সরাসরি প্রধান সামগ্রীতে চলে যান

অংগৰাগ মহন্ত /১

Papon

অংগৰাগ মহন্ত । 
-- সেই সময় ! 
২০০২ - ২০০৫ । মাহত কমেও দুই - তিনি দিন সংগীত কেন্দ্ৰীক আড্ডা , খগেন মহন্তৰ সৈতে । কেৱল সংগীতৰ কথা । 
কেতিয়িবা ৰং , 
" তুমি শুনিছা নে ! কি শ্ৰুতিমধুৰ ! -- শুনা নাই যদি শুনিবা!"
 আৰু কেতিয়াবা খং !
"সহ্য নহয় ! এই সোপা কি গাইছে ! নুশুনিবা ! সময় নষ্ট হব ! মন মলিন হব ! " 
শিল্পী গৰাকীৰ খং তেতিয়া আৰু বাঢ়িছিল , যেতিয়া বিহু ( গীত ) ' বিহ ' ( শিল্পী গৰাকীৰ ভাষাত ) হৈছিল ! 
-- নাই , তেনে সংগীত কেন্দ্ৰীক আড্ডাত কোনো দিনেই শুনা নাছিলো অংগৰাগ মহন্তৰ নাম । 
--  সেই দিনালৈ , শুনা নাছিলো অংগৰাগ মহন্তৰ নাম । পাপনৰ নাম । 
-- কোন দিনা জানিছিলো গায়ক অংগৰাগক ?       -- ২০০৪ চনৰ শেষৰ ফালে প্ৰথমবাৰ ' গায়ক অংগৰাগ 'ক অনুভৱ কৰিছিলো । সেই সময়ত মই ' আজি ' ৰ উপ সম্পাদক । দৈনিক কাকত । সম্পাদক : অজিত কুমাৰ ভূঞা । সেই সময়ত ৰাজনৈতিক - সামাজিক - সাংস্কৃতিক প্ৰতি খন ক্ষেত্ৰতে গুৰুত্ব থকা কাকত । কাকত খনৰ এগৰাকী সহকৰ্মী মানস দা । জ্যেষ্ঠ সাংবাদিক , ৰাজনৈতিক বিশ্লেষক মানস মহন্ত । এদিন মানস দাই বকলা নথকা অডিঅ' কেছেট এটা দি ক'লে -- " শুনি ভাল পাবা ! লিখিবা । "                             
-- কেছেটোৰ নাম ? 
মানস দাই ক'লে "  ' জোনাকী ৰাতি ' । অংগৰাগ মহন্তৰ । খগেন মহন্তৰ পুতেকৰ । "
 -- খগেন মহন্তৰ ... !    -- শুনিলো ! ' মন মোৰ উৰি গুচি যায় ... ' আৰু ... ! কথা - সুৰ - গায়কীৰ পৰিপাটি , অপূৰ্ব পেকেজ ! মগজু ছুই গ'ল , মনত ৰৈ গ'ল । লিখিলো । ' আজি 'ৰ বিশেষ পৃষ্ঠাত ছপা হ'ল ।
 " পাপনে ভাল গাইছে নহয় ! "-- ছপা হোৱাৰ দিনা খগেন মহন্তৰ ' ফোন ' । শিল্পী গৰাকীৰ মুখত প্ৰথমবাৰ  শুনিলো পুত্ৰৰ নাম ।   
-- আপুনিতো মোক কোনো দিনেই কোৱা নাছিল পাপনৰ কথা । আপোনাৰ সন্তানে গীত গায় , সেয়া স্বভাৱিকতে আপোনাৰ পৰায়ে জানিব নালাগিছিল নে ? 
মোৰ কথাত হাঁহিছিল শিল্পী গৰাকীয়ে । কৈছিল -- " কাইলৈ আহিবা ! কথা পাতিম ! "
-- গৈছিলো । পাপনৰ কথা কৈ গৈছিল । " পাপনে যি কৰিছে, নিজৰ চিন্তাৰে কৰিছে । আমি , মই আৰু মায়েকে ( অৰ্চনা মহন্তই ) কোনো দিনেই কোৱা নাছিলো অমুক গোৱা উচিৎ - তমুক গোৱা উচিৎ ! মই ইমান খিনিয়ে জানিছিলো , সি লোক সংগীতৰ সন্ধানত ঘূৰি ফুৰে । তাৰ তেজতে লোকসংগীত আছে যেতিয়া -- স্বাভাৱিক । নহয় নে?" 
মই হয় বুলিছিলো।
-- হয় , খগেন মহন্তৰ সংগীতৰ শিপা সত্ৰৰ সংগীত , বিহু গীত । ( ব্যাখ্যাৰ প্ৰয়োজন আছে জানো ! )  
-- সেইদিনা জানিছিলো , পাপনে আঁৰত থাকি কাম কৰিছিল ! ' ইষ্ট ইণ্ডিয়া কোম্পানী ' ৰ আৰত থাকি ।  বেণ্ডটোৰ মূল কণ্ঠশিল্পী আছিল পাপন । ২০০৭ চনত  এই বেণ্ডটোৰ সাংগীতিক যাত্ৰা । বেণ্ডটোত আছিল   ব্ৰীণ দেচাই (সংগীত ব্যৱস্থাপক), কৃষ্ণা (গিটাৰবাদক), দিপু (বেচ্ গিটাৰবাদক), কীৰ্তি (তবলাবাদক), আৰু পংকজ (গীটাৰবাদক) । অসমৰ পৰা ভাৰতৰ বাহিৰলৈ  আছিল বেণ্ডটোৰ সংগীত যাত্ৰা । ( এই সময় চোৱাতে জুবিন গাৰ্গৰ সৈতে অ'ডিঅ' এলবাম এটাৰ বাবে গীত গাইছিল । সফল হোৱা নাছিল।) 
কথা প্ৰসঙ্গত আন এদিন খগেন মহন্তই কৈছিল -- "পাপনে মুম্বাইতো কাম কৰি আছে । মনটো ভাল লাগি গ'লহে! "    
 -- বলিউডৰ চিনেমাত গীত গোৱা বাবে ? 
"নহয় হে !" বুলি শিল্পী গৰাকীয়ে আন এটা কথাহে কৈছিল । যি কথা মই জানিছিলো , ' আজি 'ত লিখিছিলো । 
-- অসমলৈ নাটক লৈ আহিছিল অভিনেতা - নাট্যকৰ্মী নাছিৰুদ্দিন শ্বাহে । খগেন মহন্তই ওচৰতে পাই নাট্যকৰ্মী গৰাকীক কৈছিল -- " মই খগেন মহন্ত । " 
কোৱা মাত্ৰকে নাট্যকৰ্মী গৰাকীয়ে কৈছিল -- '"পাপনৰ পাপা ! "                   
" আপুনি পাপনক জানে ? " -- আছৰিত হৈ লোকশিল্পীয়ে আনন্দ মনেৰে সুধিছিল ।
 উত্তৰত নাট্যকৰ্মীয়ে কৈছিল , "জানো । আমি একেলগে এখন  চিনেমাৰ কাম কৰাৰ মন আছিল। সময়ত সময় দিব নোৱাৰিলে পাপনে । ... " 
-- এই যে তাৰকা এগৰাকীয়ে 'পুত্ৰ'ক জানো বুলিছে তাতেই 'পিতা'ৰ গৌৰৱ ! 
"নাছিৰুদ্দিন শ্বাহে পাপনৰ পাপা  বুলিলে যে ! -- এয়াই  মোৰ বাবে গৌৰৱ ! " -- খগেন মহন্তুই কৈছিল।
"আৰু এটি কথাত মই গৌৰৱ অনুভৱ কৰো -- পাপনৰ গায়কী পাপনৰ দৰে ! তাৰ পিতৃৰ দৰে , মানে মোৰ দৰে নহয় । " -- খগেন মহন্তই আৰু কৈছিল।
 -- হয় , অংগৰাগ মহন্তই সংগীতৰ নতুন বাট তৈয়াৰ কৰি লৈছে ! আনকি ' গোমছেং ' ৰ বিহুতো।
পাপনে পশ্চিমৰ বা দক্ষিন ভাৰতৰ সুৰৰ সহায়ত সফলতাৰ বাট বিছৰা নাই।  অসমীয়া - অসমীয়া সুৰেৰে নিৰ্মাণ কৰিছ 'জোনাকী ৰাতি ' (২০০৫ ) , ' চিনাকি অচিনাকি ' (২০১০ ) । 
-- এনেদৰেই ক'লে শেষ নহব , অংগৰাগে হিন্দী চিনেমাৰ বাবেও কণ্ঠ দিছে , আধুনিক বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰি  অসমৰ লোক সংগীত ফিউজন ৰূপত শ্ৰোতাৰ মাজত উপস্থাপন কৰি জনপ্ৰিয় হৈছে , কেইবাটাও জনপ্ৰিয় অসমীয়া গীত সৃষ্টি কৰিছে বা জনপ্ৰিয় সংগীত শিল্পী । আমাৰ ধাৰণাত পাপনে অসমৰ লোক সংগীতক ভাৰতৰ বিভিন্ন প্ৰান্তত , ভাৰতৰ বাহিৰতো ' প্ৰচাৰ ' কৰিছে। আমি দেখিছো -- অংগৰাগে অসমৰ বাহিৰৰো ' মেগা মিউজিক নাইট 'ত বিহুৰে , গোৱালপৰীয়া গীতৰ সুৰেৰে সাংগীতিক ঢৌ নিৰ্মাণ কৰা মূহুৰ্ত । যিবোৰ মূহুৰ্ত জিপাল কৰিছে ভাৰতৰ তাৰকা - মহাতাৰকাই , হাত চাপৰিৰে । আৰু দেখিছো -- কম দিনৰ ভিতৰতে বিশেষকৈ ভাৰতৰ ' মেগা মিউজিক নাইট 'ৰ অংগ হৈছে । এয়া সহজ কথা নহয় । সন্দেহ নাই -- এয়া পাপনে  সম্ভৱ  কৰিছে  পৰিশ্ৰম আৰু  সুপৰিকল্পনাৰে । নিউজ চেনেল 'আজতক'ৰ ' মেগা শ্ব' ' এটাত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত পাপনে কৈছিল --  সফলতাৰ বাবে সপোন নেদেখে , অংক কৰে । ( অৰ্থাৎ  নিৰ্দিষ্ট বিন্দু মনত ৰাখি পৰিশ্ৰম কৰে । বহু কষ্ট কৰিও পাপনে কোৱা শব্দ কেইটা মনলৈ আনিব পৰা নাই।) যিমানদূৰ মনত পৰে শ্ৰেষ্ঠ প্‌প এলবাম - গ্লোবেল ইণ্ডিয়ান মিউজিক একাডেমী এৱাৰ্ড ২০১২ ("দা ষ্টৰি চ’ ফাৰ"-ৰ বাবে)ৰে সন্মানিত হোৱাৰ পিছত সেই বিশেষ অনুষ্ঠানটোত পাপনে এনেদৰে কৈছিল ।
 -- মনলৈ আহিছে গুলজাৰৰ প্ৰসঙ্গ । এখন ইংৰাজি আলোচনীত প্ৰকাশ  পাইছিল এনেদৰে: feel really blessed to be working with Gulzar saab. He is writing one song. He showed so much love to me and said ''beta aur karte hai (let''s do more). If I will write for you then my health will be good''," Papon told IANS  
-- শেহতীয়া বহু খবৰেই মই ৰাখিব পৰা নাই । ৰাখিব নোৱাৰা  খবৰৰ ভিতৰত পাপন - গুলজাৰৰ প্ৰজেক্টটোও আছে । গতিকে এই প্ৰসঙ্গত চৰ্চা নকৰো । মাথো উল্লেখ কৰিব খুজিছো --গুলজাৰৰ আগ্ৰহত স্পষ্ট ভাৰতীয় সংগীতৰ ক্ষেত্ৰ খনত পাপনৰ গুৰুত্ব , স্থান প্ৰসঙ্গ । (গুৱাহাটী, জুন ২০২১)

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...