সরাসরি প্রধান সামগ্রীতে চলে যান

অংগৰাগ মহন্ত /১

Papon

অংগৰাগ মহন্ত । 
-- সেই সময় ! 
২০০২ - ২০০৫ । মাহত কমেও দুই - তিনি দিন সংগীত কেন্দ্ৰীক আড্ডা , খগেন মহন্তৰ সৈতে । কেৱল সংগীতৰ কথা । 
কেতিয়িবা ৰং , 
" তুমি শুনিছা নে ! কি শ্ৰুতিমধুৰ ! -- শুনা নাই যদি শুনিবা!"
 আৰু কেতিয়াবা খং !
"সহ্য নহয় ! এই সোপা কি গাইছে ! নুশুনিবা ! সময় নষ্ট হব ! মন মলিন হব ! " 
শিল্পী গৰাকীৰ খং তেতিয়া আৰু বাঢ়িছিল , যেতিয়া বিহু ( গীত ) ' বিহ ' ( শিল্পী গৰাকীৰ ভাষাত ) হৈছিল ! 
-- নাই , তেনে সংগীত কেন্দ্ৰীক আড্ডাত কোনো দিনেই শুনা নাছিলো অংগৰাগ মহন্তৰ নাম । 
--  সেই দিনালৈ , শুনা নাছিলো অংগৰাগ মহন্তৰ নাম । পাপনৰ নাম । 
-- কোন দিনা জানিছিলো গায়ক অংগৰাগক ?       -- ২০০৪ চনৰ শেষৰ ফালে প্ৰথমবাৰ ' গায়ক অংগৰাগ 'ক অনুভৱ কৰিছিলো । সেই সময়ত মই ' আজি ' ৰ উপ সম্পাদক । দৈনিক কাকত । সম্পাদক : অজিত কুমাৰ ভূঞা । সেই সময়ত ৰাজনৈতিক - সামাজিক - সাংস্কৃতিক প্ৰতি খন ক্ষেত্ৰতে গুৰুত্ব থকা কাকত । কাকত খনৰ এগৰাকী সহকৰ্মী মানস দা । জ্যেষ্ঠ সাংবাদিক , ৰাজনৈতিক বিশ্লেষক মানস মহন্ত । এদিন মানস দাই বকলা নথকা অডিঅ' কেছেট এটা দি ক'লে -- " শুনি ভাল পাবা ! লিখিবা । "                             
-- কেছেটোৰ নাম ? 
মানস দাই ক'লে "  ' জোনাকী ৰাতি ' । অংগৰাগ মহন্তৰ । খগেন মহন্তৰ পুতেকৰ । "
 -- খগেন মহন্তৰ ... !    -- শুনিলো ! ' মন মোৰ উৰি গুচি যায় ... ' আৰু ... ! কথা - সুৰ - গায়কীৰ পৰিপাটি , অপূৰ্ব পেকেজ ! মগজু ছুই গ'ল , মনত ৰৈ গ'ল । লিখিলো । ' আজি 'ৰ বিশেষ পৃষ্ঠাত ছপা হ'ল ।
 " পাপনে ভাল গাইছে নহয় ! "-- ছপা হোৱাৰ দিনা খগেন মহন্তৰ ' ফোন ' । শিল্পী গৰাকীৰ মুখত প্ৰথমবাৰ  শুনিলো পুত্ৰৰ নাম ।   
-- আপুনিতো মোক কোনো দিনেই কোৱা নাছিল পাপনৰ কথা । আপোনাৰ সন্তানে গীত গায় , সেয়া স্বভাৱিকতে আপোনাৰ পৰায়ে জানিব নালাগিছিল নে ? 
মোৰ কথাত হাঁহিছিল শিল্পী গৰাকীয়ে । কৈছিল -- " কাইলৈ আহিবা ! কথা পাতিম ! "
-- গৈছিলো । পাপনৰ কথা কৈ গৈছিল । " পাপনে যি কৰিছে, নিজৰ চিন্তাৰে কৰিছে । আমি , মই আৰু মায়েকে ( অৰ্চনা মহন্তই ) কোনো দিনেই কোৱা নাছিলো অমুক গোৱা উচিৎ - তমুক গোৱা উচিৎ ! মই ইমান খিনিয়ে জানিছিলো , সি লোক সংগীতৰ সন্ধানত ঘূৰি ফুৰে । তাৰ তেজতে লোকসংগীত আছে যেতিয়া -- স্বাভাৱিক । নহয় নে?" 
মই হয় বুলিছিলো।
-- হয় , খগেন মহন্তৰ সংগীতৰ শিপা সত্ৰৰ সংগীত , বিহু গীত । ( ব্যাখ্যাৰ প্ৰয়োজন আছে জানো ! )  
-- সেইদিনা জানিছিলো , পাপনে আঁৰত থাকি কাম কৰিছিল ! ' ইষ্ট ইণ্ডিয়া কোম্পানী ' ৰ আৰত থাকি ।  বেণ্ডটোৰ মূল কণ্ঠশিল্পী আছিল পাপন । ২০০৭ চনত  এই বেণ্ডটোৰ সাংগীতিক যাত্ৰা । বেণ্ডটোত আছিল   ব্ৰীণ দেচাই (সংগীত ব্যৱস্থাপক), কৃষ্ণা (গিটাৰবাদক), দিপু (বেচ্ গিটাৰবাদক), কীৰ্তি (তবলাবাদক), আৰু পংকজ (গীটাৰবাদক) । অসমৰ পৰা ভাৰতৰ বাহিৰলৈ  আছিল বেণ্ডটোৰ সংগীত যাত্ৰা । ( এই সময় চোৱাতে জুবিন গাৰ্গৰ সৈতে অ'ডিঅ' এলবাম এটাৰ বাবে গীত গাইছিল । সফল হোৱা নাছিল।) 
কথা প্ৰসঙ্গত আন এদিন খগেন মহন্তই কৈছিল -- "পাপনে মুম্বাইতো কাম কৰি আছে । মনটো ভাল লাগি গ'লহে! "    
 -- বলিউডৰ চিনেমাত গীত গোৱা বাবে ? 
"নহয় হে !" বুলি শিল্পী গৰাকীয়ে আন এটা কথাহে কৈছিল । যি কথা মই জানিছিলো , ' আজি 'ত লিখিছিলো । 
-- অসমলৈ নাটক লৈ আহিছিল অভিনেতা - নাট্যকৰ্মী নাছিৰুদ্দিন শ্বাহে । খগেন মহন্তই ওচৰতে পাই নাট্যকৰ্মী গৰাকীক কৈছিল -- " মই খগেন মহন্ত । " 
কোৱা মাত্ৰকে নাট্যকৰ্মী গৰাকীয়ে কৈছিল -- '"পাপনৰ পাপা ! "                   
" আপুনি পাপনক জানে ? " -- আছৰিত হৈ লোকশিল্পীয়ে আনন্দ মনেৰে সুধিছিল ।
 উত্তৰত নাট্যকৰ্মীয়ে কৈছিল , "জানো । আমি একেলগে এখন  চিনেমাৰ কাম কৰাৰ মন আছিল। সময়ত সময় দিব নোৱাৰিলে পাপনে । ... " 
-- এই যে তাৰকা এগৰাকীয়ে 'পুত্ৰ'ক জানো বুলিছে তাতেই 'পিতা'ৰ গৌৰৱ ! 
"নাছিৰুদ্দিন শ্বাহে পাপনৰ পাপা  বুলিলে যে ! -- এয়াই  মোৰ বাবে গৌৰৱ ! " -- খগেন মহন্তুই কৈছিল।
"আৰু এটি কথাত মই গৌৰৱ অনুভৱ কৰো -- পাপনৰ গায়কী পাপনৰ দৰে ! তাৰ পিতৃৰ দৰে , মানে মোৰ দৰে নহয় । " -- খগেন মহন্তই আৰু কৈছিল।
 -- হয় , অংগৰাগ মহন্তই সংগীতৰ নতুন বাট তৈয়াৰ কৰি লৈছে ! আনকি ' গোমছেং ' ৰ বিহুতো।
পাপনে পশ্চিমৰ বা দক্ষিন ভাৰতৰ সুৰৰ সহায়ত সফলতাৰ বাট বিছৰা নাই।  অসমীয়া - অসমীয়া সুৰেৰে নিৰ্মাণ কৰিছ 'জোনাকী ৰাতি ' (২০০৫ ) , ' চিনাকি অচিনাকি ' (২০১০ ) । 
-- এনেদৰেই ক'লে শেষ নহব , অংগৰাগে হিন্দী চিনেমাৰ বাবেও কণ্ঠ দিছে , আধুনিক বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰি  অসমৰ লোক সংগীত ফিউজন ৰূপত শ্ৰোতাৰ মাজত উপস্থাপন কৰি জনপ্ৰিয় হৈছে , কেইবাটাও জনপ্ৰিয় অসমীয়া গীত সৃষ্টি কৰিছে বা জনপ্ৰিয় সংগীত শিল্পী । আমাৰ ধাৰণাত পাপনে অসমৰ লোক সংগীতক ভাৰতৰ বিভিন্ন প্ৰান্তত , ভাৰতৰ বাহিৰতো ' প্ৰচাৰ ' কৰিছে। আমি দেখিছো -- অংগৰাগে অসমৰ বাহিৰৰো ' মেগা মিউজিক নাইট 'ত বিহুৰে , গোৱালপৰীয়া গীতৰ সুৰেৰে সাংগীতিক ঢৌ নিৰ্মাণ কৰা মূহুৰ্ত । যিবোৰ মূহুৰ্ত জিপাল কৰিছে ভাৰতৰ তাৰকা - মহাতাৰকাই , হাত চাপৰিৰে । আৰু দেখিছো -- কম দিনৰ ভিতৰতে বিশেষকৈ ভাৰতৰ ' মেগা মিউজিক নাইট 'ৰ অংগ হৈছে । এয়া সহজ কথা নহয় । সন্দেহ নাই -- এয়া পাপনে  সম্ভৱ  কৰিছে  পৰিশ্ৰম আৰু  সুপৰিকল্পনাৰে । নিউজ চেনেল 'আজতক'ৰ ' মেগা শ্ব' ' এটাত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত পাপনে কৈছিল --  সফলতাৰ বাবে সপোন নেদেখে , অংক কৰে । ( অৰ্থাৎ  নিৰ্দিষ্ট বিন্দু মনত ৰাখি পৰিশ্ৰম কৰে । বহু কষ্ট কৰিও পাপনে কোৱা শব্দ কেইটা মনলৈ আনিব পৰা নাই।) যিমানদূৰ মনত পৰে শ্ৰেষ্ঠ প্‌প এলবাম - গ্লোবেল ইণ্ডিয়ান মিউজিক একাডেমী এৱাৰ্ড ২০১২ ("দা ষ্টৰি চ’ ফাৰ"-ৰ বাবে)ৰে সন্মানিত হোৱাৰ পিছত সেই বিশেষ অনুষ্ঠানটোত পাপনে এনেদৰে কৈছিল ।
 -- মনলৈ আহিছে গুলজাৰৰ প্ৰসঙ্গ । এখন ইংৰাজি আলোচনীত প্ৰকাশ  পাইছিল এনেদৰে: feel really blessed to be working with Gulzar saab. He is writing one song. He showed so much love to me and said ''beta aur karte hai (let''s do more). If I will write for you then my health will be good''," Papon told IANS  
-- শেহতীয়া বহু খবৰেই মই ৰাখিব পৰা নাই । ৰাখিব নোৱাৰা  খবৰৰ ভিতৰত পাপন - গুলজাৰৰ প্ৰজেক্টটোও আছে । গতিকে এই প্ৰসঙ্গত চৰ্চা নকৰো । মাথো উল্লেখ কৰিব খুজিছো --গুলজাৰৰ আগ্ৰহত স্পষ্ট ভাৰতীয় সংগীতৰ ক্ষেত্ৰ খনত পাপনৰ গুৰুত্ব , স্থান প্ৰসঙ্গ । (গুৱাহাটী, জুন ২০২১)

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...