সরাসরি প্রধান সামগ্রীতে চলে যান

আৰু সান্নিধ্য /৪



চিনেমা জনা মানুহ জন , চিনেমাৰ ভাষা ব্যবহাৰত গুৰুত্ব দিয়া পৰিচালক জন , কাৰিকৰী দিশত দক্ষ চিনেকৰ্মী জনৰ প্ৰসঙ্গত কম চৰ্চা হৈছে | হয়, দাৰা আহমেদৰ চিনে কৰ্মৰ চিনেচৰ্চাৰ কথা কৈছোঁ | কেৱল 'গল্প'ৰ বাবে চিনেমা নিৰ্মাণ কৰা পৰিচালক নাছিল , 'চিনেমা'ৰ বাবে চিনেমা পৰিচালনা কৰিছিল | ১৯৮৪ চনত পৰিচালনা কৰে 'দেৱী' (শম্ভু গুপ্তৰ সৈতে তেওঁৰ যুটীয়া পৰিচালনা ) ৷ ১৯৮৫ চনৰ ২০ ডিচেম্বৰত মুক্তি পায় দাৰা আহমেদৰ স্বাধীন পৰিচালনা 'পূজা' ৷ ব্যৱসায়িক ভাৱে অতি সফল হৈছিল ৷ চিত্ৰগৃহলৈ আহে 'মধুচন্দা' (১৯৮৬) , 'প্ৰতিদান'(১৯৮৭) ,'বৰদৈচিলা'(১৯৮৯), 'ধ্ৰুৱতৰা'(১৯৯০), 'যখিনী'(১৯৯১), 'ৰিক্সাৱালা'(১৯৯৩), 'উৰ্বশী'(১৯৯৫) 'দেৱতা'(১৯৯৮)। অসমীয়া চিনেমাক নতুন গতি দিয়া ব্ৰজেন বৰুৱাৰ ব্যৱসায় সফল জনপ্ৰিয় ছবি 'ডক্টৰ বেজবৰুৱা'ৰ সহকাৰী পৰিচালক হিচাপে দাৰা আহমেদৰ প্ৰথম খোজ | পৰৱৰ্তী সময়ত আব্দুল মজিদকো পৰিচালনাত সহায় কৰে ' চামেলী মেমচা'ব' আৰু ' পোনাকন ' ত | এই চিনেকৰ্ম বিশ্লেষণ কৰিলে 'চিনেমাৰ মানুহজন'ক সহজতে অনুভৱ কৰিব | এয়া স্পষ্ট --- দাৰা আহমেদৰ চিনেকৰ্মক সাৰ্থক চিনেকৰ্মৰ তালিকা ভুক্ত কৰিব নোৱাৰি | আৰু আজিৰ তাৰিখত কাৰিকৰী দিশতো প্ৰশংসা কৰিব নোৱাৰি | আমি প্ৰশংসা কৰিছো ১৯৮৪ -- ১৯৯৮ সময় চোৱাৰ অসমীয়া চিনেকৰ্মৰ কথা মনত ৰাখি | সেই সময় চোৱাত তিনি গৰাকী অসমীয়া চিনেমাৰ পৰিচালকৰ কামত কাৰিকৰী ক্ষমতা অনুভৱ কৰিছিলোঁ --- জনছ মহলীয়া , দাৰা আহমেদ , জাহ্নু বৰুৱাৰ | সেই সময় চোৱাৰ সৰহ সংখ্যক অসমীয়া চিনেমাৰ পৰিচালকে ' কাৰিকৰী উপদেষ্টা ' ৰ আশ্ৰয় লৈছিল , লবলৈ বাধ্য হৈছিল | কোনে জানো কৈছিল --- " কাৰিকৰী জ্ঞান নথকা চিনেমা পৰিচালক ভাষাৰ ব্যাকৰনৰ জ্ঞান নথকা কবিৰ দৰে " | মনত পৰিছে , দাৰা আহমেদে কৈছিল | পৰিচালক গৰাকীৰ নিজৰ কথা নাছিল | আইজেনষ্টাইনৰহে আছিল | কেচা ফিল্মৰ অভাৱত আইজেনইষ্টানে চিনেমাৰ তৃতীয় ভাষা মন্টাজ আৱিস্কাৰ কৰিছিল , ব্যৱহাৰ কৰিছিল | আইজেনষ্টাইনৰ সময়ত হলিউডৰ তুলনাত চোভিয়েত ৰাচিয়াত প্ৰাযুক্তিক সুযোগ - সুবিধা কম আছিল , অতি কম | সীমাবদ্ধ প্ৰাযুক্তিৰেই কিন্তু আইজেনষ্টাইনৰ দৰে উৰ্বৰ চিনেচিন্তাৰ চিনেকৰ্মীয়ে অতুলনীয় চিনেশৈল্পিক সাফল্য অৰ্জন কৰিছিল | আৰু সেই সময়ত , পৰৱৰ্তী সময়তো চাৰ্লি চেপলিনৰ চিনেকৰ্মতকৈ আইজেনষ্টাইনৰ চিনেকৰ্মক শ্ৰেষ্ঠ বুলি কোৱা হৈছিল | কিন্ত জনপ্ৰিয় হৈছিল চেপলিনৰ গতিয়ে গুৰুত্ব পোৱা চিনেকৰ্ম | ভাৰততো চেপলিনৰ চিনেশৈলিয়ে বা পৰ্দাত গল্প কোৱা পদ্ধতি জনপ্ৰিয় হৈছিল | আৰু স্বাভাবিকতে ভাৰতীয় চিনেকৰ্মীয়ে 'জনপ্ৰিয় ধাৰাটো'ক গুৰুত্ব দিছিল | কব পাৰি --- চাৰ্লিৰ ধাৰাটো ভাৰতীয় চিনেধাৰালৈ ৰূপান্তৰ কৰিছিল ৰাজ কাপুৰে | " ৰাজ কাপুৰৰ চিনেমাই মোক আকৰ্ষন কৰিছিল | মই আইজেনষ্টাইনৰ চিনেমাও চাইছো | আইজেনষ্টাইনৰ A × B = C পদ্ধতিয়ে মোক আকৰ্ষণ কৰিছিল | ভাবিছিলো --- ময়ো এদিন চিনেমা পৰিচালনা কৰিম | আইজেনষ্টাইনৰ দৰে মন্টাজ ব্যবহাৰ কৰিম | মই জন ফোৰ্ড , জৰ্জ ষ্টিফেনৰ , সত্যজিত ৰায় , মৃণাল সেন , তপন সিনহা আদিৰ চিনেমাও হজম কৰিছিলোঁ | কিন্তু ব্ৰজেন বৰুৱাৰ সান্নিধ্যই মোক সলনি কৰিলে | সেই সময়ত মই ' ডক্টৰ বেজবৰুৱা'ৰ কামত ব্যস্ত | ৰাতি দেৰকৈ ঘৰ সোমাই বিছনাত পৰি আছিলো | মনৰ মাজত চিনেমাৰ বহুকথা |বাৰে বাৰে মোৰ মনটো ৰৈ গৈছিল ৰাজ কাপুৰৰ চিনেমাত | সেই ৰাতি মই ঠিক কৰিছিলো , মই দৰ্শকৰ বাবেহে চিনেমা পৰিচালনা কৰিম | আৰু সেই ৰাতি মই অনুভৱ কৰিছিলো --- মোক ছুই আছে ৰাজ কাপুৰৰ পৰিচালনা ষ্টাইলে | সেই ৰাতিৰ পৰা মই হিন্দী , বংলা , তামিল ইত্যাদি ভাষাৰ ব্যৱসায়িক সফল চিনেমা চোৱাত ব্যাস্ত হলো | আজি মই বিশ্বাস কৰো চিনেমা বিনোদন , কেৱল বিনোদনৰ বাবে | অৱশ্যেই পৰিচালকে সামাজিক দায়িত্বৰ কথা মনত ৰাখিব লাগিব | এয়া মোৰ ধাৰণা | " --- দাৰা আহমেদে কৈছিল | স্বাভাবিকতে দাৰা আহমেদৰ চিনেমাত বলীউডৰ শৈলী আৰু বংলা চিনেমাৰ ' গল্প ' কোৱাৰ কৌশল স্পষ্ট হৈছিল | এই যে স্পষ্ট হৈছিল অস্বীকাৰ কৰা নাছিল পৰিচালক গৰাকীয়ে | --- ১৯৯৪ চন | 'আজিৰ সংবাদ ' নামৰ অধুনালুপ্ত দৈনিক কাকত খনৰ সম্পাদনা বিভাগত ব্যস্ত আছিলো | ' উৰ্বশী ' চিনেমা খনৰ খবৰ লৈ আহিছিল দাৰা আহমেদ | কৈছিল --- " মই দাৰা আহমেদ | মোৰ নতুন চিনেমাৰ খবৰ লৈ আহিছোঁ | ছপালে ভাল লাগিব ! " সেয়াই প্ৰথম মুখা মুখী | সেই দিনা আমি ( মানে মই , কাকত খনৰ নিৱন্ধ সম্পাদক দিগন্ত ওজা , বতৰি সম্পাদক পুলিন ডেকা আৰু ষ্টাফ ৰিপ'ৰ্টাৰ শংকৰ লস্কৰ ) বহু কথা পাতিছিলোঁ | পৰিচালক গৰাকীৰ তেতিয়ালৈকে চিত্ৰগৃহলৈ অহা চিনেমা কেইখনৰ নাম উল্লেখ কৰি কৈছিলোঁ --- আপোনাৰ চিনেমা মৌলিক বুলি কম জানো ! হিন্দী - বংলা চিনেমাৰ ছাঁ ... " পৰিব পাৰে ! মই কেতিয়াও দাবি কৰা নাই , নকৰো মোৰ নিজা শৈলী আছে বুলি | মই অসমীয়া ভাৰতীয় চিনেমা নিৰ্মান কৰি আহিছোঁ , নিৰ্মান কৰিম | ছাঁ - পোহৰৰ চিনেমা নিৰ্মান নকৰো | মোৰ ধাৰণাত চিনেমা মানেই কালাৰফুল | " --- আমাৰ প্ৰশ্ন শেষ হোৱাৰ আগতে দাৰা আহমেদে কৈছিল | সেই দিনা দিগন্ত ওজাই দাৰা আহমেদক ' আজিৰ সংবাদ'ৰ দ্বিতীয় প্ৰস্তাৱনা সংখ্যাটো দিছিল | সেই সংখ্যাত আইজেনষ্টাইন প্ৰসংগত লিখিছিলো | সেই লেখাটোত চকু ফুৰায়ে দাৰা আহমেদে কৈছিল --- " কাৰিকৰী জ্ঞান নথকা চিনেমা পৰিচালক ভাষাৰ ব্যাকৰণৰ জ্ঞান নথকা কবিৰ দৰে | "

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...