সরাসরি প্রধান সামগ্রীতে চলে যান

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika
"এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম।
("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱে-ভূঞে জানে। মই এইবাৰ 'শকুন্তলা খনৰ কথা ভাবিলোঁ। তৎক্ষণাৎ মই কলেজ স্ট্রীটলৈ গৈ সংস্কৃত-বাংলা অভিজ্ঞান লম খন লৈ আহিলোঁ। অৱনীন্দ্রনাথ ঠাকুৰে ছবিৰে অঁকা ‘শকুন্তলা’খনো আনিলোঁ। আনি ভাবিলোঁ, প্রথমতে কেনেকৈ আৰম্ভ কৰোঁ? অতি কমেও প্রথমতে পাঁচ হেজাৰ লাগিব। সঙ্গীতখিনি বাৰু ময়েই কিবা এটা কৰি ল'ব পাৰিম। ভাবিলোঁ, শ্যামাপ্রসাদ আগৰৱালাৰ ওচৰলৈকে যাম। ছবিখন আৰম্ভ কৰিম বুলি ঠিক কৰোতেই 'ৰাধা ফিল্মছ -এ মোক বাকী দিলে। তিনিদিনমান ফ্রি শুটিং কৰিবলৈ। দিলে। মাধৱ বাবুৱে কৈছিল, 'শিল্পীসকলক যে তুমি এতিয়া পইচা নিদিয়া, পিচত দিবা। খালী ফিল্মৰ পইচাখিনি যোগাৰ কৰাঁ। সেইখিনি ডিস্ট্রিবিউটক দেখুৱাব লাগিব। 'ছাউণ্ড' অলপ কিনা।' এই বুলি তেওঁ মোক বহুত সহায় কৰিলে।" --ভূপেন হাজৰিকা) কাম কিছু আগবঢ়াই ভূপেন হাজৰিকাই চিঠি লিখিলে বিষ্ণু প্ৰসাদ ৰাভা, ফণী শৰ্মালৈ। অভিনয় কৰিব লাগিব আৰু "আপোনালোকে মোক অসমত শকুন্তলা এজনী বিচাৰি দিয়ক" বুলি। ভি শান্তাৰামৰ পৰিচালনাৰে চিত্ৰগৃহলৈ ১৯৪৪ চনত আহিছিল "অভিজ্ঞান শকুন্তলম"। তাৰ পাছত  "শকুন্তলা" কাহিনীৰ আৰু ৪-৫ খন চিনেমা নিৰ্মাণ হৈছিল। ফণী শৰ্মাই হেনো ভূপেন হাজৰিকাক পৰামৰ্শ দিছিল-- আটাইকেইখন শকুন্তলা চাই লোৱা! চাইছিল, অৱশ্যে ৩ খনহে চাইছিল। আৰু চোৱাৰ বাবে আন কেইখন "শকুন্তলা"তকৈ অসমীয়া "শকুন্তলা"ৰ কাম ভাল হৈছিল। এজন বন্ধুৰ পৰা ৫০০০ টকা ধাৰ লৈ, ধাৰৰ টকাৰে আৰম্ভ কৰা "শকুন্তুলা"ৰ কাম সম্পূৰ্ণ কৰি দিছিল নগাঁৱৰ কাশীনাথ বিহানীয়ে। ব্যৱসায়িক দিশত চিনেমা খন সফল হৈছিল, চিত্ৰৰসিকেও ভাল পাইছিল। কাশীনাথ বিহানীৰ ইচ্ছাক সন্মান জনাই ক'লা-বগা চিনেমা খনৰ
"প্ৰথম প্ৰহৰ ৰাত্ৰি ফুলি আছিল চম্পা ।
শুনা সখি শকুন্তলা তুলি বান্ধা খোপা।।
দ্বিতীয় প্ৰহৰ ৰাত্ৰি ফুলি আছিল তগৰ।
শুনা সখি ৰূপৱতী নধৰা জগৰ।।
তৃতীয় প্ৰহৰ ৰাত্ৰি ফুলিলে শেৱালি।
কেতেকীয়েও তোমাৰ হিয়াত দিলে পৰাগ ঢালি।।
আইদেউৰ গালৈকে চাবকে নোৱাৰি।
হীৰা কি মুকুতা জ্বলে ধৰিব নোৱাৰি।।
ষষ্ঠ প্ৰহৰ ৰাত্ৰি ফুলি আছিল যুতি।
তোমাৰ স্বামী দুষ্যন্তকে আজি কৰাঁ স্তুতি।।" গীতটো ৰঙীন কৰিছিল। --এই যে গীতটো ৰঙীন আছিল, সেই বাবে কোৱা হয়, "শকুন্তলা" প্ৰথম অসমীয়া আংশিক ৰঙীন চিনেমা।
--গীতটোত "ৰং সানিছিল" ভূপেন হাজৰিকাই। আৰু চিনেমা খনে ৰং আনিছিল ভূপেন হাজৰিকাৰ মনলৈ। পৰিচালক গৰাকীক চিনেমা খনে আৰ্থিক সমস্যাৰ পৰা কিছু মুক্ত কৰিছিল, ৰাষ্ট্ৰীয় সন্মান দিছিল। অৱশ্যে আশা কৰিছিল শ্ৰেষ্ঠ চিনেমাৰ বঁটা, পাইছিল অসমীয়া ভাষাৰ শ্ৰেষ্ঠ চিনেমাৰ শিতানত ৰূপৰ পদকহে। ("অসমীয়া 'শকুন্তলা' – এই মুক্তি দিলোঁ, শুনিলোঁ ভাল চলিল। সিফালে ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ব্লেকেটেড হ’ল বুলি লিখিছিল। অর্থাৎ বাংলা 'ভগিনী নিবেদিতা' আৰু অসমীয়া 'শকুন্তলা' – এই দুখনক  লৈ আলোচনা হ'ল কোনখনক প্ৰথম পুৰস্কাৰ দিব:  মানে ছেমি ফাইনেল হ'ল। 'শকুন্তলা'ক নিদিলে। শকুন্তলাজনীৰ অভিনয় বৰ ভাল নহ'ল। অভিনয়ত কেইটামান নম্বৰ কম পালে। ইফালে 'ভগিনী নিবেদিতা'ৰ ভাওত অভিনয় কৰিছিল। অৰুন্ধতী মুখার্জ্জীয়ে। অভিনয়ৰ দিশৰপৰা দুৰ্ব্বল বাবেই মই হাৰিলোঁ। শকুন্তলা ই আঞ্চলিক ভিত্তিত শ্রেষ্ঠ পুৰস্কাৰটো পালে। জাতীয় পুৰস্কাৰটো নাপালে।" --ভূপেন হাজৰিকা) শ্ৰেষ্ঠ চিনেমাৰ বঁটা পোৱা "ভগিনী নিবেদিতা" বিজয় বসুৰ পৰিচালনা। বিজয় বসুই বঁটা গ্ৰহণ কৰাৰ পাছত "সিনেমা জগৎ"-ক দিয়া সাক্ষাৎকাৰত কৈছিল --"ভূপেন হাজৰিকাৰ 'শকুন্তলা'ই মোক চুই গৈছে। গল্প ইমান ধূনীয়াকৈ কৈছে! গীত-সংগীত গল্পত ইমান সুন্দৰকৈ পিন্ধাইছে! মোৰ মন ভৰি গৈছে। সংগীত ব্যৱহাৰ ছবিত কেনেদৰে কৰে, ভূপেন হাজৰিকাৰ দৰে অতি কম সংখ্যক পৰিচালকহে জানে, মোৰ ধাৰণাত। ছবিত সংগীত-গীতৰ ব্যৱহাৰত মই ভূপেন হাজৰিকাতকৈ বহু পাছত আছো।"
             

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...