সরাসরি প্রধান সামগ্রীতে চলে যান

ৰঞ্জন বেজবৰুৱা

ৰঞ্জন বেজবৰুৱাক নাজানিছিলো।
ৰঞ্জন বেজবৰুৱাৰ 'গীত'ক জানিছিলো। সংগীতকৰ্মী গৰাকীৰ সংগীত কৰ্মই আমাক আকৰ্ষন কৰিছিল বাবেই জানিছিলো। 
ৰঞ্জন বেজবৰুৱাই সংগীতসূৰ্যৰ গীত গাইছিল, সংস্কৃতত।
২০১৮ চন। ভূপেন হাজৰিকা কেন্দ্ৰীক লেখাৰ 'চিৰিজ' এটাৰ পৰিকল্পনা কৰিছিলো। ইংৰাজীত। ২০১৯ চনত কামটো চলি থকা সময়তে মনলৈ আহিছিল ৰঞ্জন বেজবৰুৱাই ভৃপেন হাজৰিকাৰ সংগীতৰ কাম সংস্কৃতত কৰিছে, কৰি আছে। গতিকে সংগীতকৰ্মী গৰাকীক বাদ দি 'চিৰিজ'টো সম্পূৰ্ণ হব নোৱাৰে! আৰু আমি তুৰন্তে 'ফোন' কৰিছিলো। সংগীত কৰ্মী গৰাকীয়ে কৈছিল-- 'মই গোৱা মানুহ! লিখিবলৈ চেষ্টা কৰিম।' আৰু নিৰ্দিষ্ট সময়ত আমি যেনেধৰণৰ বিচাৰিছিলো, তেনেধৰণৰ লেখা এটা দিছিল। 
-- ইমানতে শেষ হব লাগিছিল!
-- স্বাভাবিকতে ইমানতে শেষ হয়। কিন্তু ৰঞ্জন বেজবৰুৱাই লেখাটো আমাক দিয়াৰ পিছৰে পৰা আমাৰ প্ৰকল্পৰ এজন হৈছিল। প্ৰতিটো মূহুৰ্ততে খবৰ ৰাখিছিল। আৰু প্ৰকল্পৰ প্ৰথম খণ্ডটো উন্মোচন কৰাৰ দিনা পুৱা কলকাতাৰ অসম ভৱনত উপস্থিত হৈছিল। (-- হয়, ২০১৯ চনৰ ১ডিচেম্বৰত প্ৰকল্পৰ প্ৰথম খণ্ড 'Bhupen Hazarika' উন্মোচন কৰিছিল অসমীয়া চিনেমা 'চামেলী মেমচা'ব'ৰ নায়ক-নায়িকা জৰ্জ বেকাৰ-বিনীতা বৰগোহায়ে। অনুষ্ঠান আৰম্ভ হৈছিল ৰঞ্জন বেজবৰুৱাৰ সংগীতেৰে। অনুষ্ঠানত উপস্থিত আছিল লেখক গৌতম প্ৰসাদ বৰুৱা, গায়িকা ডলী ঘোষ আৰু ভালেমান সংগীত ৰসিক। সেইদিনা সকলোৱে  ৰঞ্জন বেজবৰুৱাৰ সংগীত সৌন্দৰ্য ৰ কথা কৈছিল।)
    ১ ডিচেম্বৰ, ২০১৯। বৰ্ষাসিক্ত কলকাতা। ৰাছেল ষ্ট্ৰিটত গৰম ইডলী-চাম্বাৰৰ সোৱাদ লৈ আছিলো। দূৰৰ পৰা দেখিছিলো -- সেই গৰাকী ৰঞ্জন বেজবৰুৱা নহয়তো!
    'হয়, মই ৰঞ্জন বেজবৰুৱা।' -- আমি ওচৰ পাইছিলো। কথা পাতিছিলো। 
    আৰু কথা পাতিছিলো।
     --আন দহজনৰ দৰে ৰঞ্জন বেজবৰুৱাৰ সংগীত-কৰ্ম নহয়। সংগীতকৰ্মীগৰাকীৰ সংগীতৰ ভাষা-- সংস্কৃত। কথা প্ৰসংগত জানিব বিচাৰিছিলোঁ তেওঁৰ গীতৰ ভাষা সংস্কৃত কিয়?
 উত্তৰত কৈছিল-- 'সংস্কৃত অতি সাংগীতিক আৰু শ্ৰুতিমধুৰ ভাষা। যিকোনো কথা সংস্কৃতত উচ্চাৰণ কৰিলে সি অধিক আৱেদনময় হৈ পৰে। গীতৰ ক্ষেত্ৰত এই আৱেদন হয় সৰ্বাধিক। সেয়েহে সংস্কৃতৰ দৰে এটি অৰ্থ-গৌৰৱময় ধ্ৰুপদী ভাষাত গীত ৰচনা কৰা বা অন্য ভাষাৰ গীত ৰূপান্তৰ কৰি গোৱাটো মোৰ বাবে হৈ পৰিল এক স্বপ্ন, এক সাধনা।'
  আৰু কৈছিল
'সংস্কৃত ভাষাত মৌলিক বা অনূদিতৰূপত গীত পৰিৱেশন কৰিলে কেইবাটাও উদ্দেশ্যে সিদ্ধি হ’ব পাৰে। প্ৰথমে-- আমাৰ প্ৰান্তীয় সংগীত ধাৰাই অৱধাৰিতভাৱে লাভ কৰিব পাৰে-- এক নতুন ব্যাপ্তি, নতুন দীপ্তি তথা ধ্ৰুপদী মহিমা। গীতে-সংগীতে, ধ্বনিয়ে-প্ৰকাশে  এক অনুপম ‘ভাৰতীয়ত্ব’ ইয়াত নতুনকৈ যুক্ত হ’ব পাৰে। তাৰ দ্বাৰা আমাৰ জাতীয় সংগীতধাৰা হৈ পৰিব পাৰে বিশ্বজনীন। কিয়নো সংস্কৃত একে সময়তে ভাৰতীয় আৰু আন্তৰ্জাতিক ভাষা। ভাষাতত্ত্বৰ ইতিহাসৰ দৃষ্টিৰে প্ৰায় পাঁচ হেজাৰ বছৰীয়া ইণ্ডো-ইউৰোপীয় ভাষা গোষ্ঠীৰ জ্যেষ্ঠ দুহিতা সংস্কৃতৰ লগত আছে বিশ্বৰ বহু প্ৰসিদ্ধ প্ৰধান ভাষাৰ নাড়ী।'
ৰঞ্জন বেজবৰুৱাক আমি জানিছিলো!
    --ৰঞ্জন বেজবৰুৱাৰ জন্ম ১৯৭১ চনত অসমৰ নগাঁৱৰ হাতীচোঙত। পিতৃ: শিক্ষাবিদ, সাহিত্যিক  ৰোহিত চন্দ্ৰ বেজবৰুৱা। মাতৃ: শিক্ষয়িত্ৰী, শিল্পী সুভদ্ৰা বেজবৰুৱা। 
       শিক্ষা: নগাঁৱৰ এ. ডি. পি. কলেজ,  কটন কলেজ, গৌহাটী বিশ্ববিদ্যালয়। সংস্কৃত সাহিত্যৰ এম. এ. ৰঞ্জন বেজবৰুৱাই সংস্কৃত ভাষাত সংগীত চৰ্চায়ো আগবঢ়াই নিয়ে আৰু সংগীত ৰসিকৰ মাজত চৰ্চা লাভ কৰে। 
       বেজবৰুৱাই জ্যোতিপ্ৰসাদৰ ‘জানো জানো জানো, বিফলে নাযায়, মোৰ গানো...'  গীতটোৰে সংগীত যাত্ৰা আৰম্ভ  কৰে। আৰু আগবাঢ়ে জ্যোতি প্ৰসাদ আগৰৱালাৰ লগতে বিষ্ণু ৰাভা, ভূপেন হাজৰিকা, ৰবীন্দ্ৰনাথ, ইকবাল, কবি প্ৰদীপ, এ আৰ ৰহমান আদিৰ গীতৰে।  ‘অ’ মোৰ আপোনাৰ দেশ...' ‘‘একলা চলো ৰে...’, ‘চাৰে জাহা চে আচ্ছা...’ ও সংস্কৃত ভাষালৈ অনুবাদ কৰিছে আৰু গাইছে। কব পাৰি সংস্কৃত ভাষাৰে সংগীতৰ নতুন বাটৰ সৌন্দৰ্য বঢ়াইছে ৰঞ্জন বেজবৰুৱাই।

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...