সরাসরি প্রধান সামগ্রীতে চলে যান

"ফ'ৰ্বছ" (Forbes)আলোচনীৰ নিৰ্বচনত Outstanding Actors অসমৰ আদিল হুছেইন।

     ৩/১/ ২০২২ (সংযোজন)

"ফ'ৰ্বছ" (Forbes / Based in Jersey City, New Jersey, U.S.) আলোচনীৰ নিৰ্বচনত Outstanding Actors অসমৰ আদিল হুছেইন। ১০৪ বছৰীয়া আলোচনী খনত প্ৰকাশ কৰিছে ২০২১ বৰ্ষৰ হিন্দী চিনেমাৰ ৮ গৰাকী Outstanding Actorsৰ নাম-- আশুতোষ ৰাণা (Ashutosh Rana), সুপ্ৰিয়া পাঠক(Supriya Pathak), অভিষেক বেনাৰ্জী(Abhishek Banerjee), জিমি শ্বেৰগিল (Jimmy Shergill), চিকন্দৰ খেৰ (Sikander Kher), মানৱ কৌল (Manav Kaul)  আৰু অমৃতা সুভাষ (Amruta Subhash) আৰু আদিল হুছেইনে (Adil Hussain)। আদিল হুছেইনৰ প্ৰসংগত কোৱা হৈছে -- "In a movie that is all about larger-than-life heroism, it is not easy for non-central characters to grab attention. When the central character is essayed by Akshay Kumar, the task becomes tougher. Adil Hussain, however makes that possible, and how! He has essayed the role of the chief of the Indian intelligence agency in Bell Bottom Adil Hussain, however makes that possible, and how! He has essayed the role of the chief of the Indian intelligence agency in Bell Bottom and does it like he owns the film. His character walks a thin line and Hussain performs it with much elegance. He has two National Film awards to his credit."

         --হয়, ‘বেল বটম’ত আছে অক্ষয় কুমাৰ, লাৰা দত্তাকে ধৰি কেইবা গৰাকীয়ো অভিনেতা-অভিনেত্ৰী, য'ত আদিল হুছেইনক ৰখা হৈছে এঘাৰ নম্বৰ স্থানত। এই ভিৰৰ মাজত জিলিকি উঠা সহজ কথা নহয়! অসম্ভব বুলি কব পাৰি। আদিল হুছেইনে অসম্ভবক সম্ভব কৰিছে অভিনয় ক্ষমতাৰে।


  ।।আদিল হুছেইন।।

আদিল হুছেইনৰ অভিনয় প্ৰথম কেতিয়া দেখিচিলো ! -- মনত পৰিছে ! -- ' ভায়ামামা 'ত । ৮০ৰ দশকৰ অসমৰ বিখ্যাত কৌতুকগোষ্ঠী "ভায়ামামা"ত অভিনয় কৰিছিল আদিল হুছেইনে । ধ্ৰুৱজিৎ কিশোৰ চৌধুৰী (ভায়ামামা )ৰ নেতৃত্বত বিশেষকৈ বিহুৰ সময়ত অসমৰ ভিভিন্ন প্ৰান্তত হাস্য - ব্যঙ্গ অনুস্থান মঞ্চস্থ কৰিছিল । আমাৰ প্ৰিয় আছিল ভায়ামামাৰ বিহ-হু' আৰু আদিল হুছেইনৰ ' অমিতাভৰ আৱাজ ' ( বলিউডৰ অভিনেতাৰ , অমিতাভ বচ্চনৰ মিমিক্ৰি (mimicry) ) । ভালদৰে মনত আছে । বিহুৰ সময়ত আমাৰ গাওঁ বেলশৰলৈ গৈছিল " ভায়ামামা " । সময়ত আমাৰ গাৱৰ গৌৰৱ নাট্যকাৰ উগ্ৰ মেনাই ঘোষনা কৰিছিল -- আৰু কিছু সময় পিছতে মঞ্চলৈ আহিব " অমিতাভৰ আৱাজ " লৈ আদিল হুছেইন ! -- হয় , সেই দিনায়ে প্ৰথম ! আৰু  তাৰ পিছত ? -- তাৰ পিছত অসমীয়া চিনেমা  " পিতা পুত্ৰ " " সূত্ৰপাত " আদিৰ সৰু সৰু চৰিত্ৰত আদিল হুছেইনক দেখিচিলো । আৰু প্ৰথমবাৰ মুখা মুখি হৈছিলো ১৯৯৪ - ৯৫ নাট্যবৰ্ষত , হেঙুল থিয়েটাৰত ।    ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ত (১৯৯০ - ৯৩ )  আৰু "চাৰ্লছ ৱালেছ ইণ্ডিয়া ট্ৰাষ্ট"ৰ বৃত্তি পাই লণ্ডনৰ "ড্ৰামা ষ্টুডিঅ’ লণ্ডন"ত  অভিনয়ৰ পাঠ লৈ প্ৰশান্ত হাজৰিকাৰ " হেঙুল "লৈ গৈছিল ।  সেই সময়ত মই দৈনিক কাকত " আজিৰ সংবাদ "ৰ সম্পাদনা বিভাগৰ সৈতে জড়িত আছিলো । মহানগৰীৰ চানমাৰীত মুখা মুখি হৈছিলো ৰাজীৱ দাৰ সৈতে । আভিনেতা ৰাজীৱ  গোস্বামীৰ । " আমি এই খিনিতে হোটেল এখনত আছো । বলা কথা পাতিম ! আদিল হুছেইনৰ সৈতেও কথা পাতিব পাৰিবা ! "  -- ৰাজীব দাই মোক আদিল হুছেনৰ সৈতে চিনাকি কৰি দিছিল । কথা পাতিছিলো । পিছ দিনা " আজিৰ সংবাদ "ত ছপা হৈছিল ।  -- আদিল হুছেইন হেঙুলৰ মঞ্চত কৰা নিজৰ অভিনয়ক লৈ সন্তুষ্ট নাছিল ! কৈছিল , " অস্বাবিক অভিনয় " মোৰ বাবে সহজ নহয়  ! "  কৈছিল -- আকৌ অভিনয় শিকিব । অভিনয়ৰ কচৰৎ কৰিব । অভিনয় শিপাৰ পৰা অনুভৱ কৰিব ।  " হেঙুল " চাবলৈ আমন্ত্ৰন কৰিছিল । কিন্তু চোৱা নহ'ল । -- সেই যে আদিল হুছেইনক লগ পাইছিলো , তাৰ দুদিন পিছতে উৰা মাৰিছিলো মুম্বাইলৈ । উভতিছিলো ২০০২ চনতহে । -- কথা প্ৰসঙ্গত এদিন নাট্যকৰ্মী অতুল কুলকাৰ্নীয়ে কৈছিল  আদিল হুছেইনৰ  কথা । " অসাধৰণ অভিনয় ক্ষমতা আছে আদিলৰ মাজত । " দৈনিক কাকত " নৱ ভাৰত "ত ছপা হোৱা আদিল কেন্দ্ৰীক লেখা এটা পঢ়ি এনেদৰে কৈছিল । লেখাটোত পোৱা তথ্য : আদিলে দিল্লীত মঞ্চ কেৰিয়াৰ আৰম্ভ কৰে ।  লগতে  খালিদ ত্যাবজীৰ তত্ত্বাৱধানত অভিনয়ৰ পাঠ লয় ।  পৰৱৰ্তী  সময়ত পণ্ডিচেৰীৰ "অৰবিন্দ্ৰ আশ্ৰম"ত  সৌপান বসু ৰ তত্ত্বাৱধানতো অভিনয় অধ্যয়ন কৰে । অভিনয়ৰ পাঠ লয় দিল্লীৰ দিলীপ শংকৰৰ ওচৰতো । --  শিক্ষাৰ ফচল   " অ’থেল’: এ প্লে ইন ব্লেক এণ্ড হোৱাইট " (Othello: A Play in Black and White) । নাটক খনত কৰা অভিনয়ৰ বাবে "এডিনবাৰ্গ ফ্ৰিঞ্জ" পুৰস্কাৰ লাভ কৰিলে আদিল হুছেইনে । ১৯৯৯ চনত ।    ৰয়ষ্টেন এবেলৰ  পৰিচালনাৰে অভিনয় কৰিছিল  "গুডবাই ডেচডি’মনা" ত  । এই নাটক খনত কৰা অভিনয়ৰ বাবেও  নাট্যৰসিকৰ মাজত চৰ্চাৰ বিষয় হৈছিল আদিল । চৰ্চাৰ বিষয় হৈছিল চিনেমাত অভিনয় কৰিও । অভিনয় কৰা চিনেমাাৰ তালিকা খন : " সংকল্প " (১৯৮৬ / অসমীয়া ) ,  " সূত্ৰপাত " ( ১৯৮৭ / অসমীয়া ) , " পিতা পুত্ৰ " , ( ১৯৮৮ / অসমীয়া ) , " ভাই ভাই " ( ১৯৮৯ /অসমীয়া ) ,
   " ইন  অ'থেল' " ( ২০০৩ / ইংৰাজী ) , " ইতি শ্ৰীকান্ত " ( ২০০৪ / বঙালী ) ,  " কমিনে " ( ২০০৯ / হিন্দী ) ,
" ইস্কিয়া " ( ২০১০ / হিন্দী ) ," এজেণ্ট বিনোদ" ( ২০১২/ হিন্দী ) ," ইংলিছ ৱিংলিছ " ( ২০১২ / হিন্দী ) , "  দ্য ৰিলাকটেণ্ট ফাণ্ডামেণ্টেলিষ্ট " (২০১২ / ইংৰাজী ) ,
" লাইফ অৱ পাই " ( ২০১২ /ইংৰাজী ) ,
"লেছনচ ইন ফৰগেটিং " ( ২০১২ / ইংৰাজী ) ,
"লুটেৰা " (২০১৩ /হিন্দী ) ,
" ৰাগ - দ্য ৰিদম অৱ লাভ " ( ২০১৪ /অসমীয়া ) ,
" কাঞ্চি - দ্য আনব্ৰেকেবোল " ( ২০১৪/ হিন্দী ) ,
" দ্য এক্সপ'জ " (২০১৪ / হিন্দী ) ,
শৃংখল ২০১৪ অসমীয়া
" ৰ'দৰ চিঠি " ( ২০১৪ /অসমীয়া ) ," জেড প্লাচ " ( ২০১৪ /হিন্দী ) , " টাইগাৰছ্ " (২০১৪/  হিন্দী ) , " হোৱাইট লাইজ " ( ২০১৪ / হিন্দী ) , " মেই অউৰ চাৰ্লচ " (২০১৫ /হিন্দী ),
" জয় হো ডেম'ক্ৰেচি " ( ২০১৫ /হিন্দী )
" আনফ্ৰিড'ম " (২০১৫ /হিন্দী ) ,"পাৰ্চড " ( ২০১৫ / হিন্দী ) , " ফিষ্ট অৱ্ বাৰাণসী " (২০১৫ /হিন্দী ), " ইয়াটচান " ( ২০১৫ /তামিল ) ," আহান " ( ২০১৫ /হিন্দী ) , " নানক শ্বাহ ফকিৰ " ( ২০১৫ /ইংৰাজী ) ,
" অৰুনোদয় " ( ২০১৫ / মাৰাঠী ) ,
" এংগ্ৰি ইণ্ডিয়ান গডেছ " ( ২০১৫ / হিন্দী )
" হৰ হৰ ব্যোমকেশ " (২০১৫ / বঙালী ) , " উম্ৰিকা " ( ২০১৫/ হিন্দী ) , " দ্য ভায়'লিন প্লেয়াৰ ' (২০১৬/ হিন্দী ) , " বম্বাৰিয়া " ( ২০১৬ /হিন্দী ) ,  " ফ'ৰ্ছ - ২ " ( ২০১৬ /হিন্দী ) , " কথানদী " (২০১৬ /অসমীয়া ) ." লীনাচ বিউটি পাৰ্লাৰ " ( ২০১৬ / অসমীয়া ) " চক্ৰ " ( ২০১৬ /হিন্দী ) ,
" কামাণ্ডো - ২ " ( ২০১৭ / হিন্দী ) ,  " মন্ত্ৰ " (২০১৭ /হিন্দী ) , " মুক্তি ভৱন " ( ২০১৭ / হিন্দী )
" হোৱাট ৱিল পিপ'ল চে " (২০১৭/নৰৱে' ) ,
" মাজ ৰাতি কেতেকী " (২০১৭ /অসমীয়া ) ,
" নেভাল এন্না জুয়েল " (২০১৭ /মালায়ালম ) ,
" দ্য ইলিগেল " ( ২০১৭ /ইংৰাজী )
" মাটি " ( ২০১৮ / বঙালী ) ,
" হাৰে মন " (২০১৮ /বঙালী ) , " বায়োস্কোপৱালা " ( ২০১৮ / হিন্দী ) ,
" 2.0 " (২০১৮ /তামিল , হিন্দী ) ,
" নাইন হাৱাৰছ  ইন মুম্বাই " ( ২০১৮ /হিন্দী ) ,
" ৰাজমা চাৱল " ( ২০১৮ /হিন্দী ) ,
" দিল্লী ক্ৰাইম " (২০১৯ /হিন্দী ) , " কবীৰ সিং " ( ২০১৯ /হিন্দী ) ," গুড নিউজ " (২০১৯/ হিন্দী ) ,
" নিৰ্ভনা ইন্ " ( ২০১৯ /হিন্দী ) ," ৰাহগীৰ " (২০১৯/ হিন্দী ) , " ৰাম " (২০১৯ /মালায়ালম ) ," আখুনি  " (২০২০/ হিন্দী ) ," পৰীক্ষা " (২০২০/ হিন্দী ) আদি । চিনেমা কেইখন বিশ্লেষন কৰিলে স্পষ্ট হয় --  কম ফুটেজৰ চৰত্ৰৰে চিত্ৰৰসিকৰ মনত দীৰ্ঘ ছাপ বহুৱাবলৈ সক্ষম হৈছে আদিলে । -- নহয় , অভিনয় কৰা প্ৰতিটো চৰিত্ৰয়ে কম ফুটেজৰ নহয় । কেইবা খনো চিনেমাৰ কেন্দ্ৰীয় বা নায়কৰ চৰিত্ৰও নিৰ্মাণ হৈছে আদিলক লৈ । যেনে -- "মুক্তি ভৱন "ৰ  ( Hotel Salvation ) ৰাজীৱ চৰিত্ৰটো । চৰিত্ৰটোৰ ওচৰে পাজৰে আদিল হুছেইনৰ উপস্থিতি -- সূন্য । চেহেৰাৰ , শৰীৰৰ অভিনয়ৰে আদিল ৰূপান্তৰ হৈছে ৰাজীৱলৈ । বিভিন্ন সমস্যাৰ মাজত চেপা খাই থকা ৰাজীৱলৈ ।চাকৰিয়াল ৰাজীৱৰ কামৰ হেচা ! আনহাতে পিতৃৰ "সুখ মৃত্যু "ৰ বাবে " মুক্তিভৱন " যাত্ৰা ।    । কৰ্তব্যক , দায়িত্বক গুৰুত্ব দিয়া মধ্যবিত্ত ৰাজীৱৰ মানসিক হেচা দৰ্শকে অনুভৱ কৰে দেহ - চেহেৰাৰ অভিনয় আৰু সংলাপ প্ৰক্ষেপণৰ পৰা । --  আনকইখন মান চিনেমা , যিকেইখনৰ ( আদিল হুছেনৰ ) অভিনয়ে আমাক ছুই গৈছে :  মাজ ৰাতি কেতেকী , ৰাগ - দ্য ৰিদম অৱ লাভ  ,  জেড প্লাস ,   অব্যক্ত , ইতি শ্রীকান্ত , পার্চেদ আদিৰ ।                         --  ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ আমন্ত্ৰণত নতুন দিল্লীত  ২০১০ চনৰ ২৫ - ২৯ এপ্রিলত নাটক মঞ্চস্থ কৰিছিল কহিনুৰ থিয়েটাৰে । দৰ্শক আৰু নাটকৰ মাজত সাঁকো হৈছিল আদিল হুছেইন । সেই তেতিয়াই যে লগ পাইছিলো আৰু পোৱা নাই । তেতিয়া সুধিছিলো -- " ভায়ামামা "ৰ পৰা " অ'থেল' " লৈ কিছু কথা । আৰু কিছু কথা । " চৰিত্ৰ বুজিব লাগিব ! অভিনেতাৰ দেহ - মন  'চৰত্ৰ ' হব লাগিব । সৰু চৰিত্ৰ - ডাঙৰ চৰিত্ৰ বুলি কথা নাই । আৰু মূল কথা -- ' চৰিত্ৰ 'টো উপভোগ কৰিব পাৰিব লাগিব । "  -- আদিল হুছেইনে কৈছিল । " আজিৰ দৈনিক বাতৰি "ত লিখিছিলো । আৰু লিখিছিলো : আদিল হুছেইনৰ জন্ম অসমৰ গোৱালপাৰাত । অভিনয়ৰ আদি পাঠ তাতেই লৈছিল । দেখি - শুনি ! আৰু এদিন গুৱাহটীলৈ আহিছিল । গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয়ত নাম ভৰ্ত্তি কৰিছিল । স্বাভাবিকতে অভিনয়ৰ ক্ষেত্ৰখন বহল পাইছিল ! আৰু এদিন " ভায়ামামা "ৰ ওচৰ পাইছিল ।

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...