সরাসরি প্রধান সামগ্রীতে চলে যান

হীৰেন বৰা/১



নাটকৰ মানুহ , চিনেমাৰ মানুহ  হীৰেন বৰা ।             -- ২০০৩  বৰ্ষৰ কোনো এটা নিশা ' অভিনয়ৰ মানুহ' জনৰ সৈতে মোৰ প্ৰথম মুখামুখি । সেই সময়ত মই ' আজি 'ৰ উপ সম্পাদক । দৈনিক কাকত খনৰ সম্পাদক অজিত কুমাৰ ভূঞাৰ নিৰ্দেশ -- এঠাইৰ পৰা আহিব লাগে । নিশা ৯ বাজি গৈছিল । ২ মিনিট মান আগতে শেষ পৃষ্ঠাৰ কাম শেষ কৰিছোহে ! পুৱৰে পৰা লাগি - লাগি সাহিত্য আৰু প্ৰকৃতিৰ পৃষ্ঠা দুটা কৰিছোঁ ! এতিয়া আকৌ ! ' আৰু নোৱাৰিম  ' বুলি কোৱাৰ আগতে ভূঞা ছাৰে কৈছিল -- " বিশেষ কাম নাই ! তুমি যোৱা , তাত ৰাতিৰ আহাৰ খাবা ! আৰু ঘৰলৈ যাবা ! মোৰ গাড়ী খন লৈ যোৱা ! মোক মাতিছিল ! মই যাব নোৱাৰিম ! মোৰ হৈ তুমি যাবা বুলি কৈছোঁ । 
-- যাবা নহয় ? "
 মই নাযাও বুলিব নোৱাৰিলো । ১০ মান বজাত  মহানগৰীৰ নাৰিকলবাৰীৰ নিৰ্দিষ্ট ঘৰটো পাইছিলোঁ । মানুহ ভৰি আছিল ! কেইবা  খনো চিনকি মুখ । অসমীয়া ৰূপালি পৰ্দাৰ বাহিৰৰ - ভিতৰৰ চিনাকি মুখ । স্বাভাবিকতে অসমীয়া  চিনেমাৰ অতীত - বৰ্তমানক  লৈ ব্যস্ত হৈছিলোঁ। সেইদিনা অনুভৱ কৰিছিলোঁ -- অসমীয়া চিনেমাৰ কেইবা গৰাকীও পৰিচালকে নিজে নিজকে ৰাজ কাপুৰ - সুভাষ ঘাইৰ স্থানত ৰাখিছে ! আৰু এনে ' ভাব ' ( অহংকাৰ ) -এ অসমীয়া চিনেমাৰ সমস্যা বঢ়াইছে ! মই হয়তো কঠোৰ ভাবে কৈছিলো -- অসমত 'কথাছবি 'ৰ পৰিচালকৰ আকাল নাই , চিনেমাৰ পৰিচালকৰহে আকাল ! মজাৰ কথা ' সুভাষ ঘাই ' কেইগৰাকীয়ে মোৰ কথাৰ অৰ্থ বুজিয়ে নাপালে ! কথা আৰু বঢ়াৰ আগতে এজনে কৈছিল -- " আপোনাক দাদাই মাতিছে ! সেইফালে , ভিতৰলৈ ! "                                   
 -- ভিতৰত খোৱাৰ আয়োজন !                             " মই হীৰেন বৰা ! " -- খোৱাৰ পাতত প্ৰথমবাৰ মুখা মুখি হৈছিলো হীৰেন বৰাৰ সৈতে । তেতিয়ালৈকে মই জানিছিলো হীৰেন বৰাই অভিনয় কৰে ! টি ভি  ধাৰাবাহিক পৰিচিলনা কৰে , লিখে । কথা প্ৰসঙ্গত কৈছিল , লখিমী থিয়েটাৰতো  অভিনয় কৰিছিল । সেইটো নাট্যবৰ্ষত , যিটো নাট্যবৰ্ষত অসমীয়া চিনেমাৰ তাৰকা বিজু ফুকনে অভিনয় কৰিছিল ।     "চিনেমাৰ কথা চিন্তা কৰি আছো । সহায় কৰিব লাগিব !" -- সেই ৰাতি হীৰেন বৰাই কৈছিল।
-- আৰু তাৰ  পাছত ! -- মাজে - মাজে বহিছিলো ! চিনেমাৰ কথা আগবাঢ়িছিল । আৰু এদিন কৈছিল , চিনেমাৰ বিষয়বস্তু খাটাং -- হাতী আৰু মানুহৰ সংঘাত । নাম ৰাখিছে ' বসুন্ধৰা ' । পৰিচালনা হীৰেন বৰাই নিজে কৰিব । 
"এতিয়া তোমাৰ সহায়ৰ প্ৰয়োজন ! "-- হীৰেন বৰাই কৈছিল ।
  -- প্ৰথম ' সহায় '  সংগীত পৰিচালনা কোনে কৰিব পাৰিব মোৰ ফালৰ পৰা চিন্তা কৰিব লাগে  আৰু ঠিক কৰিব কৰিব লাগে । মই এক মিনিতো চিন্তা নকৰাকৈ তৰালি শৰ্মাৰ কথা কৈছিলোঁ। আৰু এদিন তৰালি শৰ্মাক লৈ গৈছিলোঁ।
 আৰু সংগীত পৰিচালনাৰ দায়িত্ব তৰালি শৰ্মাই লৈছিল। ( কথা প্ৰসঙ্গত হীৰেন বৰাই কৈছিল -- তৰালি ' সংগীত 'ক লৈ সুখী । আৰু পৰিচালক গৰাকীৰ পৰৱৰ্তী চিনেকৰ্মৰো সংগীত সৌন্দৰ্য আছিল তৰালি শৰ্মাৰ সংগীত । )
 -- আহিছোঁ দ্বিতীয় ' সহায় 'লৈ । চিনেমা খনৰ ' খলনায়ক 'ৰ চৰিত্ৰটো যতীন বৰাক লৈ চিন্তা কৰিছে ! মই যতীনৰ সৈতে কথা পাতিব লাগে ! পাতিছিলোঁ । যতীন বৰা মান্তি হৈছিল । কিন্তু শেষ      ' সময় ' ত কি হ'ল নাজানিলো ! চৰিত্ৰটোৰ বাবে নিৰ্বাচন কৰিছিল আন এগৰাকী অভিনেতাক । অৱশ্যে ইমান খিনি জানো -- যতীন বৰাই অভিনয় নকৰাৰ কাৰন ' আৰ্থিক ' নাছিল ।
 -- পৰিচালক গৰাকীয়ে আৰু কৈছিল , চিনেমা খনত সাংবাদিকৰ চৰিত্ৰ এটা আছে । চৰিত্ৰটোই ৰূপালী গল্পটো আগবঢ়াই নিব।-- মই সৌৰভ হাজৰিকাৰ কথা কৈছিলোঁ । সৌৰভ হাজৰিকাৰ সৈতে কথা পাতিছিলোঁ । আৰু চৰিত্ৰটোত সৌৰভ হাজৰিকাকে দেখিছিলোঁ। মোৰ পৰা বিচৰা ' সহায় ' সিমানে আছিল ! 
 -- মই ' অসমীয়া প্ৰতিদিন 'ত ব্যস্ত হৈছিলো । ' বসুন্ধৰা 'ৰ খবৰ ৰখা নাছিলো । এদিন ' অসমীয়া প্ৰতিদিন ' লৈ অহা খবৰ এটা সম্পাদনাৰ বাবে হাতত লৈহে জানিব পাৰিছিলোঁ ' বসুন্ধৰা ' সম্পূৰ্ণ । আৰু এদিন চিত্ৰগৃহত চিনেমা খন চাইছিলোঁ, টিকট ক্ৰয় কৰি। প্ৰিমিয়াৰ শ্ব' পাতিছিল। মোক আমন্ত্ৰণৰ প্ৰয়োজন অনুভৱ কৰা নাছিল!
--চিনেমা খনৰ গল্প কোৱাৰ কৌশল , পৰিচালনা শৈলীয়ে মোক সন্তুষ্ট কৰিব পৰা নাছিল । মোৰ ধাৰণাত বিষয়বস্তুক চিত্ৰনাট্যকাৰে বিশেষ গুৰুত্ব দিয়া নাছিল , গল্পকেন্দ্ৰিক গতি দিয়াতহে গুৰুত্ব দিছিল  । দৰ্শকে চিনেমা খন চোৱাৰ  পাছত প্ৰকৃতিক ৰক্ষাৰ বাবে সংঘৰ্ষ কৰা ' নায়িকা 'কহে  মনত ৰাখিছিল । হাতী - মানুহৰ সংঘাত ' নায়িকা 'ৰ সংঘৰ্ষ - দুখৰ ওচৰত নিস্প্ৰভ হৈছিল সু-পৰিকল্পনাৰ অভাৱত । (  দ্বিতীয়তে -- কেমেৰাৰ ভাষাতকৈ সাহিত্যৰ ভাষাক বেছি গুৰুত্ব দিছিল । গতিকে ' নাটক ' বেছি আছিল ।) ফলত ' বিশেষ বিষয়বস্তু ' সাধাৰণ পৰ্যায়ত ৰৈ গৈছিল । [বিষয়বস্তু : হাতী - মনুহৰ সংঘাত । পৰিচালকৰ সাধাৰণ চিন্তা নাছিল ! সেই সময়ত , আজিৰ তাৰিখতো কেৱল অসমৰে নহয় , বিশ্বৰে সমস্যা । চিনেচিন্তা সুপৰিকল্পিত হ'লে ' বসুন্ধৰা ' ( শ্ৰেষ্ঠ অসমীয়া চিনেমাৰ শিতানত )  ৫৭ সংখ্যক  ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ উৰ্ধলৈ গ'ল হেতেন ! বিশ্বৰ চিনেমা হ'ল হেতেন !  (' বসুন্ধৰা -The Earth '  ২০১০ চনৰ চিনেমা ।  ' সুৰভি এন্টাৰপ্ৰাইজ'ৰ বেনাৰত নিৰ্মিত  এই চেনেমা খনত  অভিনয় কৰিছে  বৰষা ৰাণী বিষয়া, সৌৰভ হাজৰিকা, বিষ্ণু খাৰঘৰীয়া ভ্ৰান্তি মেধি  ইফটিকাৰ আদিয়ে।] এই দিশটো হয়তো মই অনুভৱ নকৰিলোঁ হেতেন ! -- যদিহে পৰিচালক হীৰেন বৰাই ৰূপালী গল্পলৈ ৰূপান্তৰ হোৱাৰ পূৰ্বে ' বসুন্ধৰা 'ৰ গল্প আৰু বিষয়বস্তু অনুভৱৰ সুযোগ নিদিলে হেতেন ! 
নিদিলে ' হীৰেন বৰাৰ চিনেচিন্তা ' যে ' হীৰেন বৰাৰ চিন্তা 'ত কৈ দুৰ্বল , সেয়া হয়তো অনুভৱ নকৰিলো হেতেন !
  --  মোৰ  'বেয়া  লগা ' মানেই  চিনেমা এখনৰ মান নিম্ন নহবও পাৰে ! আনৰ কথা বাদ দিলো ! 'বসুন্ধৰা 'ক লৈ পৰিচালক সুখী । প্ৰথম ( চিনেমা ) স্বাধীন পৰিচলনাৰেই ' ৰাষ্টীয় বঁটা '!
 -- সুখী নহব কিয় ? আৰু চিনেমা খনে দেশ - বিদেশৰ কেইবাটাও চলচ্চিত্ৰ মহোৎসৱতো চিত্ৰৰসিকক সন্তুষ্ট কৰাৰ , সন্মান পোৱাৰ খবৰো বিভিন্ন মাধ্যমত দেখিছোঁ , পঢ়িছোঁ । ' স্থনীয় বজাৰ 'ৰ বিফলতাৰ বিপৰিতে নিঃসন্দেহে এয়া সফলতা । আৰু এই সফলতাৰ বুনিয়াদত ঠিয় হৈ পৰিচালক গৰাকীয়ে নিৰ্মাণ কৰিছে -- ' ক্ষোভ ' ( ২০১৭) , ' সীমা : দা আনটোল্ড ষ্টোৰী ' ( ২০১৮ ) , 'বাঁহী ' । ২০১০ চনত প্ৰকাশ পাইছিল মণিকুন্তলা ভট্টাচাৰ্যৰ উপন্যাস ' বাঁহী ' । এই উপন্যাস খন ৰূপালী গল্পলৈ ৰূপান্তৰ কৰিছে হীৰেন বৰাই । ( আগলৈ চিনেমা কেইখন আলোচনা কৰিম)

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...