সরাসরি প্রধান সামগ্রীতে চলে যান

প্ৰভাত শৰ্মা

প্রথম কথা- প্রভাত শর্মাৰ চিনেমাৰ সংগীত বিশ্লেষণ সহজ কাম নহয়। কেইবাখনো চিনেমাৰ সংগীতৰ কাম সংগীততে মিহলি হৈ আছে। -‘ককাদেউতাৰ ঘৰ জোঁৱাই’ৰ সংগীতৰ কাম আন তিনি সংগীতকাৰৰ সৈতে কৰিছে, ‘সন্ধ্যাৰাগ’ৰ সংগীতৰ কাম কৰিছে আন দুগৰাকী সংগীতকাৰৰ সৈতে, ‘অনল’ৰ সংগীতৰ কাম কৰিছে আন এগৰাকী সংগীত পৰিচালকৰ সৈতে। দ্বিতীয় কথা — প্রভাত শর্মাই সংগীত পৰিচালনা কৰা প্রথমখন চিনেমা ‘ব্লেকমানি’ৰ মই দর্শক হোৱা নাই, গীতো শুনা নাই। কথা প্রসঙ্গত প্রভাত শর্মাই কৈছিল, ” এদিন প্রযোজক অচ্যুত লহকৰে মোক মাতিলে। ক’লে- ‘শর্মা, মই এখন চিনেমা কৰিম। সংগীতৰ কামখিনি আপুনি কৰিব লাগিব।” কথা মতে কাম। গীত বাণীবদ্ধৰ বাবে অচ্যুত লহকৰে চোতালতে এটা অস্থায়ী ষ্টুডিঅ’ নির্মাণ কৰিলে। অভিনয়ৰ লগতে সংগীততো দখল আছিল অচ্যুত লহকৰৰ। চিনেমাখনৰ বাবে গীতো লিখিছিল। সেই সুন্দৰ গীতবোৰ এতিয়া হেৰাই থাকিল। ‘ব্লেকমানি’ৰ সময়ত চিনেমাৰ কামৰ পৰিবেশ এতিয়াৰ দৰে নাছিল। মোক ‘সংগীত’ কৰাৰ কথা কৈছিল। কৰিছিলোঁ। মই নহয়, আমি। চন্দ্র চৌধুৰী আৰু ……। নাই, নামবোৰ মনলৈ অহা নাই। আমি এজনেও ভবা নাছিলো- সংগীত পৰিচালক কোন? এই প্রশ্ন আমাৰ বাবে অবান্তৰ আছিল। আমাৰ মনত এটাই কথা–কামটো ভাল হ’ব লাগে। চিনেমাখনৰ বাবে আমি পাঁচটা গীত ‘ৰচনা’ কৰিছিলোঁ। চিনেমাখন মই আজিলৈকে চোৱা নাই, চোৱাৰ সুযোগ পোৱা নাই।” ক’ব পাৰি চিনেমাখন, চিনেমাখনৰ গীত হেৰাই থাকিল। তৃতীয় কথা– চিনেমাৰ সংগীত মানে কেৱল গীত নহয়। গীততকৈ গুৰুত্ব Background Score, Background music ৰ। চিনেমাৰ গীতক কোৱা হয় পর্দাৰ গীত, ঘটনামূলক গীত। কোৱা হয়- composition screen music বুলিয়ো। গীতৰ সফলতা স্পষ্ট হয় দৃশ্য মাধ্যমত। প্রভাত শর্মাই সংগীত পৰিচালনা কৰা আটাইকেইখন চিনেমা মই চোৱা নাই। যিকেইখন চাইছো, সেই কেইখনৰো সংগীত-ছিকুৱেন্স মনলৈ আনিব পৰা নাই। সেয়েহে প্রভাত শর্মাৰ চিনেমাৰ সংগীতৰ বিশ্লেষণ, আলোচনাৰ পৰা আঁতৰত থাকি কৰা আলোকপাতহে এয়া। সুৰৰ মালিতা লতা মংগেশকাৰে কথা প্রসংগত কৈছিল— “মোৰ দুগৰাকী প্রিয় সংগীত শিল্পী– পান্নালাল ঘোষ, হৰিপ্রসাদ চৌৰাছিয়া। পান্না বাবুয়ে বাঁহী বজোৱা নাছিল, যেন গাইছিল। ‘বসন্ত বাহাৰ’ চিনেমাৰ মোৰ এটা গীত ‘মে পিয়া তেৰী তু মানে য়া না মানে..’ শুনিবচোন। নিশ্চয় অনুভৱ কৰিব- দুগৰাকী গায়ক। এগৰাকী মই, আন গৰাকী পান্না বাবুৰ বাঁহী। মই গোৱা আন এটা গীত ‘তেৰে মেৰে হোঁঠো পে, মিঠে মিঠে গীত মিতৱা..’ আৰম্ভ হৈছিল হৰিজীৰ বাঁহীৰ সুৰেৰে। সেই গীতটোতো বাঁহী হৈ পৰিছে এগৰাকী গায়ক। দুয়ো গৰাকী বাঁহীবাদকৰে বাঁহীয়ে কথা কয়, ছবি আঁকে। ছবি আঁকিব পৰা, কথা ক’ব পৰা বাঁহীবাদকে যেতিয়া চিনেমাৰ সংগীত পৰিচালনা কৰে, মোৰ ধাৰণাত তেতিয়া কেমেৰাৰ ভাষাৰ দৰে বাঁহীৰ সুৰো স্বাভাৱিকতে চিনেমাৰ গীতৰ সৌন্দর্য হৈ পৰে।” প্রভাত শর্মাৰ বাঁহীৰ সুৰেও কথা কয়, ছবি আঁকে। আৰু প্রভাত শর্মাই সংগীত পৰিচালনা চিনেমা কেইখনৰ সৌন্দর্য হৈ পৰিছে বাঁহীৰ সুৰ। সন্দেহ নাই। কথা প্রসংগত চিনেমা পৰিচালক ধীৰাজ দাস কাশ্যপে প্রভাত শর্মাৰ বাঁহীৰ সুৰৰ চিনেমেটিক সৌন্দর্যৰ কথা কৈছিল। ধীৰাজৰ প্রথম পৰিচালনা ‘মোহমুক্তি’। নাও খেল, পাকৈত নাৱৰীয়া ‘মিঠাৰাম’ (চিনেমাখনৰ কেন্দ্রীয় চৰিত্র) চিনেমাখনৰ বিষয়বস্তু। চিনেমাখনত মাত্র এটা গীত ব্যৱহাৰ কৰিছে- ‘নৈৰ দৰে বৈ থাকে ওৰেটো জীৱনী/ ধাৰ চিনি বাই যা নাও নেপেলাবি মন..’ (কথা–কেশৱ মহন্ত, কণ্ঠ–দিলীপ দাস)। গীতটোৰে সংগীত পৰিচালক প্রভাত শর্মাই চিনেমাখনক গতি দিছে, নায়কৰ মনৰ বেদনা আঁকিছে। তেনেদৰে ‘চিনে গল্প’ টোক গতি দিছে বাঁহীৰ সুৰ, দোতাঁৰাৰে। চিনেমাখনৰ দুটামান ছিকুৱেন্সত প্রভাত শর্মাই অনুভৱ কৰিলে এটা বিশেষ ‘সাংগীতিক শব্দ’ৰ। সেই বিশেষ ‘সাংগীতিক শব্দ’ কোনো এটা বাদ্যতে সংগীত পৰিচালক গৰাকীয়ে বিচাৰি পোৱা নাছিল। শেষত দেৰগাঁৱৰ অমূল্য বৰুৱাৰ হতুৱাই বাঁহেৰে নির্মাণ কৰি অনাইছিল-বিশেষ বীণ (ইয়াতেই স্পষ্ট প্রভাত শর্মা চিনেমাত সংগীত ব্যৱহাৰত কিমান সচেতন, কিমান দ লৈ চিন্তা কৰে!)– চিনেমাখনৰ কেইবাটাও ছিকুৱেন্সত লতা মংগেশকাৰে কোৱাৰ দৰে ‘বাঁহীৰ সুৰৰ গায়ক’ স্পষ্ট। কেৱল ‘মোহমুক্তি’তে নহয়, প্রভাত শর্মাই সংগীত পৰিচালনা কৰা ‘সাৰথি’. ‘কদমতলে কৃষ্ণ নাচে’, ‘আপোনজন’, ‘সন্তান’ আদিতো লোকবাদ্য প্রয়োগ, লোক-সংগীত ব্যৱহাৰ কৰা দেখা যায়। গৌৰী বর্মনৰ পৰিচালনাৰে নির্মিত ‘আপোনজন’তো পৰিবেশ ৰচনা কৰিছিল লোকবাদ্য, লোক-সংগীতেৰে। দুখৰ ছিকুৱেন্স এটা ৰচনা কৰিছিল ‘হে মাধৱ মুকুন্দ অ’ মুৰাৰী..’ দেহ বিচাৰ গীতটিৰে। কেইবাটাও ছিকুৱেন্সত ‘বাঁহীৰ সুৰৰ গায়ক’ স্পষ্ট হৈছে। অৱশ্যেই এটা কথা উল্লেখ কৰিব পাৰি ‘অনল’ আৰু এই চিনেমাখনৰ সংগীত গতানুগতিক। ইয়াৰ বিপৰীতে ‘কদম তলে কৃষ্ণ নাচে’ৰ সংগীত সু-পৰিকল্পিত। চিনেমাৰ অলংকাৰেই নহয়, অংগ হৈ পৰিছে সংগীত। বৰগীত-হোলী গীতৰ ‘চিনে-সাংগীতিক ডিজাইন’ আছিল ‘কদম তলে কৃষ্ণ নাচে’ৰ সফলতাৰ মূলমন্ত্র। সংগীতৰ সু-প্রয়োগৰ বাবে ‘চিনেমাৰ বাবে গীত’ ৰূপান্তৰ হৈছিল ‘গীতৰ বাবে চিনেমা’লৈ। সংগীতৰ কোনো এটা শ্বটতে আধুনিক উপাদানৰ প্রলেপ নাছিল, সত্রীয়া পৰম্পৰাৰ বৃত্তৰ বাহিৰৰ নাছিল, কিন্তু ‘কালাৰফুল’ আছিল। ‘কালাৰফুল’ সংগীতৰ বাবে কাহিনী, বিষয়বস্তু নিস্প্রভ হোৱা নাছিল; বৰঞ্চ অধিক উজ্জ্বল হৈছিল, গতি পাইছিল। ইয়াতই স্পষ্ট প্রভাত শর্মাৰ দক্ষতা, ‘সংগীত ক্ষমতা’। আন দুগৰাকী পৰিচালকৰ সৈতে ‘সন্ধ্যাৰাগ’ আৰু ভবেন্দ্র নাথ শইকীয়াৰ আন এখন চিনেমা ‘সাৰথি’ৰ সংগীত পৰিচালনা কৰিছে প্রভাত শর্মাই। ‘সাৰথি’ৰ সংগীতত বিশেষভাৱে ব্যৱহাৰ কৰিছে বাঁহী, সৰোদ। চিনেমাখনত বাঁহী, সৰোদ ‘শব্দ’ (সংলাপ, ‘গায়ক’) লৈ ৰূপান্তৰিত হৈছে। পৰিচালক ভবেন্দ্র নাথ শইকীয়াৰ বাবেই হওল বা সংগীত পৰিচালকৰ বাবেই হওক — চিনে গল্পটোত সংগীত মেদশূন্য। সংগীত পৰিচালক প্রভাত শর্মা জনপ্রিয় হৈছিল ‘সন্তান’ চিনেমাত ব্যৱহাৰ কৰা গীতেৰে। হয়, ‘গীতে’ৰে। প্রভাত শর্মাই সংগীত পৰিচালনা কৰা দ্বিতীয় খন চিনেমা ‘সন্তান’–অমৰ পাঠকৰ পৰিচালনা। “আহাচোন আহা কাষতে বহা, কোৱাচোন কোৱা চেনাই; নাহাঁহা নেমাতা কথাও নোকোৱা কিয়?- লাজ কৰিছা?…” — গীতটো সংলাপ যেন লাগে, ‘গল্প’ আছে। সংলাপৰ গল্পটো সুৰেৰে বান্ধি গীতলৈ ৰূপান্তৰ কৰিছে প্রভাত শর্মাই। সুৰত বন্ধা আছে নাটকীয় আবেদন। লোকগীতৰ সংগীতকাৰ গৰাকীয়ে গল্পটোত ব্যৱহাৰ কৰিছে পপ সংগীত। কেবাৰে+ছেন্সুৱেলিটি (সংগীতকাৰ তৰালি শর্মাৰ সাংগীতিক অংক!) স্পষ্ট। — চিনেমা খনত ব্যৱহাৰ কৰা আন এটা গীত “ৰিং ৰিং হুৰা হুৰা…”। এই গীতটোৰ সুৰ ৰচনা হৈছে ৱেষ্টার্ণৰ সৈতে কামৰূপী লোকগীতৰ সংমিশ্রণেৰে। এই গীতটোত আছে ছবি- আকাশ চুবলৈ খোজাৰ ছবি। সু-পৰিকল্পিত ভাৱে ব্যৱহাৰ কৰিছে “শংকৰে বোলে বাণী ভকতক মাতি আনি..” লোকগীতটোৰ সুৰ, এটা পংক্তি। — ‘অসমীয়া চিনেমাৰ সংগীত’ প্রসঙ্গত চর্চা হ’লে আমাৰ মনলৈ আহে, এই গৰাকী সংগীত পৰিচালকক ‘অসমীয়া চিনেমা’ই কিয় হেৰুৱালে?

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...