"The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা।
--চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ)
চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ।
শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে।
--ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লোকেল ট্ৰেইন, মানুহৰ দ্ৰুত গতি, ব্যস্ত জীৱন। পৰিচালকে কেইটামাণ শ্বটতে স্পষ্ট কৰিছে। মুম্বাইৰ ঘণ জন অৰণ্যতো যেন নিৰাশক্ত নিষ্ঠা কাশ্যপ। দেউতাকৰ অকাল মৃত্যুত মাকৰ ব্যস্ততা বাঢ়ে। ৰাগিয়াল দ্ৰব্যৰ মাজত জীৱন পাৰ কৰে নিষ্ঠাই। কেইটা মান শ্বটেৰে পৰিচালকে স্পষ্ট কৰে-- নিষ্ঠাৰ নিজা আদৰ্শ আছে, স্পষ্টবাদী, মিছা কৈ বেয়া পায়, সাহসী।
--মুম্বাইত আৰম্ভ হোৱা কাহিনীয়ে অসমলৈ গতি কৰে। "উৰি উৰি যায় পখী..." (কণ্ঠ: জুবিন গাৰ্গ)। নিষ্ঠা আহি অসম পায়। নিষ্ঠা পখী হৈ উৰে। হাঁহি হাঁহি কৈশোৰ পাৰ কৰা নিষ্ঠাৰ চেহেৰালৈ আকৌ হাঁহি আহে। নিষ্ঠাৰ হাঁহি ভৰা চেহেৰাই মাকক আনন্দ দিয়ে। মাকৰ প্ৰশ্নৰ উত্তৰত তাই কয় "ইয়াত" তাইৰ ভাল লাগিছে। লাহে লাহে দৰ্শকৰ সন্মুখত স্পষ্ট হয়, "ইয়াত" নিষ্ঠাৰ প্ৰেম আছিল। ১৩ বছৰ বয়সত তাইৰ জীৱনলৈ প্ৰেম লৈ আহিছিল বাবাদা। বাবাদাৰ ওচৰত ভায়োলিন শিকিছিল; আৰু চেভেন্থ ষ্ট্ৰিঙৰ সন্ধান কৰিছিল।
( নিষ্ঠা: ভায়োলিনৰ তাৰ চাৰি দাল কিয়, পাঁচদাল কিয় নাথাকে?
বাবাদা: পাঁচ দালো থাকে, ইলেকট্ৰিকৰ ছয় দালো থাকে।
নিষ্ঠা: সাতদাল কিয় নাথাকে!
বাবাদা: থাকিবও পাৰে!)
--নিষ্ঠাৰ জীৱনলৈ হাহাকাৰ আনে এই সন্ধানে। সাত নম্বৰ তাঁৰত জীৱনৰ ছন্দ বিছাৰি নাপালে। প্ৰেমত প্ৰতাৰিত হয়। বাবাদাৰ প্ৰতাৰণাই বিশ্বাস আৰু মানুহৰ মাজৰ পৰা আঁতৰাই নিয়ে নিষ্ঠাক। হৃদয়ত বাবা দাদাই দিয়া "হাহাকাৰ"ৰ বোজা লৈ অসম এৰি মুম্বাই লৈ যায়। আৰু মনৰ সেই বোজা লৈয়ে ফুৰিবলৈ আহি অসম পায়। কৈশোৰৰ ভাল লগা সময়বোৰ মনলৈ আহে, চেহেৰালৈ হাঁহি আহে। হাতত পৰে কৈশোৰৰ স্মৃতি থকা ভায়োলিন খনো। কিন্তু কেইটামান দিন। কাহিনী আৰু আগবাঢ়ে। নিষ্ঠা আৰু হাহাকাৰৰ মাজত সোমাই পৰে। আকৌ আত্মহত্যাৰ চেষ্টা। বাবাদাই তাইৰ জীৱনলৈ যে আনিছিল-- "প্ৰেম", সেই প্ৰেম যে কেৱল শাৰিৰীক আছিল, সেয়া আৰু এবাৰ ষ্পষ্ট হোৱাৰ পাছত।
--কাহিনীয়ে শেষ বিন্দুলৈ গতি কৰে। আইতাকে নিষ্ঠাক কয়, "মাজনী গীতাত কৈছে--কৰ্ম কি? আমি বুজা উচিৎ। সিদ্ধ কৰ্ম কি? --আমি তাকো জানিব লাগিব । কৰ্ম শূন্যতা বুজাতো বৰ দৰ্কাৰ। আৰু কৰ্মতত্ব বুজাটো বৰ কঠিন।" আইতাকৰ (অভিনয় কৰিছে পূৰ্ণিমা শইকীয়াই।) মুখত দিয়া এই সংলাপে নিষ্ঠাক (ৰূপালী গল্পটো) শেষ বিন্দুটোলৈ লৈ যায়। মুকলি বাট, মুকলি পথাৰ-আকাশে স্পষ্ট কৰে মুকলি মনৰ নিষ্ঠাক-- "উৰি উৰি যায় পখী..."। মুকলি মনৰ পখী! (কেমেৰাৰ ভাষাৰে ৰেখা সম্পূৰ্ণ)
সুন্দৰ কাহিনী, সু-পৰিকল্পিত ছন্দত আগবঢ়া ৰূপালী গল্প। ভাল লগাৰ প্ৰথম কাৰণ-- গল্প কোৱাৰ কৌশল। পৰিচালকৰ চিনেমেটিক গণিত এনেধৰণৰ: উৎকণ্ঠা + ফ্লেছবেকত কাহিনী নিৰ্মাণ + সৰল ৰৈখিক গতি + কাহিনীৰ লগতে চিনেমা খনৰ ভূগোল, ইতিহাস ক্ৰমে স্পষ্ট + কম ফুটেজতে চৰিত্ৰ বিন্যাস।
ভাল লগাৰ দ্বিতীয় কাৰণ-- অভিনয় আৰু সংগীত। সংগীত বাহাৰুল ইছলামৰ। আৱহ সংগীতত লোকবাদ্যক গুৰুত্ব দিছে, ৰাগ ব্যৱহাৰেৰে কাহিনীক গতি দিছে। গতি দিছে গীতেৰে। গীতেৰে কাহিনী কৈছে। হীৰেন ভট্টাচাৰ্যৰ কথাৰে (কবিতা) চিত্ৰায়ণ কৰা "তুমি দুচকুত কাজল ল'লে..." গীতটো গল্পৰ আঁতৰৰ কিন্তু অলংকাৰ। এই খিনিতে কব লাগিব মূল অলংকাৰ বৰ্ষা বাহাৰৰ অভিনয়। প্ৰতিটো মূহুৰ্ততে বাস্তৱত থাকি আছৰণ কৰিছে। আমি কব পাৰো সফল --realistic acting (বাস্তৱসম্মত অভিনয়)। চুই গৈছে ৰাহুল গৌতম শৰ্মা আৰু গুণগুণৰ অভিনয়ে।
বিপৰীতে ভাল নালাগিল (আমাৰ ধাৰণাত চিনেমেটিক গতিত যতি পৰিছে) মনৰ কথা কব পৰা ঘৰটোত যেতিয়া নিষ্ঠাই নিজৰ প্ৰেমৰ কথা কৈছিল, সেই দীৰ্ঘ ছিকুৱেঞ্চটো। আৰু আমাৰ ধাৰণাত নিষ্ঠা--বাবা দাদাক মুখামুখী কৰোৱাৰ প্ৰয়োজন নাছিল।
চিনেমা খন চোৱাৰ পাছত মনৰ মাজত লৈ আহিছিলোঁ ধেৰ চিনেসৌন্দৰ্য আৰু এটা প্ৰশ্ন-- চিনেমা খনত এটা ঘৰ দেখুৱাইছে, যিটো ঘৰৰ দুৱাৰ সকলোৰে বাবে খোলা, যিটো ঘৰত সকলোৱে মুকলিকৈ মনৰ কথা কব পাৰে। তেনে ঘৰ কৰোবাত আছে জানো! থাকিবয়ো পাৰে! --তেনে ঘৰৰ প্ৰয়োজন আছে আজিৰ সমাজত।
শেষত:
--এই খন এই প্ৰজন্মৰ চিন্তাৰ চিনেমা। এই প্ৰজন্মৰ মনৰ "সমস্যা"ৰ চিনেমা। অভিভাৱক সকলে চোৱা উচিৎ। অভিভাৱকে অনুভৱ কৰিব নোৱাৰাৰ দোষতে এই প্ৰজন্ম বহুতৰে মাজত থাকিয়ো অকলশৰীয়া হৈছে নেকি? মনৰ মাজত বাজি আছে আত্মহত্যাৰ চেষ্টা কৰা নিষ্ঠৰ মনৰ কথা, মাকক কান্দি কান্দি কয়--, তাইৰো জীয়াই থকাৰ মন, মৰমৰ মাজত।
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন