সরাসরি প্রধান সামগ্রীতে চলে যান

বাহাৰুল ইছলাম

" Barkha Bahar has been Nominated as BEST STORY WRITER for the film THE SEVENTH STRING " সামাজিক মাধ্যমত জনালে বাহাৰুল ইছলামে। কেইদিন মান  আগতে জনাইছিল --  " আৰু এক আনন্দৰ খবৰ। আমাৰ চিনেমা THE SEVENTH STRING -এ Amsterdam World International Film Festival ত নিৰ্বাচিত হৈছে। চিনেমা খনৰ প্ৰতিগৰাকী  শিল্পী আৰু কলাকুশলীৰ  এক সামূহিক প্ৰচেষ্টাৰ ফল এয়া। " -- এনেদৰে আহি আছে এখন অসমীয়া চিনেমাৰ ভাল খবৰ ! 
--বাহাৰুল ইছলামে পৰিচালনা কৰা তৃতীয় খন অসমীয়া চিনেমাৰ চলচ্চিত্ৰ মহোৎসৱ যাত্ৰাৰ , জয়ৰ শুভ সংবাদ । 
-- কথা প্ৰসংগত বাহাৰুল ইছলামে কৈছিল এই তৃতীয় পৰিচালনাৰ কথা , " চিনেমা খন বৰষাই লিখিছে । বৰষা বাহাৰ মোৰ ছোৱালী । মোৰ ছোৱালী বুলিয়ে কোৱা নাই -- সচাকৈয়ে ভাল লিখিছে । দৰ্শকক  এইবাৰ ভাল চিনেমা এখন দিব পাৰিম বুলি মোৰ মনে কৈছে ! "   বাহাৰুল দাই কোৱা শেষৰ বাক্যটোত এটা কথা স্পষ্ট হৈ আছে , নিজে পৰিচালনা কৰা  চিনেমা -- " আছেনে কোনোবা হিয়াত " আৰু " ৰ'দৰ চিঠি "ক লৈ সন্তুষ্ট নহয় । তেজত " নাটক " থকা পৰিচালক এগৰাকীৰ বাবে এয়া স্বাভাবিক কথা । নাট্য ক্ষেত্ৰত কৰি অহাৰ দৰে চিনেমা ক্ষেত্ৰ খনতো "চহকী " ( চিনেমা , অসমীয়া চিনেমাক চহকী কৰিব পৰা কাম ) কাম কৰাৰ ইচ্ছা নাট্যকৰ্মী গৰাকীৰ মন - মগজুত স্বাভাবিকতে  থাকিব । আৰু দক্ষ নাট্যকৰ্মীয়ে ,  চিনেকৰ্মীয়ে নিজৰ "কৰ্ম"ত সন্তুষ্ট নহোৱাতো স্বাভাবিক । 
 "সদায় নতুন কিবা এটা কৰিব বিছাৰো ! নতুন চিন্তা এটা মনলৈ অহাৰ পিছত আগৰ বোৰ যেন , কেতিয়াবা কেতিয়াবা সন্তুষ্ট হব নোৱাৰা পৰ্যায় পায়!  ভাল নলগা হয়। বিশেষকৈ চিনেমাৰ ক্ষেত্ৰত। কেতিয়াবা মনলৈ আহে " আছেনে কোনোবা হিয়াত " কৰিব নালাগিছিল নেকি ! আৰু এনেদৰেও ভাবো -- নকৰিলে কেনেকৈ শিকিলো হেতেন ! " -- কথা প্ৰসংগত বাহাৰুল দাই কৈছিল । কিন্তু  " আছেনে কোনোবা হিয়াত "ত সম্পূৰ্ণ হোৱাৰ পিছতে বাহাৰুল দাৰ ঘৰৰ " সৰু পৰ্দা "ত চাই আমি ( চিনেমা খনৰ নায়িকা বৰষা ৰাণী বিষয়া , বাহাৰুল দা আৰু মই ) যেতিয়া  কথা পাতিছিলো  তেতিয়া পৰিচালক গৰিকীৰ চেহেৰাত সন্তুষ্টিৰ হাঁহি দেখিছিলো ! কিন্তু " ৰ'দৰ চিঠি " চোৱাৰ পিছত যেতিয়া পৰিচাক গৰাকীক অভিনন্দন জনাইছিলো , সেই সন্তুষ্টিৰ হাঁহি দেখা নাছিলো ! আমি কিন্তু " ৰ'দৰ চিঠি " বেয়া পোৱা নাছিলো । পৰিচালকৰ নতুন চিনেচিন্তাই আকৰ্ষণ কৰিছিল । চিনেমাত " নাটক " ব্যবহাৰ কৰি চিনেমেটিক গতি দিবলৈ চেষ্টা কৰিছিল ।            বাহাৰুল দাই  যে সদায় " নতুন কিবা " কৰাৰ চিন্তাত থকে সেয়া  অনুভৱ কৰিছিলো ১৯৮৩-৮৪ৰ সময় চোৱাতে ।  মহানগৰীৰ জু ৰোডৰ জুৰণি  উপ পথটো য'ত শেষ হৈছে তাতেই বাহাৰুল দাৰ ঘৰ । সেই চৌহদৰে এটা ঘৰৰ ভাড়াটিয়া মোৰ অতি ওচৰৰ বন্ধু , লেখক - সাংবাদিক দিগন্ত ওজা । দিগন্তুৰ ঘৰত আড্ডা বহে , আজৰি সময়ত । কবি-সমালোচক ৰবীন্দ্ৰ বৰা , দিগন্তৰ বাইদেউ কবি অজন্তা ওজা , ফটো সাংবাদিক চিন্ময় ৰয় , প্ৰমোদ দা ( বৰ্তমান  অসম প্ৰকাশন পৰিষদৰ সচিব ) , আৰু ... ( দীঘল তালিকা ) । আৰু মাজে মাজে  কম সময়ৰ বাবে বাহাৰুল দা  , আহিয়ে নতুন-নতুন " চিন্তা " কয় । 
বাহাৰুল দা খুব ব্যস্ত । চৌহদতে " ছিগাল " । মোৰ ধাৰণাত " actor factory " । (  ১০ ডিচেম্বৰ , ১৯৯০ দুৱাৰ মুকলি হৈছিল আৰু তেতিয়াৰ পৰা অভিনেতা - অভিনেত্ৰী নিৰ্মাণ কৰ্ম চলি আছে । " ছিগাল "ত অভিনয়ৰ  নহয়  , অভিনয় বিজ্ঞানৰ পাঠ দিয়ে । -- এয়া মোৰ ধাৰণা । ) এদিন  আহি ক'লে , " নাটকৰ আলোচনী এখন কৰো আহা ! নাম ঠিক কৰিছো -- ' ইমুখ ' ।  তোমালোকে সহায় কৰিলে খাটাং ওলাব । " যেনেধৰনে বিচিৰিছিল সহায় কৰিলো । ওলাল । উন্মোচন কৰিছিল শিল্পী নীলপৱন বৰুৱাই , পবিত্ৰ দাৰ ঘৰত ( লেখক - সংবাদিক পবিত্ৰ কুমাৰ ডেকাৰ ঘৰত থকা ব্যক্তিগত কাৰ্যালয়টোৱে আছিল " অসম চিত্ৰ সাংবাদিক সংস্থাৰো  কাৰ্যালয় । ) । সেই আলোচনী খনৰ মাজত অনুভৱ কৰিছিলো " দক্ষ সম্পাদক বাহাৰুল ইছলাম" ক ।  লেখক বাহাৰুল ইছলামক অনুভৱ কৰিব পাৰি  "একান্ত মনেৰে " ," সীমাৰ সীপাৰে " ," বিয়ণ্ড দা অব্‌ভিয়াছ " ." খিৰিকী খুলিয়েই" ," কিছু কথা কিছু নাটক "  আদি গ্ৰন্থত।  
            "বাহাৰুল ইছলাম " ৰ বিষয়ে জানিবলৈ বাহাৰুল দাৰ সৈতে প্ৰথমবাৰ বহোতে জানিব পাৰিছিলো --  জন্ম ১৯৬৩ চনৰ ১০ অক্টোৰত । ৰংজুলীত। পিতৃৰ নাম  আব্দুছ ছামাদ , মাতৃৰ নাম  আজিজা খাতুন । দেউতাকৰ কৰ্মসূত্ৰে বাহাৰুল ইছলামে ৰংজুলীৰপৰা গৈ  লক্ষীপুৰত  প্ৰাথমিক শিক্ষা আৰম্ভ কৰে । শেষ কৰে গুৱাহাটীত । ১৯৮৬ চনত আৰ্য বিদ্যাপীঠ কলেজৰপৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰে আৰু  ১৯৮৭ - ১৯৯০ ত  নতুন দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ত আভিনয়ৰ  পাঠ লয় ।  অভিনয়ৰ স্নাতক ডিগ্ৰী লাভ কৰি বলিউড বা আন কৰোবাত অভিনয় কেৰিয়াৰৰ সন্ধান নকৰি অসমলৈ উভতি আহে। আৰু অসমৰ নাট্য উত্তৰণৰ স্বাৰ্থত কাম কৰে । আৰু নাটকৰ লগতে চিনে কৰ্মতো মন দিয়ে । অভিনয় কৰা অসমীয়া চিনেমা : সূৰুয , পিতা-পুত্ৰ ,  সংকল্প , প্ৰভাতী পখীৰ গান , আপোনজন ,  মৰম নদীৰ গাভৰু ঘাট, ৰঙা মদাৰ (চিত্ৰগৃহলৈ নাহিল ) ,  বাৰুদ , বাঘ মানুহৰ খেলা (চিত্ৰগৃহলৈ নাহিল ) , মায়া , বৈভৱ , অন্তহীন যাত্ৰা ,  সমীৰণ বৰুৱা আহি আছে  ,  আছেনে কোনোবা হিয়াত , জাতিঙ্গা ইত্যাদি , বহ্নিমান , ফেঁহুজালি , ৰক্তবীজ , কানীন , দ্য আণ্ডাৰৱ'ৰ্ল্ড  , গৰু ।  -- নাটখৰ দৰে বাহাৰুল ইছলামৰ বাবে অসমীয়া চিনেমাৰ বাট সিমান  মসৃন নাছিল । " সূৰুয "ৰ লুঙি পিন্ধি জপিয়াই থকা " বাহাৰুল "ক সহ্য কৰিব পৰা নাছিলো । টি ভি চাই সাংবাদিকতা কৰা " সমীৰণ বৰুৱা আহি আছে "ৰ " বাহাৰুল "কো সহ্য কৰিব পৰা নাছিলো!  " সম্পূৰ্ণ অভিনেতা বাহাৰুল "ক দেখিলো ২০২১ চনতহে , হিমাংশু প্ৰসাদ দাসৰ " গৰু "ত । চেহেৰা - শৰীৰৰ অসাধাৰণ অভিনয় ! আমাৰ মন ভৰাই  যোৱা এই চৰিত্ৰটোৰ বাবে বাহাৰুল দাই  যিমান পৰিশ্ৰম কৰিছিল তাতকৈ কম পৰিশ্ৰম কৰা নাছিল " সূৰুয " আদি চিনেমাৰ চৰিত্ৰ নিৰ্মানতো । আমি সহ্য কৰিব পৰা নাছিলো  পৰিচিলকে অভিনেতা গৰাকীৰ অভিনয় শক্তি ব্যৱহাৰত মন নিদিয়া বাবেহে ।

        আকৌ আহিছো "  দ্য ছেভেন্থ ষ্ট্ৰিং " প্ৰসংগলৈ । এই চিনেমা খনৰ বুনিয়াদ নিৰ্মাণ হৈছে দুই প্ৰজন্মৰ " চিন্ত "ৰে । বাহাৰুল ইছলাম - বৰ্খা ( বৰষা ) বাহাৰৰ চিন্তাৰে । আন এক উল্লেখ যোগ্য দিশ -- চিত্ৰনাট্য , পৰিচিলনাৰ লগতে সংগীত পৰিচালনা কৰিছে বাহাৰুল ইছলামে । ( অভিনেতা গৰাকীৰ " বলিউড ব্যস্ততা "  ,  " O T T " ব্যস্ততা  আজি নিলিখো । )

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...