এসময়ৰ পৰা আন এসময়লৈ আমাৰ বাবে শাৰদীয় দুৰ্গাপূজা মানেই আছিল— ভ্ৰাম্যমাণ থিয়েটাৰ। গেলাৰীত বহি নাটক চোৱাৰ সেই আনন্দ, সেই উত্তেজনা, সেই অপেক্ষা— আজিও মনৰ মাজত সজীৱ হৈ আছে।
যেতিয়া নাটক বুজিবলৈ আৰম্ভ কৰিছিলোঁ, তেতিয়াৰ পৰাই এখন নাটক চোৱাৰ পাছত কেৱল নাটক উপভোগ কৰিয়েই ক্ষান্ত থকা নাছিলোঁ; ক্ৰমে সোমাই পৰিছিলোঁ ‘নাট্য-চৰ্চা’ৰ মাজত। সেই যাত্ৰাৰ অন্যতম গুৰু আছিল ভৈৰৱ বৰ্মন— তেতিয়াৰ বেলশৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক, আৰু মোৰো শিক্ষাগুৰু।
ভ্ৰাম্যমাণ থিয়েটাৰ, ভৈৰৱ বৰ্মন আৰু ‘মিলন-মালা’—এই তিনিটাৰ সৈতে জড়িত হৈ আছে এটা বিশেষ অধ্যায়। অথচ ভ্ৰাম্যমাণ থিয়েটাৰৰ ইতিহাসৰ সেই অধ্যায়টো সততে চৰ্চালৈ নাহে।
নাট্যকাৰ, পৰিচালক, কলা-নিৰ্দেশক আৰু অভিনেতা ভবেন বৰুৱাই এসময়ত সেই অধ্যায়টোৰ কথা কৈছিল। প্ৰসংগক্ৰমে ‘আজিৰ সংবাদ’ 'আজি' আৰু ‘অসমীয়া প্ৰতিদিন’ত সেই বিষয়ে চৰ্চা কৰিছিলোঁ।
ভ্ৰাম্যমাণ থিয়েটাৰৰ ‘এটা যুগ’ৰ কথা ক’বলৈ গৈ ভবেন বৰুৱাই কৈছিল—
“ভাগ্যদেৱীৰ প্ৰযোজক শৰৎ মজুমদাৰে এদিন নতুন চিন্তা লৈ মোৰ ওচৰলৈ আহিছিল। নতুন নাট্যকাৰৰ নতুন ধৰণৰ নাটক লাগে! কেইদিনমান আগতে নলবাৰীত নাটক প্ৰতিযোগিতা হৈ গৈছিল। সেই বিশেষ নাট প্ৰতিযোগিতাত একেৰাহে আমিয়েই শ্ৰেষ্ঠ হৈ আহিছিলোঁ। কিন্তু সেইবছৰ শ্ৰেষ্ঠ হৈছিল বেলশৰৰ পৰা অহা এটা দল। সেই দলটোত আছিল— ভৈৰৱ বৰ্মন, উগ্ৰ মেনা আৰু জীৱেশ্বৰ ডেকা।
মই শৰৎ মজুমদাৰক ‘দল’টোৰ কথা কৈছিলোঁ। ইতিমধ্যে ‘শ্ৰেষ্ঠ পৰিচালক’ ভৈৰৱ বৰ্মনৰ সৈতে মোৰ বন্ধুত্ব হৈছিল। মই শৰৎ মজুমদাৰৰ সৈতে গৈ বৰ্মনৰ সৈতে কথা পাতিছিলোঁ। পৰৱৰ্তী আলোচনালৈ উগ্ৰ মেনা আৰু জীৱেশ্বৰ ডেকাকো মাতি অনা হৈছিল।
ঠিক হৈছিল— নাটকখন লিখিব উগ্ৰ মেনাই, পৰিচালনা কৰিব ভৈৰৱ বৰ্মনে আৰু ‘মিলন’ৰ চৰিত্ৰত অভিনয় কৰিব জীৱেশ্বৰ ডেকাই।”
ইয়াত এটা কথা স্পষ্ট কৰি দিয়া প্ৰয়োজন— বেলশৰৰ সেই দলটো যিখন নাটকৰ জৰিয়তে প্ৰতিযোগিতাত শ্ৰেষ্ঠ হৈছিল, সেই নাটকখনেই আছিল ‘মিলন-মালা’ৰ শিপা।
অৱশ্যে ‘মিলন-মালা’ৰ মূল শিপা আছিল এখন বাংলা নাটক। নাটকখনত ‘মালা’ৰ চৰিত্ৰত অভিনয় কৰিছিল পাৰুল বড়াই। নাটকখন ব্যৱসায়িক দিশতো আছিল বিপুল সফল—এক কথাত, ছুপাৰহিট।
আৰু ‘মিলন’ৰ চৰিত্ৰত জীৱেশ্বৰ ডেকাৰ অভিনয়ে তেওঁক সেই সময়ৰ অসমৰ যুৱতীসকলৰ মাজত এক বিশেষ আকৰ্ষণৰ কেন্দ্ৰ কৰি তুলিছিল। মঞ্চত তেওঁৰ উপস্থিতি, অভিনয় আৰু চৰিত্ৰটোৰ জনপ্ৰিয়তাই তেওঁক সেই সময়ৰ যুৱপ্ৰজন্মৰ মাজত 'সপোনৰ নায়ক'ত পৰিণত কৰিছিল। অসমৰ মঞ্চৰ সেই ‘মিলন’ তেতিয়াৰ যুৱতীসকলৰ বাবে হৈ পৰিছিল ‘ৰাজেশ খান্না’।
এনেকৈয়ে ভ্ৰাম্যমাণ থিয়েটাৰৰ ইতিহাসত ‘মিলন-মালা’ই সৃষ্টি কৰিছিল নিজৰ এক সুকীয়া অধ্যায়—যাৰ আঁৰত আছিল ভৈৰৱ বৰ্মনৰ দৰে এগৰাকী নিষ্ঠাৱান নাট্যকৰ্মীৰ সৃষ্টিশীল যাত্ৰা, উগ্ৰ মেনাৰ নাট্যচিন্তা আৰু জীৱেশ্বৰ ডেকাৰ স্মৰণীয় অভিনয়।
‘মিলন মালা পৰ্ব’ ১৯৭০-৭১ নাট্যবৰ্ষৰ। তেতিয়া ‘ভাগদেৱী’ আছিল—ভাগ্যদেৱী নাট্য সমিতি। সেইটো মোৰ জন্মৰ বছৰ। স্বাভাৱিকতে ‘মিলন’ মই দেখা নাছিলোঁ। পাছলৈ ‘নন্দ পাঠক’ আৰু অন্যান্য চৰিত্ৰতহে জীৱেশ্বৰ ডেকাক দেখাৰ সুযোগ পাইছিলোঁ।
মহেন্দ্ৰ বৰঠাকুৰৰ ‘দধিচী’ৰ মূল চৰিত্ৰ নন্দ পাঠক। ৪১ বছৰীয়া জীৱেশ্বৰ ডেকাই ৯৫ বছৰীয়া নন্দ পাঠকৰ চৰিত্ৰত কৰা অভিনয় আছিল এক পৰিপাটি ‘নাট্যচমক’। বয়সৰ পাৰ্থক্যটো যেন অভিনয়ৰ শক্তিৰ সন্মুখত অৰ্থহীন হৈ পৰিছিল। আঙ্গিক আৰু বাচিক অভিনয়ৰ নিখুঁত ব্যৱহাৰে তেওঁ চৰিত্ৰটোক কেৱল বিশ্বাসযোগ্যই কৰা নাছিল, দৰ্শকৰ মনত স্থায়ী কৰি তুলিছিল।
‘দধিচী’ৰ অভিনয়ৰ বাবে জীৱেশ্বৰ ডেকাই লাভ কৰা স্বীকৃতিয়েও সেই কথাকে যেন প্ৰতিপন্ন কৰে। [এই নাট্যচমকৰ বাবে জীৱেশ্বৰ ডেকাক ১৯৮৮ চনত অসম চৰকাৰে ‘নটসূৰ্য ফণী শৰ্মা বঁটা’ প্ৰদান কৰিছিল]
‘দধিচী’ৰ আগতেই জীৱেশ্বৰ ডেকাৰ অভিনয় দেখিছিলোঁ উগ্ৰ মেনাৰ ‘বিপ্লৱীৰ চেতনা’ত। পাছলৈ ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ ‘দীনবন্ধু’তো তেওঁৰ অভিনয় দেখিছিলোঁ। প্ৰতিখন নাটতে যেন তেওঁ নিজকে নহয়, চৰিত্ৰটোকহে আগত ৰাখিছিল।
১৯৬৭ চনত ‘বেলশৰ স্মৃতি নাট্যসংঘ’ত অভিনয়ৰে অভিনয়-জীৱন আৰম্ভ কৰা জীৱেশ্বৰ ডেকাৰ বিষয়ে এটা বিশেষ অভিধা প্ৰায়েই উচ্চাৰিত হৈছিল—‘বৃদ্ধৰ চৰিত্ৰৰ অপ্ৰতিদ্বন্দ্বী অভিনেতা।’
এই অভিধা কেৱল তেওঁৰ চেহেৰাৰ বাবে নহয়। বয়সক অভিনয়ৰ ভিতৰলৈ অনাৰ যি ক্ষমতা, সেই ক্ষমতাই তেওঁক আনৰ পৰা পৃথক কৰিছিল। খোজ, শৰীৰৰ ভংগী, মুখৰ অভিব্যক্তি, কণ্ঠৰ উঠা-নমা—প্ৰতিটো উপাদান যেন চৰিত্ৰটোৰ বয়স আৰু জীৱন-অভিজ্ঞতাৰ সৈতে মিলি গৈছিল।
দুই শতাধিক নাটকত অভিনয় কৰা জীৱেশ্বৰ ডেকাই নাটক লিখিছিল, নাটক পৰিচালনাও কৰিছিল। কিন্তু এক অদ্ভুত পৰিহাস—‘নাট্যকাৰ-পৰিচালক জীৱেশ্বৰ ডেকা’ যেন আঁৰতে থাকি গ’ল ‘অভিনেতা জীৱেশ্বৰ ডেকা’ৰ।
মোৰ বাবে অৱশ্যে জীৱেশ্বৰ ডেকা কেৱল মঞ্চৰ এজন অভিনেতা নাছিল। তেওঁৰ সৈতে মোৰ পৰিচয়টোও এক বিশেষ সময়ৰ স্মৃতি।
নাটক বুজা-নুবুজা বয়সতে প্ৰথমবাৰ লগ পাইছিলোঁ তেওঁক। [জন্ম—১৯৪৬ চনৰ ২০ জুলাই, নলবাৰী জিলাৰ বেলশৰ গাঁৱত। মৃত্যু—২০২০ চনৰ ২৪ আগষ্টত, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত।]
প্ৰথম সাক্ষাতৰ সময়ত মনত যথেষ্ট ‘ভয়’ আছিল। ইটো-সিটো কথা সুধিছিলোঁ। সেই কথাবোৰকে পৰিপাটিকৈ লিখি ‘তিনিদিনীয়া অগ্ৰদূত’লৈ পঠিয়াইছিলোঁ। লেখাটোৰ কিছু অংশ প্ৰকাশ পাইছিল। পাছত সেই লেখাটোৱে আন এখন কাকতো ঠাই পাইছিল।
সেই ১৯৮০ চনৰ পৰাই ২০০৮-০৯লৈকে বিভিন্ন সময়ত, বিভিন্ন চৰিত্ৰত, বিভিন্ন নাটকৰ মাজেৰে অনুভৱ কৰি আহিছিলোঁ অভিনেতাগৰাকীৰ অভিনয়-শৈলী আৰু অভিনয়-ক্ষমতা।
মাজতে ১৯৯৪ৰ পৰা ২০০১লৈ কৰ্মসূত্ৰে মুম্বাইত থাকিবলগীয়া হোৱাত তেওঁৰ সৈতে দূৰত্ব স্বাভাৱিকতে বাঢ়িছিল। কিন্তু দূৰত্ব কমিল মুম্বাইৰ পৰা উভতি অহাৰ পাছত। অজিত কুমাৰ ভূঞা সম্পাদিত ‘আজি’ৰ সম্পাদনা বিভাগৰ এজন হোৱাৰ সময়ত পুনৰ ঘনিষ্ঠতা বাঢ়িছিল।
এদিন হঠাতে ‘আজি’ৰ কাৰ্যালয়লৈ আহিছিল জীৱেশ্বৰ ডেকা— আমাৰ পৰিয়ালৰে দিলীপ মেনাৰ সৈতে।
কথা পোনপটীয়া আছিল—
‘আমি নিজাকৈ থিয়েটাৰ খুলিম। তুমি সহায় কৰিব লাগিব।’
যিমানখিনি সম্ভৱ, সহায় কৰিছিলোঁ।
ভ্ৰাম্যমান নাট্যদলটোৰ নাম ৰখা হৈছিল— ‘অনুৰাগ’।
নাট্যকাৰ উগ্ৰ মেনাৰ শেষ ৰচনা ‘তোমাৰ জন্মদিনত’ মঞ্চস্থ হৈছিল ‘অনুৰাগ’ত। সেই নাটকখনকে লগত লৈ আৰম্ভ হৈছিল নাট্যদলটোৰ যাত্ৰা। সংগীতশিল্পী তৰালি শৰ্মাকো সেই যাত্ৰাৰ আৰম্ভণিৰ বাবে লৈ গৈছিলোঁ।
জীৱেশ্বৰ ডেকাৰ কথাবোৰ আজিও মনত আছে—
‘কিমান নাটকত যে অভিনয় কৰিলো! আনৰ চিন্তাৰে কিমান চৰিত্ৰত যে অভিনয় কৰিলো! ভাল লগা চৰিত্ৰত, বেয়া লগা চৰিত্ৰত! গতিকে এইবাৰ নিজৰ চিন্তাৰে কৰিম বুলি ভাবিছোঁ। নাটকৰ বাবে নাটক কৰিম—'অনুৰাগ'ৰ মঞ্চত।’
এই কথাখিনিৰ ভিতৰতে যেন লুকাই আছিল এজন অভিনেতাৰ দীৰ্ঘদিনীয়া ক্ষোভ, অভিজ্ঞতা আৰু নতুনকৈ কিবা এটা কৰাৰ আকাংক্ষা।
সেই সময়ত ভ্ৰাম্যমান থিয়েটাৰৰ মঞ্চতো ‘পৰিৱৰ্তন’ৰ নামত নতুন নতুন প্ৰয়োগৰ ঢৌ উঠিছিল। বলিউড আৰু দক্ষিণ ভাৰতীয় চিনেমাৰ জনপ্ৰিয় শৈলী ভ্ৰাম্যমানৰ নাট্য উপস্থাপনাত প্ৰৱেশ কৰিছিল। কেইবাখনো আগশাৰীৰ থিয়েটাৰেও সেই ধাৰা গ্ৰহণ কৰিছিল।
এফালে আছিল হেমন্ত দত্ত, মুনিন বৰুৱা, সেৱাব্ৰত বৰুৱা, মৃদুল চুতীয়া আদিৰ দৰে নাট্যকৰ্মীৰে গঢ়ি তোলা ভ্ৰাম্যমাণ থিয়েটাৰৰ নিজস্ব নাট্যচিন্তা; আনফালে বাণিজ্যিক সফলতাৰ আশাত জনপ্ৰিয় চিনেমাৰ শৈলীক অধিক গুৰুত্ব দিয়াৰ প্ৰৱণতা।
জীৱেশ্বৰ ডেকাই এই পৰিৱৰ্তনক সহজভাৱে ল’ব পৰা নাছিল।
তেওঁ কৈছিল—
‘ভ্ৰাম্যমান থিয়েটাৰৰ নিজা নাট্যশৈলী আছে। এই বিশেষ শৈলীৰ পৰা আঁতৰি যোৱা মানে ভ্ৰাম্যমাণ থিয়েটাৰক হত্যা কৰা।’
কথাটো ইয়াতেই শেষ হোৱা নাছিল।
‘মই মন কৰিছোঁ, বৰ্তমান কেইবাখনো থিয়েটাৰৰ জকাটোহে পেণ্ডেলহৈ আছে, আত্মা নাই। অচ্যুত লহকৰে বহু পৰিশ্ৰম কৰি নিৰ্মাণ কৰা নাট্যশৈলীক বাদ দিলে ভ্ৰাম্যমাণ থিয়েটাৰক লৈ গৌৰৱ কৰিবলগীয়া আমাৰ একো নাথাকিব।’
এই বক্তব্যৰ সৈতে হয়তো সকলোৰে একমত হোৱাৰ প্ৰয়োজন নাই। কিন্তু এজন অভিনেতাৰ দৃষ্টিৰে ভ্ৰাম্যমাণ থিয়েটাৰৰ আত্মাক লৈ কৰা এই উদ্বেগটোক উপেক্ষা কৰিবও নোৱাৰি।
কাৰণ জীৱেশ্বৰ ডেকা কেৱল নাটকৰ ভিতৰত অভিনয় কৰা অভিনেতা নাছিল; নাটকখনৰ ভিতৰত থকা নাট্য-আত্মাকো তেওঁ অনুভৱ কৰিছিল।
তেওঁৰ অভিনয়ৰ আটাইতকৈ ডাঙৰ শক্তি যেন ইয়াতেই আছিল— তেওঁ চৰিত্ৰক অভিনয় কৰা নাছিল, চৰিত্ৰটোৰ ভিতৰত প্ৰৱেশ কৰিছিল।
‘বৃদ্ধৰ চৰিত্ৰ’ত তেওঁ কিয় ইমান সফল হৈছিল, তাৰ উত্তৰো হয়তো ইয়াতেই আছে।
এজন ৪১ বছৰীয়া অভিনেতাই যেতিয়া ৯৫ বছৰীয়া নন্দ পাঠকক মঞ্চত জীৱন্ত কৰি তোলে, তেতিয়া বয়সটো কেৱল মেকআপেৰে সৃষ্টি নহয়। তাৰ বাবে লাগে শৰীৰৰ স্মৃতি, কণ্ঠৰ স্মৃতি, মনৰ স্মৃতি আৰু মানুহক গভীৰভাৱে লক্ষ্য কৰাৰ ক্ষমতা।
জীৱেশ্বৰ ডেকাৰ আছিল সেই ক্ষমতা।
সেয়ে তেওঁক মনত পেলালে মোৰ প্ৰথমে মনলৈ আহে কোনো এটা বিশেষ সংলাপ নহয়, কোনো এটা বিশেষ দৃশ্যও নহয়।
মনত আহে—চৰিত্ৰৰ মাজেৰে নিজকে বিলীন কৰি দিয়া এজন অভিনেতা।
জীৱেশ্বৰ ডেকা অভিনেতাগৰাকী নিৰ্মাণ হৈছিল নাটকৰ চৰিত্ৰৰে।
মঞ্চত কৰা অভিনয়ৰে।
(আগলৈ)
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন