১৩৪ মিনিট দৈৰ্ঘৰ এখন ভাৰতীয় চিনেমা-- 'মন্থন'। শ্যাম বেনেগালৰ পৰিচালনা। গুজৰাট কো-অপাৰেটিভ মিল্ক মার্কেটিং ফেডাৰেশ্ব লিমিটেডৰ প্ৰযোজনা। ডঃ ভির্গেচ কুৰিয়েনৰ দুগ্ধ সমবায় প্রতিষ্ঠা আন্দোলন চিনেমা খনৰ মূল বিষয়বস্তু। কাহিনী ডঃ কুৰিয়েন আৰু বিজয় তেণ্ডুলকাৰৰ। কথাটো দৰাচলতে এনেধৰণৰ-- ডঃ কুৰিয়ানে শ্বেত বিপ্লবক কেন্দ্ৰ কৰি গল্প এটা লিখি বিজয় তেণ্ডুলকাৰৰ ওচৰ চাপে। মনৰ কথা ব্যক্ত কৰে-- 'ছায়া ছবি এখন নিৰ্মাণ কৰিব পাৰিলে শ্বেত বিপ্লবে আৰু বেছি মানুহক চুব। গতিকে ছায়া ছবিৰ বাবে গল্পটোৰ নাটক লিখি দিব লাগে।' অৰ্থাৎ চিত্ৰনাট্য লিখি দিব লাগে। আৰু চিত্ৰনাট্য খন লৈ শ্যম বেনেগালৰ সৈতে আলোচনাত বহে--'এই নাটক খনেৰে ছায়া ছবি সম্ভৱ নে? যদি সম্ভব নহয়, কেনেকৈ সম্ভৱ হব চিন্তা কৰি মোক জনাওক। কেৱল বিষয়বস্তু সলনি হব নোৱাৰে।'
--শ্যাম বেনেগালে সময় বিছাৰিলে। সময় দিলে। এমাহ পিছত 'অংকুৰ' (১৯৭০), ''নিশান্ত' (১৯৭৫) খ্যাত পৰিচালক গৰাকীয়ে ডঃ কুৰিয়ানক জনালে চিত্ৰনাট্য নতুনকৈ লিখাব লাগিব। শ্যম বেনেগালে ৰেখা আৰু বাক্যৰ সহায়ত বুজাই ক'লে --আপুনি বিছৰা ছায়া ছবি খনৰ বাবে এনে ধৰণৰ চিত্ৰনাট্যৰ প্ৰয়োজন হব। অকনো চিন্তা নকৰাকৈ ডঃ কুৰিয়ানে ক'লে--'আপুনি কৰক, যেনেদৰে কৰিলে কামটো হয়।'
শ্যাম বেনেগালে চিত্ৰনাট্য লিখাৰ দায়ীত্ব দিলে বিজয় তেণ্ডুলকাৰকে। ডঃ কুৰিয়ানক কোৱাৰ দৰে ৰেখা আৰু বাক্যৰ আশ্ৰয় লৈ ক'লে-- মোক এনে ধৰণৰ চিত্ৰনাট্য লাগে। কাহিনীয়ে এনেধৰনে নহয়, এনে ধৰনে গতি কৰিব লাগে। এই খিনিতে অৱশ্যেই উল্লেখ কৰিব লাগিব -- শ্যম বেনেগালৰ দ্বিতীয় পৰিচালনা 'নিশান্ত'ৰো চিত্ৰনাট্য লিখিছিল নাট্যকাৰ তেণ্ডুলকাৰে।
-- মুল গল্পটোত তিনিটা 'চৰিত' নতুনকৈ গাঠি দিলে, কাহিনী বিন্যাস কৰিলে। তেণ্ডুলকাৰে বেনেগালে দিয়া ৰেখা-বাক্যৰ 'প্ৰাথমিক চিত্ৰনাট্য'ৰ আশ্ৰয়তে দুটা পৰ্যায়ত মূল চিত্ৰনাট্য খন লিখি উলিয়াছিল। (উৎস: দৈনিক অকিলা/ ডঃ ভির্গেচ কুৰিয়েনৰৰ সাক্ষাৎকাৰ) --শ্যাম বেনেগালে প্ৰথম খন চিনেমা 'অঙ্কুৰ' পৰিচালনা কৰিছিল নিজৰ চিত্ৰনাট্যৰে ( সংলাপ: সত্যদেব দুবে )। এই চিনেমা খনৰ লগতে 'নিশান্ত' (১৯৭৫), 'মন্থন' (১৯৭৬) আৰু 'ভূমিকা'ৰে (১৯৭৭) শ্যাম বেনেগালে ভাৰতীয় চলচ্চিত্ৰৰ এটা নতুন শৈলী নিৰ্মাণ কৰিলে বুলি কৈ আহিছে চিনে পণ্ডিত সকলে। নতুন শৈলীৰ নাম দিয়া হৈছিল 'মধ্য চিনেমা' ('Middle Film' of India)। পৰিচালক গৰাকীয়ে কিন্তু এই কথা মানি লোৱা নাছিল।
শ্যাম বেনেগালৰ মতে চিনেমাৰ চিত্ৰগ্ৰহণকাৰী পৰিচালকৰ সো হাত (right hand)। পৰিচলক গৰাকীৰ সোহাত আছিল গোবিন্দ নিহালানি। --হয়, 'আক্রোশ' (১৯৮০)ৰ পৰিচালক। 'অর্ধ সত্য' (১৯৮৩), 'হাজাৰ চৌৰাছি কী মা' (১৯৯৮), 'দৃষ্টি' (১৯৯০), 'আঘাত' (১৯৮৫), 'দ্ৰোহকাল'(১৯৯৪),'তক্ষক' (১৯৯৯), 'দেৱ' (২০০৪), 'সংশোধন' (১৯৯৬) 'পাৰ্টি'(১৯৮৪)ৰ পৰিচালক গোবিন্দ নিহালানি। অলপতে পৰিচালক সুধীৰ মিশ্ৰই প্ৰশ্ন কৰিছিল--'why movie buffs had forgotten one of the pillars of Indian parallel cinema, Govind Nihalani...' --নোৱাৰে, চিত্ৰৰসিকে পাহৰিব নোৱাৰে কেমেৰাৰ ভাষাৰ দক্ষ প্ৰয়োগকাৰী গৰাকীক, চিনেভাষাবিজ্ঞানী গৰাকীক। এই গৰাকী পৰিচালকে চিত্ৰনাট্য ফ্ল'ৰত মূহুৰ্ততে সলায় বুলি কোৱা হয়। কাৰণ? --হয়তো সুযোগ বুজি চিনেভাষা প্ৰয়োগৰ সুযোগ লয়। প্ৰসংগক্ৰমে পৰিচালক গৰাকীয়ে কৈছিল-- 'চিত্ৰনাট্য ৰচনা কামটো মোৰ বাবে সহজ কাম নহয়। আৰু মোৰ মনৰ ভাষা পঢ়ি মই বিছৰা ধৰনে চিত্ৰনাট্য এখন লিখি দিয়া কামটোও সহজ নহয়। গতিকে কি হয়, মই বিছৰা ধৰনে 'গল্প'টোক চিত্ৰনাট্যৰ আকাৰ দিয়ে। সেয়া স্বাভাবিক! আৰু চিত্ৰগ্ৰহনৰ সময়ত চিত্ৰনাট্য খনৰ ব্যৱহাৰ মই ভবা ধৰনে কৰো। কথটো এনে ধৰণে ক'ব পাৰো --চিত্ৰনাট্যই মোক বাট দেখুৱাই। বাটেৰে কেনেদৰে আগ বাঢ়িম সেয়া মই ঠিক কৰো। গড়ীৰে নে খোজ কাঢ়ি আগবাঢ়িম, সেই সিদ্ধান্ত কেবল মোৰ। প্ৰায়ে এনে হয়, চিত্ৰনাট্যকাৰে কাহিনী সংলাপৰ সহায়ত আগবঢ়াই নিছে, মই সংলাপৰ সলনি কেমেৰৰ ভাষাক গুৰুত্ব দিছো। মোৰ চিনেমাৰ বাবে যিহেতু ময়ে কেমেৰা চলাও মূহুৰ্ততে সলনি কৰা কামটো সহজতে হয়।'চিত্ৰনাট্যকাৰে কাহিনী সংলাপৰ সহায়ত আগবঢ়াই নিছে, মই সংলাপৰ সলনি কেমেৰৰ ভাষাক গুৰুত্ব দিছো। মোৰ চিনেমাৰ বাবে যিহেতু ময়ে কেমেৰা চলাও মূহুৰ্ততে সলনি কৰা কামটো সহজতে হয়।' (উৎস: Cinema Express)
গোবিন্দ নিহালানিয় 'তক্ষক'ৰ চিত্ৰনাট্য নিজে লিখিছিল। ১৬১ মিনিট দৈৰ্ঘৰ চিনেমা খন চিত্ৰনাট্যত আছিল মাত্ৰ ৮০ মিনিটৰ। সাপ্তাহিক চিনেমা কেন্দ্ৰীক আলোচনী 'Mangala' ত পঢ়িছিলো-- চিত্ৰনাট্য খনত কেৱল সংলাপ অংশহে লিখিছিল। কেমেৰা কেন্দ্ৰীক কামবোৰ পৰিচালক গৰিকীয়ে পৰ্যায় ক্ৰমে ফ্ল'ৰক যোৱাৰ আগে আগে কৰিছিল চিত্ৰগ্ৰহণকাৰীৰ সৈতে আলোচনা কৰি। চিনেমা খনৰ চিত্ৰগ্ৰহণ পৰিচালক গৰাকীয়ে কৰা নাছিল। কৰোৱাইছিল সন্তোষ শিৱনৰ হতুৱাই। --হয়, 'Halo', 'Story of Tiblu', 'The Terrorist', 'Malli', 'Asoka', 'Anandabhadram', 'Navarasa', 'The Mistress of Spices', 'Prarambha', 'Before the Rains', 'Urumi' আদিৰ পৰিচাল সন্তোষ শিৱন। পৰিচালক গৰাকীৰ প্ৰথম পৰিচয় চিত্ৰগ্ৰহণকাৰী আৰু অভিনেতা।

মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন