ৰঞ্জন বেজবৰুৱাক নাজানিছিলো।
ৰঞ্জন বেজবৰুৱাৰ 'গীত'ক জানিছিলো। সংগীতকৰ্মী গৰাকীৰ সংগীত কৰ্মই আমাক আকৰ্ষন কৰিছিল বাবেই জানিছিলো।
ৰঞ্জন বেজবৰুৱাই সংগীতসূৰ্যৰ গীত গাইছিল, সংস্কৃতত।
২০১৮ চন। ভূপেন হাজৰিকা কেন্দ্ৰীক লেখাৰ 'চিৰিজ' এটাৰ পৰিকল্পনা কৰিছিলো। ইংৰাজীত। ২০১৯ চনত কামটো চলি থকা সময়তে মনলৈ আহিছিল ৰঞ্জন বেজবৰুৱাই ভৃপেন হাজৰিকাৰ সংগীতৰ কাম সংস্কৃতত কৰিছে, কৰি আছে। গতিকে সংগীতকৰ্মী গৰাকীক বাদ দি 'চিৰিজ'টো সম্পূৰ্ণ হব নোৱাৰে! আৰু আমি তুৰন্তে 'ফোন' কৰিছিলো। সংগীত কৰ্মী গৰাকীয়ে কৈছিল-- 'মই গোৱা মানুহ! লিখিবলৈ চেষ্টা কৰিম।' আৰু নিৰ্দিষ্ট সময়ত আমি যেনেধৰণৰ বিচাৰিছিলো, তেনেধৰণৰ লেখা এটা দিছিল।
-- ইমানতে শেষ হব লাগিছিল!
-- স্বাভাবিকতে ইমানতে শেষ হয়। কিন্তু ৰঞ্জন বেজবৰুৱাই লেখাটো আমাক দিয়াৰ পিছৰে পৰা আমাৰ প্ৰকল্পৰ এজন হৈছিল। প্ৰতিটো মূহুৰ্ততে খবৰ ৰাখিছিল। আৰু প্ৰকল্পৰ প্ৰথম খণ্ডটো উন্মোচন কৰাৰ দিনা পুৱা কলকাতাৰ অসম ভৱনত উপস্থিত হৈছিল। (-- হয়, ২০১৯ চনৰ ১ডিচেম্বৰত প্ৰকল্পৰ প্ৰথম খণ্ড 'Bhupen Hazarika' উন্মোচন কৰিছিল অসমীয়া চিনেমা 'চামেলী মেমচা'ব'ৰ নায়ক-নায়িকা জৰ্জ বেকাৰ-বিনীতা বৰগোহায়ে। অনুষ্ঠান আৰম্ভ হৈছিল ৰঞ্জন বেজবৰুৱাৰ সংগীতেৰে। অনুষ্ঠানত উপস্থিত আছিল লেখক গৌতম প্ৰসাদ বৰুৱা, গায়িকা ডলী ঘোষ আৰু ভালেমান সংগীত ৰসিক। সেইদিনা সকলোৱে ৰঞ্জন বেজবৰুৱাৰ সংগীত সৌন্দৰ্য ৰ কথা কৈছিল।)
১ ডিচেম্বৰ, ২০১৯। বৰ্ষাসিক্ত কলকাতা। ৰাছেল ষ্ট্ৰিটত গৰম ইডলী-চাম্বাৰৰ সোৱাদ লৈ আছিলো। দূৰৰ পৰা দেখিছিলো -- সেই গৰাকী ৰঞ্জন বেজবৰুৱা নহয়তো!
'হয়, মই ৰঞ্জন বেজবৰুৱা।' -- আমি ওচৰ পাইছিলো। কথা পাতিছিলো।
আৰু কথা পাতিছিলো।
--আন দহজনৰ দৰে ৰঞ্জন বেজবৰুৱাৰ সংগীত-কৰ্ম নহয়। সংগীতকৰ্মীগৰাকীৰ সংগীতৰ ভাষা-- সংস্কৃত। কথা প্ৰসংগত জানিব বিচাৰিছিলোঁ তেওঁৰ গীতৰ ভাষা সংস্কৃত কিয়?
উত্তৰত কৈছিল-- 'সংস্কৃত অতি সাংগীতিক আৰু শ্ৰুতিমধুৰ ভাষা। যিকোনো কথা সংস্কৃতত উচ্চাৰণ কৰিলে সি অধিক আৱেদনময় হৈ পৰে। গীতৰ ক্ষেত্ৰত এই আৱেদন হয় সৰ্বাধিক। সেয়েহে সংস্কৃতৰ দৰে এটি অৰ্থ-গৌৰৱময় ধ্ৰুপদী ভাষাত গীত ৰচনা কৰা বা অন্য ভাষাৰ গীত ৰূপান্তৰ কৰি গোৱাটো মোৰ বাবে হৈ পৰিল এক স্বপ্ন, এক সাধনা।'
আৰু কৈছিল
'সংস্কৃত ভাষাত মৌলিক বা অনূদিতৰূপত গীত পৰিৱেশন কৰিলে কেইবাটাও উদ্দেশ্যে সিদ্ধি হ’ব পাৰে। প্ৰথমে-- আমাৰ প্ৰান্তীয় সংগীত ধাৰাই অৱধাৰিতভাৱে লাভ কৰিব পাৰে-- এক নতুন ব্যাপ্তি, নতুন দীপ্তি তথা ধ্ৰুপদী মহিমা। গীতে-সংগীতে, ধ্বনিয়ে-প্ৰকাশে এক অনুপম ‘ভাৰতীয়ত্ব’ ইয়াত নতুনকৈ যুক্ত হ’ব পাৰে। তাৰ দ্বাৰা আমাৰ জাতীয় সংগীতধাৰা হৈ পৰিব পাৰে বিশ্বজনীন। কিয়নো সংস্কৃত একে সময়তে ভাৰতীয় আৰু আন্তৰ্জাতিক ভাষা। ভাষাতত্ত্বৰ ইতিহাসৰ দৃষ্টিৰে প্ৰায় পাঁচ হেজাৰ বছৰীয়া ইণ্ডো-ইউৰোপীয় ভাষা গোষ্ঠীৰ জ্যেষ্ঠ দুহিতা সংস্কৃতৰ লগত আছে বিশ্বৰ বহু প্ৰসিদ্ধ প্ৰধান ভাষাৰ নাড়ী।'
ৰঞ্জন বেজবৰুৱাক আমি জানিছিলো!
--ৰঞ্জন বেজবৰুৱাৰ জন্ম ১৯৭১ চনত অসমৰ নগাঁৱৰ হাতীচোঙত। পিতৃ: শিক্ষাবিদ, সাহিত্যিক ৰোহিত চন্দ্ৰ বেজবৰুৱা। মাতৃ: শিক্ষয়িত্ৰী, শিল্পী সুভদ্ৰা বেজবৰুৱা।
শিক্ষা: নগাঁৱৰ এ. ডি. পি. কলেজ, কটন কলেজ, গৌহাটী বিশ্ববিদ্যালয়। সংস্কৃত সাহিত্যৰ এম. এ. ৰঞ্জন বেজবৰুৱাই সংস্কৃত ভাষাত সংগীত চৰ্চায়ো আগবঢ়াই নিয়ে আৰু সংগীত ৰসিকৰ মাজত চৰ্চা লাভ কৰে।
বেজবৰুৱাই জ্যোতিপ্ৰসাদৰ ‘জানো জানো জানো, বিফলে নাযায়, মোৰ গানো...' গীতটোৰে সংগীত যাত্ৰা আৰম্ভ কৰে। আৰু আগবাঢ়ে জ্যোতি প্ৰসাদ আগৰৱালাৰ লগতে বিষ্ণু ৰাভা, ভূপেন হাজৰিকা, ৰবীন্দ্ৰনাথ, ইকবাল, কবি প্ৰদীপ, এ আৰ ৰহমান আদিৰ গীতৰে। ‘অ’ মোৰ আপোনাৰ দেশ...' ‘‘একলা চলো ৰে...’, ‘চাৰে জাহা চে আচ্ছা...’ ও সংস্কৃত ভাষালৈ অনুবাদ কৰিছে আৰু গাইছে। কব পাৰি সংস্কৃত ভাষাৰে সংগীতৰ নতুন বাটৰ সৌন্দৰ্য বঢ়াইছে ৰঞ্জন বেজবৰুৱাই।
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন