সরাসরি প্রধান সামগ্রীতে চলে যান

যতীন বৰা /১

ধাৰাবাহিক " দেউতা " , " নামঘৰীয়া " ,  " এই চহৰতে " ,  "প্ৰতিঘাত " , " বিৰিণা পাতৰ আঙঠি " ,  " নীলকণ্ঠ " , " নিশাৰ চকুলো "  আদিৰ বুনিয়াদত নিৰ্মাণ হৈছিল অসমীয়া চিনেমাৰ দীৰ্ঘ সময়ৰ নায়ক যতীন বৰা । আৰু অভিনেতা যতীন বৰাই গঢ় লৈছিল মঞ্চত ।  যিমান দূৰ মনত পৰে ১৯৮৪ চনৰ কোনো এটি দিনত প্ৰথমবাৰ লগ পাইছিলো যতীন বৰাক । তেতিয়ালৈকে মাত্ৰ এখন অসমীয়া চিনেমাত অভিনয় কৰিছিল । সাধাৰণ  চৰিত্ৰত । " চৰিত্ৰটো কেনেধৰণৰ ইত্যদি ভবা নাছিলো । - সেই সময়ত মই নাটক কৰি ঘূৰি ফুৰো ।  তেজপুৰ জিলা পুথিভঁৰালত  আব্দুল মজিদ দাই মোৰ অভিনয় দেখিছিল ! আৰু এদিন সুধিছিল -- " মোৰ নতুন চিনেমা খনত তোমাৰ বাবে চৰিত্ৰ এটা আছে । কৰিবা নেকি ? " নকৰো বুলিম নে ! সেই সুযোগ পোৱাৰ পিছত মোৰ মনলৈ বাৰে বাৰে এটা কথায়ে আহিছিল -- মই ' চামেলী মেমচা'ব 'ৰ পৰিচিলকৰ চিনেমাত অভিনয় কৰিম ! মাজে মাজে নিজকে জৰ্জ বেকাৰৰ সৈতেও ঠিয় কৰাই চাইছিলো ।  আৰূ সেই সময়ত মোৰ মন ভাল নাছিল । সৰুৰে পৰা সপোন দেখিছিলো -- চিনেমাৰ নায়ক হম । ' বিজু ফুকনৰ দৰে চিনেমাত অভিনয় কৰিম ! বিজু ফুকন - মৃদুলা বৰুৱাৰ চিনেমা আহিলেই চাইছিলো । মনতে কেতিয়াবা বিজু ফুকনৰ ঠাইত মৃদুলা  বৰুৱাৰ সৈতে মোক ভাবিছিলো ! তেনে এখন সপোনৰ দেশত  থাকোতেই সূযোগ পাইছিলো  " আই মোৰ জনমে জনমে "ত । নিপ বৰুৱাৰ চিনেমা । কিন্তু শেষত মোক নলৈ দিবাকৰ দাক লৈছিল । মোৰ হেনো বয়স কম ! সাংঘাতিক দুখ লিগিছিল । সেই দুখৰ সময়তে  " উত্তৰকাল "  ত  অভিনয়ৰ সুযোগ পাইছিলো । সেই সময়ত এটা কথায়ে চিন্তুা কৰিছিলো --  অভিনয় কৰিব লাগে  । মোৰ চিন্তা ' চৰিত্ৰ ' নাছিল , কেৱল ' চিনেমা 'হে আছিল । "  ( ভিন্ন প্ৰশ্নৰ উত্তৰত যতীন বৰা কৈছিল ।   দৈনিক কাকত " আজিৰ সংবাদ "  ৰহৈ লোৱা সাক্ষাৎকাৰত । )  -- কৈছিল যতীন বৰাই ।  " আজিৰ মানুহ "  নামৰ   গুৱাহাটী দূৰদৰ্শনৰ বাবে নিৰ্মাণ  হৈ থকা ধাৰাবাহিক  এখনৰ লোকেচনত । সোণাপুৰৰ ভিতৰুৱা গাঁও এখনত । সেই দিনা যতীন বৰাই প্ৰথম শ্বট দিয়াৰ  অভিজ্ঞতাও কৈছিল  -- "  মোক সাজু কৰোৱা হৈছিল । যেনেদৰ বুজাইছিল , তেনেদৰো কৰিবলৈ চেষ্টা কৰিছিলো । নাই , কৰিব পৰা নাছিলো !  মজিদ দাই কৈছিল মই হেনো সহজ হব পৰা নাই ।  মই খোজ কাঢ়ি গৈ দোকান এখনত সোমাব লাগে । তিনিবাৰতহে অ' কে হৈছিল । মই দোকান খনৰ আগৰ পৰা দৌৰ দিলোঁ । লাজত  , ভয়ত বা আন কিবা কাৰণত । লোকচন আছিল চামগুৰি । "  --  যতীন বৰাই কোৱা এই " কথা "ৰ মাজত  স্পষ্ট হৈ আছে " চিনেমাৰ নায়ক " হোৱাৰ পথ মসৃন নাছিল ।  আৰু যেতিয়া " উত্তৰকাল " চিত্ৰগৃহলৈ আহিছিল , অধিক স্পষ্ট হৈছিল  " চিনেমাৰ নায়ক "  নিৰ্মাণত সহায় কৰিব পৰা নহয় যতীনক লৈ নিৰ্মাণ কৰা চৰিত্ৰটো । কম ফুটেজৰ সাধাৰণ চৰিত্ৰ ।  স্বভাবিকতে অপেক্ষা ! আৰূ তাৰ পিছত মন্থৰ গতি ।  ১৯৯৫ চনত চিত্ৰগৃহলৈ অহা   প্ৰদীপ গগৈৰ  পৰিচালনাৰে নিৰ্মিত  "আই কিল হিম ছাৰ" তহে  যতীন বৰাক দেখিলো । ( ১৯৯৩ - ১৯৯৭ আছিল গুৱাহাটী দূৰদৰ্শনৰ ধাৰাবাহিকৰ  সোণালী সময় ।  আৰু এই সময় চোৱাতে  অভিনয় ক্ষমতাৰে ' ধাৰাবাহিকৰ নায়ক  ইমেজ ' পাইছিল । )  ১৯৯৭ চনত  আমাৰ কৰ্মস্থান আছিল মুম্বাই । এদিন " কিংষ্টাৰ " নামৰ চিনে সাপ্তাহিক খনত দেখিলো      আশিষ বিদ্যার্থীৰ সৈতে যতীন বৰাৰ স্থিৰ চিত্ৰ । হিন্দী চিনেমা " কালসন্ধ্যা "ৰ । কাকত খনৰ পেন'ৰামা শিতানত  তিনি কলনত লোৱা ফটো খনৰ তলত ছুটি লেখা । পৰিচালক ভবেন্দ্ৰ নাথ শইকীয়াৰ পৰিচালনা শৈলী আৰু যতীন বৰাৰ প্ৰশংসা । আৰু ২০০০ চনত  সেই একেখন কাকততে  যতীনৰ  ফটো দেখিছিলো , উত্তৰ - পূৱৰ চিনেমাৰ শিতানত । ফটোৰ তলত " কেপচন " --  মুনিন বৰুৱাৰ "হিয়া দিয়া নিয়া " ৰ প্ৰথম সপ্তাহৰ কালেকচন এশ শতাংশ । পাছত গুৱাহাটীলৈ আহি চিনেমা দুখন চাই " যতীনৰ অভিনয় " অনুভৱ  কৰিছিলো ।  চিনেমা দুখনত কৰা অভিনয়ৰ কথা মনত ৰাখি "বিস্ময় "ত লিখিছিলো  --  অসমীয়া চিনেমাৰ পৰিচালকে এজন  সম্পূৰ্ণ অভিনেতা পালে ।  পৰৱৰ্তী সময়ত (ক) "   কালসন্ধ্যা " , (খ) " হিয়া দিয়া নিয়া "ৰ বাটেৰে  আগবাঢ়িছিল যতীন বৰাৰ অভিনয় কেৰিয়াৰ । যতীনৰ অভিনয় ক্ষমতাৰ  দিশটো মনত ৰাখি কম -- (ক) বাটটো অতি চুটি আছিল  । স্বাভিবিকতে কম -- এয়া অসমীয়া চিনেমাৰ ক্ষতি । অভিনেতা গৰাকীৰো ক্ষতি । চিত্ৰৰসিকক  বহুমাত্ৰিক অভিনৰে  সন্তুষ্ট কৰিব পৰাৰ ক্ষমতা থকা স্বত্বেও কিয় ব্যৱহাৰ নহ'ল ! আনকি জাহ্নু বৰুৱাৰ " বন্ধন " তো কিয় ব্যৱহাৰ নহ'ল  ! -- নিঃসন্দেহে  চিত্ৰৰসিকৰ বাবে চৰ্চাৰ বিষয় । " বন্ধন "তো ব্যবহাৰ হৈছে " মুনিন বৰুৱাৰ নায়ক " গৰাকী বা মুনিন বৰুৱাই নিৰ্মাণ কৰা " যতীন ইমেজ " । কিছু ব্যতিক্ৰম সঞ্জীৱ সভাপণ্ডিতৰ পৰিচালনাৰে নিৰ্মিত " জুয়ে পোৰা সোন " ৰ যতীন বৰা ।  আজিও অপেক্ষাত আছো -- যতীন বৰাৰ সম্পূৰ্ণ অভিনয় ক্ষমতা ব্যৱহাৰ হোৱা " শ্ৰেষ্ঠ চৰিত্ৰ " এটাৰ । " আই কিল্ড হিম ছাৰ " - এৰে খোজ দি অসমীয়া চিনেমাৰ  " নায়কৰ ট্ৰেক "ত বিশেষ ইমেজ লৈ আগবাঢ়ে " হিয়া দিয়া নিয়া "ৰে । অভিনয় কৰে --                                         
অহংকাৰ , তুমি মোৰ মাথোঁ মোৰ , দাগ ,  শেষ উপহাৰ ,অন্য এক যাত্ৰা , কইনা মোৰ ধুনীয়া ( **  পৰিচালক সুমন হৰিপ্ৰিয়াই যতীন বৰাক লৈ " কমেডী হিৰো " নিৰ্মাণৰ চেষ্টা কৰিছে । সফল হোৱা নাই বুলি কব নোৱাৰি । কিন্তু " চৰিত্ৰ " গৈ গৈ মুনিন বৰুৱাই নিৰ্মাণ কৰা ইমেজত বন্দী হয় । ) , এই মৰম তোমাৰ বাবে ,  নায়ক  , প্ৰেম আৰু প্ৰেম , জীৱন নদীৰ দুটি পাৰ , কন্যাদান , প্ৰিয়া অ' প্ৰিয়া , ত্যাগ , মিঠা মিঠা লগনত , প্ৰেমগীত , অগ্নিসাক্ষী ,
প্ৰিয়া মিলন , বিধাতা ( ** মুনিন বৰুৱাৰ পৰিচালনা । এই চিনেমা খনত পৰিচালকে অভিনেতা গৰাকীক  চেহেৰাৰ অভিনয়ৰ সুযোগ দিছিল বা পৰিচালকে যতীনৰ চেহেৰাৰ ভাষা আৰু কেমেৰাৰ ভাষাৰে কেইবাটাও ছিকুৱেঞ্চ ৰচনা কৰিছিল । -- কথা প্ৰসংগত যতীনে কৈছিল , " মই চিনেমাৰ নায়ক হলো , অভিনেতা হব পৰা নাই । "  মই কৈছিলো -- আপোনাৰ ধাৰণা শুদ্ধ নহয় । " কালসন্ধ্যা " ,"নায়ক "ত অভিনেতা যতীন বৰাক দেখিছো । অৱশ্যে পিছৰ সময় চোৱাত " নায়ক যতীন বৰাৰ ওচৰত " অভিনেতা যতীন বৰা " নিস্প্ৰভ হৈছিল । )  , এয়াই জোনাকবিহীন জীৱন , জুমন সুমন , উজনীৰ দুজনী গাভৰু , হেঁপাহ (** মুনিন বৰুৱাই নিৰ্মাণ কৰা ইমেজৰ পৰা মুক্ত আছিল যতীন বৰাৰ অভিনয় । পৰিচালক শংকৰ বৰুৱাই যতীনৰ লগতে আন অভিনেতা - অভিনেত্ৰীকো " বাস্তৱ অভিনয় কৰোৱাইছিল । কথা প্ৰসংগত , "হেঁপাহ "ৰ কাম চলি থাকোতে  শংকৰ বৰুৱাই কৈছিল , " মই মাত্ৰ এখন অসমীয়া  চিনেমা চাইছো । জাহ্নু বৰুৱাৰ  ' হালধীয়া চৰায়ে বাঁও ধান খায়  ' । ... " -- এই যে চোৱা নাছিল , সেই বাবেই হয়তো যতীন বৰাই মুনিন বৰুৱাই নিৰ্মাণ কৰা ইমেজৰ পৰা মুক্ত হৈ অভিনয় কৰাৰ সুযোগ পাইছিল ।  -- এনেদৰে কোৱাৰ বা ভবাৰ যুক্তি ?  ২০০৮ চনৰ এটা নিশা । জ্যোতি চিত্ৰবনত চিনেমা এখনৰ চিত্ৰগ্ৰহণ চলি আছে । শ্বটৰ ফাকে ফাকে আমাৰ সৈতে যতীনৰ আলাপ বা আড্ডা ।  "নায়িকা " ই খুব এন জি দিছে । গতিকে " নায়ক " কিছু সময়ৰ  বাবে মুক্ত !  ইটো - সিটো কথা চলি আছে । হঠাতে চিত্ৰগ্ৰহণ চলি থকা চিনেমা খনৰ  পৰিচালক গৰাকী আহি কৈছিল , " যতীন  তুমিযে ' নায়ক 'ত ... ওলাই আহিছিলা , এতিয়া যে শ্বটটো লম , ঠিক তেনেকৈ আহিবা ! " -- গতিকে ভবাৰ যুক্তি নিশ্চয় আছে । ) , মা তুমি অনন্যা , হৃদয় কঁপোৱা গান ,
বাৰুদ , কাদম্বৰী , ৰং . দীনবন্ধু ( অতিথি শিল্গী । ** চিনেমা খনৰ চিত্ৰনাট্যৰ কাম চলি থকা সময়ত চৰ্চা হৈছিল -- মূল চৰিত্ৰটোত যতীন বৰাই অভিনয় কৰিব । সেই সময়ত মই এই প্ৰসংগত দৈনিক কাকত " আজি "ত লিখিছিলো । ভাইমন দা , মানে পৰিচিলক মুনিন বৰুৱাই মিছা বুলি কোৱা নাছিল । পিছত চৰ্চা হৈছিল -- চৰিত্ৰটোত অভিনয় কৰিবলৈ মান্তি নহ'ল  যতীন বৰা ! এই চৰ্চ যদি সচা আছিল , কব লাগিব -- যতীন বৰাৰ সিদ্ধান্ত শুদ্ধ নাছিল । অভিনয় ক্ষমতা প্ৰদৰ্শনৰ সুযোগ আছিল । -- এই প্ৰসংগত মই কেইবাবাৰো লিখিছো । ভাইমন দাই মিছা বুলি কোৱা নাছিল । আজিলৈকে যতীন বৰাই মিছা বুলি কোৱা নাই ।  ) ,
চুৰেন চোৰৰ পুতেক , চেনাই মোৰ ঢুলীয়া , অঘৰী আত্মা , অধিনায়ক  (** যতীন বৰাৰ প্ৰথম পৰিচালনা । চিত্ৰনাট্য মুনিন বৰুৱাৰ । পৰিচালক যতীনে অভিনেতা যতীনক মুনিন বৰুৱাই নিৰ্মাণ কৰা ইমেজৰ পৰা মুক্ত কৰিব নোৱাৰিলে । ) , দেউতা দিয়া বিদায় , ধুনীয়া তিৰোতাবোৰ ,  ৰামধেনু ,  জানমণি (** ৰজেশ ভূঞাৰ পৰিচালনা । যতীনৰ শৰীৰ অভিনয়ৰ সুপ্ৰয়োগ !  ) ,  হিয়া দিবা কাক , জিলমিল জোনাক , দূৰদৰ্শন...এটি যন্ত্ৰ ,  বহ্নিমান ( **  বিশ্বজিত বৰাৰ পৰিচালনা । বিশ্বজিতে যতীনক লৈ " এণ্টি হিৰো " নিৰ্মাণ কৰিছে । সফল হৈছে। যতীনৰ অভিনয়  চিনেমা খনৰ -- চমক । ) , নিজানৰ গান , ৰত্নাকৰ ( ** যতীন বৰাৰ দ্বিতীয় পৰিচালনা । সফল পৰিচালনা ।  ) ত । [ " ৰত্নাকৰ "  ৰ সফলতা আৰু কিছু বিফলতাৰ প্ৰসংগত লিখিম দ্বিতীয় খণ্ডত । ]

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...