচাপেও জুবিন গাৰ্গৰ যাত্ৰা আছিল বিস্তৃত। ২০০৩ চনৰ অসমীয়া চিনেমা ‘মন’ৰ বাংলা ডাব কৰা সংস্কৰণত তেওঁৰ কণ্ঠৰ তথ্য পোৱা যায় যদিও ইয়াক মূল বাংলা চলচ্চিত্ৰৰ তালিকাৰ পৰা পৃথককৈ ৰাখিব পাৰি। ২০০৪ চনৰ ‘প্ৰেমী’ৰ ‘ও বন্ধু ৰে...’ গীতটোৱে বাংলা চলচ্চিত্ৰত তেওঁৰ কণ্ঠৰ পৰিচিতি বিস্তাৰ কৰিছিল। জীত গাংগুলীৰ সংগীতত আৰু গৌতম সুস্মিতৰ কথাৰে নিৰ্মিত এই গীতটো জুবিনে এককভাৱে গাইছিল। জীত গাংগুলীৰ সৈতে তেওঁৰ সহযোগিতা পৰৱৰ্তী সময়তো অব্যাহত থাকে। ‘চিৰদিনই তুমি যে আমার’ৰ ‘পিয়া ৰে পিয়া ৰে’, ‘মন মানে না’ৰ ‘মন মানে না’ আৰু ‘শুভ মঙ্গলম’, ‘পৰাণ যায় জ্বলিয়া ৰে’ৰ ‘আমি তোমাৰে থাকব’ আৰু ‘চোখেৰ জলে’, ‘প্ৰেম আমার’ৰ ‘বঝেনা সে বঝেনা’ আৰু ‘জানেমন’ৰ ‘তোমাৰ আমার প্রেম’ এই সহযোগিতাৰ উল্লেখযোগ্য উদাহৰণ। ‘পিয়া ৰে পিয়া ৰে’ আৰু ‘তোমাৰ আমার প্রেম’ৰ দৰে গীতত জুবিনৰ কণ্ঠই বাংলা চলচ্চিত্ৰৰ সংগীতত এক স্বতন্ত্ৰ উপস্থিতি সৃষ্টি কৰিছিল।
২০০৮ চনত জুবিনে কেইবাখনো বাংলা চিনেমাত কণ্ঠদান কৰে। ‘গোলমাল’ৰ ‘আকাশে বাতাসে’, ‘হেল্লো কলকাতা’ৰ ‘আলো আর আধারের’ আৰু ‘লাভ ষ্ট’ৰী’ৰ ‘মন যেতে চায়’ এই সময়ৰ উল্লেখযোগ্য গীত। ‘মন যেতে চায়...’ত তেওঁৰ সৈতে জনিভা ৰয়ে কণ্ঠদান কৰিছিল। ‘মন মানে না’ৰ ‘মন মানে না...’ গীতটোত জুন বেনাৰ্জীৰ সৈতে তেওঁৰ কণ্ঠ শুনিবলৈ পোৱা যায়। ২০০৯ চনৰ ‘চাওয়া পাৱা’ৰ ‘বন্ধু আজ থেকে’, ‘ক্ৰোধ’ৰ ‘ভুলে থাকা ছিল ভালো’, ‘কেন কিছু কথা বলো না’ৰ ‘দুবা দুবা’ আৰু ‘মৌলা ৰে মৌলা’, ‘দুজনে’ৰ ‘কাৰ চোখে’ আৰু ‘বধূয়া’ আদিতো জুবিনৰ কণ্ঠৰ তথ্য পোৱা যায়।
২০১১ চনত ‘১০০% লাভ’, ‘খোকাবাবু’, ‘পাগলু’, ‘ৰোমিঅ’’, ‘পিয়া তুমি’, ‘বাজ’, ‘ভালো মেয়ে মন্দো মেয়ে’, ‘বেষ্ট ফ্ৰেণ্ড’, ‘ওগো বিদেশিনী’, ‘লাভ মি’, ‘সুপাৰষ্টাৰ’ আৰু ‘উনিশ কুৰিৰ গলপ’ আদি ছবিৰ গীতত জুবিনৰ কণ্ঠৰ তথ্য পোৱা যায়। ‘পাগলু’ৰ ‘প্ৰেম কি বুঝিনি...’ গীতটোত আকৃতি কক্কৰৰ সৈতে আৰু ‘খোকাবাবু’ৰ ‘তোৰে নিয়ে যাই...’ত মহালক্ষ্মী আয়াৰৰ সৈতে তেওঁ কণ্ঠদান কৰিছিল। ‘সোনিয়ে তু জানিয়ে তু...’ গীতটোত জুন বেনাৰ্জীৰ সৈতে তেওঁৰ কণ্ঠ আছিল। ২০১২ চনৰ ‘ইডিয়ট’ৰ ‘পাগলি তোকে রাখব...’ত আকৃতি কক্কৰ আৰু ‘ঝড় ওঠে মনে...’ত মহালক্ষ্মী আয়াৰৰ সৈতে জুবিনৰ কণ্ঠ শুনিবলৈ পোৱা যায়। ‘হৰি দিন তো গেলো...’ আৰু ‘হেভি লাগছে...’ গীত দুটাতো তেওঁৰ একক কণ্ঠৰ তথ্য আছে। ২০১২ চনৰ ‘পাগলু ২’ৰ ‘খুদা জানে...’ আৰু ‘হাবুডুবু হাবুডুবু...’ গীত দুটাও জুবিনৰ বাংলা চলচ্চিত্ৰৰ গীতৰ তালিকাত উল্লেখযোগ্য।
২০১৩ চনত ‘মজনু’ৰ ‘লোনলি ভেৰী লোনলি...’, ‘ৰংবাজ’ৰ ‘লাভ ইউ ছোনিয়ো...’, ‘খিলাড়ি’ৰ ‘পাগল আমি অলৰেডি...’ আৰু ‘কি দিয়া বানাইছে তোৰে ভগৱান...', ‘খোকা ৪২০’ৰ ‘বিন তেৰে তেৰে বিন...’, ‘লাট্টু’ৰ ‘ভাবনাৰ তুলি দিয়ে...’, ‘কানামাছি’ৰ ‘দিল দৰদিয়া...’, ‘দেৱানা’ৰ ‘দে ছিগনেল...’ আৰু ‘মেঘ ৰ’দ্দুৰ’ৰ ‘আজ আবার আমি একা...’ আদি গীতত জুবিনৰ কণ্ঠৰ তথ্য পোৱা যায়। ‘খিলাড়ি’ৰ ‘পাগল আমি অলৰেডি...’ত জুবিনৰ সৈতে মহালক্ষ্মী আয়াৰে কণ্ঠদান কৰিছিল। ২০১৪ চনত ‘বিন্দাছ’ৰ ‘আজকে এই খুশিৰ দিনে...’ৰ লগতে ‘একশন’, ‘মেংগ্ৰোভ’, ‘আমি শুধু চেয়েছি তোমায়’, ‘চিৰদিনই তুমি যে আমার ২’, ‘টিন পাটি’ আৰু ‘তান’ আদি ছবিৰ গীতত তেওঁৰ কণ্ঠৰ তথ্য পোৱা যায়। ২০১৫ চনৰ ‘ৰোমিঅ’ বনাম জুলিয়েট’ৰ ‘সাইয়াঁ’ গীতটোত আকৃতি কক্কৰৰ সৈতে জুবিনে কণ্ঠদান কৰিছিল।
২০১৫–২০১৮ চনৰ ভিতৰত ‘মিছ বাটাৰফ্লাই’, ‘গ্ৰহণ’, ‘গুৰু কৃপা’, ‘ফেকবুক’, ‘ডন নং ১’, ‘প্ৰেম কি বুঝিনি’, ‘শেষ সংবাদ’, ‘তুই যে আমার’, ‘প্ৰেমী ও প্ৰেমী’, ‘গলিৰ মেছী’, ‘তোবুও বসন্ত’, ‘তুই শুধু আমার’, ‘ৰং ৰুট’ আৰু ‘আমি তোকে ভালোবাসি’ আদি ছবিৰ সৈতে জুবিনৰ কণ্ঠৰ তথ্য জড়িত। ২০১৯ চনৰ ‘ও বন্ধু আমার’তো তেওঁ কণ্ঠদান কৰিছিল। ২০২১ চনৰ ‘কিশলয়’ৰ ‘ভালো থাকে মন’ আৰু ২০২২ চনৰ ‘ৰিয়েলিটি শ্ব’ৰ ‘ইচ্ছেই মানেই তো স্বপ্ন দেখা’ গীতত তেওঁৰ কণ্ঠৰ তথ্য পোৱা যায়। এই সময়ছোৱাই বাংলা চলচ্চিত্ৰৰ সংগীতত তেওঁৰ কণ্ঠৰ ধাৰাবাহিক উপস্থিতিৰ পৰিচয় দিয়ে।
(অ-সম্পাদিত। লিখি আছোঁ)
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন