সরাসরি প্রধান সামগ্রীতে চলে যান

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena
মহাশ্বেতাই গাইছিল--
"অস্ত আকাশৰে সপোন ৰহণ সানি
ক্লান্ত লুইতৰে হেঙুলীয়া পানী।
বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..."
মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই।
২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ-- তুমি ইমান সুন্দৰ গাইছা, কেনেকৈ, ক'ত শিকিছিলা? "সুধাকণ্ঠৰ গীত বাবেই হয়তো ইমান ভাল পাইছে! সুধাকণ্ঠৰ শব্দত প্ৰাণ থাকে, সুৰত জীৱন থাকে, মই মাত্ৰ গাইছোহে! আন গীত গালে হয়তো ইমান ভাল নাপালেহেতেন!" --মহাশ্বেতাই কৈছিল। কথাত সৰলতা।
সঁচাকৈয়ে তুমি ভাল গাইছা! তোমাৰ গায়কীৰ বাবেই নিশ্চয় আমজাদ আলী খানৰ দৰে সংগীত নক্ষত্ৰই আকৌ গীতটো তোমাৰ কণ্ঠত শুনিছে! 'ভূপেনদাৰ গীত" বুলি ইউটিউব আদিতো নিশ্চয় গীতটো শুনিব পাৰিলে হেতেন! --আমি কৈছিলোঁ। মহাশ্বতাই হাঁহিছিল।
আমি আকৌ সুধিছিলোঁ, কেনে লাগিছিল তেতিয়া, যেতিয়া গীতটো আকৌ শুনিম বুলিছিল। " আন এটা গীত শুনাব বুলিছিলো। কিন্তু এই গীতটোহে শুনিম বুলিছিল। গীতটো কিমান খিনি বুজি পাইছিল মই নাজানো! কিন্তু গীতটো যে মন দি শুনিছিল, গোৱাস্থানৰে পৰা অনুভৱ কৰিছিলোঁ! মই কিমান অভিভূত হৈছিলো ভাষাৰে বুজাব নোৱাৰিম!"
--মহাশ্বেতা শৰ্মা। নলবাৰীৰ ছোৱালী। দিল্লীৰ মিৰাণ্ডা হাউচ কলেজৰ ছাত্ৰী। পঢ়াৰ লগে লগে সংগীতো চৰ্চা কৰি আহিছে, সৰুৰে পৰা। ৭-৮ বছৰৰে পৰা। লোক সংগীতৰ, শস্ত্ৰীয় সংগীতৰ শিক্ষা লৈছিল। প্ৰথম গুৰু আছিল দীপালি নায়ক আৰু ৰূমী নায়ক। পাছলৈ শিকিছিল জীতেন বসুমতাৰীৰ ওচৰত। মহাশ্বেতাই কৈছিল-- "সৰুৰে পৰা মা-দেউতাহঁতে গাবলৈ দিছিল বাবেই গাইছিলোঁ। স্কুলত সংগীত প্ৰতিযোগিতাত অংশ লৈছিলোঁ, পুৰস্কাৰ পাইছিলোঁ। লাহে লাহে আগবাঢ়িছিল মোৰ সংগীত কৰ্ম। মই গাবলৈ লৈছিলোঁ, চৰ্চা কৰিছিলোঁ ভূপেন হাজৰিকা, দীপালি বৰঠাকুৰ, জ্যোতিষ ভট্টাচাৰ্য, দেৱেন শৰ্মাৰ গীত।  এই সকল স্বনাম ধন্য শিল্পীৰ গীতৰ কথা, সুৰ, গায়কীয়ে মোক আকৰ্ষণ কৰিছিল। আৰু কব নোৱাৰৈকেয়ে মই সংগীত সাগৰৰ মাজত সোমাই পৰিছিলোঁ। এতিয়া সংগীত মোৰ বাবে  --শান্তি, ভগৱানৰ সৈতে সংযোগ কৰিব পৰা বাট। সংগীত মোৰ জীৱনৰ অংশ, সংগীতক বাদ দি এতিয়া মোৰ বাবে দিন-ৰাতি অসম্পূৰ্ণ।"
আমি অনুভৱ কৰিছিলোঁ, মহাশ্বেতাৰ প্ৰথম পচন্দ-- ভূপেন হাজৰিকাৰ গীত, ভূপেন হাজৰিকাৰ সংগীত। মহাশ্বেতাই কথা প্ৰসংগত কৈছিল-- "মোক যদি কোনোবাই প্ৰশ্ন কৰে-- সংগীত কি? মোৰ উত্তৰ হ'ব, সুধা কণ্ঠৰ সংগীতেই হ'ল সংগীতৰ সংজ্ঞা। সুধাকণ্ঠৰ গীতত যি সাংগীতিক সৌন্দৰ্য বিছাৰি পাও , গীতৰ শব্দত যি সৌন্দৰ্য অনুভৱ কৰো আন কোনো গীততে সেই সৌন্দৰ্য অনুভৱ নকৰোঁ। আৰু অসমৰ ৰাজনীতি, অৰ্থনীতি, সমাজনীতি, বুৰঞ্জী ইত্যাদি যদি কোনোবাই আধ্যয়ণ কৰিব খোজে তেন্তে সুধাকণ্ঠৰ গীত অধ্যয়ণ কৰিলেই হ'ল। তথাপি আন শিল্পীৰো ভালেমান গীত মোৰ প্ৰিয়।"
যেনে?
"জয়ন্ত হাঝৰিকা দেৱৰ 'তোমাৰ মৰমে মোক...', দিপালী বৰঠাকুৰ বাইদেউৰ 'কণমান বৰশিৰে চিপ...' বীৰেন্দ্ৰ নাথ দত্তদেৱৰ 'অ' ধুন ধুনীয়া মোৰ...', মন্দিৰা লাহিড়ী বাইদেউৰ 'হৃদয় পূৰ্ণ প্ৰতিশ্ৰুতি... ' গীত কেইটা মোৰ প্ৰিয় পাঁটা গীতৰ চাৰিটা।"
আৰু আনটো?
"সুধাকণ্ঠৰ 'কপি উঠে কিয় তাজমহল...'।" --মহাশ্বেতাৰ উত্তৰ।
এই পাঁচটা গীতৰ ভিতৰত "অস্ত আকাশৰে..." নাই। গীতটো আমাৰ এই অনুষ্ঠানত গোৱাৰ বাবে কিয় নিৰ্বাচন কৰিছিলা?
"এই গীতটোৰ কথা আৰু সুৰ মোৰ বিশেষ ভাৱে প্ৰিয়। কিমান বাৰ যে গাইছো! --মনত নাই। কোনে জানো গাইছিল, গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত। মই গীতটো প্ৰথমবাৰ শুনিছিলোঁ। তেতিয়াৰে পৰা মনত লৈ ফুৰিছো, গাইছো। প্ৰতিযোগিতাতো গাইছো, গাই পুৰস্কাৰো পাইছো।"
সংগীতকলৈ তুমি কিবা পৰিকল্পনা কৰিছা নিশ্চয়! ভবিষ্যত পৰিকল্পনাৰ কথা জানিব বিচাৰিছো। --শেষত সুধিছিলো।
"গীত গাম, জীৱনৰ শেষ দিনটোলৈক গোৱাৰ মন। কিন্তু সংগীতক পেছা হিচাপে নলও। গাম নিজৰ বাবে, সংগীত ৰসিকৰ বাবে, টকাৰ বাবে নহয়।"  --চেহেৰাত হাঁহি লৈ মহাশ্বেতাৰ উত্তৰ।শেষত:
চন-তাৰিখ ভালদৰে মনত নাই (দৈনিক কাকত "আজিৰ সংবাদ"ত লিখিছিলোঁ। বিছাৰিলে নিশ্চয় পাম। সম্ভৱতঃ ১৯৯৪!) অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত গীত গাবলৈ গৈছিল সংগীতৰত্ন ভূপেন হাজৰিকাই। গীত গোৱাৰ আগ মূহুৰ্তত সংগীত ৰসিকৰ মাজত সুধাকণ্ঠ। মঞ্চত-- এগৰাকী সেই সময়ৰ জনপ্ৰিয় গায়িকা। গায়িকৰ কণ্ঠত --"বিমূৰ্ত মোৰ নিশাতি..."।
গীতটো শুনি গুণমুগ্ধৰ মাজতে নিশ্চুপ হৈ বহি ৰৈছিল সুধাকণ্ঠ। গায়িকাই গীতপৰ্ব শেষ কৰি সুধাকণ্ঠৰ ওচৰ পাইছিল হে! সুধাকণ্ঠই কৈছিল-- "মোৰ গীত আৰু তুমি নাগাবা! এই গীতটো মোৰ অতি মৰমৰ ...।"
যদি মহাশ্বেতাই গোৱা ""অস্ত আকাশৰে সপোন ..." শুনিলে হেতেন! হয়তো সংগীতসূৰ্যই ক'লে হেতেন--, মোৰ বৰ মৰমৰ গীত এইটো। তুমি মোৰ গীত গাবা!

মন্তব্যসমূহ

  1. 'সুধাকন্ঠ'ৰ গীত ; মহাশ্বেতাৰ কন্ঠৰ দৰেই কোমল তোমাৰ লেখা...
    কি সুন্দৰ ..

    উত্তরমুছুন

একটি মন্তব্য পোস্ট করুন

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...