মঞ্জু বৰাৰ চিনেকৰ্মক কেৱল ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটাৰ তালিকাৰে মূল্যায়ন কৰিলে তেওঁৰ চিনেমাৰ মূল তাৎপৰ্য ধৰা নপৰে। সমালোচকৰ লেখা, চিনেমা-গৱেষণা আৰু ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ জুৰীৰ মন্তব্য একেলগে পঢ়িলে এটা বৈশিষ্ট্য স্পষ্ট হয়— নিজৰ ভূগোল, সমাজ, সংস্কৃতি আৰু প্ৰান্তীয় মানুহৰ জীৱনৰ পৰা কাহিনী লৈ মঞ্জু বৰাই সেই স্থানীয় অভিজ্ঞতাক বৃহত্তৰ মানৱিক প্ৰশ্নলৈ ৰূপান্তৰিত কৰিছে। তেওঁৰ চিনেমাত সেয়ে ‘স্থানীয়’ আৰু ‘সাৰ্বজনীন’ একে সময়তে উপস্থিত।
১। মঞ্জু বৰাৰ প্ৰথম পূৰ্ণদৈৰ্ঘ্য চিনেমা ‘বৈভৱ’ (Baibhab, ১৯৯৯; অসমীয়া)।
বৈভৱৰ বাবে ৪৭তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত
মঞ্জু বৰাই জুৰিৰ বিশেষ উল্লেখ লাভ কৰে—“for her poetic expression in her debut film”। ২০০০ চনৰ ঢাকা আন্তর্জাতিক চলচ্চিত্র উৎসবতো চিনেমাখনে "Best Film in Asia" লাভ কৰিছিল।
২। ‘অন্য এক যাত্ৰা’ (Anya Ek Yatra, ২০০১; অসমীয়া)। মঞ্জু বৰাৰ আন চিনেমাবোৰৰ তুলনাত এইখন কিছু পৃথক। এই চিনেমাখনেই মঞ্জু বৰাৰ চিনেকৰ্মৰ ভিতৰত বাণিজ্যিক উপাদানৰ আটাইতকৈ স্পষ্ট উপস্থিতিৰ উদাহৰণ।
৩। ‘আকাশীতৰাৰ কথাৰে’ (Aakashitorar Kothare, ২০০৩; অসমীয়া) মঞ্জু বৰাৰ গুৰুত্বপূৰ্ণ চিনেকৰ্মৰ অন্যতম। পঁচিশ বছৰীয়া গৱেষক আকাশীতৰাই নাৰী কেনেকৈ সমাজৰ ‘মহত্ত্ব’ৰ বাবে ত্যাগৰ প্ৰতীক হৈ পৰিছে, সেই বিষয়ত গৱেষণা কৰিবলৈ অসমৰ বিভিন্ন অঞ্চললৈ যায়। বিবাহৰ পাছত স্বামী ৰাঘৱ চৌধুৰীয়ে তেওঁৰ গৱেষণাৰ সলনি ‘স্ত্ৰী’ হিচাপে থাকিবলৈ আশা কৰে। ইয়াৰ মাজেৰে নাৰীৰ নিজস্ব পৰিচয়, পিতৃতান্ত্ৰিক সমাজ আৰু নাৰীৰ কণ্ঠৰ সন্ধানৰ প্ৰশ্ন উত্থাপিত হয়। ৫১তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত চিনেমাখনে "Best Feature Film in Assamese" লাভ কৰে। চৰকাৰী citation আছিল—“for its juxtaposition of a woman's search for her cultural heritage and its loss.” একেটা বঁটা অনুষ্ঠানতে তাৰালী শৰ্মাই চিনেমাখনৰ সংগীতৰ বাবে "Best Female Playback Singer" লাভ কৰে।
৪। ‘লাজ’ (Laaz, ২০০৪; অসমীয়া) -ত দৃষ্টি যায় অসমৰ দৰিদ্ৰ মাছমৰীয়া সমাজৰ জীৱনলৈ। ইলা দাস এজন মাছমৰীয়াৰ কন্যা। মাতৃৰ মৃত্যুৰ পাছত অসুস্থ পিতৃ আৰু দুই ভাতৃ-ভগ্নীৰ দায়িত্ব তেওঁৰ ওপৰত পৰে। বিদ্যালয়ত অনিয়মীয়া উপস্থিতিৰ লগতে নামঘৰত জাতিগত অস্পৃশ্যতাৰ অভিজ্ঞতাই তেওঁৰ জীৱনক কঠিন কৰি তোলে। চিনেমাখন "London Film Festival"-সহ বিভিন্ন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছিল।
৫। "জয়মতী" --ঐতিহাসিক চিনেমা। ১৭শ শতিকাৰ অসমৰ পটভূমিত নিৰ্মিত এই চিনেমাৰ কেন্দ্ৰত আছে আহোম ৰাজকুমাৰী জয়মতী। স্বামীৰ অৱস্থান প্ৰকাশ কৰিবলৈ অস্বীকাৰ কৰাৰ বাবে তেওঁ নিৰ্যাতিত হৈ মৃত্যুবৰণ কৰে। চিনেমাখনে জয়মতীৰ ব্যক্তিগত ত্যাগৰ লগতে আহোম যুগৰ ৰাজনৈতিক ইতিহাস, চুকাফাৰ আগমন আৰু আহোম ৰাজ্যৰ বিকাশৰ পৰা শৰাইঘাটৰ যুদ্ধলৈকে অসমৰ ইতিহাসৰ বিস্তৃত পৰিসৰ স্পৰ্শ কৰে।
৬। ‘আই ক'ত নাই’ (Aai Kot Nai, ২০০৮; অসমীয়া) -ত মঞ্জু বৰাই অসম–নাগালেণ্ড সীমান্তৰ সামাজিক আৰু ভূমি-সংঘাতক কেন্দ্ৰ কৰিছে। বিভিন্ন ধৰ্ম আৰু সম্প্ৰদায়ৰ মানুহে বাস কৰা এখন সীমান্তৱৰ্তী গাঁও কাহিনীৰ পটভূমি। মহাভাৰতৰ যুদ্ধৰ ভাওনাৰ দৃশ্যৰ জৰিয়তে চিনেমাখনে পৰৱৰ্তী সময়ৰ অসম-নাগা সংঘাতৰ সৈতে ‘ভূমি’ আৰু ‘সীমা’ৰ প্ৰশ্নটোক সংযোগ কৰিছে। ৫৬তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত চিনেমাখনে "Nargis Dutt Award for Best Feature Film on National Integration" লাভ কৰে। চৰকাৰী citation—“For its honest look at a burning problem in Northeast India, its attempt to break down artificial boundaries and giving it a human and aesthetic appeal.”
৭। ‘কোঃয়াদ’ (Ko:Yad, ২০১২; মিছিং)। অনিল পাংগিঙৰ একে নামৰ কাহিনীৰ আধাৰত নিৰ্মিত চিনেমাখনত ব্ৰহ্মপুত্ৰ আৰু দিচাং নদীৰ কাষৰ জীৱনক কেন্দ্ৰ কৰি পৌকাম নামৰ এজন মানুহৰ জীৱন-সংগ্ৰাম দেখুওৱা হৈছে।
কোঃয়াদ সম্পৰ্কে চলচ্চিত্ৰ সমালোচক চাইবাল চেটাৰ্জীয়ে 'Civil Society"-ৰ এপ্ৰিল ২০১৪ সংখ্যাত লিখিছে-- চিনেমাখন “visually stunning, emotionally wrenching”। আনহাতে চলচ্চিত্ৰ সমালোচক নম্ৰতা যোশীয়ে "Outlook"-ত চিনেমা খনক মিছিং সমাজৰ কেৱল নৃ-তাত্ত্বিক উপস্থাপন হিচাপে নেদেখি পৰম্পৰা আৰু আধুনিকতাৰ সংঘাতৰ এক “subtle and universal tale” হিচাপে পঢ়িছে। কিন্তু চলচ্চিত্ৰ সমালোচক জছুৱা থমাছে সম্পাদনাৰ গতিক লৈ আপত্তি উত্থাপন কৰি কিছুমান অংশ “feels rushed” বুলি মন্তব্য কৰিছে। এই ভিন্ন মূল্যায়নবোৰে 'কোঃয়াদ"ক একে সময়তে শক্তিশালী আৰু আলোচনাযোগ্য চিনেমা হিচাপে প্ৰতিষ্ঠা কৰে। [উৎস—চাইবাল চেটাৰ্জী, Civil Society, এপ্ৰিল ২০১৪; নম্ৰতা যোশী, Outlook; জছুৱা থমাছ, Popsplat।]
কোঃয়াদৰ বাবে ৬০তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত "Best Feature Film in Mising" লাভ কৰে। চৰকাৰী জুৰী citation—“A stark and realistic film with a strong subtext about a driftwood collector makes compelling viewing.” একেটা অনুষ্ঠানতে সুদীৰ পালছানেই "Best Cinematography" শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।
৭। ‘দাউ হুদুনি মেথাই’ (Dau Huduni Methai, ২০১৫; বড়ো) -ত মঞ্জু বৰাই বড়োলেণ্ডৰ অশান্ত সামাজিক-ৰাজনৈতিক বাস্তৱতালৈ যায়। ৰাইমালি নামৰ এগৰাকী যুৱতীৰ দৃষ্টিৰে উগ্ৰপন্থী হিংসা আৰু প্ৰতি-উগ্ৰপন্থী অভিযানৰ মাজত সাধাৰণ মানুহৰ জীৱন কেনেদৰে ধ্বংস হয়, সেই কাহিনী কোৱা হৈছে। ৰাইমালিৰ ওপৰত হোৱা যৌন নিৰ্যাতন, প্ৰেমিকৰ মৃত্যু আৰু শেষত তেওঁৰ কৰুণ পৰিণতিৰ মাজেৰে হিংসাৰ গভীৰ মানৱীয় মূল্য প্ৰকাশ পায়। চিনেমাখনৰ বিশ্ব প্ৰিমিয়াৰ ২০১৫ চনৰ "Montreal World Film Festival -ত হৈছিল।
চিনেমা সমালোচক ছিৰাজ ছৈয়দে অৱশ্যে চিনেমা খনৰ বিষয়ে এক ভিন্ন মূল্যায়ন আগবঢ়াইছে— “Manju Borah has made better films than Dau Huduni Methai.”।
‘সৰ্বগুণাকৰ শ্ৰীমন্ত শংকৰদেৱ’ (Sarvagunakar Srimanta Sankardeva, ২০১৬; অসমীয়া) মঞ্জু বৰাৰ চিনেকৰ্মত এক ব্যতিক্ৰমী সংযোজন। এইখন ২-ডি এনিমেচনধৰ্মী জীৱনীমূলক চিনেমা। শ্ৰীমন্ত শংকৰদেৱৰ জীৱন, দৰ্শন, সাহিত্য-সংস্কৃতি আৰু সামাজিক-ধৰ্মীয় সংস্কাৰক কেন্দ্ৰ কৰি নিৰ্মিত।
৮। ‘বিষকন্যাৰ দেশত’ (Bishkanyar Deshot / In the Land of Poison Women, ২০১৯; পাংচেনপা, লগতে হিন্দী আৰু ইংৰাজী)। যেশে দৰ্জে থংচিৰ সাহিত্যকৰ্মৰ আধাৰত নিৰ্মিত এই চিনেমাৰ পটভূমি অৰুণাচল প্ৰদেশৰ জেমিথাং অঞ্চল। পাংচেনপা সমাজত প্ৰচলিত ‘বিষকন্যা’ সম্পৰ্কীয় অন্ধবিশ্বাসৰ ফলত এগৰাকী নাৰীক সমাজৰ পৰা বহিষ্কৃত কৰা হয়। নতুন প্ৰজন্মৰ সচেতনতা আৰু যুক্তিবাদী দৃষ্টিভংগীৰে সেই অন্ধবিশ্বাসক প্ৰত্যাহ্বান জনোৱাই চিনেমাখনৰ কেন্দ্ৰীয় বিষয়। ৬৬তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে "Best Feature Film in Pangchenpa" শিতানত। চৰকাৰী citation-ত চিনেমাখনক “an individual’s effort to break the myth of ‘poison women’ in a remote part of Arunachal Pradesh” বুলি বৰ্ণনা কৰা হৈছে। উৎস— (67th National Film Awards Official Catalogue; The Indian Express, ২০১৯)
৯। ‘সেউজ সন্ধান’ (Seuj Sandhan, ২০২৩; অসমীয়া) মঞ্জু বৰাৰ চিনেকৰ্মৰ এটা নতুন বিষয়গত পৰ্যায়ৰ চিনেমা। ২০২৩ চনত প্ৰমাণিত হোৱা প্ৰায় ১১৭ মিনিট দৈৰ্ঘ্যৰ এই চিনেমাখনৰ বাণিজ্যিক মুক্তি হয় ৩০ আগষ্ট ২০২৪ত। কাহিনীৰ কেন্দ্ৰত আছে ৰূদ্ৰ—তথ্যচিত্ৰ নিৰ্মাতা, গৱেষক আৰু পৰিৱেশ-সচেতন যুৱক। এখন দূৰৱৰ্তী গাঁৱলৈ গৈ তেওঁ স্থানীয় মানুহৰ জীৱন, সংস্কৃতি আৰু প্ৰকৃতিৰ সৈতে থকা সম্পৰ্ক অনুসন্ধান কৰে। ইয়াৰ মাজতে প্ৰকৃতি সংৰক্ষণ আৰু তথাকথিত উন্নয়নৰ সংঘাত স্পষ্ট হৈ উঠে। ৰূদ্ৰৰ পিতৃ এজন উদ্যোগপতি আৰু প্ৰস্তাৱিত ‘স্মাৰ্ট চিটি’ প্ৰকল্পৰ সৈতে জড়িত; পুত্ৰৰ পৰিৱেশ-সচেতনতা আৰু পিতৃৰ উন্নয়নমুখী ব্যৱসায়িক দৃষ্টিভংগীৰ সংঘাতে কাহিনীত ব্যক্তিগত আৰু সামাজিক—দুয়োটা স্তৰ সৃষ্টি কৰে। পাকৰু নামৰ মাতৃহীন শিশুটি আৰু গণেশ নামৰ হাতীটোৰ সম্পৰ্কই মানুহ আৰু প্ৰকৃতিৰ সহাৱস্থানৰ প্ৰতীকী অৰ্থ বহন কৰে। কাহিনী আৰু চিত্ৰনাট্য দিলীপ বৰা আৰু মঞ্জু বৰাৰ। ২০২৬ চনৰ 'Filmfare Assamese Awards" -ত চিনেমাখনে Best Story, Best Cinematography, Best Editing আৰু Best Director আদি শিতানত মনোনয়ন লাভ কৰিছিল। সমালোচকে-- মঞ্জু বৰাৰ পূৰ্বৰ চিনেমাৰ তুলনাত দুৰ্বল আৰু ধীৰগতিৰ কাম হিচাপে মূল্যায়ন কৰিছে।
--এইদৰে মঞ্জু বৰাৰ পূৰ্ণদৈৰ্ঘ্য চিনেকৰ্মৰ যাত্ৰাটো চালে বিষয় আৰু ভাষাৰ এক উল্লেখযোগ্য বিস্তাৰ দেখা যায়—‘বৈভৱ’ত ব্যক্তিৰ মনোজগত, ‘অন্য এক যাত্ৰা’ত নৈতিক সংকট, ‘আকাশীতৰাৰ কথাৰে’ত নাৰীৰ পৰিচয়, ‘লাজ’ত জাতি আৰু দৰিদ্ৰতা, ‘জয়মতী’ত ইতিহাস আৰু ত্যাগ, ‘আই কট নাই’ত সীমান্ত-সংঘাত, ‘কোঃয়াদ’ত মিছিং সমাজৰ জীৱন-সংগ্ৰাম, ‘দাউ হুদুনি মেথাই’ত হিংসাৰ মানৱীয় মূল্য, ‘সৰ্বগুণাকৰ শ্ৰীমন্ত শংকৰদেৱ’ত ইতিহাস-দৰ্শন আৰু ‘বিষকন্যাৰ দেশত’ত অন্ধবিশ্বাস আৰু নাৰীৰ সামাজিক অৱস্থান।
এইবোৰৰ ভিতৰত পাঁচখন চিনেমাই ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত মঞ্জু বৰাৰ পৰিচালনা বা চিনেকৰ্মক প্ৰত্যক্ষভাৱে স্বীকৃতি দিছে—‘বৈভৱ’ (Special Mention), ‘আকাশীতৰাৰ কথাৰে’ (Best Feature Film in Assamese), ‘আই ক'ত নাই’ (Nargis Dutt Award for Best Feature Film on National Integration), ‘কোঃয়াদ’ (Best Feature Film in Mising) আৰু ‘দাউ হুদুনি মেথাই’ (Best Feature Film in Bodo)। চৰকাৰী 67th National Film Awards catalogue-তো এই ৰাষ্ট্ৰীয় স্বীকৃতিসমূহ একেলগে উল্লেখ আছে।
সমালোচকৰ দৃষ্টিৰে চালে এই স্বীকৃতিসমূহৰ মাজত এটা অভিন্ন সূত্ৰ দেখা যায়। মঞ্জু বৰাই প্ৰান্তীয় বা কমকৈ উপস্থাপিত সমাজক পৰ্দালৈ আনিছে যদিও তেওঁৰ লক্ষ্য কেৱল ‘অন্য’ মানুহক দেখুওৱা নহয়। চাইবাল চেটাৰ্জীৰ ভাষাত যি জীৱন “visually stunning, emotionally wrenching”, নম্ৰতা যোশীৰ দৃষ্টিত সেয়াই “subtle and universal tale”...
অৰ্থাৎ মঞ্জু বৰাৰ চিনেকৰ্মৰ বিশেষত্ব কেৱল বিষয় নিৰ্বাচনত নহয়। তেওঁৰ মূল শক্তি হৈছে— স্থানীয় জীৱনক স্থানীয়তাৰ সীমাত আবদ্ধ নকৰা। মিছিং মানুহৰ নাও, বড়ো সমাজৰ হিংসা, অৰুণাচলৰ পাংচেনপা সমাজৰ অন্ধবিশ্বাস, অসমৰ মাছমৰীয়াৰ দৰিদ্ৰতা বা এগৰাকী নাৰীৰ নিজৰ পৰিচয়ৰ সন্ধান—প্ৰতিটো কাহিনীৰ মাজতে তেওঁ বৃহত্তৰ মানৱিক প্ৰশ্ন বিচাৰি পায়। সেই কাৰণেই তেওঁৰ চিনেমা একে সময়তে আঞ্চলিকো আৰু সাৰ্বজনীনো।
আৰু সেইখিনিতেই মঞ্জু বৰাৰ চিনেকৰ্মৰ তাৎপৰ্য। তেওঁ কেৱল অসমৰ সমাজক পৰ্দাত দেখুওৱা নাই; অসমৰ বহু কমকৈ দেখা মানুহ, সংস্কৃতি আৰু সংকটক ভাৰতীয় চিনেমাৰ বৃহত্তৰ মানচিত্ৰত স্থান দিছে।
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন