সরাসরি প্রধান সামগ্রীতে চলে যান

তৰালি শৰ্মা / ৫

Tarali Sarma
এখন গ্ৰন্থৰ খচৰা /৫ 
.............................
তৰালি শৰ্মাৰ উত্তৰ : প্রায়ে এই প্রশ্নটো শুনো-গায়িকা তৰালি নির্মাণৰ প্রক্রিয়া, সংগীত পৰিচালিকা তৰালি নির্মাণৰ প্রক্রিয়াগায়িকা তৰালি নির্মাণৰ প্রক্রিয়া, সংগীত পৰিচালিকা তৰালি নির্মাণৰ প্রক্রিয়া। উত্তৰ কি দিও কেতিয়াবা আচলতে মই ভাৱিয়েই নাপাও। গান গাও-গান ভাল পাওঁ কাৰণে গান গাও। মই লিখিছোৱে আগতে যে মই গান ইমান ভাল পাওঁ। সংগীত ভাল পাওঁ কাৰণেই পৃথিৱীখন ভাল পাওঁ, প্রকৃতি ভাল পাওঁ। এই ভালপোৱাই মোক মা-দেউতা, স্বামী-পুত্র, বন্ধু-বর্গ বা সচাঁ অর্থত মানু্হক ভাল পাবলৈ শিকাইছে। এই কাৰণে গান গাও আচলতে। কিন্তু কাৰিকৰীভাৱে যদি কও, ঘৰত যেতিয়া দেউতাই হাৰমনিয়ামখন বজাই ল’ৰা-ছোৱালীবোৰক শিকাই থাকে; দেখি দেখিয়েই বজাবলৈ চেষ্টা কৰিছিলোঁ। মোক কোনেও হাৰমনিয়াম বজাবলৈ শিকোৱা নাই। নিজে নিজে বজাই লাহে-লাহে গানবোৰ হাৰমনিয়ামত বজাবলৈ পৰা হৈছিলো। তানপূৰাখন বজাবলৈও নিজেই শিকিছো। গুৰু হিচাপে মোৰ প্রথম গুৰু আছিল শিৱানী দত্ত। তেখেত তেতিয়া আকাশবাণীৰ স্বীকৃতিপ্রাপ্ত কণ্ঠশিল্পী আছিল। দেউতাই সদায় কৈছিল গুৰুৰ এক সুকীয়া গুৰুত্ব আছে জীৱনত। সেই কথা মানিয়েই শিৱানী দত্তৰ ওচৰত মই আৰু মোৰ দেউতাৰ গীতিকাৰ বন্ধু (পেছাত উকীল) বিনোদ পাঠকৰ জীয়ৰী সূর্যশিখাৰ (আমি লুলুমনি বুলি মাতিছিলো) ওচৰত গান শিকিবলৈ গৈছিলো। তাৰপিছত মই পল্লৱ বৰুৱা, অনিতা বুঢ়াগোহাঁই, অজয় বর্মন, দেৱ বর্মন, দ্বিজেন বর্মন আৰু বিশেষ ভাৱে অনন্ত ওজা আদি বহু কেইগৰাকীৰ ওচৰত সংগীতৰ শিক্ষা গ্রহণ কৰিছোঁ। ভাৰতীয় শাস্ত্রীয় সংগীতৰ যি গায়কী সেয়া বিতংকৈ বিশেষভাৱে শিকিছিলো পুস্পৰঞ্জন দে ছাৰৰ ওচৰত। কলিকতাৰ শিপ্রা বোস, জয়শ্রী সেনগুপ্ত তেওঁলোকো মোৰ গুৰু। প্রত্যেকজনৰ পৰাই সংগীতৰ বিভিন্ন দিশৰ কথা শিকিছো। ইতিমধ্যে উল্লেখ কৰা ধৰণে গায়কী যদি পুস্পৰঞ্জন দে ছাৰৰ পৰা শিকিছো, শিপ্রা বোসৰ পৰা পালটা, জয়শ্রী সেনগুপ্তৰ পৰা ভজনৰ শিক্ষা গ্রহণ কৰিছিলো। ভাটখাণ্ডেৰ পাঠদান গ্রহণ কৰি বিশাৰদলৈকে উত্তীর্ণ হৈছিলো। এয়া আছিল সংগীতৰ কাৰিকৰী শিক্ষা। 
ব্যৱহাৰিক দিশৰ পৰা গায়িকা হোৱাৰ কথা ক’বলৈ গ’লে মনত পৰে মাইক্র’ফোনৰ সন্মুখত প্রথম গীত গোৱাৰ কথা। অষ্টম মানৰ কথা। আকাশবাণীৰ এটি অনুষ্ঠান “চেমনীয়া চ’ৰা”ত দেউতাৰ শিষ্য তথা সহকর্মী জয়হৰি দাসে মোক লৈ গৈ তাত নামটো ভৰাই দিছিল। তাৰে এটি অনুষ্ঠানত মই গীত গোৱাৰ আমন্ত্রণ পাইছিলো। দেউতাক যেতিয়া কৈছিলো, দেউতাই নলবাৰীৰ কেশৱ দত্তৰ হতুৱাই এটি গীত লিখাই আনি মোৰ হাতত দি কৈছিল- “এইটো গীত- সুৰ কৰা আৰু গোৱা।” এতিয়াও মনত আছে- মোৰ ৰেকর্ডিং আছিল জানুৱাৰী ২৭ তাৰিখে। আগদিনা ২৬ জানুৱাৰীত গণৰাজ্য দিৱসৰ বন্ধ। গোটেই দিনটো মই সুৰ কৰিছিলো আৰু অলপ অভিমানো হৈছিল দেউতাৰ ওপৰত যে মোক গানটো সুৰ কৰি দিয়া নাছিল,আনকি শুনিবলৈ সময়ো হোৱা নাছিল। কিন্তু পিছদিনাখন মই কৰা সুৰেৰেই গীতটো গাইছিলো, গীতটো আছিল “মই ফুলনিৰ ফুল বুটলি...”। কিন্তু মোৰ ইমান সৌভাগ্য- মাইক্র’ফোনৰ সন্মুখত মই প্রথম গীত গাইছো, সুৰ মোৰ নিজৰ, প্রচাৰ হৈছে আকাশবাণীৰ যোগেদি আৰু গীতটো গোৱাৰ সময়ত বাদ্যযন্ত্র বজাইছিল অসমৰ বহুকেইজন বিখ্যাত বাদ্যযন্ত্রীয়ে। তেতিয়া তেওঁলোকে আকাশবাণী গুৱাহাটীতে ষ্টাফ আর্টিষ্ট হিচাপে কাম কৰিছিল। যদিও চেমনীয়া সকলৰ অনুষ্ঠান আছিল “চেমনীয়া চ’ৰা”, তথাপি আকাশবাণীৰ মুখ্য বাদ্যযন্ত্রীসকলে অনুষ্ঠানটিত বাদ্য সংগত কৰিছিল। মোৰ লগত বাঁহী বজাইছিল প্রভাত শর্মাই, একর্ডিয়ান বজাইছিল পার্থপ্রতীম চৌধুৰী, গীটাৰ বজাইছিল হাইদৰ আলি, তবলা বজাইছিল পুস্প বৰা- তেওঁলোক কোনটো উচ্চ স্তৰৰ শিল্পী মই বুজাব নোৱাৰো, মাথো নিজে ধন্য হৈছিলো মোৰ প্রথম গীতটোতে তেওঁলোকক বাদ্যযন্ত্রী হিচাপে পাই। সেয়া সচাঁই এক বুজাব নোৱাৰা অনুভৱ। আৰু এটা কথা আজিও মনত সজীৱ হৈ আছে-গীতটো গোৱাৰ সময়ত ৰেকর্ডিং ৰুমৰ গ্লাছৰ সিটো পাৰে আকাশবাণী কেন্দ্রৰ বহু কর্মচাৰীৰ এটা ভিৰ হৈ গৈছিল। প্রথমে "প্রভাত দা"ৰ জীয়ৰী বুলি গম পোৱা নাছিল, এজনী ছোৱালীয়ে নিজে সুৰ কৰি ভাল গীত গাইছে বুলিয়েই সকলো আহিছিল চাবলৈ। গীত গোৱাৰ পাছত পার্থ প্রতীম চৌধুৰী খুড়াই মোৰ মূৰত হাত থৈ সুৰ আৰু গান ভাল হোৱা বুলি আশীর্বাদ দিছিল, লগতে দেউতাক মোৰ সন্মুখতে আপোনাৰ ছোৱালী ভাল কম্প’জাৰ আৰু গায়িকা হ’ব বুলি ভালকৈ চোৱা-চিতা কৰিবলৈ কোৱাৰ কথা মোৰ মনত পৰে। সেয়াই আছিল আৰম্ভণি। 
তাৰপিছত বেছিকৈ গীত গোৱা নাছিলো স্কুলৰ সময়ত। সেই সময়চোৱাত খুউব পেইন্টিংহে কৰিছিলো কিন্তু গীতৰ বিভিন্ন প্রতিযোগিতাসমূহত অংশগ্রহণ কৰা নাছিলো। মাত্র এতিয়া মনত পৰাকৈ এবাৰ নে দুবাৰহে ঘৰৰ ওচৰতে হোৱা বৰগীতৰ প্রতিযোগিতাত অংশ লৈছিলো আৰু পুৰস্কাৰো পাইছিলো। অৱশ্যে স্কুলীয়া দিনত আন এক ধৰণেও মোৰ সংগীত চর্চা চলি আছিল। হলী ছাইল্ড স্কুলত পঢ়ি থকাৰ সময়ত মই একধৰণে স্কুলৰ ‘চুপাৰষ্টাৰ’ এ আছিলো। সকলোৰে প্রিয় পাত্র আছিলো। তাৰ কাৰণ এইটোৱে যে-বিদ্যালয়ত বছৰি যিমান অনুষ্ঠান হ’লেও এটা অনুষ্ঠানত যদি বাৰটা ‘আইটেম’ থাকে, তেন্তে তাৰ দহটাতে মঞ্চত মইয়েই থাকো বেলেগ বেলেগ ধৰণে। ক্লাছ এইটৰ ছাত্র-ছাত্রীক যদি মই কোৰাছ শিকাইছো, তেন্তে তেওঁলোকৰ লগত মঞ্চত হাৰমনিয়াম বজাইছো বা ক্লাছ নাইনৰ কাৰোবাক যদি বেলেগ গান শিকাইছো, তেন্তে তেওঁলোকৰ লগত মই কংগো বজাইছো। ক্লাছ ছিক্সৰ কোনোবাই যদি নাচিছে, তেন্তে গীতটো মইয়ে গাই দিছো। এই সকলোখিনিৰ উপৰি স্কুলত আমাৰ এটা বেণ্ড আছিল ‘এভাৰগ্রীণ’ নামেৰে। বেণ্ডটোত ৰুমণি শইকীয়া বুলি এগৰাকীয়ে মেণ্ডোলিন বজাইছিল, সঞ্চয়িতা শর্মাই কংগো বজাইছিল আৰু সেই বেণ্ডতে বর্তমানৰ চলচ্চিত্র পৰিচালক হিচাপে খ্যাত প্রেৰণা বৰবৰাই হাৱাইন গীটাৰ বজাইছিল। আৰু এগৰাকী আছিল লয়না (বর্তমানৰ উপাধি আৰোৰা) য়ো হাৱাইন গীটাৰ বজাইছিল। দলটোৰ দলপতি হিচাপে মই কেতিয়াবা পিয়ানোখন বজাও যদিও বেছিভাগ সময়ত কংগো বজাইছিলো আৰু সংগীত কম্প’জ কৰিছিলো। আমাৰ বেণ্ডটোৰ এটা কষ্টিউমো আছিল- ৰঙা-বগা-ক’লা তথা চকলেট ৰঙী ষ্ট্রাইপ থকা স্পেনিছ স্কার্ট, বগা চার্ট আৰু ব’ এডাল। স্কুলত যিকোনো অনুষ্ঠান থাকিলে আমাৰ বেণ্ডটোৰ এটা অনুষ্ঠান থকাতো অৱধাৰিত কথা হৈ গৈছিল সকলোৰে বাবে। আনকি আমি স্কুলৰ বাহিৰতো বেণ্ডৰ বেনাৰতে বহু অনুষ্ঠান কৰিছিলো।
সেই সোণালী সময় পাৰ কৰি সন্দিকৈ মহাবিদ্যালয়ত যেতিয়া নামভর্তি কৰিছিলো, প্রথম বর্ষৰে পৰা কিয় জানো মোৰ মনত সোমাই গৈছিল- মহাবিদ্যালয়ৰ শ্রেষ্ঠ গায়িকা হোৱাৰ সপোন এটি। অৱশ্যে স্কুলত থাকোতেই মোৰ লগৰ ছোৱালী নয়নশিখাই কথাই কথাই বায়েকেৰ কলেজত ‘বেষ্ট ছিংগাৰ’ৰ কথা এটা কৈছিল, তেতিয়া সেই ‘বেষ্ট ছিংগাৰ’ শব্দযুৰিৰ প্রতি এক আগ্রহ তথা আকর্ষণ হৈছিল। সেইটোৱেই হয়তো মনত সোমাই ৰৈছিল- ক’ব নোৱাৰাকৈ। সন্দিকৈৰ প্রথম বছৰটোত গানৰ দুখন প্রতিযোগিতা হৈছিল যদিও দেউতাৰ কাৰণে গোৱা নহ’ল। দেউতাই জইন কৰিব নালাগে বুলি কৈছিল আৰু দেউতাৰ কথা অমান্য কৰা নাছিলো কাহানিও। কিন্তু উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বর্ষত মায়ে বহুত সহায় কৰিছিল। এই বিষয়ে পাছত ক’ম বাৰু ভালকৈ। সেই বছৰ ‘শ্রেষ্ঠ গায়িকা’ৰ সন্মান পাইছিলো আৰু তাৰ পিছৰ বছৰো। ইয়াৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয়লৈ গৈ তাতো ‘শ্রেষ্ঠ গায়িকা’ হোৱাৰ সৌভাগ্য হ’ল। সেই তেতিয়াৰ পৰাই আচলতে লাহে-লাহে মানুহে জানিবলৈ ধৰিছিল- তৰালি শর্মা বুলি গায়িকা এগৰাকী আছে, বৰ ভাল গায়। মই য’তেই প্রতিযোগিতাত অংশ ল’বলৈ গৈছিলো- এক ধৰণৰ ভিৰ এটা হৈছিল- কোননো ছোৱালীজনী তাকে চাবলৈ-গান শুনিবলৈ। তেনেকুৱা পৰিৱেশ এটা কিবাকৈ গুৱাহাটীত সৃষ্টি হৈছিল মোৰ বাবে- ভাৱিলে আজিও কৃতজ্ঞ হৈ পৰো সময়ৰ ওচৰত। 
সেই সময়ছোৱাত ষ্টুডিঅ’ত কাম কৰিবলৈ মাতে মোক। আচলতে কাম মানে গীত বিলাকৰ মাজে মাজে থকা কোৰাছ গাবলৈ। মোৰ ওপৰত আস্থা ৰাখি ৰিস্ক ল’বলৈ সেই বিশ্বাসৰ অভাৱৰ আছিল বহুতৰ, কাৰণ প্রায় সকলেই তৰালি বুলি নতুন ছোৱালী এজনী আছে, সন্দিকৈত পঢ়ে আৰু ভাল গীত গাই বুলিহে জানিছিল। গতিকে ইমান ইমান ৰিস্ক কিয় ল’ব? সংগীত পৰিচালক সকলে মোৰ গীত শুনাই নাই তেতিয়ালৈ। অন্যহাতে প্রভাত শর্মাৰ ছোৱালী বুলিও বহুতেই নাজানিছিল। সেয়ে মোক কোৰাছ গাবলৈ মাতিছিল তেতিয়াৰ প্রতিষ্ঠিত মালবিকা বৰা, শান্তা উজীৰ, কল্পনা পাটোৱাৰী আদি সকলৰ গীতত। গতিকে বৃত্তিগত সংগীতৰ এই ক্ষেত্রখনত প্রথম এগৰাকী কোৰাছ শিল্পী হিচাপেহে মই সোমাইছিলো। মোৰ লগত তেতিয়া আৰু দুগৰাকী আছিল জে পি দাসৰ কন্যা জিন্টী আৰু জনছ মহলীয়াৰ কন্যা জিনি। তিনিও জনীকে কোৰাছ গাবলৈ মাতে আৰু আনকি তিনিওজনীকে ‘হামিং বার্ডছ’ বুলিও কৈছিল বহুতে।  
সেই সময়ত মই পূৱ গুৱাহাটী সংগীত বিদ্যালয়ত ভাটখাণ্ডেৰ সংগীতৰ শিক্ষা লৈ আছিলোঁ। মোৰ গুৰু আছিল অনিতা বুঢ়াগোঁহাই। গুৰু অনিতা বুঢ়াগোঁহাইৰ বিহু গোৱাৰ ক্ষেত্রত এটা বিশেষ নাম আছিল। তেখেতৰ বিহু এলবামসমূহ যথেষ্ট হিট হৈছিল তেতিয়া। তেখেতৰ এটি বিহুগীতৰ এলবামত এবাৰ মোক বিহু গাবলৈ মাতিছিল সহ: কণ্ঠশিল্পী হিচাপে। তেখেত যিহেতু মোৰ গুৰু আছিল, মোৰ গান শুনিছে আৰু সেয়ে মই পাৰিম বুলি এটা বিশ্বাস হৈছিল। কিন্তু ৰেকর্ডিঙৰ দিনা মই ভালকৈ গাব পৰা নাছিলো। শাৰীৰিক ভাৱে অসুস্থ হৈ থকাৰ লগতে সেইদিনা ‘ফেৰেনজাইটিছ’ৰ বাবে ভাগি থকা মাতটিয়েও মোক সহযোগ কৰিব পৰা নাছিল। সেইদিনা একপ্রকাৰ অপমানিত কৰিয়েই পঠোৱাৰ নিচিনা । মোৰ ওপৰত বিশ্বাস কাৰো নাছিল আনকি এই ছোৱালীজনীৰ ভৱিষ্যৎ নাই বুলিয়েই মোক ষ্টুডিঅ’ৰ পৰা পঠাই দিয়া হৈছিল। মোৰ ওপৰত বিশ্বাস ৰাখি গাবলৈ মতা অনিতা বাইদেউৰ কথা ভাবি মোৰ বেয়া লাগিছিল। এইটো এটা বেলেগ কাহিনী-কেতিয়াবা বিস্তৰকৈ ক’ম-লিখিম। 
বিহু গাবলৈ লওতেই প্রথমেই ব্যর্থতা পালো যদিও আকৌ বিহুগীত গাবলৈ ল’লো। ইটো-সিটোকৈ বহু কেইজনে মাতা হ’ল বিহু গাবলৈ। নিতুল শইকীয়া দাৰ প্রযোজিত তথা পল্লৱী এন্টাৰপ্রাইজৰ এটা বিহু এলবামত মুখ্য কণ্ঠশিল্পী হিচাপেই বিহু গালো। সেই সময়ত পল্লৱী এন্টাৰপ্রাইজৰ ‘লীনা’ বুলি এটা আধুনিক গীতৰ এলবাম ওলাইছিল। সেইটো আকৌ নিতুল দাৰ প্রথমটো আধুনিক গীতৰ এলবাম। নিতুল দাই তাত গাবলৈ ভাল কোনোবা গায়িকা আছে নেকি বুলি মোক সুধিছিলে-মই মেৰী মজুমদাৰ নামৰ মোৰ বান্ধৱী এগৰাকীৰ নাম কৈছিলো। মেৰী গ’ল আৰু গালে। কিবা কাৰণত তেওঁলোকৰ পছন্দ নহ’ল। তেওঁলোকে এবাৰ মোক ক’লে- তুমি এবাৰ ‘ট্রাই’ কৰি চোৱাচোন। তেনেকৈ সেই ‘লীনা’ এলবামটিত তিনিটা গীত গাইছিলো। সেয়া আছিল আধুনিক গীতৰ এলবামত মোৰ প্রথম একক গীত। সেই সময়ত ‘বৃকোদৰ বৰুৱাৰ বিয়া’ বুলি এখন ধাৰাবাহিক আছিল। ‘বৃকোদৰ বৰুৱা বিয়া’ৰ বাবে এটি গীত গাইছিলো- “তুমি হ’বা”। গীতটোৰ পুৰুষ সংস্কৰণটিত কণ্ঠদান কৰিছিল ভূপেন হাজৰিকাই আৰু মহিলাৰ সংস্কৰণটি মোক গোৱাইছিল ৰাজেন ৰাজখোৱাই। সংগীত প্রভাত শর্মাৰে আছিল যদিও ৰাজেন ৰাজখোৱাৰ তৎপৰতাতহে মোক গাবলৈ মতা হৈছিল। ধাৰাবাহিকৰ দুই মিনিটৰ গীতটো গোৱাৰ পাছত দুশ টকা মাননি পাইছিলো। গীতটোৰ লগতো ভাল লগা কাহিনী আছে, পিছত ক’ম।
‘বৃকোদৰ বৰুৱাৰ বিয়া’ৰ পিছত বৃত্তিগতভাৱে ফুল ফ্লেজেদ ট্রেকত গোৱা প্রথমটি গীত মই অনিল দাসৰ এটি ভক্তিমূলক গীতৰ এলবামৰ বাবে গাইছিলো। “মনোহৰ মধুমিঠা” বুলি অনুপ্রাস ছন্দৰ গীত আছিল সেইটি। গীতটি প্রায় ৫ মিনিট মানৰ আছিল। গীতটোৰ বাবে তেতিয়াৰ দিনতে মই দুহেজাৰ টকা পাইছিলো। এলবামটিত মুঠ চাৰিগৰাকী কণ্ঠশিল্পীৰ গীত আছিল-ৰামেশ্বৰ পাঠক, সন্ধ্যা মেনন, অনিল দাস আৰু মই। অনিল দাসৰ দৃষ্টিভংগীৰে কথাটি ক’বলৈ হ’লে- নিজক বাদ দি তেওঁ দুগৰাকী প্রতিষ্ঠিত শিল্পী আৰু এগৰাকী নতুন গায়িকা বিচাৰি এলবামটি কৰাৰ সিদ্ধান্ত লৈছিল। তেওঁ মোৰ গীত শুনিছিল। কাৰণ তেখেতৰ ৰিহার্চেল আমাৰ ঘৰতে হৈছিল। তেওঁলোক অহাৰ আগতে মই ৰেৱাজ কৰি থাকো। মোৰ গীত শুনি দেউতাক নতুন গায়িকাগৰাকী হিচাপে মোকেই গোৱাবৰ বাবে কৈছিল। দেউতাই প্রথমতে ৰাজী হোৱা নাছিল-তাই শিকিহে আছে বুলি কাৰণ দর্শাইছিল। দেউতাই ৰামেশ্বৰ পাঠকৰ জীয়ৰী মূর্চ্চনা পাঠকক গোৱাবলৈ কৈছিল। কিন্তু অনিল দাসে নেৰানেপেৰাকৈ ধৰাত শেষত মইয়ে গোৱাৰ সুযোগ পাইছিলোঁ। 
মাইলষ্ট’ন বুলিলে যিটো গীতৰ বাবে মোক মানুহে জানিছিল বুলি মই ভাৱো, সংযোগপূর্ণ তথা আচৰিত ধৰণে গীতটো আছিল মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ বিৰচিত বৰগীত “পাৱে পৰি হৰি”। “সাঁচিপাতৰ পুথি” বুলি এখন চিৰিয়েলত গাইছিলো। পৰিচালনা কৰিছিল মঙলদৈৰ ........... সংগীত দেউতাৰে আছিল যদিও সেইটো গীতত সহায় কৰিছিল ৰূপম তালুকদাৰে। সেই গীতটোৰ সম্প্রচাৰৰ পাছতহে বোধ কৰো আচলতে তৰালি শর্মা নামটো যিসকলে গান শুনে তেওঁলোকৰ মাজলৈ আহিছিল। সেইটো আছিল একপ্রকাৰ মোৰ বাবে টার্ণিং পইন্ট। মোৰ সংগীতৰ জীৱনত গুৰু দুজনাৰ বহুত প্রভাৱ আছে বুলি সেয়ে অনুভৱ কৰোঁ আজিও। তাৰপিছত প্রকৃততে বেলেগ বেলেগ মিউজিকেল বেনাৰ যেনে- ৱেভ, সৰস্বতী, পল্লৱী, আৰ এম চি আদিৰ একক এলবামৰ বহুতো অফাৰ মোলৈ আহিছিল। মই অৱশ্যে ভালকৈ চালি-জাৰি বহু সময় চাইছিলো-কিন্তু কাৰো লগত গোৱা নাছিলো, চুক্তি স্বাক্ষৰ কৰা নাছিলো। অৱশেষত সৰস্বতী কমিউনিকেছনৰ লগতে চাইন আপ হ’ল। সৰস্বতী কমিউনিকেছনছ্ ৰ আঁৰত থকা দুগৰাকী মূল ব্যক্তি-‘বিস্ময়’ৰ সম্পাদক শশী ফুকনৰ ভাতৃ গুঞ্জন ফুকন আৰু প্রমোদ কলিতা। সৰস্বতী কমিউনিকেছনৰ সৈতে মোক যোগসুত্র স্থাপন কৰাত মিলনদূত আছিল আলোকচিত্র শিল্পী জীৱন ডাউকা। জীৱন ডাউকাই গুঞ্জন ফুকনক এদিন আমাৰ ঘৰলৈ লৈ আনিছিল আৰু এটি এলবামৰ অফাৰ দিছিল। সেই অফাৰটো মোৰ ভাল লাগিল লগতে তেওঁলোকৰ চিন্তাবোৰ। এনেকৈয়ে সৰস্বতী কমিউনিকেছনছৰ লগত মোৰ সংগীতৰ অধ্যায়টি আৰম্ভ হৈছিল। তেওঁলোকৰ লগত বহু কেইখন এলবাম কৰিছিলো। সৰস্বতী কমিউনিকেছনছ্ ৰ বেনাৰত মোৰ প্রথমটো একক এলবাম মুক্তি পাইছিল ১৯৯৯ চনত। নামটো আছিল ‘অভিমান’। মুক্তিৰ তাৰিখটোও মনত আছে মোৰ। ১৪ ফেব্রুৱাৰী মানে ‘ভেলেন্টাইন ডে’ত। এটা কথা ভাৱি আজিও ভাল লাগে- ‘অভিমান’ এলবামখনৰ এক অভিলেখকাৰী বিক্রী হৈছিল। তেতিয়াৰ দিনত পুৰুষ কণ্ঠশিল্পীৰ এটা এলবাম আশী হাজাৰ-এক লাখ (কেতিয়াবা দুই লাখ) পর্যন্ত কপি বিক্রী হয়। সেই এলবামটি তেতিয়া চুপাৰহিট বুলি গণ্য কৰা হৈছিল। তাৰ তুলনাত এককভাৱে মহিলা কণ্ঠশিল্পীৰ তিনি বা পাঁচ হাজাৰ কপি বিক্রী হ’লেই হিট বুলি ধৰা হৈছিল। কাৰণ কি আছিল সেয়া বিচাৰ কৰিবলৈ নাযাও বাৰু এতিয়া। যিকি নহওক, তেনে প্রেক্ষাপটতো মোৰ এলবামটো প্রথম পর্যায়তে ওঠৰ হাজাৰ বিক্রীৰ মুখ দেখিবলৈ সক্ষম হৈছিল। তাক লৈ এক চর্চাও হৈছিল- আজিও মনত আছে মোৰ। 
চলচ্চিত্র জগতত মোৰ প্রথম হিচাপে ক’বলৈ গ’লে ৰাজেন ৰাজখোৱাৰ চিনেমা ‘সপোন’ত গোৱা ‘জানিও নজনা’ বুলি গীতটো।  সংগীত পৰিচালনা আছিল জয়ন্ত পাঠক আৰু মই গোৱা গীতটো লিখিছিল প্রশান্ত বৰদলৈয়ে। ‘সপোন’ চিনেমাখনত মোৰ একক গীতৰ লগতে দ্বৈত গীতো আছিল। সেয়া আছিল ১৯৯৬ চনৰ কথা। গতিকে মোৰ একক এলবাম ওলোৱাৰ আগতেই আচলতে মই ছবিৰ বাবে গীত গাইছিলো।   
সংগীত পৰিচালক হিচাপে মোৰ প্রথমখন চিনেমা আছিল মঞ্জু বৰাৰ ‘আকাশীতৰাৰ কথাৰে’। প্রযোজক আছিল সংগীতা তামূলী। সংযোগৰ কথা এয়ে যে, আগতে উল্লেখ কৰিছোৱে মোৰ সংগীত জীৱনত মহাপুৰুয দুজনাৰ অৱদান আছে। এই চিনেমাখনত মহাপুৰুষ মাধৱদেৱ বিৰচিত এটি কাকুতি ঘোষাৰ বাবে মোৰ জীৱনলৈ বেলেগ এটা টার্নিং পইন্ট বা বেলেগ এটা মাইলষ্ট’নৰ দৰে সেই বিশেষ পুৰস্কাৰটি আহিছিলে। তাৰ পাছৰ পর্যায়ৰ কথাখিনি কম-বেছি পৰিমাণে সকলোৱে জানেই..
by: Utpal Mena

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...