“জ্যোতিপ্ৰসাদ আৰু বিষ্ণুৰাভাৰ সৈতে কলিকতালৈ যোৱাৰ বাবেই হয়তো মই মোৰ দিগন্তক প্ৰসাৰিত কৰাৰ সুযোগ পাইছিলোঁ। ... মোক যদি জ্যোতিপ্ৰসাদ আৰু বিষ্ণুপ্ৰসাদদে কলিকতালৈ লৈ গৈ গান গোৱাৰ সুযোগ নিদিলেহেঁতেন, তেতিয়াহ’লে মই সংগীতক মোৰ জীৱনত এনেভাৱে হয়তো আঁকোৱালি নল’লোঁহেঁতেন, সংগীত মাত্ৰ ‘বাথৰূম ছং’ হিচাপেই ব্যৱহাৰ কৰিলোঁহেঁতেন।”
"মই এটি যাযাবৰ"ত সূৰ্য হাজৰিকাৰ অনুলেখনত সংৰক্ষিত ভূপেন হাজৰিকাৰ এই আত্মস্বীকাৰোক্তি তেওঁৰ শিল্পীজীৱনত কলকাতাৰ ভূমিকা বুজিবলৈ এক অসাধাৰণ দলিল। এই বক্তব্যৰ তাৎপৰ্য কেৱল স্মৃতিচাৰণত নাই; ইয়াৰ ভিতৰত তেওঁৰ শিল্পীসত্তাৰ বিকাশৰ এক গুৰুত্বপূৰ্ণ আত্মমূল্যায়ন নিহিত আছে। কলকাতা তেওঁৰ বাবে কেৱল এখন নগৰ বা কৰ্মক্ষেত্ৰ নাছিল— আছিল পৰিচিত আঞ্চলিক সাংস্কৃতিক পৰিসৰৰ পৰা বৃহত্তৰ ভাৰতীয় শিল্প-সংস্কৃতিৰ জগতলৈ প্ৰৱেশৰ এক ঐতিহাসিক দুৱাৰ।
জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সৈতে কলকাতালৈ যোৱা কিশোৰ ভূপেনৰ সেই যাত্ৰাই তেওঁৰ শিল্পীজীৱনৰ পৰৱৰ্তী গতিপথৰ বাবে এক নতুন সম্ভাৱনা মুকলি কৰিছিল। ১৯৩৬ চনত কলকাতাৰ অ’ৰ’ৰা ষ্টুডিঅ’ত তেওঁৰ গান ৰেকৰ্ড হোৱাৰ তথ্য ভূপেন হাজৰিকাৰ জীৱনৰ প্ৰাৰম্ভিক সংগীত-অভিজ্ঞতাৰ এক গুৰুত্বপূৰ্ণ অধ্যায়। ইয়াৰ পাছত জ্যোতিপ্ৰসাদ আগৰৱালাৰ "ইন্দ্ৰমালতী" (১৯৩৯)-ত তেওঁ “কাষতে কলচী লৈ” আৰু “বিশ্ব বিজয়ী নৌজোৱান” গানত কণ্ঠদান কৰে।
অৰ্থাৎ, অতি কম বয়সতেই ভূপেন হাজৰিকাই সংগীতক ঘৰুৱা বা স্থানীয় সাংস্কৃতিক অভ্যাসৰ সীমাৰ পৰা ওলাই ৰেকৰ্ডিং, চিনেমা আৰু গণমাধ্যমৰ সৈতে সংযুক্ত এক আধুনিক শিল্পচৰ্চা হিচাপে অনুভৱ কৰাৰ সুযোগ পাইছিল। এই প্ৰাৰম্ভিক অভিজ্ঞতাৰ তাৎপৰ্য পৰৱৰ্তী জীৱনটোৰ পোহৰত আৰু স্পষ্ট হয়।
কলকাতাৰ সৈতে তেওঁৰ সম্পৰ্ক অৱশ্যে ইয়াতে শেষ হোৱা নাছিল। পৰৱৰ্তী সময়ত নগৰখন তেওঁৰ বাবে সংগীত, নাট্য, চিনেমা, সাহিত্য আৰু প্ৰগতিশীল সাংস্কৃতিক আন্দোলনৰ এক বৃহৎ পৰিসৰ হৈ উঠিছিল। গণনাট্য আন্দোলন আৰু হেমাঙ্গ বিশ্বাসৰ দৰে শিল্পীৰ সৈতে তেওঁৰ সম্পৰ্কই সংগীতক সামাজিক বাস্তৱতাৰ সৈতে সংযোগ কৰাৰ এক নতুন বোধ শক্তিশালী কৰিছিল। ফলত তেওঁৰ গানত প্ৰেম, প্ৰকৃতি আৰু ব্যক্তিগত অনুভূতিৰ সমান্তৰালভাৱে শ্ৰেণী-বৈষম্য, শোষণ, সাম্প্ৰদায়িকতা, যুদ্ধ, দাৰিদ্ৰ্য আৰু মানৱমুক্তিৰ প্ৰশ্নও ক্ৰমে কেন্দ্ৰীয় হৈ উঠিল।
এই সাংস্কৃতিক পটভূমিৰ ভিতৰতে বাংলা ভাষা ভূপেন হাজৰিকাৰ শিল্পীজীৱনত এক বিশেষ স্থান লাভ কৰে। বাংলা তেওঁৰ বাবে আছিল এক নতুন শ্ৰোতা, নতুন সাংস্কৃতিক স্মৃতি আৰু নতুন সৃষ্টিশীল পৰিসৰৰ সৈতে সংযোগৰ মাধ্যম। ড° হাজৰিকাৰ বাংলা গীতৰ ব্যাপকতা আৰু দীৰ্ঘস্থায়ী জনপ্ৰিয়তাই এই সম্পৰ্কক সাময়িক পৰীক্ষা বুলি ভাবিবলৈ নিদিয়ে।
এইখিনিতে তেওঁৰ বাংলা উচ্চাৰণৰ কথাও উল্লেখযোগ্য। মণিষা হাজৰিকাৰ সৈতে হোৱা মোৰ কথোপকথনত ভূপেন হাজৰিকাৰ বাংলা গায়কী সম্পৰ্কে তেওঁ কৈছিল— ভূপেনদাৰ বাংলা উচ্চাৰণ স্পষ্ট আৰু স্বাভাৱিক আছিল; তেওঁৰ গান শুনোঁতে তেওঁক অসমীয়া গায়ক হিচাপে পৃথক কৰি অনুভৱ কৰা নাছিল। এইটো অৱশ্যে ব্যক্তিগত স্মৃতিৰ পৰা অহা মূল্যায়ন; তথাপি ক'ব পাৰি-- এই বক্তব্যই ভূপেন হাজৰিকাৰ বাংলা গায়কীৰ এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্যলৈ আঙুলিয়ায়। তেওঁ বাংলা ভাষাত কেৱল শব্দ উচ্চাৰণ কৰা নাছিল; ভাষাটোৰ ধ্বনি, স্বৰাঘাত আৰু গায়কীৰ ভংগীও আত্মস্থ কৰিছিল।
সেয়ে ভূপেন হাজৰিকাৰ বাংলা গানৰ ইতিহাসক কেৱল “এজন অসমীয়া শিল্পীয়ে বাংলা ভাষাত গান গোৱা” বুলি ব্যাখ্যা কৰিলে বিষয়টোৰ মূল তাৎপৰ্য ধৰা নপৰে। ইয়াৰ কেন্দ্ৰত আছে এক সাংস্কৃতিক আত্মীকৰণ; কিন্তু আত্মীকৰণ মানে আত্মপৰিচয় বিসৰ্জন নহয়। নিজৰ আঞ্চলিক অভিজ্ঞতা লৈ অন্য এক সাংস্কৃতিক পৰিসৰত প্ৰৱেশ কৰি তাক নতুন অৰ্থ দিয়া।
এই প্ৰক্ৰিয়াৰ অন্যতম গুৰুত্বপূৰ্ণ নাম শিবদাস বন্দ্যোপাধ্যায়। অসমীয়া মূলৰ বহু গান বাংলা ভাষালৈ অহাৰ সময়ত তেওঁ কেৱল শব্দান্তৰ কৰা নাছিল; বহু ক্ষেত্ৰত মূল ভাব, সামাজিক বক্তব্য আৰু আবেগক বাংলা শ্ৰোতাৰ সাংস্কৃতিক অভিজ্ঞতাৰ উপযোগী কৰি নতুন ৰূপ দিছিল। সেইবাবেই এইবোৰক কেৱল অনুবাদ বুলি কোৱাতকৈ বহু ক্ষেত্ৰত সাংস্কৃতিক পুনৰসৃষ্টি বুলি কোৱাই অধিক যুক্তিসংগত।
“মানুহে মানুহৰ বাবে”ৰ বাংলা ৰূপ “মানুষ মানুষের জন্যে” ইয়াৰ আটাইতকৈ শক্তিশালী উদাহৰণ। অসমীয়া মূল গানখনৰ সৈতে ১৯৬০ চনৰ অসমত সৃষ্টি হোৱা ভাষিক উত্তেজনা আৰু সামাজিক বিভাজনৰ এক বিশেষ ঐতিহাসিক পটভূমি জড়িত। কিন্তু বাংলা ৰূপত গানটো সেই নিৰ্দিষ্ট পটভূমি অতিক্ৰম কৰি অধিক বিস্তৃত মানৱিক বক্তব্য লাভ কৰে। “মানুষ মানুষের জন্যে, জীবন জীবনের জন্যে” —এই আহ্বান বাংলা সমাজৰ বাবে এক স্বতন্ত্ৰ মানৱতাবাদী সাংস্কৃতিক অভিজ্ঞতাত পৰিণত হয়। সাম্প্ৰতিক বাংলা সংবাদ-আলোচনাতো গানখনক বাঙালিৰ চিন্তা-চেতনাত গভীৰভাৱে মিহলি হৈ থকা গান হিচাপে উল্লেখ কৰা হৈছে।
ইয়াতেই অনুবাদ আৰু পুনৰসৃষ্টিৰ পাৰ্থক্যটো স্পষ্ট হয়। মূল গানটোৰ সামাজিক পৰিস্থিতি সলনি হ’লেও তাৰ মানৱিক কেন্দ্ৰটো অক্ষুণ্ণ থাকিল। নতুন ভাষাই নতুন শ্ৰোতা দিলে; নতুন শ্ৰোতাই গানটোক নিজৰ সামাজিক স্মৃতিৰ অংশ কৰি ল’লে।
একেই প্ৰক্ৰিয়া “এ দোলা, এ দোলা” বা “একটি কুঁড়ি দুটি পাতা”ৰ দৰে গীততো দেখা যায়। প্ৰথমটিত ডোলা কঢ়িওৱা মানুহ আৰু ডোলাত উঠা ক্ষমতাশালী মানুহৰ জীৱনৰ বৈষম্যৰ মাজেৰে শ্ৰেণী-বাস্তৱতা প্ৰকাশ পায়; দ্বিতীয়টিত চাহ-বাগিচাৰ জীৱন, প্ৰেম আৰু সংগ্ৰাম একেলগে আহে। আঞ্চলিক অভিজ্ঞতাই বাংলা ভাষাৰ মাজেৰে নতুন সাংস্কৃতিক পৰিসৰ লাভ কৰে।
ভূপেন হাজৰিকাৰ বাংলা গানৰ আন এক বৈশিষ্ট্য হৈছে— তেওঁ বংগৰ সাংস্কৃতিক প্ৰতীকসমূহক বাহিৰৰ পৰা চোৱা নাছিল; সেইবোৰক নিজৰ শিল্পীসত্তাৰ ভিতৰত পুনৰ ব্যাখ্যা কৰিছিল। “শরৎবাবু, খোলা চিঠি দিলাম তোমার কাছে”ত শৰৎচন্দ্ৰ চট্টোপাধ্যায়ৰ মহেশৰ সামাজিক বেদনাক গানৰ ভাষালৈ অনা হৈছে। গাফুৰ, আমিনা আৰু মহেশৰ কাহিনী ইয়াত কেৱল সাহিত্যৰ স্মৃতি নহয়; দাৰিদ্ৰ্য, কৃষকজীৱন আৰু সামাজিক অন্যায়ৰ প্ৰতীক।
আনহাতে “সবার হৃদয়ে রবীন্দ্রনাথ, চেতনাতে নজরুল”ত ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু কাজী নজৰুল ইছলামৰ দৰে বাঙালিৰ সাংস্কৃতিক চেতনাৰ কেন্দ্ৰীয় প্ৰতীকক গ্ৰহণ কৰি ভূপেন হাজৰিকাই বাংলা সমাজৰ ঐতিহাসিক স্মৃতিৰ সৈতে এক গভীৰ সংলাপ স্থাপন কৰিছে। অৰ্থাৎ, তেওঁৰ বাংলা গানত ‘বাংলা’ কেৱল ভাষা নহয়; সাহিত্য, ইতিহাস আৰু সাংস্কৃতিক আত্মপৰিচয়ৰ এক বিস্তৃত পৰিসৰ।
এই পৰিসৰ নদীৰ প্ৰতীকতো বিশেষভাৱে প্ৰকাশ পায়। “বিস্তীৰ্ণ পাৰৰে, অসংখ্য জনৰে...”ৰ বাংলা ৰূপ আৰু তাৰ অন্তৰ্নিহিত সংগীত-চিন্তা ভূপেন হাজৰিকাৰ সৃষ্টিশীল পদ্ধতি বুজিবলৈ বিশেষ তাৎপৰ্যপূৰ্ণ। পল ৰ'বচনৰ “Ol’ Man River...”-ৰ পৰা অনুপ্ৰাণিত হ’লেও ভূপেন হাজৰিকাই পশ্চিমীয়া গানটোক ভাৰতীয় সামাজিক-ঐতিহাসিক বাস্তৱত পুনৰ স্থাপন কৰিছিল। মিছিছিপিৰ ঠাইত ব্ৰহ্মপুত্ৰ, গংগা আৰু ভাৰতীয় সভ্যতাৰ স্মৃতি আহি যুক্ত হয়। নদী ইয়াত প্ৰকৃতিৰ দৃশ্য নহয়; মানুহৰ দুখ, শোষণ, যুদ্ধ আৰু নৈতিক অৱক্ষয়ৰ নীৰৱ সাক্ষী।
এই নদী-চিন্তা “গঙ্গা আমার মা, পদ্মা আমার মা”ত আৰু গভীৰ হয়। গংগা আৰু পদ্মা ইয়াত পৃথক ভূগোলৰ নদী নহয়; বিভাজন আৰু সীমান্ত অতিক্ৰম কৰা এক সাংস্কৃতিক স্মৃতিৰ প্ৰতীক। ১৯৮৭ চনৰ "প্ৰসাদ" পত্রিকাত প্ৰকাশিত স্মৃতি-আলোচনাৰ উদ্ধৃতিত এই গানটো বজাৰত ওলোৱাৰ পাছত সৃষ্টি হোৱা ব্যাপক আলোড়নৰ কথাও উল্লেখ কৰা হৈছে।
“আমি এক যাযাবর”ত আকৌ নদী আৰু ভূগোলৰ পৰিসৰ বিশ্বলৈ প্ৰসাৰিত হয়। গংগাৰ পৰা মিছিছিপি, ভল্গা, অটোয়া, পেৰিছ, ইলোৰা, চিকাগো—ভ্ৰমণৰ এই ভূগোল আচলতে ভূপেন হাজৰিকাৰ বিশ্বদৃষ্টিৰ ভূগোল। ব্যক্তিগত যাত্ৰা ইয়াত বিশ্বমানৱিক অভিজ্ঞতালৈ ৰূপান্তৰিত হয়। সেইবাবেই “যাযাবৰ” কেৱল ভ্ৰমণকাৰীৰ আত্মপৰিচয় নহয়; সাংস্কৃতিক সীমাৰেখা অতিক্ৰম কৰি চলা এজন শিল্পীৰ আত্মপৰিচয়।
কলকাতাই এই বহুভাষিক আৰু বহুসাংস্কৃতিক শিল্পীসত্তা গঠনত চিনেমাৰ মাধ্যমতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। অসিত সেন পৰিচালিত জীবন তৃষ্ণা ১৯৫৭ চনত মুক্তি পায় আৰু ইয়াৰ সংগীত পৰিচালক আছিল ভূপেন হাজৰিকা। বাংলা ফিল্ম আৰ্কাইভৰ তথ্য অনুসৰি চিনেমা খনৰ মুক্তিৰ তাৰিখ ২৫ ডিচেম্বৰ ১৯৫৭। উত্তম কুমাৰ, সুচিত্ৰা সেন, বিকাশ ৰায়, পাহাৰী সান্যাল আদি শিল্পীৰ সৈতে চিনেমা খনৰ সংগীতত লতা মংগেশকাৰ, হেমন্ত মুখোপাধ্যায়, উৎপলা সেন আৰু ভূপেন হাজৰিকাৰ কণ্ঠ সংযুক্ত আছিল।
এই তথ্যৰ সাংস্কৃতিক তাৎপৰ্য যথেষ্ট গভীৰ। ভূপেন হাজৰিকা তেতিয়া বাংলা চিনেমাৰ বাহিৰৰ কোনো অতিথি শিল্পী নহয়; তেওঁ সেই সময়ৰ বাংলা চিনেমাৰ মূল সৃষ্টিশীল পৰিসৰৰ ভিতৰত কাম কৰা সংগীতকাৰ। অৰ্থাৎ কলকাতাৰ সৈতে তেওঁৰ সম্পৰ্ক গীত ৰেকৰ্ডিং বা ব্যক্তিগত যোগাযোগৰ মাজতে সীমাবদ্ধ নাছিল—চিনেমাৰ সৃষ্টিশীল পৰিকাঠামোৰ সৈতেও তেওঁ সক্ৰিয়ভাৱে জড়িত আছিল।
কলকাতা তেওঁৰ গানৰ বিষয়ো হৈ উঠিছিল। “এই চহৰ প্ৰান্ত, কলকাতা প্ৰান্ত...”ত নগৰখন ইতিহাস, স্মৃতি আৰু মানুহৰ জীৱন্ত অভিজ্ঞতাৰ সমষ্টি। আনহাতে “হৰিপদ কেৰাণী”ৰ দৰে গীতত খিদিৰপুৰৰ ডাকঘৰ, নিম্ন-মধ্যবিত্ত কৰ্মজীৱন আৰু পাৰিবাৰিক সংকটৰ মাজেৰে কলকাতাৰ এক বেলেগ মুখ দেখা যায়। এই কলকাতা কোনো postcard-ৰ নগৰ নহয়; কাম কৰা, দুখ পোৱা, সপোন দেখা সাধাৰণ মানুহৰ নগৰ।
ভূপেন হাজৰিকাৰ বাংলাদেশ-সম্পৰ্কিত গানসমূহেও বাংলা সাংস্কৃতিক ভূগোলক আৰু বিস্তৃত কৰে। “জয় নবজাত বাংলাদেশ, জয় মুক্তি বাহিনী”ৰ দৰে গীতত মুক্তিযুদ্ধ, বাংলাদেশ আৰু বংগবন্ধু মুজিবুৰ ৰহমানৰ প্ৰতি তেওঁৰ সংহতি প্ৰকাশ পাইছে। ইয়াৰ মাজেৰে বংগৰ সৈতে তেওঁৰ সম্পৰ্ক ভাষা বা সংগীতৰ পৰা ইতিহাস আৰু ৰাজনৈতিক সংহতিৰ পৰ্যায়লৈ বিস্তৃত হয়।
এই বহুমাত্ৰিক সম্পৰ্কৰ বাবেই ভূপেন হাজৰিকাৰ বাংলা গানক কেৱল “জনপ্ৰিয় বাংলা গান”ৰ তালিকাত ৰখাটো তেওঁৰ অৱদানক সংকুচিত কৰা হ’ব। তেওঁৰ গানত অসমীয়াৰ লোকজ স্মৃতি, গণনাট্যৰ সামাজিক চেতনা, বাংলা সাহিত্য আৰু সংস্কৃতিৰ প্ৰতীক, চিনেমাৰ জনপ্ৰিয় সংগীত, নগৰীয়া জীৱন আৰু বিশ্বমানৱতাবাদ একে সৃষ্টিশীল পৰিসৰত মিলিত হৈছে।
এই প্ৰসংগত বাংলা সংগীতৰ তথাকথিত ‘জীৱনমুখী’ ধাৰাৰ সৈতে ভূপেন হাজৰিকাৰ গানৰ সম্পৰ্ক স্থাপনৰ চেষ্টা উল্লেখযোগ্য। অৱশ্যে ‘জীৱনমুখী’ শব্দটোৰ ঐতিহাসিক ব্যৱহাৰ আৰু সময়সীমা সম্পৰ্কে সাৱধানতা অৱলম্বন কৰা প্ৰয়োজন। তথাপি তেওঁৰ গানত সাধাৰণ মানুহৰ জীৱন, সামাজিক বাস্তৱতা আৰু মানৱিক দায়বদ্ধতাক কেন্দ্ৰলৈ অনাৰ যি প্ৰৱণতা, সেইটো পৰৱৰ্তী বাংলা জনপ্ৰিয় সংগীতৰ বহু আলোচনাৰ সৈতে তুলনাযোগ্য।
আচলতে ভূপেন হাজৰিকাৰ বাংলা গানৰ সাফল্যৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো জনপ্ৰিয়তা নহয়; সাংস্কৃতিক আত্মীয়তা। তেওঁ বাংলা ভাষাক নিজৰ কৰি লৈছিল, কিন্তু তাৰ বিনিময়ত নিজৰ অসমীয়া পৰিচয় ত্যাগ কৰা নাছিল। বৰং অসমীয়াৰ অভিজ্ঞতা লৈ বাংলা সাংস্কৃতিক পৰিসৰত প্ৰৱেশ কৰিছিল আৰু সেই পৰিসৰৰ উপাদানসমূহক নিজৰ সৃষ্টিশীল ভাষাৰ সৈতে সংযোগ কৰিছিল।
এই কাৰণেই “মানুষ মানুষের জন্যে” বাংলা সমাজৰ গান হৈ উঠিব পাৰে, “গঙ্গা আমার মা, পদ্মা আমার মা” নদী আৰু ভূগোলৰ সীমা অতিক্ৰম কৰিব পাৰে, “বিস্তীর্ণ দুপাৰে” মিছিছিপিৰ পৰা ব্ৰহ্মপুত্ৰলৈ এক বৃহত্তৰ সামাজিক অৰ্থ লাভ কৰিব পাৰে আৰু “আমি এক যাযাবর” ব্যক্তিগত যাত্ৰাৰ পৰা বিশ্বমানৱিক দৃষ্টিলৈ আগবাঢ়িব পাৰে।
ভূপেন হাজৰিকাৰ শিল্পীসত্তাৰ এই সীমাৰেখাহীনতাৰ কথা হেমন্ত মুখোপাধ্যায়ৰ স্মৃতিচাৰণতো এক বিশেষ তাৎপৰ্য লাভ কৰে। বাংলাত দীৰ্ঘদিন বাস কৰাৰ ফলত বাংলাৰ প্ৰতি তেওঁৰ গভীৰ মমত্ব গঢ় লৈছিল যদিও অসমৰ প্ৰতি তেওঁৰ টান কমা নাছিল। এই দ্বৈততা কোনো সাংস্কৃতিক দ্বন্দ্ব নাছিল; আছিল তেওঁৰ সৃষ্টিশীল শক্তি। তেওঁ এটা পৰিচয় এৰি আন এটা পৰিচয় গ্ৰহণ কৰা নাছিল— বিভিন্ন সাংস্কৃতিক পৰিসৰৰ মাজেৰে চলাচল কৰি নিজৰ শিল্পীসত্তাৰ পৰিসৰ বহল কৰিছিল।
সেয়ে মই এটি যাযাবৰৰ “দিগন্ত প্ৰসাৰিত” হোৱাৰ আত্মস্বীকাৰোক্তিটো ভূপেন হাজৰিকাৰ সমগ্ৰ শিল্পীজীৱনৰ এক কেন্দ্ৰীয় ৰূপক হিচাপে পঢ়িব পাৰি। অ’ৰ’ৰা ষ্টুডিঅ’ত কিশোৰ বয়সৰ ৰেকৰ্ডিংৰ পৰা বাংলা চিনেমাৰ সংগীত পৰিচালনালৈ, গণনাট্যৰ সামাজিক চেতনাৰ পৰা বাংলা ভাষাৰ স্বাভাৱিক গায়কীলৈ, শিবদাস বন্দ্যোপাধ্যায়ৰ সৈতে সৃষ্টিশীল সহযোগিতাৰ পৰা “মানুষ মানুষের জন্যে”ৰ জনস্মৃতিলৈ—এই সমগ্ৰ যাত্ৰাত কলকাতা আছিল এক নিৰ্ণায়ক সাংস্কৃতিক ক্ষেত্ৰ।
কলকাতাই ভূপেন হাজৰিকাক অসমীয়াৰ পৰা বাঙালি কৰি তোলা নাছিল। বৰং কলকাতাই তেওঁক অসমীয়াক লৈয়ে অধিক বৃহৎ শিল্পী হ’বলৈ সহায় কৰিছিল। তেওঁ তাত কেৱল বাংলা সংগীত শিকা নাছিল; শিকিছিল সংস্কৃতিৰ মাজত চলাচল কৰাৰ ক্ষমতা— এটা ভাষাৰ অভিজ্ঞতাক আন এটা ভাষাৰ মানুহৰ হৃদয়লৈ লৈ যোৱাৰ ক্ষমতা।
সেইবাবেই ভূপেন হাজৰিকাৰ বাংলা গানক কেৱল বাংলা ভাষাত গোৱা গান বুলি চোৱা উচিত নহয়। এই গানবোৰ অসম আৰু বংগৰ মাজত, আঞ্চলিকতা আৰু বিশ্বমানৱতাৰ মাজত, লোকসংগীত আৰু আধুনিক গণসংস্কৃতিৰ মাজত, সংগীত আৰু সামাজিক চেতনাৰ মাজত গঢ়ি উঠা এক দীঘলীয়া সাংস্কৃতিক সংযোগ।
আৰু সেই সংযোগৰ কেন্দ্ৰত আছিল মানুহ। ব্ৰহ্মপুত্ৰ আৰু গংগা, অসম আৰু বাংলা, মিছিছিপি আৰু পদ্মা— সকলো নদী আৰু ভূগোল অতিক্ৰম কৰি ভূপেন হাজৰিকাৰ সংগীত শেষত য’ত উপস্থিত হয়, সেয়া কোনো নিৰ্দিষ্ট সীমাৰেখা নহয়; সেয়া মানুহৰ পৃথিৱী। সেই অৰ্থতেই কলকাতা তেওঁৰ শিল্পীজীৱনৰ কেৱল এটা অধ্যায় নহয়— তেওঁৰ দিগন্ত প্ৰসাৰিত হোৱাৰ ইতিহাসৰ এক কেন্দ্ৰীয় অধ্যায়।
|| গীতৰ সংখ্যা ১২৪? ||
ভূপেন হাজৰিকাৰ বাংলা গীতৰ তাৎপৰ্য সংখ্যাৰ হিচাপত নিৰ্ধাৰণ কৰিব নোৱাৰি। বাংলা ভাষাৰ সাংস্কৃতিক পৰিসৰত গভীৰভাৱে প্ৰৱেশ কৰিও তেওঁ নিজৰ অসমীয়া সত্তা অটুট ৰাখি আঞ্চলিক অভিজ্ঞতাক বৃহত্তৰ মানৱিক অনুভৱলৈ ৰূপান্তৰিত কৰিছিল। কলকাতা আছিল এই সাংস্কৃতিক যাত্ৰাৰ এক গুৰুত্বপূৰ্ণ সেতু, আৰু গান আছিল ভাষা-ভূগোলৰ সীমা অতিক্ৰম কৰাৰ অন্যতম শক্তিশালী মাধ্যম।
বিভিন্ন গৱেষণাত কোৱা হৈছে-- বাংলা গীতৰ সংখ্যা ১২৪ টা। এই সংখ্যা চূড়ান্ত বুলি দাবী কৰা হোৱা নাই। সকলো গীতৰ মূল ৰেকৰ্ড, ৰচনাকাল, গীতিকাৰ, সুৰকাৰ, প্ৰকাশ-ইতিহাস আৰু বিভিন্ন সংস্কৰণ একেলগে পৰীক্ষা কৰাৰ সুযোগ সীমিত হোৱাটো এই গৱেষণাৰ এক উল্লেখযোগ্য সীমাবদ্ধতা। একেদৰে, কিছুমান গীতৰ অনুবাদ, পুনৰসৃষ্টি আৰু সহযোগী শিল্পীৰ ভূমিকা সম্পৰ্কীয় তথ্যৰ ক্ষেত্ৰতো প্ৰাথমিক উৎসৰ অধিক যাচাই প্ৰয়োজন।
সেয়ে ১২৪ সংখ্যাটোক এক প্ৰাথমিক অনুসন্ধানৰ ফল হিচাপেহে গ্ৰহণ কৰা উচিত। ভৱিষ্যতে আর্কাইভ, মূল ৰেকৰ্ড, সংবাদপত্ৰ, চলচ্চিত্ৰ-সংগ্ৰহ আৰু ব্যক্তিগত সাক্ষ্যৰ সমন্বিত পৰীক্ষাৰ জৰিয়তে এই তথ্যসমূহ পুনৰীক্ষণ আৰু পৰিশোধন কৰাৰ যথেষ্ট অৱকাশ আছে।
|| ১২৪ টা গীত ||
১. এ শহৰ প্ৰান্ত
২. আমি এক যাযাবৰ
৩. বিস্তীর্ণ দুপাৰে
৪. গঙ্গা আমাৰ মা
৫. হে দোলা হে দোলা
৬. গোলমাল গোলমাল
৭. সময়েৰ অগ্রগতি
৮. আজ জীবন খুঁজে পাবি
৯. মানুষ মানুষেৰ জন্যে
১০. সাগৰ সঙ্গমে
১১. আগুন ঝরছে কবিতার সংসারে
১২. এ কোন ভারতবর্ষে আমরা আছি
১৩. এই পৃথিবী এক ক্রীড়াঙ্গন
১৪. শেষ কবিদের যাত্রা
১৫. ও মালিক সারা জীবন কাঁদালে
১৬. চিরউচ্ছল ঢেউ তুলে
১৭. যদি জীবন কাঁদে নাই নাই বলি
১৮. মিঠে মিঠে ফাগুনের
১৯. রুমঝুম নূপুর বাজায়
২০. আমরা করব জয়
২১. বহুদিনের আগে গো ধূলির বেলায়
২২. কৃষ্ণকায় আফ্রিকা মোর
২৩. লন্ডন যাব হাওয়াই গাড়িতে
২৪. পথে নামো আলোকের সেনা
২৫. ঠিক গোধূলিতে
২৬. প্রেম কে কভু স্বর্গ বলা যায় না
২৭. ভারতের মাটির ঘরে বাজুক
২৮. দীপালি শেফালি অঞ্জলিরে
২৯. হৃদয়ের ব্যথা বিরহের কথা
৩০. শৈশবেতে খেলিতে তোমার
৩১. আমায় একজন সাদা মানুষ দাও
৩২. বহুদিনের বাসনা ও আলতা
৩৩. বেহুলা বাংলা
৩৪. একটু গেলেই অথই সাগর
৩৫. ও বিধি আমায় কালো করলে যদি
৩৬. সবার হৃদয়ে রবীন্দ্রনাথ
৩৭. শিমুল রাঙা পলাশ রাঙা
৩৮. শীতের শিশির ভেজা রাত
৩৯. আগুন জ্বেলে দুই চোখেতে
৪০. আমি আসছি
৪১. কে বলে আমারে
৪২. ও কাশবন
৪৩. স্মৃতির বালুচরে
৪৪. শরৎবাবু খোলা চিঠি দিলাম
৪৫. ভোজবাজি
৪৬. ধাক ধাক ধাক ধাক
৪৭. কী যে সুখের লাগি
৪৮. মাদারের ফুল কোনো পূজাতে না লাগে
৪৯. উজান টানে আসে
৫০. জনকপুরের জানকী যে
৫১. আগুন ভেবে যারে কাছে ডাকিনি
৫২. এখানে বৃষ্টি মুখর
৫৩. একটি রঙিন চাদর
৫৪. জীবনটা যদি অভিনয় হয়
৫৫. মানসী বিদায়
৫৬. রাত্রি তোমার নাম
৫৭. আয় কবিতা আয়
৫৮. অতীতের ইতিহাসে
৫৯. ভরা ভাদরের বানে
৬০. ঝিকমিক দেউলির
৬১. জীবন সিন্ধু
৬২. ও মা যশোদা
৬৩. ও তুই অবুঝ মন
৬৪. বাঁশীকরণ কাজল চোখে
৬৫. আরে বাঁধুরে কাজল
৬৬. কালির কৃষ্ণ বলে ডেকো না
৬৭. মাঝরাতে মোর আঁধার ঘরে
৬৮. প্রেম আমার শত শ্রাবণের
৬৯. সবুজ প্রান্তরে
৭০. সাজনী সাজনী
৭১. একখানা মেঘ ভেসে এলো আকাশে
৭২. রঙিলা নাও রে আমার
৭৩. আয় আয় ছুটে আয়
৭৪. আকাশী গঙ্গা
৭৫. ভাঙ ভাঙ ভাঙরে পাথর ভাঙ
৭৬. হরিপদ কেরানি
৭৭. এবার দিব দালান কোঠা
৭৮. প্রভাতী পাখিরা কেন গায়
৭৯. প্রথম না হয় দ্বিতীয় না হয়
৮০. প্রতিধ্বনি শুনি
৮১. সহস্র জনে মোরে প্রশ্ন করে
৮২. শীতল শীতল জোছনা রাতে
৮৩. শ্যাম কানু সত্যর মরণ নাই
৮৪. তোমার ছোঁয়া কোমল কেয়া
৮৫. তুমি আমার কল্পনারই
৮৬. তুমি নতুন পুরুষ
৮৭. কখনো তো হয় নাই ক্লান্ত
৮৮. রিমঝিম রিমঝিম
৮৯. ছাড়িয়া না যাস রে
৯০. দিগন্ত ছাড়িয়ে তেপান্তরে
৯১. এক শঙ্খচিলের সঙ্গে দিলাম
৯২. জিন্দাবাদ ম্যান্ডেলা
৯৩. ওই শোনা যায়
৯৪. স্বর্গের কোনো আলাদা ঠিকানা নেই
৯৫. তুমি, আমার যেমন
৯৬. আমি ভালোবাসি মানুষকে
৯৭. বাজলিরে বাঁশিটি
৯৮. একটি কুঁড়ি দুটি পাতা
৯৯. গেলে কি আসিবেন
১০০. গুম গুম গুম গুম
১০১. মোর যাত্রী একই তরণীর
১০২. ওই কাজল কাজল দীঘি
১০৩. সাজিয়ে দোপাটি মাথার খোঁপাটি
১০৪. সুউচ্চ পাহাড়ের শৃঙ্গে
১০৫. উই আর অন দ্য সেম বোট
১০৬. ধাম ধামা ধাম ধাম
১০৭. কত সেনানীর মৃত্যু হলো
১০৮. নদীর নাম ভালোবাসা
১০৯. নতুন দিনের ডাক
১১০. নিঝুম নিশুতি শিশিরের রাত
১১১. চোখ ছলছল করে
১১২. দাঁতে কাটোনা ঠোঁট আর
১১৩. নানা বর্ণের গভীরে ভাই
১১৪. দুগ্ দুগ্ দুগ্ দুগ্ ডমরু
১১৫. এ কেমন রাঙা জাদু
১১৬. এক বাঁও মেলে না
১১৭. গোপনে গোপনে কত যে
১১৮. মেঘ থমথম করে
১১৯. বাঁধা করো এই ছলনা
১২০. মানবতা
১২১. তিস্তার পার থেকে
১২২. আঁকা বাঁকা এ পথের
১২৩. ইতিহাস আমি ইতিহাস
১২৪. [সাৰেগামাৰ তালিকাত ১২৪ নম্বৰ হিচাপে নথিভুক্ত]
--উৎপল মেনা-উৎপল মেনা
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন