সরাসরি প্রধান সামগ্রীতে চলে যান

জয়া শীল

cinema৭ এপ্ৰিলৰ খবৰ । কলকাতাৰ সাংবাদিক বন্ধু এগৰাকীয়ে দিয়া । জয়া শীলৰ নতুন চিনেমাৰ । নাম -- ' দ্য গ্রিন উইন্ডো ' (The Green Window) । ৬৪ বছৰীয়া খ্রিস্টান মহিলা জর্জিয়া ফার্নান্ডেজৰ চৰিত্ৰত অভিনয় কৰিছে জয়াই । সন্দেহ নাই সম্পূৰ্ণ নতুন ৰূপত দেখা যাব অসমৰ অভিনেত্ৰী গৰাকীক । একাকীত্ব ! জীবনেৰ শেষ সময় সময় চোৱাৰ নিঃসঙ্গতা সম্ভৱতঃ ' দ্য গ্রিন উইন্ডো 'ৰ বিষয় বস্তু । " মনেৰ জানলা খুলে নতুন কৰে জীবনকে আপন কৰে নেওয়া যায়। এমনই এক কাহিনি দর্শকদেৰ সামনে তুলে ধৰছেন অভিনেত্রী জয়া শীল ঘোষে । " ( -- হয় , জয়া শীল ঘোষ । জয়া শীলৰ স্বামীৰ নাম বিক্রম ঘোষ । ) ৰূপালী গল্পটোৰ কেন্দ্ৰ বিন্দু জয়াই অভিনয় কৰা চৰিত্ৰটো । এই হিন্দী চিনেমা খনৰ পৰিচালক ইন্দিৰা ধৰ মুখাৰ্জী । নিজৰে উপন্যাসৰ আধাৰত পৰিচালক গৰাকীয়ে চিত্ৰনাট্য ৰচনা কৰিছে । লেখক - পৰিচালক গৰাকীৰ ভাষাত -- " ৰক্তমাংসেৰ মানুষেৰ কাহিনি । একটি বৃদ্ধাশ্রমেৰ একটি জানলা। যে আসলে অনেক ঘটনাৰ সাক্ষী। কিন্তু জীবনেৰ আশাৰ কথা বলে সে। আলো দেখায়। আৰ এক জন মায়েৰ গুৰুত্ব যে কতটা, সে কথাও বলতে চেয়েছি এই ছবিৰ মাধ্যমে। " -- আমি যিমান দূৰ জানো ৰূপালী গল্পটোত ৬৪ বছৰীয়া জর্জিয়া ফার্নান্ডেজ (জয়া শীল ) পুত্ৰ ছিমোন ,পুত্ৰ বধু প্যাট্রিছিয়া আৰু নাতি চনকৰ সৈতে থাকে কলকাতাত । ছিমোনে বিদেশত ভাল চাকৰি পোৱাত পত্নি - পুত্ৰক লৈ বিদেশলৈ যায় । শাৰীৰিক অসুস্থতাৰ বাবে জর্জিয়াৰ ভিছা পোৱাত দেৰি হয়। জর্জিয়াই অকলে ঘৰত নাথাকি বৃদ্ধাশ্রমলৈ যায় । আৰু তাৰ পৰা আৰম্ভ হয় জীৱনক নতুনকৈ চোৱাৰ আন এক অধ্যায় । -- আশা কৰিব পাৰি এই চিনেমা খনেৰে অভিনেত্ৰী জয়া শীলৰো আন এক অধ্যায় আৰম্ভ হব । নাট্যকৰ্মী বাহাৰুল ইছলামে যেতিয়া জয়া শীলৰ সৈতে আমাক চিনাকী কৰি দিছিল , তেতিয়া অভিনেত্ৰী গৰাকীৰ পৰিচয় -- জনপ্ৰিয় বিহু নৃত্য শিল্পী । মঞ্চত অভিনয়ো কৰে । আৰু দ্বিতীয়বাৰ যেতিয়া মুম্বাইত লগ পাইছিলো , তেতিয়া পৰিচয় -- ' অমৃতা " ( ১৯৯৯ ) নামৰ থ্রিলাৰ হিন্দী চিনেমা এখনত অভিনয় কৰিছে । এন এছ ডি ৰ অভিনয় পাঠ শেষ কৰিছে । আৰু পৰবত্তী সময়ত অসমীয়া চিনেমা ' শেষ উপহাৰ ' ( ২০০১ ) , ' শৃংখল ' (২০ ১৩ ) ৰ লগতে কেইবাখনো তামিল, বাংলা, কন্নড়, ওড়িয়া, তেলেগু আৰু হিন্দী ভাষাৰ চিনেমাত অভিনয় কৰিছে । বিশেষ ভাবে উল্লেখ কৰিব পাৰি ' আলিফা ' ( ২০১৮ ) ' পেনিন মানাথাই থোট্টু ' ( ২০০০ ) ' সামুৰাই ' ( ২০০২ ) , ' হঠাৎ নীৰাৰ জন্য ' ( ২০০৪ ) , ' এক্সকিউছ মি '( ২০০৩ ) , কাটি কুটি ( ২০১১ ) , ' শেষ ঠিকানা ' ( ২০০০ ) ' দেশ দেবী'(২০০২ ) , ' উত্তৰা ' ( ২০০০ ) , আৰশি নগৰ (২০১৫ ) , ' থিলাদানাম ' ( 2000 ), ' এভয়াৰ অথগাদু ' ( ২০০৩ ) , ' কাঞ্চন জংঘা এক্সপ্ৰেছ ' (২০১২ ) , ' বাহালা চেননাগাইড ' ( ২০০১ ) , ' মাগুনিরা শাগাদা ' ( ২০০১ ) , ' কালাকালাপ্পু ' ২০০১ , ' ছাল ' ( ২০০২ ) আদি । ' আলিফা ' আৰু ' উত্তৰা 'ৰ অভিনয়ত অভিনেত্ৰী গৰাকীৰ ' অভিনয় পাঠৰ পূৰ্ণতা ' স্পষ্ট । সমৰেশ বসুৰ গল্পৰ আধাৰত নিৰ্মাণ কৰা বুদ্ধদেব দাশগুপ্তৰ এই পৰিচালনাত জয়াই উত্তৰাৰ চৰিত্ৰত অভিনয় কৰিছে । ( ' The film contrasts violence, human sin and lawlessness in seemingly peaceful areas. The place is a quiet village in Purulia district of Bengal . ' ) " আলিফা 'ৰ সৌন্দৰ্য ফটোগ্ৰাফী , সংগীতৰ লগতে জয়াৰ অভিনয় । ( ' This movie carries the story of a couple and their daughter Alifa as they had lost their home for soil erosion by the Beki River at Barpeta and settled in Guwahati for their livelihood. ' ) আৰু ' আলিফা 'ৰ পিছত ' দ্য গ্রিন উইন্ডো ' । by : Utpal Mena

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...