চিত্ৰনাট্য প্ৰসংগত বহুতে গদাৰক (Jean-Luc Godard) পছন্দ কৰিছিল। কৰে। সত্যজিত ৰায়ে কিন্তু নকৰিছিল। কাৰণ?
'গদাৰৰ প্রায় চলচ্চিত্ৰ লক্ষ্য কৰিলে দেখা যাব যে তেওঁৰ এটা লক্ষ্য হল চিনেমাৰ সনাতন ৰীতি সমূহ অত্যন্ত সচেতনভাবে ভাঙা । কাৰ্যতঃ গদাৰক বুজাৰ আগে জানি লোৱা উচিৎ সনাতন ৰীতিসমূহ। চিত্রনাট্যকাৰৰ কোনো সমস্যাৰ সৈতে সাহিত্যিকৰ সমস্যাৰ বিশেষ কোন পাৰ্থক্য নাই। দুজনৰ কাম হ'ল কোন এটি বিষয়বস্তুক ভাষাৰে ব্যক্ত কৰা। পাৰ্থক্য এই যে, সাহিত্যিকে কেৱল কথাৰ আশ্রয় লয়; চিত্রনাট্যকাৰে কিছু কথাৰে আৰু কিছু ছবি - ধ্বনিৰ মাজেৰে কোৱাৰ বাট মুকলি কৰি দিয়ে পৰিচালকক।' -- সত্যজিত ৰায়ৰ ব্যখ্যা। চিনেমাৰ সনাতন ৰীতিসমূহৰ বাহিৰত থাকি কৰা চিনেকৰ্মৰে চিনেমাৰ উত্তৰণৰ বাট দেখা নাছিল দক্ষ পৰিচালক গৰাকীয়ে।
সত্যজিত ৰায়ে গদাৰক পছন্দ নকৰা প্ৰসঙ্গৰ স্পষ্ট ছবি এখন আজিও অনুভৱ কৰিব পৰা নাই। পৰিচিলক গৰাকীৰ গদাৰ কেন্দ্ৰীক ব্যাখ্যাবোৰ (মই পঢ়া) স্পষ্ট হৈয়ো অস্পষ্ট। হয়তো কথাটো এনে ধৰণৰ হব-- চিনেমাৰ মূলধাৰাৰ (যি ধাৰাক ভাৰতত 'সমান্তৰাল' আৰু চিনেমাৰ ভুল চৰ্চাৰ বাবে হোৱা বিভাজনৰ পিছত 'আৰ্ট ফিল্ম' বুলি কোৱা হয়।) পৰা আতৰি গদাৰে চিনেকৰ্ম কৰিছিল। ফৰাচি নবকল্লোল (French novelty) চিনেমা ধাৰণা নিৰ্মাণ আন্দোলনৰ প্রধান চিনেকৰ্মী আছিল। কোৱা হয় 'সচেতনভাবে ধ্রুপদী ছিনেমেটিক ৰূপায়ণ প্রত্যাখ্যান কৰিছিল' গদাৰে (গদাৰ আৰু,ফ্রঁছোয়া ত্রুফো, এৰিক ৰোমাৰ, ক্লোদ শাব্রল আৰু জাক ৰিভেতে)। গদাৰৰ পক্ষত থাকি এই নতুন ধাৰাৰ বাট বহল কৰাত সহায় কৰিছিল চিনেমা কেন্দ্ৰীক আলোচনী 'Cahiers du cinéma'ই। কম সময়ৰ ভিতৰতে এই ধাৰা জনপ্ৰিয় ধাৰালৈ ৰূপান্তৰ হৈছিল। গদাৰৰ 'দ্য লিটল ছোলজাৰ' (১৯৬০), 'এ উইমেন ইজ এ উইমেন' (১৯৬১), 'মাই লাইফ টু লিভ' (১৯৬৩), কনটেম্পট (১৯৬৩), 'এ মেৰিড উইমেন' (১৯৬৪), 'পিয়েৰে ল্য ফু' (১৯৬৫), 'মেইড ইন ইউ. এছ. এ' (১৯৬৬), 'উইক এন্ড' (১৯৬৭), 'নিউ ৱেভ' (১৯৯০), 'জেএলজি/জেএলজি' (১৯৯৪), 'গুডবাই টু লেঙ্গুৱে'জ (২০১৪) আদিক জনপ্ৰিয় চিনেমা বুলি কোৱা হৈছিল। কেইবা গৰিকীও চিনেপণ্ডিতৰ লেখাত পঢ়িছো 'নিউ ৱেভ’ চিনেমাৰ জনক গৰাকীয়ে ১৯৬০ চনত প্রথম খন পূর্ণ দৈর্ঘৰ চিনেকৰ্ম ‘আ বু দ্য ছুফ্ল' (Aa bu the sufdhal) -এৰে নতুন চিনেমাৰ ভাষা জন্ম দিছিল। ৮৭ মিনিট দৈৰ্ঘৰ এই চিনেমা খনৰ চিত্ৰনাট্যক আজিৰ জনপ্ৰিয় চিনেমাৰ চিত্ৰনাট্যৰ শিপা বুলি কোৱা হয়।
'গদাৰে সেই সময়ৰ, আগৰ চিনেমা অধ্যয়ন কৰিছিল, সংগ্ৰহ কৰি চিত্ৰনাট্য অধ্যয়ন কৰিছিল। আৰু অধ্যয়ন কৰি অনুভৱ কৰিছিল --কোনো গতি নাই, কোনো নতুন বাট নাই। নতুন নতুন চিন্তা অৱশ্যেই আছে, কিন্ত এটা বৃত্তত বন্দী। প্ৰথম খন চিনেমাৰ, প্ৰথম খন চিত্ৰনাট্যতে বৃত্ত ভাঙিছিল গদাৰে। 'কাহিনী ব্যাখ্যাৰ নামত ফুটেজ খৰচ নকৰাত, গতি দ্ৰুত কৰাত গুৰুত্ব দিছিল চিত্ৰনাট্যকাৰ গদাৰে। সাতটা স্তৰত ৰচনা কৰিছিল প্ৰথম খন চিত্ৰনাট্য। প্ৰথম স্তৰত চিত্ৰনাট্য খনৰ দৈৰ্ঘ আছিল ২০৭ মিনিট। সংলাপ আছিল, কেমেৰাৰ ভাষা প্ৰয়োগৰ ব্যাখ্যা আছিল। সপ্তম স্তৰত চিত্ৰনাট্য খনৰ দৈৰ্ঘ আছিল ৮০ মিনিট। গদাৰৰ মতে, চিত্ৰনাট্যৰ দৈৰ্ঘ কমোৱা কাৰ্যই চিনেমাৰ গতি বঢ়াইছিল।'
কোৱা হয় --গদাৰৰ প্ৰথম পৰিচয় দক্ষ চিনেমা সমালোচক। সমালোকৰ দৃষ্টিৰে ভালেমান চিনেমাৰ 'গতি'ৰ ত্ৰুটি সন্ধান কৰিছিল, বিছাৰি পাইছিল আৰু 'দ্ৰুত গতি সূত্ৰ আৱিস্কাৰ' কৰিছিল।
এয়া স্পষ্ট --গদাৰ কোনো এখন চিনেমায়ে 'চিনেমাৰ ভাষা'ৰ বাবে নাছিল, পৰিপাটিকৈ 'গল্প' দৰ্শকৰ ওচৰলৈ নিয়াৰ বাবে 'চিনেমাৰ ভাষা' প্ৰয়োগ কৰিছিল। গদাৰে কৈছিল--'কাহিনী চিত্ৰায়ণত সাহিত্যৰ নিচা বাদ দিলেহে দ্ৰুতগতি সম্ভৱ।' চিনেমাৰ এটা মূল দিশ --গতি। কথাছবি (Sound film) চিনেমাৰ বুনিয়াদ নহয়, চিনেমাৰ বুনিয়াদ চলমান ছবিহে (Moving picture)। গতিকে গদাৰে কব খোজে 'কথা' নহয়, 'গতি'হে চিনেমাৰ মূলমন্ত্ৰ।
গদাৰে বিশ্বাস কৰিছিল চিনেমাৰ নিয়ন্ত্ৰক চিত্ৰনাট্য। সফল চিনেমাৰ বুনিয়াদ সুপৰিকল্পিত চিত্ৰনাট্য।
পৰিচালকৰ চিত্ৰনাট্য, অভিনেতাৰ বাবে চিত্ৰনাট্য, চিত্ৰগ্ৰহণকাৰীৰ বাবে চিত্ৰনাট্য ধাৰণা আৰম্ভ কৰে গদাৰে। আধুনিক চিত্রনাট্য ৰচনাৰ ৰীতিৰো পৰিবর্তন হৈছিল গদাৰৰ নেতৃত্বত সেই সময় চোৱাতে। গদাৰৰ শৈলীৰ এই চিত্ৰনাট্যৰ 'সাহিত্য মুল্য' নাছিল। বিপৰীতে সত্যজিত ৰায়ৰ লগতে ঋতুপর্ণ ঘোষ, ঋত্বিক ঘটক, বুদ্ধদেব দাশগুপ্ত, মৃণাল সেন আদি পৰিচালকৰ চিত্রনাট্যৰ গ্ৰন্থৰ বজাৰত গুৰুত্ব আছিল, আছে। ভবেন্দ্ৰ নাথ শইকীয়াৰ চিত্ৰনাট্যও প্ৰন্থৰ আকাৰ পাইছে। জ্যোতি প্ৰসাদ আগৰৱালাৰ 'জয়মতী', 'ইন্দ্ৰমালতী'ৰ চিনেৰস আজিৰ চিত্ৰৰসিকে অনুভৱ কৰিছ চিত্ৰনাট্য পঢ়ি।
বিষ্ণু প্ৰসাদ ৰাভাৰ 'চিত্ৰনাট্য' কেৱল পঢ়াৰ বাবেই ৰৈ গ'ল। বিষ্ণুপ্ৰসাদ ৰাভাই চিত্ৰনাট্য লিখিছিল -- 'শংকৰদেৱ', 'সীমিন্তৰ সৈনিক', 'কুমাৰ হৰণ', 'ধুমুহা', 'বোৱঁতী সুঁতি'ৰ। কিন্তু 'চিনেমা' কেইখন কাগজতে থাকিল। 'মোক কৈছিল -- হেৰা চণ্ডী (থানুৰাম বৰাই দ্বিতীয় খন অসমীয়া চিনেমা ' ইন্দ্ৰ মালতী 'ত চণ্ডীৰামৰ চৰিত্ৰত অভিনয় কৰিছিল ।) বোলছবি কৰিম। তুমিয়ো অভিনয় কৰিব লাগিব।' -- কথা প্ৰসংগত তেজপুৰৰ থানুৰাম বৰাই আমাক কৈছিল। থানুৰাম বৰাৰ মতে, 'সময় নাছিল। বহু কামৰ পিছত দৌৰা মানুহ। ছবিৰ কামত বহু সময় দিব লাগে । ছবি এদল মানুহে কৰা কাম । আনৰ সৈতেও পৰিচালকে সময় মিলাব লাগে। মই ভাবো ইচ্ছাহে আছিল, সময় নাছিল।'
বহুতে কব খোজে 'চিৰাজ' সম্ভৱ হৈছিল ফনী শৰ্মাৰ বাবে । -- বিষ্ণুপ্ৰসাদ ৰাভাই চিৰাজৰ চিত্ৰনাট্য - পৰিচালনা ফনী শৰ্মাৰ সৈতে কৰিছিল । সংগীতৰো কাম কৰিছিল। অভিনয়ো কৰিছিল । ( 'এৰাবাটৰ সুৰ ', 'প্ৰতিধ্বনি' তো আভিনয় কৰিছিল।) -- এই যে চিনেমাৰ বাবে 'সময় সমস্যা'ৰ কথা কোৱা হৈছে যুক্তিহীন নহয় । শুনা যায় ( কথা প্ৰসংগত লোক সংগীতৰ সাধক প্ৰভাত শৰ্মাইও কৈছিল ) 'চিৰাজ'ৰ চিত্ৰগ্ৰহণৰ সময়ত হেনো প্ৰায়ে বিছাৰি আনিব লগীয়া হৈছিল ! আন কিবা কামত ব্যস্ত হৈ পৰিছিল , চিনেমাৰ কথা পাহৰি আছিল বিষ্ণু প্ৰসাদ ৰাভাই।

মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন