প্ৰচাৰ মাধ্যমৰ আঁতৰত থাকি নিৰৱে চিনেকৰ্মত ব্যস্ত থকা জয়ছেং জয় দহোতীয়াৰ 'জলছবি' নিৰ্বাচিত হৈছে ব্ৰাজিলৰ মস্টাৰা নামেৰে খ্যাত ৪৫সংখ্যক চাও পাউলো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ। খবৰ পাইছিলো যোৱা ২৬ অক্টোৱৰত ব্ৰাজিলৰ ইটাউ চিনেমা স্পেচ থিয়েটাৰত চিনেমা খনৰ ৱৰ্ল্ড প্ৰিমিয়াৰ হ'ল। --এটা ভাল খবৰ। এখন 'ভাল চিনেমা'ৰ চিনেযাত্ৰাৰ ভাল লগা খবৰ। উল্লেখ্য যে চিনেমা খনৰ লেখক-পৰিছালক জয়ছেং জয় দহোতীয়া আৰু ভূপালী মৰাণে প্ৰযোজনা কৰা এই চিনেমা খনৰ সহ প্ৰযোজক : বাৰ্লিনৰ মগাদৰ ফিল্ম , ফ্রেংকফ্কুটৰ ফান দে মেন্টেল ষ্টুডিঅ’ আৰু আৰমান প্ৰডাকচনছ।
'জলছবি'ৰ প্ৰসংগত জয়ৰ সৈতে প্ৰথম চৰ্চা কৰিছিলো ২০০৮ চনতে। সেই সময়ত অনুভৱ কৰা 'গল্প'টো এনেধৰনৰ-- মূল চৰিত্ৰ তাপসীৰ আশা আৰু সপোনবোৰৰ সন্মুখত সময় আৰু বাস্তবে বাধাৰ প্ৰাচীৰ হৈ ধৰা দিয়ে। 'জলছবি'ৰ প্ৰসংগত জয়ৰ সৈতে প্ৰথম চৰ্চা কৰিছিলো ২০০৮ চনতে। সেই সময়ত অনুভৱ কৰা 'গল্প'টো এনেধৰনৰ-- মূল চৰিত্ৰ তাপসীৰ আশা আৰু সপোনবোৰৰ সন্মুখত সময় আৰু বাস্তবে বাধাৰ প্ৰাচীৰ হৈ ধৰা দিয়ে। জীৱনৰ এই যুঁজত তাপসী ধৰাশায়ী হয়, বিধ্বস্ত তাপসীয়ে তাইৰ সমস্ত আশা অদৃষ্টৰ হাতত তুলি দিবলৈ বাধ্য হয়। অজস্ৰজনৰ মাজত তাপসী লাহে লাহে হেৰাই যাবলৈ ধৰে; কিন্তু তাৰ মাজতে সময়ে পুনৰ তাপসীক নতুন ৰূপত প্ৰতিষ্ঠা কৰে। আন এগৰাকী নতুন তাপসীৰ সৃষ্টি হয়, সময়ৰ প্ৰবাহক গতিশীল কৰিবলৈ। জলছবিৰ দৰে জলমলাই জলমলাই আগৰবোৰ এদিন নোহোৱা হৈ পৰে, কোনোৱে হিচাপ নৰখাকৈ।
-- তাপসী নামৰ মূল চৰিত্ৰটিত অভিনয় কৰিছে বৰপেটাৰ দৰথী ভৰদ্বাজে। তাপসীৰ দেউতাকৰ চৰিত্ৰত অভিনয় কৰিছে কাকপথাৰৰ পুৰোধা নাট্যকর্মী নোমলচন্দ্ৰ গগৈয়ে, মাকৰ চৰিত্ৰত অভিনয় কৰিছে বিশিষ্ট বিহুনৃত্য পটীয়সী দুলভা মৰাণে। ইয়াৰ উপৰি ককায়েকৰ চৰিত্ৰত দুলুকান্ত মৰাণ, স্বামীৰ চৰিত্ৰ বিশাল অনুৰাগকে ধৰি অন্যান্য চৰিত্ৰত অখিল গগৈ, কৰবী দুৱৰা, বিপনজিত গগৈ, জিতু মৰাণ আদিকে ধৰি বহুকেইগৰাকী ন-পুৰণি শিল্পীয়ে অভিনয় কৰিছে।
এতিয়া আহিছো আমি চৰ্চা কৰি থকা প্ৰসংগলৈ। জয়ৰ চিত্ৰনাট্য ৰচনাৰ কৌশল কেনেধৰণৰ? জয়ে প্ৰথমে স্থিৰ কৰি লয় বিষয়বস্তু। 'জলছবি'ৰ বিষয়বস্তু আছিল এনেধৰণৰ-- জীৱনৰ সকলো সপোন পূর্ণ হোৱাটো কেতিয়াও সম্ভৱ নহয় আৰু হয়তো সকলো সপোন পূৰ হোৱাটোৱে মানৱ জীৱনৰো পৰিপূৰ্ণতা নহয়। এই পূর্ণতা-অপূর্ণতাৰ সমষ্টিয়ে জীৱনটোক কেতিয়াবা দোধোৰ-মোধোৰত পেলায়, সময়ৰ স’তে সংঘাত আৰম্ভ হয়। ইমানৰ পিছতো কিন্তু মানুহৰ জীৱন থমকি নয়, সময়ৰ সোঁতত বোৱতি নদীৰ দৰে প্ৰাপ্তি-অপ্রাপ্তিৰ মাজত বৈ যাবলৈ বাধ্য হয়। জীবনে মোট সলায়, আশাবোৰে নতুনৰ বাট লয়। --এই বিষয়বস্তুক কাহিনীৰ সাজ পিন্ধাইছিল। আৰু বিষয়বস্তু-কাহিনী কেন্দ্ৰীক সিদ্ধান্তত নিজে সন্তুষ্ট হোৱাৰ পিছত চিত্ৰনাট্য লিখিবলৈ বহিছিল। চিত্ৰনাট্যৰ প্ৰথম পৰ্যায়ত কাহিনী বিন্যাস কৰি গৈছিল, চৰিত্ৰ নিৰ্মাণ কৰি গৈছিল আৰু সংলাপ ৰচনা কৰিছিল। আৰু কেমেৰাৰ ভাষা প্ৰয়োগ, শ্বট বিভাজন-গাণিতিক প্ৰয়োগ ইত্যাদিৰ কাম চিত্ৰনাট্য ৰচনাৰ শেষ পৰ্যায়ত কৰিছিল। 'জলছবি'ৰ চিত্ৰনাট্য পৰ্বৰ পৰায়ে ধাৰণা কৰিব পাৰি জয়ছেং জয় দহোতীয়াৰ চিত্ৰনাট্য ৰচনাৰ কৌশল। এই চিনেমা খনৰ চিত্ৰনাট্য পৰ্বত জয়ে সময় লৈছিল ছয় মাহ।
প্ৰথম পৰিচালনা 'হান্দুক'ৰ চিনেকৰ্মৰ বাবে পৰিচালক জয়ৰ প্ৰতি আগ্ৰহ বাঢ়িছিল। 'সাহিত্য'ৰ মেদ নথকা, কেমেৰাৰ ভাষাৰ সুপৰিকল্পিত গাণিতিক প্ৰয়োগৰ 'হান্দুক'ৰ বুনিয়াদত ঠিয় হৈ আশা কৰিছো 'জলছবি'য়ে চিত্ৰৰসিকক সন্তুষ্ট কৰিব। 'হান্দুক'ৰ চিত্ৰনাট্য ৰচনাৰ কৌশল একেই আছিল; কিন্তু সময় লাগিছিল দুই বছৰৰো বেছি। অৱশ্যে জয়ৰ 'বাঘজান'ৰ চিত্ৰনাট্যৰ বহু কাম কৰিছিল চিত্ৰগ্ৰহণৰ পিছত। 'বাঘজান'ৰ 'বিষয়বস্তু' হঠাতে ঘটা। 'বাঘজান'ৰ চিত্ৰগ্ৰহণৰ কাম হঠাতে কৰি লবলৈ পৰিচালক বাধ্য আছিল। (এই চিনেমা খনৰ চৰ্চা এই শিতানত কৰিছো।) কথা প্ৰসংগত জয়ে কৈছিল--'চিত্ৰগ্ৰহণৰ সময়ত বতৰ, পৰিবেশ ইত্যাদি কাৰণত চিত্ৰনাট্য সলনি কৰো। কিন্তু চিত্ৰনাট্য খন অপৰিপাটি যাতে নহয় লক্ষ ৰাখো।' জয়ৰ বিশ্বাস-- পৰিপাটি চিত্ৰনাট্যৰেহে পৰিপাটি চিনেমা সম্ভৱ।
এই লেখা আগবঢ়াই থকা সময়তে কলিকতাৰ সাংবাদিক বন্ধু এগৰাকীৰ 'মেইল' পালো--'Tamil drama cinrma 'Koozhangal' is India’s official entry for Oscars 2022...' । চিনেমা খন 'অস্কাৰ কেন্দ্ৰীক চৰ্চা'ত নাছিল। খবৰ পালো চিনেমা খনৰ মৌলিক চিনে চিন্তাই ১৫ গৰাকী জুৰিৰ ১৩ গৰাকীকে সন্তুষ্ট কৰিছিল। চিনেমা খনৰ পৰিচালক পি এচ বিনোদৰাজ। পৰিচালক গৰাকীৰ প্ৰথম স্বাধীন পৰিচালনা। তামিল চিনেমা। 'কোজাংগাল’ শব্দৰ ইংৰাজী অর্থ ‘পেবলছ’।
ভিডিঅ' পাৰ্লাৰত কাম কৰিছিল পি এচ বিনোদৰাজে। চিনেমাৰ মাজতে থাকি থাকি চিনকৰ্মৰ প্ৰতি টান অনুভৱ কৰিলে। আৰু এদিন তামিল চিনেমাৰ কৰ্মীৰ সৈতে যোগাযোগ কৰি কাম জোগাৰ কৰি ল'লে। প্ৰথম সুযোগ-- দুখন তামিল চিনেমাৰ সহকাৰী পৰিচালক। এই সময় চোৱাত কামৰ লগতে 'চিনেমা অধ্যয়ন'ত মন দিলে। চিত্ৰনাট্যত মন দিলে। ( আৰু ... পৰৱৰ্তী সংখ্যাত)

মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন