সরাসরি প্রধান সামগ্রীতে চলে যান

হিট অসমীয়া চিনেমাৰ প্ৰযোজকৰ হুমুনিয়াহ, চৰকাৰী চিনে বিলাস/৪

প্ৰায় এবছৰ পাছত আকৌ এই চৰ্চা। (চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /৪ ৰ পাছত)
অপেক্ষা কৰিলোঁ। অনুভৱ কৰিলোঁ। অসমীয়া চিনেমাৰ উন্নয়ণৰ স্বাৰ্থত ASFFDC -য়ে কি কাম কৰিলে বুজিবলৈ চেষ্টা কৰিলোঁ।
filmfinance.assam.gov.in/as ৱেবছাইটত চকু ফুৰালোঁ, বিভাগটোৰ 'কাম' বুজিবলৈ।
      " ASFFDC-এ নিম্নোক্ত কাৰ্যাৱলী সম্পাদন কৰে।
      >>অসমীয়া ছবি প্ৰযোজনা কৰিবলৈ বিত্তৰ যোগান।
      >>শিল্পী কল্যাণ নিধি যোগে চলচ্চিত্ৰৰ সৈতে
      জড়িত শিল্পী, কলা-কুশলীলৈ আৰ্থিক
      সহযোগিতা আগবঢোৱা।
      >>চলচ্চিত্ৰ সংগ্ৰহালয় যোগে চলচ্চিত্ৰ সম্পৰ্কীয়
      সামগ্ৰী, নথি আদিৰ সংৰক্ষণ, প্ৰদৰ্শন।
     >> ফিল্ম আৰ্কাইভত ছবিৰ প্ৰিণ্ট সংৰক্ষণ
     >> ভাৰাৰ বিনিময়ত ১০০জনীয়া আসনৰ
      বাতানুকুল প্ৰেক্ষাগৃহৰ ব্যৱস্থা কৰা।
      >>ভাৰাৰ বিনিময়ত শ্বুটিং জেনেৰেটৰ ভেনৰ
      যোগান।"
সীমান্ত শেখৰৰ নেতৃত্বত এই 'কাৰ্যাৱলী'ৰ সম্পাদন কেনেদৰে আগবাঢ়িছে জানিবলৈ, বুজিবলৈ চেষ্টা কৰি আছোঁ। আমি বুজিবলৈ চেষ্টা কৰি আছোঁ-- মাজে মাজে যে বিভাগটোৰ ফালৰ পৰা অসমীয়া চিনেমাৰ উন্নয়ণৰ বাট বিছাৰি মুম্বাইলৈ যায়! কান চলচ্চিত্ৰ মহোৎসৰলৈ যায়! --কিয় যায়?
যোৱা সকলৰ পৰা আমি নিশ্চয় বুজিবলৈ চেষ্টা কৰিম-- মুম্বাই, কানলৈ চৰকাৰী খৰচত গৈ অসমীয়া চিনেমাৰ উন্নয়ণৰ বাবে কি 'মন্ত্ৰ'নো আনিলে, আনি ASFFDC-ক দিলে?
          ৰাজ্যৰ বাহিৰত অসমীয়া চিনেমাৰ বাবে
          বজাৰ ইত্যাদিৰ যদি সন্ধান পাইছে মুকলিকৈ
          জনালে অন্তঃত বুজিব পাৰিম-- এই যে মুম্বাই,
          কান যাত্ৰ, এয়া 'চৰকাৰী চিনে বিলাস' নহয়।
অসমীয়া ভাষাত বলীউড, তামিল-তেলেগু ভাষাৰ  বাণিজ্যিক শৈলীৰে নিৰ্মাণ হোৱা চিনেমাৰ বজাৰ চিন্তা ASFFDC -য়ে কৰাৰ প্ৰয়োজন নাই। ভাল ভাল অসমীয়া চিনেমা নিৰ্মাণ হৈছে, হৈ আছে। এই চিনেমাবোৰৰ বাবে অসমৰ বিভিন্ন স্থানত 'বজাৰ'ৰ সুবিধা কৰি দিয়াটোহে ASFFDC-ৰ দায়িত্ব বুলি ভাবো। 'গৰু', 'অনুৰ' আদিয়ে নিজা উদ্যোগত নিজৰ নিজৰ চিনেমা অসমৰ বিভিন্ন প্ৰান্তলৈ লৈ গৈছে। সফলো হৈছে। সফল হোৱা এই স্থান বোৰত যদি চিত্ৰগৃহ থাকিল হেতেন!
           আমি বাৰে বাৰে কৈ আহিছোঁ--, অসমৰ
           বাহিৰত, দেশৰ বাহিৰত বজাৰৰ সন্ধান
           কৰক! প্ৰথমে অসমীয়া চিনেমাৰ বাবে
           অসমৰ বজাৰ খন ঠিক কৰি দিয়ক। --মনত
           ৰখা ভাল এখন 'ৰত্নাকৰ', এখন 'মিছন
           চাইনা'ই অসমীয়া চিনেমীয়া চিনেমাৰ স্থানীয়
           বজাৰ খন স্থায়ী, স্থিৰ নকৰে। 'কথানদী',
           'গৰু', 'বৰনদী ভটীয়াই', 'মেডইন নলবাৰী'ৰ
           দৰে অসমীয়া চিনেমাৰ ধাৰিবাহিক
           বাণিজ্যিক সফলতাৰেহে স্থায়ী স্থানীয় বজাৰ
           নিৰ্মাণ সম্ভৱ।
--আৰু?
কোটি টকা বাজেটৰ অসমীয়া ভাষাৰ চিনেমাৰ 'চুপাৰ-ডুপাৰ' ব্যৱসায়ে অসমীয়া চিনেমাৰ বাণিজ্যিক গতি দ্ৰুত কৰা নাই, মন্থৰহে কৰি আহিছে। (ক্ৰমশ:)

assamrse cinema utpalmena

মন্তব্যসমূহ

  1. সংশ্লিষ্টসকলে সময়ত উচিত ব্যৱস্থা নল'লে সকলো গালো বালো খোলাকতিৰ তাল হ'ব

    উত্তরমুছুন

একটি মন্তব্য পোস্ট করুন

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...